আজিৰ চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ চিন্তা

আজিৰ চিন্তা

Share This
বিয়াল্লিশৰ ছহিদ কনকলতাঃ
কিমান কৃতজ্ঞ হব পাৰিছো আমি?

- অৰূপজ্যোতি সন্দিকৈ

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী মহিলা শ্বহীদ অসম জীয়ৰী কনকলতা বৰুৱাক আমি কিমানে মনত ৰাখিছো? তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি কিমান জনে দেশ-মাতৃৰ কথা ভাবিছো ? ব্যস্ততাপূৰ্ণ জীৱনৰ খাতিৰত আমি এই সাহসী মহিলা গৰাকীক পাহৰি গলো নেকি ? আমাৰ ভাৱ হয় যে আমি কনকলতাৰ আদৰ্শক লাহে লাহে পাহৰি যাবলৈ ধৰিছো।

শুনিবলৈ বেয়া হয়—কিন্তু অপ্ৰিয় সত্য যে অসমৰে বহু নৱপ্ৰজন্মই শ্বহীদ কনকলতা বৰুৱাক চিনি নাপায়। যেতিয়া এজন অসমীয়াই প্ৰশ্ন কৰে কনকলতা বৰুৱা কোন হয় ? প্ৰশ্নৰ উত্তৰত কি কম তাকে লৈহে চিন্তাত পৰো । এই বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত আমি বহু কথাই জানিব লগা হয় বা বহু কথাই মনত ৰাখিব লগা হয় ।আমি বিশ্বৰ সকলো প্ৰান্তৰে খবৰ ৰাখো কিন্তু সদায় দেখি থকা বা আমাৰ কাষতে থকা বহু কথাই আমি মনত নাৰাখো বা নাজানো । এনেকোৱা কিয় হৈছে বুলি কলে—কব লাগিব এইয়া আমাৰ মাতৃভূমি বা স্বজাতিৰ প্ৰতি থকা উদাসীনতা তাৰ একমাত্ৰ কাৰণ৷ প্ৰায়ে আমি কাষতে থকা বস্তুবোৰলৈ চকু নিদিও তাৰ পৰিবৰ্তে দূৰত থকা ৰং-চঙীয়া পৃথিৱীখনৰ প্ৰতিহে আকৰ্ষিত হওঁ ।

১৯৪২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০ ছেপ্তেম্বৰত অসমৰ জীয়ৰী কনকলতা বৰুৱাই গহপুৰৰ পুলিচ থানাত বৃটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত মৃত্যুবৰণ কৰি শ্বহীদ হয়। এইয়াই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱা ।
কনকলতাৰ দৰে সাহসী মহিলা ভাৰতবৰ্ষৰ ভিতৰতে বিৰল । তেনে এগৰাকী সাহসী মহিলাক অসমৰ জীয়ৰী বাবে আমি গৌৰৱবোধ কৰো। তেখেতৰ সাহসিকতাই অসমক ভাৰতবৰ্ষৰ মাজত উজলাই ৰাখিলে । অসমৰ প্ৰতিগৰাকী মহিলা কনকলতাৰ আদৰ্শৰে অনুপ্ৰাণিত হওক তাকে কামনা কৰিছো । কিন্তু, অসমত গুণী-জ্ঞানী লোকৰ প্ৰতি থকা আদৰ খুব কম । আমি কিছুমান বিশেষ বিশেষ দিন বা দিৱসত হে এনেবোৰৰ ব্যক্তিক সোঁৱৰি ভাল পাওঁ । বহু সময়ত আমি তাকো কৰিবলৈ পাহৰি যাওঁ । 

সঁচা কথা কবলৈ এতিয়া শ্বহীদ কনকলতাৰ লগতে পিয়লি ফুকন, মনিৰাম দেৱান, মুকুন্দ কাকতি, তিলেশ্বৰী বৰুৱা, খহুলি দেৱী, কুমলী দেৱী আদি কোন আছিল সেয়া আমাৰ পাহৰণিৰ গহ্বত । এই শ্বহীদ সকলৰ প্ৰতি আমি বাৰু অন্যায় কৰা নাইনে ? 

এই খিনিতে এষাৰ কথা নকৈ নোৱাৰিলো—এনেবোৰ ঘটনা-পৰিঘটনাৰ ফলত অনুমান হয় আমাৰ অসমৰ মানুহৰ ‘অসম বুৰঞ্জী’ৰ প্ৰতি আকৰ্ষণ কম । আমি নিজৰ মাতৃভূমিৰে ইতিহাস জানিবলৈ ইচ্ছুক নহয় । খুব কম সংখ্যক মানুহে-যিসকলে এই বিষয়ৰ লগত জড়িত তেওঁলোকেহে ‘অসম বুৰঞ্জী’ৰ কথা জানে । বৰ্তমান সময়চোৱাত নবপ্ৰজন্ময়ে ‘অসম বুৰঞ্জী’ বা অসমৰ অতীজৰ দিনবোৰৰ কথা জানিবলৈ মুঠেই আগ্ৰহী নহয় । বহুতে পাঠ্যক্ৰমৰ তাগিদাত পঢ়িবলগা হয় কিন্তু পাঠ্যক্ৰম শেষ হোৱাৰ পিচতেই সকলো পাহৰি যায় । 

কিন্তু তাৰ পৰিৰ্বতে প্ৰাশ্চাত্য সভ্যতাৰ বহু কথাই মনত ৰাখে, যেনে- ভেলেণ্টাইন দে, ৰ’জ দে, প্ৰ’চজ দে, ফেণ্ডছ দে ইত্যাদি । অৱশ্যে এই ক্ষেত্ৰত কেৱল নৱপ্ৰজন্মক দোষ দিলে নহ’ব, আমি সকলোৱে ইয়াৰ বাবে জগৰীয়া । বিশেষকৈ অভিভাৱক সকলে এইক্ষেত্ৰত সচেতন হোৱা উচিত । তেওঁলোক নিজৰ সন্তানক সৰুৰে পৰা যদি এইকথাবোৰ সাধুকথাৰ দৰে কৈ থাকে, কনকলতা, পিয়লি ফুকন কোন সেই বিষয়ে জনাই থাকে, তেতিয়া মই ভাবো সেই সন্তানে ডাঙৰহৈ নিজৰ মাতৃভূমিৰ প্ৰতি কেতিয়াও উদাসীন নহ’ব । 

এই ক্ষেত্ৰত চৰকাৰখনেও এক যোগাত্মক পদক্ষেপ লোৱা উচিত । চৰকাৰ সহযোগত জনসংযোগ বিভাগে বা চলচিত্ৰৰ পৰিচালক সকলে ‘অসম বুৰঞ্জী’ বা অসমৰ বিখ্যাত লোকসকলৰ জীৱনৰ পটভূমিত তথ্য-চিত্ৰ, চলচিত্ৰ নিৰ্মাণ কৰক । এইবোৰে উক্ত বিষয়ৰ প্ৰতি সকলোকে আকৰ্ষিত কৰিব । লগতে সেই মহান ব্যক্তিসকলৰ আদৰ্শৰ অনুপ্ৰেৰণাত নৱ-প্ৰজন্মই এটা সঠিক দিশত আগুৱাই যোৱাত সহায় কৰিব । 

অতীতক আমি পাহৰি যোৱাটো উচিত নহব, কিয়নো অতীতৰ ওপৰত বৰ্তমানটো গঢ় লৈ উঠিছে আৰু ভৱিষ্যতো তাৰ ওপৰতে বহু পৰিমানে নিৰ্ভৰশীল । আমি আমাৰ মাতৃভূমিৰ বা স্বজাতিৰ অতীত(বুৰঞ্জী) নজনাকৈ দেশৰ কথা ভাবিবলৈ যদি আগুৱাই যাওঁ তেন্তে বহু ক্ষেত্ৰত কিছুমান অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰো সম্ভাৱনা থাকে । আৰু তেনে পৰিস্থিতি বৰ্তমানে উদ্ভৱো হৈছে । সেয়ে আহক আমি প্ৰতিজন অসমীয়াই একেলগহৈ আমাৰ স্ব-বুৰঞ্জী নখ দৰ্পনত ৰাখি নিজৰ জীৱনটোক সুপথে পৰিচালিত কৰাৰ লগতে অসমৰ হকে, জাতিৰ হকে এক সোণালী ভৱিষ্যত গঢ়িবলৈ আগুৱাই যাওঁ।

শ্বহীদ কনকলতা বৰুৱাৰ লগতে বিয়াল্লিশৰ এই শ্বহীদসকলৰ মৃত্যু তিথিত তেখেতসকলক পুনৰ বাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো । এই ক্ষণত আশা কৰো তেখেতৰ আদৰ্শৰে প্ৰতিজন অসমীয়াৰ অন্তৰত জাতিসত্বা ৰোপিত হওক৷ লগতে প্ৰতিগৰাকী অসমীয়া জীয়ৰীৰ অন্তৰত সাহসেৰে উপচাই দিয়ক যাতে সমাজত নাৰী জাতিৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰূদ্ধে সাহেৰে যুঁজ দিব পাৰে । কনকলতাৰ আদৰ্শৰে অসম খন আকৌ এবাৰ উজলি পৰক । জয় আই অসম ।

------------------------------------------------------------------
লেখক কলিকতাত তথ্য-প্ৰযুক্তি বিষয়ত অধ্যয়নৰত ধেমাজিৰ এজন সচেতন যুৱক

No comments:

Post a Comment