পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
ভাল খবৰঃ
১.অনাগত বৰ্ষৰ পৰা ডঃ ভূপেন হাজৰিকাৰ জন্মদিনটো সংহতি-সম্প্ৰীতি দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ সুধাকণ্ঠৰ জন্মদিনত ৰাজ্যজুৰি গীতে মাতে স্মৰণ কৰিলে ভূপেনদাক৷ দীঘলীপুখুৰী, জালুকবাৰী, লখিমপুৰ, তেজপুৰ, শিৱসাগৰত বিশেষ আয়োজনৰ খবৰ৷

ছয় মিনিটতে চকুৰ পচাৰতে আঁকি উলিয়ালে
সুধাকণ্ঠৰ প্ৰতিচ্ছবি.....
লখিমপুৰত হোৱা অনুষ্ঠানত তুলিকাৰে
যাদু দেখুৱালে ধেমাজিৰ শিল্পী সূৰ্য বৰুৱাই
২. লখিমপুৰত কেন্দ্ৰীয় ভাৱে উদযাপিত ভূপেনদাৰ জন্মদিনৰ অনুষ্ঠানত ভাগ লৈ সুধাকণ্ঠক ভাৰত ৰত্ন প্ৰদান কৰাৰ দাবী তুলিলে উষা মংগেশকাৰেঃ তেজপুৰতো উঠিল বিমানকোঠ নামাকৰণৰ দাবী, শিশু উদ্যানৰ কৰিলে নামাকৰণ৷

৩. কলিকতাটো সাহিত্যৰথীক স্মৰণ, ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ ১২টা ভাষাত পৰিবেশিত হ’ল অ’ মোৰ আপোনাৰ দেশ৷ আমেৰিকাত তেজ হাজৰিকাই প্ৰকাশ কৰি উলিয়ালে ভূপেনদাৰ শৈক্ষিক দিশৰ তথ্য উন্মোচনৰে এখন গ্ৰন্থ৷

৪. সৰ্বাধিক ধান আৰু ৰবি শস্যৰ উৎপাদনৰ বাবে কৰ্মশ্ৰী কৃষক বঁটা লাভ কৰি আদৰ্শ দেখুৱালে নাজিৰাৰ বামুণবাৰীৰ নিবাসী আমজাদ হুছেইনেঃ ২০১০ বৰ্ষটো তেখেতে সৰ্বাধিক আলু উৎপাদনেৰে মহকুমা কৃষি বিভাগৰ পৰা মানপত্ৰ লাভ কৰিছিল৷
ডুগৰ শ্বিল্ডৰ সৈতে চেম্পিয়ন দলটো
৫. ডুগৰ শ্বিল্ড ফুটবল, নবছৰ বিৰতিৰ পাছত আকাশবাণীয়েও প্ৰচাৰ কৰিলে ধাৰা বিৱৰণীঃ চিটী পুলিচক ধৰাশায়ী কৰি অইল ইণ্ডিয়াৰ দল চেম্পিয়ন৷

৬. আজি অসমৰ যাদু সম্ৰাট এম হুছেইনৰ ১৪তম মৃত্যু বাৰ্ষিকীঃ তিনিখিলা তাচ পাতৰ মাজৰ পৰা আৰ্বিভাৱ হৈ চমক দেখুওৱা হুছেইন দেৱৰ স্মৃতিসোঁৱৰণ কৰিব নাজিৰাবাসীয়ে৷ অচিৰেই প্ৰকাশ কৰিব এখন স্মাৰক গ্ৰন্থওঃ অসম মেজিক চাৰ্কোলে লৈছে উদ্যোগ৷
যাদু সম্ৰাট

৭. অসমৰ দ্বি-ভাষিক অনলাইন আলোচনী এনাজৰী.কম ই-সংস্কৃতি আৰু পৰ্যটন শাখাত ৱৰ্ল্ড চামিট বঁটাৰ বাবে নিৰ্বাচিত হোৱা সুখবৰ৷

৮. নগাঁও জিলা সাহিত্য সভাৰ মাহেকীয়া সাহিত্য বৈঠকত উন্মোচিত হ’ল দুখনকৈ গ্ৰন্থঃ সৌজন্যময়ী ভট্টাচাৰ্যৰ ৰচনাৱলী আৰু ঘনকান্ত বৰাৰ "জুই, ধোঁৱা, ছাই আৰু আমি" নামৰ কাব্যগ্ৰন্থখন হ’ল উন্মোচিত৷

৯. পোপৰ নেতৃত্বত ভেটিকানৰ পথত যুদ্ধবিৰোধীৰ বিশাল সমদলঃ বিশ্বশান্তিৰ বাবে কৰিলে প্ৰাৰ্থনা৷

১০. বাগসা জিলাৰ নাগ্ৰীজুলিত উদযাপিত হ’ল নেপালী পৰম্পৰাগত তীজ উৎসৱঃ হৰিতালিকা ব্ৰতেৰে স্বামী তথা সংসাৰৰ কুশল মংগল কৰিলে কামনা৷

১১. অহা ২০২০ চনৰ অলিম্পিকৰ দ্বায়্তিব টকিঅ’ চহৰলৈঃ এছিয়াত পুনৰ বাৰ অনুষ্ঠিত হব অলিম্পিক৷

১২. কেগৰ প্ৰতিবেদনে উন্মোচন কৰিলে ৰেলৰ ডবা নিৰ্মাণ আৰু লোহা চাপ্লাইৰ ১৭হাজাৰ কোটিৰ নতুন কেলেংকাৰী৷

চিন্তনীয় বাতৰিঃ

১. তুলসীবাৰীত আক্ৰাছুৰ বিশাল সমাবেশঃ সুকীয়া ৰাজ্য নিদিলে স্বাধীন কমতাপুৰ দাবী কৰিব বুলি সকিয়নী দিলে আক্ৰাছুৱে৷

২. পৃথক বড়োলেণ্ড সম্ভৱ নহয় বুলি হাগ্ৰামা মুহিলাৰীয়ে কৰা মন্তব্যত উত্তাল বিটিএডি, হাগ্ৰামাৰ পুত্তলিকা দাহৰো খবৰঃ পুনৰ স্থিতি স্পষ্ট কৰি মুহিলাৰীৰ ঘোষণা- "এবছু-বিপিপিএফে কোৱাৰ দৰেই পৃথক বড়োলেণ্ডৰ দাবী নিৰ্বাচনকেন্দ্ৰিক"৷

৩. ৰাজ্যিক বিজেপিত এই প্ৰাৰ্থীত্বকেন্দ্ৰিক ক্ষোভৰ জুইঃ নতুন সংঘাতে বিপৰ্যয় আনিছে গেৰুৱা দলটোলৈ৷

৪. অসম বিকাশ আঁচনি বিষয়াৰ মইমতালিৰ বাবে অচল হোৱাৰ উঠিল অভিযোগ৷

৫.বন বিষয়াৰ সহযোগতে ৰাজ্যত বালিৰ বৃহৎ ছিণ্ডিকেটৰাজ চলি থকাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামাত স্থান৷

৬. ৰঞ্জন দৈমাৰী গোটৰ লগত আলোচানাত হৈছে বিলম্বঃ তাৰ বিপৰীতে সংবিজিত গোটৰ উত্থানে শংকিত কৰিছে কেন্দ্ৰীয় চৰকাৰক৷ 

৭. লোকসভা নিৰ্বাচনৰ বাবে এতিয়াই প্ৰতি ঘণ্টাত আশী হাজাৰ দৰত হেলিকপ্টাৰ বুকিঙত নামিল কেন্দ্ৰীয় নেতা৷

৮. পুৰণি গুদামত চম্পাৱতী নদীৰ প্ৰৱল বানত জাহ গ’ল ভৰাগুৰি-পদুমনিবাসীৰ সৰ্বস্ব৷

No comments:

Post a Comment