হেমচন্দ্ৰ দত্তৰ কলমতঃ
সাংবাদিকৰ ৰেহ-ৰূপ
সক্রিয় সাংবাদিকতাৰ সৈতে একেৰাহে বহু বছৰ জড়িত আছিলো। অসমৰ সৰ্বাধিক বিক্ৰীহোৱা দৈনিক বাতৰি কাকতখনতো একেৰাহে ভালেমান বছৰ কাম কৰাৰ সৌভাগ্য হৈছিল । কিন্তু কোনো দিনে কাকো প্ৰেছ কাৰ্ড দেখুৱাই সংবাদিক বুলি পৰিচয় দিয়া নাছিলোঁ । লাজ লাগিছিল।
এতিয়া দেখিছো সেই দিন-কাল উকলিল।
ঢকুৱাখনাৰ দৰে সৰু ঠাইতো এতিয়া দেখিবলৈ পাইছো বাতৰি কাকতৰ ৰিপৰ্টাৰে নিজকে থানাৰ অফিচাৰ ইন চাৰ্জজনৰ পিছতে বুলি ভাৱে ।
সাংবাদিক বুলি দম্ভালি মাৰিবলৈ অলপো লাজ নাপায়। সাধাৰণ মানুহক ভয় দেখুৱায়।
মোৰ মতে সাংবাদিকতা এনে এক বৃত্তি , যি এই বৃত্তিৰ সৈতে জড়িত সকলক নম্ৰ আৰু বিনয়ী হ'বলৈ বাধ্য কৰোবায়। কিয়নো ই এনে এক বৃত্তি, য'ত দৈনিক শিকিবলগীয়া অনেক কথা থাকে ।শিকি কেতিয়াও শেষ নহয় ।
No comments:
Post a Comment