পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This

পলকতে দেশৰ এইবাৰৰ বাজেটখন
আজি সংসদত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মোদী চৰকাৰৰ প্ৰথমখন বহু প্ৰত্যাশিত বাজেট উত্থাপন কৰিছে। ৬১ বছৰীয়া বিত্তমন্ত্ৰীজন ৰাজ্য সভাত বৰ্তমান শাসনাধিষ্ঠ দলটোৰ দলপতি হোৱাৰ অভিজ্ঞতা থকাৰ উপৰিও বিগত এন.ডি.এ চৰকাৰত বাণিজ্য আৰু আইন মন্ত্ৰী ৰূপেও সেৱা আগবঢ়াইছিল। এগৰাকী সফল আইনজ্ঞৰ পুত্ৰ জেটলীয়েও আইনজ্ঞৰ ৰূপতে পেশাগত কেৰিয়াৰ আৰম্ভ কৰিছিল। দেশৰ প্ৰতিৰক্ষা আৰু বিত্ত মন্ত্ৰীৰ গধুৰ দ্বায়িত্ব মূৰ পাতি লোৱা জেটলীদেৱে আজি উত্থাপন কৰা দেশৰ ৮৪তম সাধাৰণ বাজেটত দেশৰ সাধাৰণ মানুহলৈ সকাহ আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ দিশত নতুন দিশ উন্মোচন কৰিব বুলি ৰাইজে আশা কৰিছিল।

আজি পুৱা দেশৰ কেন্দ্ৰীয় কেবিনেটে এই সাধাৰণ বাজেটত অনুমোদন দিয়াৰ পাছতে তেখেতে সংসদত বাজেটৰ বিভিন্ন প্ৰস্তাৱ সমূহ দাঙি ধৰিছে। তেখেতৰ প্ৰস্তাৱিত বিভিন্ন দিশক ইয়াত থোৰতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে।

পোনপ্ৰথমেই বিত্তমন্ত্ৰীজনে জনে দেশত মূল্যবৃদ্ধি আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা ৰেহাই দিবলৈ বিচাৰে বুলি প্ৰকাশ কৰিছে। দেশে নিবনুৱা সমস্যাক সহ্য কৰিব নোৱাৰে বুলিও মন্তব্য কৰি অনাগত ৩-৪বছৰত দেশে ৭-৮শতাংশ বিকাশৰ হাৰত উপনীত হব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে। দেশে এতিয়া দ্ৰুত বিকাশ আশা কৰিছে বুলি উল্লেখ কৰি এই বাজেটত ৪.১ শতাংশ বিত্তীয় ঘাটিৰ কথাও সংসদক অৱগত কৰিছে। অনাগত বিত্তীয় বৰ্ষত ইয়াক ৩.৬ শতাংশ লৈ হ্ৰাস কৰাৰো লক্ষ্য স্থিৰ কৰিছে বুলিও প্ৰকাশ কৰিছে।

দেশত কৰ ব্যৱস্থাৰ সৰলীকৰণৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি জি.এছ.টি (GST) ৰূপায়ন কৰাৰ সময় আহিল বুলিও প্ৰকাশ কৰিছে। এটা সুস্থিৰ, অনুমান কৰিব পৰা ভৰসাযোগ্য টেক্স ব্যৱস্থাইহে দেশৰ অৰ্থনীতিক সৱল কৰিব পাৰিব আৰু টেক্সৰ বিভিন্ন ব্যৱস্থাই বিনিয়োগকাৰী সকলকো প্ৰেৰণা দিবলৈ সক্ষম হব লাগিব বুলিও মত প্ৰকাশ কৰিছে।

দেশত এতিয়া নিযুক্তি সৃষ্টিৰ সম্ভাৱনীয়তাক প্ৰসাৰ কৰাৰ প্ৰয়োজন। বিদেশী বিনিয়োগৰ বাবে গৃহ নিৰ্মাণ ক্ষেত্ৰ আৰু মেনুফেক্সাৰিং ক্ষেত্ৰত আদৰণি জনোৱা হব বুলিও তেখেতে ঘোষণা কৰিছে। প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণৰ ক্ষেত্ৰত বৰ্তমানৰ বিদেশী বিনিয়োগৰ সীমা ২৬শতাংশৰ পৰা ৪৯ শতাংশলৈ বৃদ্ধি কৰাৰো প্ৰস্তাৱ উত্থাপন কৰিছে।

দেশৰ নটা এয়াৰপৰ্টত অচিৰেই ভিছা দিয়াৰ ব্যৱস্থা কৰা হব। ১০০খন স্মাৰ্ট চিটি গঢ়ি তোলাৰো প্ৰস্তাৱ। নেচনেল স্কিল ডেভেলপমেণ্ট মিচনো অতি সোনকালেই স্থাপন কৰা হব। প্ৰধানমন্ত্ৰী জলসিঞ্চন আঁচনিৰে দেশৰ খৰাং সদৃশ পৰিস্থিতিৰ পৰা কৃষক সকলক মুক্ত কৰিবলৈ ৰখা হৈছে প্ৰস্তাৱ।

দেশৰ প্ৰতিটো ঘৰতে চাফচিকুনতাৰ বাবে অভিযান চলোৱা, দেশৰ বয়োজ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণৰ বাবে ৬০০০কোটি টকাৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰা হৈছে। সকলো বয়োজ্যেষ্ঠ নাগৰিকলৈ এবছৰৰ পেঞ্চন দি বুলিও ঘোষণা কৰিছে। দৃষ্টিহীন লোকসকলৰ বাবে সুবিধা হোৱাকৈ ব্ৰেইলী পদ্ধতিৰেও দেশৰ টকাৰ নোটত প্ৰিণ্টিংৰ কৰিব ব্যৱস্থা। নতুন ব্ৰেইলী প্ৰিণ্টিং মেচিন প্ৰতিষ্ঠা আৰু পুৰণি সমূহ কাৰ্যক্ষম কৰাত গুৰুত্ব। প্ৰতিবন্ধী নাগৰিক সকলৰ বাবে সাহাৰ্য বৃদ্ধিৰ ঘোষণা। ১৫০কোটি টকা পথত নাৰীৰ সুৰক্ষাৰ বাবে খৰছ কৰাৰ প্ৰস্তাৱ।

মহাত্মা গান্ধী নিশ্চিত নিয়োগ আঁচনিক অধিক কাৰ্যকুশল কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে বিত্তমন্ত্ৰীয়ে। বিশেষ স্পেচিয়েল ইকনমিক জ'নৰ ব্যৱস্থা কৰি ১০০ খন জিলাত মহিলাক বাণিজ্যৰে সৱলীকৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। ৮০০০হাজাৰ কোটি টকা গ্ৰাম্য গৃহ নিৰ্মাণ আঁচনিৰ বাবে আছুতীয়াকৈ ৰখা হৈছে। পাঁচখনকৈ নতুন আই.আই.এম আৰু পাঁচখন নতুন আই.আই.টি স্থাপনেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ। চাৰিখনকৈ নতুন এইমছ প্ৰতিষ্ঠা কৰাৰো প্ৰস্তাৱ।

কমিউনিটী ৰেডিঅ' ষ্টেচন স্থাপনৰ বাবে ১০০কোটি টকাৰ দিহা। চাৰি হাজাৰ কোটি টকা সুলভ হাউছিং প্ৰকল্পৰ বাবে ঋণ দানৰ বাবে বাজেটত কৰিছে ব্যৱস্থা। ২০লাখতকৈ অধিক লোকে বসবাস কৰা চহৰক মেট্ৰ'ৰ সুবিধা প্ৰদানৰ লক্ষ্য।

পৰিবেশ পৰিবৰ্তনৰ বিষয়টো অধ্যয়নৰ বাবে প্ৰতিষ্ঠা হব নতুন প্ৰতিষ্ঠান। ২০১৪-১৫বৰ্ষৰ বাবে কৃষি খণ্ডত ঋণ প্ৰদান কৰিবৰ বাবে ৮লাখ কোটি টকাৰ লক্ষ্য স্থিৰ কৰাৰো সুখবৰ। বিজ্ঞান-সন্মত কৃষি সামগ্ৰী সংৰক্ষণ ভঁড়ালৰ বাবে পাঁচ হাজাৰ কোটি অনুমোদন দিয়াৰ প্ৰস্তাৱ। এইবৰ্ষতে কৃষক কলক উপকৃত কৰিবলৈ "কিষাণ টিভি" আৰম্ভ কৰিব বুলিও কৰিলে ঘোষণা।

মোদী চৰকাৰৰ প্ৰস্তাৱিত সোণালী চতুৰ্ভূজত নতুন নতুন উদ্যোগিক অঞ্চল গঢ়ি তোলাৰো লক্ষ্য স্থিৰ কৰা হৈছে। সাতখন উদ্যোগিক স্মাৰ্ট নগৰী প্ৰতিষ্ঠাৰ লগতে ক্ষুদ্ৰ, মধ্যমীয়া উদ্যোগীৰ বাবে ১০হাজাৰ কোটি টকাৰ ধনৰ ব্যৱস্থা বাজেটত স্থিৰ কৰা হৈছে। এখন পৰামৰ্শৱলী কমিটিয়ে এই বিষয়টোত পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰাৰ কথাও ঘোষিত। নতুন ১৬টাকৈ জাহাজ বন্দৰৰ প্ৰকল্পও বিবেচনাধীন।

ৰাষ্ট্ৰীয় পথৰ বিকাশ, পথ সংযোজনৰ বাবে ৮৫০০কোটি টকাৰ ব্যৱস্থা। টায়াৰ-১ আৰু টায়াৰ-২ চহৰটো এয়াৰপোৰ্ট নিৰ্মাণৰ প্ৰস্তাৱ। অত্যাধুনিক সৌৰশক্তি প্ৰকল্পৰ বাবে ৰাজস্থান, তামিলনাডু আৰু লেহৰ নাম নিৰ্বাচিত হোৱাৰ সুখবৰ। পাঁচশ কোটি কা সৌৰশক্তিৰ প্ৰকল্পৰ বাবে আগবঢ়োৱা হৈছে। পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত গেছ পাইপলাইন নিৰ্মাণৰ বাবে প্ৰস্তাৱ ৰখাৰ খবৰ।

সকলো পৰিয়ালকে বেংকিং সেৱাৰ লগত সংযোজিত কৰাৰ লক্ষ্য আৰু প্ৰতিটো পৰিয়ালত নুন্যতম দুটাকৈ বেংক একাউণ্ট খোলাৰ প্ৰস্তাৱ। সকলো বিত্তীয় লেনদেনৰ বাবে স্বচ্ছ আৰু সৰল গ্ৰাহকৰ বিষয়ে তথ্য ৰখাৰ পৰামৰ্শ । সকলো বেংক একাউণ্টতে ডিমেট একাউণ্ট যোগে ক্ষুদ্ৰ বিনিয়োগকাৰী সৃষ্টিৰ লক্ষ্য। চৰকাৰে ঋণদায়গ্ৰস্ত বেংক সমূহৰ উদ্ধাৰৰ বাবে হাতত লব প্ৰচেষ্টা। অনাদায় ঋণ মূহ আদায় কৰাৰ বাবে ছখনকৈ নতুন ডেবট ৰিকভাৰী ট্ৰিবিউনেল গঠন কৰাৰো প্ৰস্তাৱ।

আন্তঃগাঁথনিমূলক লোণৰ বাবে বিশেষ সুবিধাৰ প্ৰতিশ্ৰুতি। পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত জমা থোৱা ধনৰ সীমা বাৰ্ষিক ডেৰ লাখ টকালৈকে বৃদ্ধি। ইয়াৰ জৰিয়তে ৫০০০টকালৈকে টেক্স ৰেহাই পোৱাৰ সম্ভাৱনা প্ৰকাশ। ছোৱালী সন্তানৰ বাবে বিশেষ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ঘোষণা। সীমান্তত ৰেলৱে নেটবৰ্ক বিকাশৰ বাবে ১০০০কোটি টকাৰ ব্যৱস্থা। ই.পি.এফ.অ'(EPFO)ৰ দৰমহাৰ সীমা ১৫হাজাৰ কোটিলৈকে বৃদ্ধি।

দেশৰ প্ৰতিৰক্ষা বাজেটত ২.২৯লাখ টকাৰ ব্যৱস্থা কৰা গৈছে। দুই হাজাৰ কোটি টকাৰে গংগা সংৰক্ষণৰ প্ৰস্তাৱ। অতিৰিক্ত ২৩৭কোটি টকা নদী সমূহ চাফাইৰ কামত খৰছ কৰাৰ প্ৰস্তাৱ।

সকলো ধৰণ ক্ৰীড়াৰ প্ৰশিক্ষণৰ বাবে স্থাপিত হব বিভিন্ন স্থানত নেচনেল স্পৰ্টছ একাডেমি গঢ়ি তোলাৰ প্ৰস্তাৱ। হিংসা-জৰ্জৰ কাশ্মীৰৰ পৰা ভগনীয়াত পৰিণত হোৱা সকলৰ পুনৰ্নিবাসৰ বাবে ৫০০কোটি টকাৰ ব্যৱস্থা। আৰু উত্তৰ পূৱত ৰেল'ৱেৰ বিকাশৰ বাবে ১০০০কোটি টকা ৰখাৰ প্ৰস্তাৱো তুলি ধৰা হৈছে।

সৰ্বমুঠ ১২লাখ কোটি টকা পৰিকল্পিত শিতানত খৰছ কৰিবলৈ বিচৰা হৈছে। দিল্লীত শক্তি খণ্ডৰ সংস্কাৰ সাধনৰ বাবে ২০০কোটি টকা ঘোষণা কৰা হৈছে। মুঠ টেক্স আহৰণ ১৩লাখ কোটি টকা হব বুলিও ধাৰণা কৰা হৈছে। কৰ্পৰেট টেক্সৰ হাৰত কোনো সা-সলনি কৰা হোৱা নাই।

ব্যক্তিগত টেক্সৰ ক্ষেত্ৰত আয়ৰ সীমা ২.৫লাখলৈ বৃদ্ধি কৰা হৈছে। চেকচন-৮০ চিৰ অধীনত কৰ ৰেহাইৰ সুবিধা ১.৫০লাখ টকালৈকে লাভ কৰিব পৰা যাব বুলিও ঘোষণা কৰিছে। বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ৩লাখ টকা আয় পৰ্যন্ত আয়কৰ ৰেহাই দিয়া হৈছে। নিজে বসবাস কৰা ঘৰৰ ক্ষেত্ৰত গৃহ নিৰ্মাণ ঋণৰ সুতৰ ক্ষেত্ৰত ২লাখ টকালৈকে কৰ ৰেহাই পোৱাৰ ব্যৱস্থাৰেও সৰ্বসাধাৰণ লোকক কিছু সকাহ দিবলৈ চেষ্টা কৰা হৈছে। অচিৰেই "পোনপটীয়া কৰ ব্যৱস্থা"বা ডাইৰেক্ট টেক্স কোড (DTC) ব্যৱস্থা প্ৰৱৰ্তন কৰা হব। টেক্সৰ ক্ষেত্ৰত ৰেহাই ঘোষণাৰ ফলত দেশৰ ৰাজকোষলৈ ২লাখ কোটি কমকৈ আহিব বুলিও বিত্তমন্ত্ৰীজনে সংসদক অৱগত কৰিছে।

শক্তিখণ্ডলৈ ১০বছৰলৈ কৰমুক্ত সুবিধা এই চৰকাৰৰ দিনতো বলবত থাকিৰ বুলিও ঘোষণা কৰিছে। লগতে অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সুবিধা হোৱাকৈ পিকচাৰ টিউব থকা টিভিত আবকাৰী শুল্ক নাইকীয়া কৰাৰো সুখবৰ । ৯০ ইঞ্চিৰ তলৰ এল.চি.ডি, এল,ই.ডি টিভি নিৰ্মাণৰ বাবে লগা সামগ্ৰীকো আবকাৰী শুল্কৰ পৰা মুক্ত কৰা হৈছে।

পেপচী, কোকাকোলাৰ দৰে শীতল পানীয়ত ৫শতাংশ আবকাৰী শুল্ক বৃদ্ধি, চিগাৰেটতো ১১-৭২ শতাংশ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। সৌৰশক্তিৰে চলা লাইটক কম দামত উপলদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জোতাৰ ক্ষেত্ৰতো আৱকাৰী শুল্ক কম কৰাৰ প্ৰস্তাৱ। ইফালে বাতানুকূল বাচৰ যাত্ৰা আৰু ৰেডিঅ' টেক্সি সেৱাৰ ক্ষেত্ৰত সেৱা কৰ নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে। আমদানিকৃত ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত নতুন চেচ(CESS) এই কেইটি ঘোষণাৰেই মূলত আজিৰ বাজেট ভাষণ সামৰিলে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে।

বাজেট ভাষণৰ পাছতে বিভিন্ন জনৰ প্ৰতিক্ৰিয়াও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। শ্বেযাৰ মাৰ্কেটেও যোগাত্মক ইংগিত বহন কৰিছে, ছেনছেক্স ৩৫০সূচকাংক উৰ্ধগামী হোৱাৰ আৰু নিফটি ১১২ সূচকাংক উৰ্ধগামী হোৱাৰ খবৰ পোৱা গৈছে। এম.জে.আকবৰে এই বাজেটক এখন সমৃদ্ধিশীল বাজেট বুলি মন্তব্য কৰিছে। তাৰ বিপৰীতে কংগ্ৰছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে সামাজিক ক্ষেত্ৰৰ বাবে বাজেটত অতি কম ব্যৱস্থা ৰখা হৈছে বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় সাৰ মন্ত্ৰী অনন্ত কুমাৰে এই বাজেটক অৰ্থনীতিক উদ্ধাৰকৰাৰ বাবে এক উত্তম বাজেট বুলি প্ৰশংসা কৰিছে। লালকৃষ্ণ আদৱানিয়ে দেশে লাভ কৰা অন্যতম বাজেট বুলি মন্তব্য কৰিছে।

আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰীৱালে মূল্যবৃ্দ্ধি ৰোধৰ বাবে কি প্ৰচেষ্টা হাতত ল'লে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। বিশিষ্ট সাংবাদিক অৰুণ পুৰীয়ে যিমান শক্তিশালী স্থিতি গ্ৰহণ কৰিব বুলি আশা কৰিছিল, সেয়া পৰিলক্ষিত নহ'ল বুলিও মত প্ৰকাশ কৰিছে। ইফালে অৰ্থনৈতিক ক্ষেত্ৰৰ ৰেংকিং সংস্থা "মোদী"(MOODY) য়ে বিত্তীয় ঘাটিৰ ক্ষেত্ৰত বাজেটখনে প্ৰত্যাশা পূৰণ কৰা বুলি মত কৰাৰ কথাও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

বাজেট ভাষণৰ পূ্ৰ্ণ পাঠৰ পিডিএফ লাভ কৰিবলৈ ইয়াত ক্লিক কৰক

No comments:

Post a Comment