পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. অসমীয়া সাহিত্য সন্মিলনীয়ে কেন্দ্ৰীয় ভাৱে নগাঁৱত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ উদ্বোধনী সমাৰোহ অহা ১৪ অক্টোবৰৰ পৰা সাদিনীয়াকৈ আয়োজন কৰিছেঃ বেজবৰুৱাৰ গীত সমূহৰ প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হব "অসমৰ জাতীয় সংগীত"ৰ সমবেত সংগীত প্ৰতিযোগিতাও৷

২. ইটালীৰ ২০১৩বৰ্ষৰ ৰিভাৰ টু ৰিভাৰ ফ্ল’ৰেন্স ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ প্ৰথম প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমীয়া তথ্যচিত্ৰ নিৰ্মাতা দীপ ভূঞাৰ দ্বাৰা প্ৰযোজিত, পৰিচালিত "ৰিজনেন্স অৱ মাডাৰ্ছ মেল’ডী" তথ্যচিত্ৰখনেঃ মেঘালয় দুৰ্গম অঞ্চল এটাৰ খাচী জনগোষ্ঠীৰ মাজত প্ৰচলিত পৰম্পৰাগত আন্তঃসংযোগ প্ৰক্ৰিয়া আৰু তেখেত সকলৰ জীৱন-শৈলিক লৈ নিৰ্মিত হৈছে ২৩মিনিট দৈৰ্ঘৰ এই তথ্যচিত্ৰখন৷
বিশ্ব পৰিস্কাৰ দিৱস উপলক্ষে তেজপুৰত
ৰটাৰী ক্লাৱৰ উদ্যোগত এ.ভি.এছ স্কুলৰ শিক্ষাৰ্থী 
৩. ফ্ৰেণ্ডছ অফ অসম আৰু ছেভেন ছিষ্টাৰ্ছ ইণ্টাৰনেচনেলে ২০০৫চনতে আৰম্ভ কৰা "লেট ডেয়াৰ বি লাইট ফৰ এডুকেচন ইন আছাম এণ্ড ছেভেন ছিষ্টাৰ্চ" আঁচনিৰ জৰিয়তে ১০০জন ছাত্ৰ-ছাত্ৰীলৈ ইতিমধ্যেই সৌৰচাকি প্ৰদান কৰিছিলঃ এইবাৰ কঠিয়াতলীৰ কঁচুৱাত প্ৰফেচাৰ ববি শৰ্মাৰ উপস্থিতিত পুনৰ ১০গৰাকী শিক্ষাৰ্থীলৈ প্ৰদান কৰে সৌৰ চাকি৷ সংগঠনটোৰ লক্ষ্য আৰু সৌৰ শক্তিৰ প্ৰয়োজনীয়তা বিষয়ক বক্তব্য প্ৰদান কৰে বিক্ৰমজিত কাকতিয়ে৷

৪. সেউজ শিৱসাগৰ অভিযানৰ অংশ ৰূপে অহা ২৭ ছেপ্তেমবৰ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী অনুষ্ঠান "খোজ"ৰ যৌথ প্ৰচেষ্টাত ৰংঘৰৰ পৰা তলাতল ঘৰহৈ উত্তৰণ যাদুঘৰলৈ প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এক ঐতিহ্য যাত্ৰাৰঃ কৃৰ্তিচিহ্ন সমূহৰ সতে জড়িত বহু কথিত আৰু অকথিত কাহিনীৰ সতে অংশগ্ৰহণকাৰী সকলক পৰিচয় কৰোৱাৰো কৰা হৈছে দিহা৷

৫. সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে "ছহিদ কনকলতা বঁটা" প্ৰদান কৰিলে প্ৰবীণ গান্ধীবাদী প্ৰফুল্লবালা দাসকঃ  চেতনা দিৱসৰ এই অনুষ্ঠানত অংশ লৈ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱে আহ্বান জনালে-"মাতৃসকল জাগ্ৰত প্ৰহৰী হওক"৷

৬. ভাৰত চৰকাৰৰ অধীনস্থ নাৰিকল বৰ্ডে প্ৰগতিশীল কৃষক সকলৰ মাজত নাৰিকলৰ পুলি বিতৰণ কৰিলে নগাঁৱতঃ বেঙেনাআটিত প্ৰায় দুশ কৃষকে এই কাৰ্যসূচীৰ যোগেদি লাভৱান হোৱা বা আৰ্থিক লাভ কৰাৰ সুখবৰ৷
গান্ধী জয়ন্তী আহি আছে.....

৭. ৰাঁছীত চলি থকা জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত কোৱাৰ্টাৰ ফাইনেলত ঝাৰখণ্ডক পৰাস্ত কৰি অসম প্ৰৱেশ কৰিলে ছেমিফাইনেলতঃ অসম দলৰ ৱাংলাই তিনিটা গ’লেৰে হেট’ট্ৰিক অৰ্জন কৰাৰ সুখৰ খবৰ৷

৮. গুৱাহাটী নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত এয়াৰটেল ৰাইজিং ষ্টাৰ্ছ ফুটবলৰ গুৱাহাটী শাখাত বিজয়ীৰ সন্মান লাভ কৰিলে বেতকুছি হাইস্কুলেঃ মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল বিদ্যালয়ত প্ৰশিক্ষণৰ বাবে যাব লগীয়া ৰাষ্ট্ৰীয় দলটোৰ চূড়ান্ত নিৰ্বাচনৰ বাবে অসমৰ চাৰিজনকৈ উদীয়মান ফুটবলাৰৰ নামে মনোনয়ন লাভ কৰিছে৷

৯. নগাঁৱত উন্মোচিত হ’ল ডাঃ দীপিকা নাথৰ "জীৱন সংগী" শীৰ্ষক ৰোগ আৰু হোমিঅ’পেথিক চিকিৎসা বিষয়ক এখন গ্ৰন্থঃ উন্মোচন কৰিলে শংকৰী সংস্কৃতিৰ গৱেষক তথা অধ্যাপক সঞ্জীৱ কুমাৰ বৰকাকতিয়ে, উদ্যোগ ল’লে কলংপৰীয়া আলোচনাচক্ৰ নামৰ অগ্ৰণী সাহিত্যনুষ্ঠানে৷

১০. ৰৌতাত উদযাপিত হ’ব লৌহ মানৱ ছহিদ বিহুৰাম বড়োৰ স্মৃতি দিৱসঃ নিখিল বড়ো সাহিত্য সভাৰ অন্যতম প্ৰতিষ্ঠাপক গৰাকীৰ ২৩তম স্মৃতি দিৱস কেন্দ্ৰীয় ভাৱে ছহিদ বিহুৰাম বড়ো মেম’ৰিয়েল ট্ৰাষ্ট চৌহদত ২৭ ছেপ্তেম্বৰত উদযাপনৰ প্ৰস্তুতি চলিছে৷

১১. মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজপুৰৰ সামাজিক সংগঠন সমূহে পুনৰ তুলিলে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ নামত নামাকৰণৰ দাবী৷

১২. "ভাৰতীয় অৰ্থনীতিলৈ অশনি সংকেত কঢ়িয়াই ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ দ্ৰুত অৱনমনে দেশত সৃষ্টি কৰিছে ভয়ংকৰ অৰ্থনৈতিক জৰুৰী অৱস্থাৰ" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত কিৰেল নিতাই পুখুৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগেঃ লগতে উন্মোচিত হ’ল মাধৱ মহন্তৰ সম্পাদনাত বিভাগে প্ৰকাশ কৰা গৱেষণা গ্ৰন্থ "দ্য ইক’ন’মিক টাইমছ"৷

১৩. মিলনজ্যোতি সংঘৰ উদ্যোগত ডিব্ৰুগড়ত অষ্টম বাৰ্ষিক গ্ৰন্থমেলা অহা ২২নৱেম্বৰৰ পৰা ১ডিচেম্বৰলৈঃ ডিব্ৰুগড় সাহিত্য সভাৰ সভানেত্ৰী ডঃ ভাৰতী দত্তৰ মুখ্য সম্পাদনাত সাহিত্য সংস্কৃতিৰ তথ্যসমৃদ্ধ এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰো দিহা কৰাৰ সুখবৰ৷

১৪. শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনে দিনযোৰা কাৰ্যসূচীৰে পালন কৰিব গান্ধী জয়ন্তী৷

১৫. যোৰাবাটত মহানগৰ আৰক্ষীৰ বৃহৎ সফলতাঃ জব্দ কৰিলে আলফা(স্বাধীন) গোটৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ৷

No comments:

Post a Comment