গগৈ নিচাদেউলৈ মুকলি মনৰ চিঠি
সুৰজিত নেওগ
মাননীয় নিচাদেউ, সুৰজিত নেওগ
শ্ৰদ্ধা জানিব। মিছা ক'লে কি ডাল হব নহয়নে, ১৩বছৰীয়া শাসনৰ নিচাত এনে সুযোগ আৰু দুনাই সঁচাই নাপাব। এই চেলুতে সকলোকে নাকীডাল লগাই নিদিয়ে কিয়? হয়, গুৱাহাটী মানেই অসম নহয়; হলেও আপুনি বা মই বা ভূৰখাসকলে জানে যে গুৱাহাটী সন্তুষ্ট মানে প্ৰায় হাফ দা' বেটেল ৱান, অৰ্দ্ধ-বিজয়েই নমঃ! বুজিছেই কিজানি.... হেহ, কি কয়, আপুনি ধৰিব পৰা নাই বুলিলেই বিশ্বাস কৰিমনে, হেঃ হেঃ মিছা ক'লে কিডাল হ'ব!
আপোনাৰ অৱশ্যে অলপ বয়স হৈছে। বাৰু মনত পেলাওকছোন সেই ২০০৬ চনলৈ, কেইটানো বছৰ, মাত্ৰ ৮ বছৰহে নহয়নে? অসমৰ সমাজ জীৱনত অভূতপূৰ্ব প্ৰভাৱ পেলোৱা আপোনাৰ সেই ঐতিহাসিক উক্তিষাৰ... মনত পৰিছেনে? ঠিক ঠিক... অসমৰ সুগন্ধি গছৰ তেলেৰে আৰবত আৰু সমগ্ৰ বিশ্বতে হাজাৰ কোটিটকীয়া ব্যৱসায় কৰা সেই প্ৰ্কাণ্ড দেহা আৰু পেটটোৰে দাঢ়িৱালা লোকজন, যাক হেনো ওপৰৱালাই কেৱল বাংলাদেশৰ পৰা অহা অবৈধ ভাৰতীয় নাগৰিকবোৰৰ সুৰক্ষা আৰু বৈধতা প্ৰ্দান কৰিবলৈকে ৰহম কৰি এই দুনীয়ালৈ পঠিয়াইছে! কাৰোবাৰ বেমাৰ আজাৰ হলে যে মিনাৰেল ৱাটাৰৰ বটলত নিজৰ থু অকণ দি ফু মাৰি দিয়া পানীৰে শুশ্ৰষা কৰে। হয়, সেইজনেই নিচাদেউ, আপুনি যে হিচাপ নিকাচ কৰি অসমৰ অবিদেশী থলুৱা খাৰখোৱাখিনিৰ নাড়ী-ভুৰুৰ গমগতি লৈ যে সেই ব্ৰ্হ্মাস্ত্ৰপাট এৰিছিল!
বছ, আপোনাৰ এনে স্বদেশী আৰু খিলঞ্জীয়া প্ৰীতিত গদ গদ হৈ পৰিছিলো। লগে লগে আপোনাক আৰু আপোনাৰ চুৱাপাতনিত অনবৰতে গিজগিজাই থকা প্ৰভুভক্ত (তেতিয়াৰ দেই) দুঠেঙীয়া সকলক আৰু কেইটামান বছৰৰ পিছতে "নিজৰ পৰিচয় আৰু অস্তিত্ব হেৰুওৱাৰ ভয়ত মিয়ম্ৰান আমাৰ দৰে অবিদেশী (এতিয়াও) বোৰে" ৰাজপাটটো খাবলৈ পুৰ্ণ্যোদ্যমে সহায় সহযোগিতা আগবঢ়াই দিছিলো> এতিয়া আপোনাৰ মনত নিশ্চয় পৰিছে.... সেয়া, আপোনাৰ স্মৃতিশক্তি ইমান বেয়া নহয়.... বুঢ়া হলে কি হ'ব? "হু ইজ বদৰুদ্দিন?" বুলি মৰা এপা ব্ৰ্হ্মাস্ত্ৰৰেই চব চাফা...!!!
হয়, ডাঙৰীয়া, আপুনিও জানে, শৰ্মা/দেৱ/হাজৰিকা/আহমেদ/তাদেৰ বেপাৰী আৰু আমি সকলো স্বদেশী বিদেশীয়েও জানো যে 'ৰাইজৰ সেৱা' কৰিবলৈ মুখ্যমন্ত্ৰী নহলেও হয়। হলেও, আত্মসন্মাৰ কথা আছে নহয়জানো? তাতে কিমান আৰু দৰমহাকিটাৰে চলিব দিয়কছোন। মানুহেও হাঁহিবলৈ ধৰিছে বোলো ইমান দিনধৰি ৰাইজৰ সেৱা কৰি থাকিলে, বৰবেছি দেখোন টকা-সিকা ঘটিবকই নোৱাৰিলেহে! বেছি নহলেও অন্তত তিনি-চাৰি পুৰুষমানলৈ ঘটিলেও হয়। ... আৰু সেইকণ সুযোগ আপুনিয়েই দিব লাগিব.... মিছা ক'লে কিডাল হ'বহে।
এই ইম্পৰটেন্ট মেটাৰটো আপুনি নুবুজাকৈ নিশ্চয়কে থকা নাই... সেয়ে ইমান গণ্ডগোল। বয়সো হৈছে দিয়ক আপোনাৰ, কিমান আৰু দিল্লীলৈ গৈ বাইদেউৰ ইটালিয়ান চেণ্ডেলৰ ধূলি শুঙি থাকিব.... বেয়া দেখি হয়নে। নাতি-পুতিয়ে হাঁহিব! শৰ্মাদাহতঁৰ কথা বেলেগ, এতিয়াও ডেকা, অনবৰতে পদধূলি শুঙি থাকিলেও কাহঁ-চৰ্দি নহয়!
সেইবোৰ বাৰু বাদ। ইংৰাজ বোৱাৰী অনা নিজৰ ভাষাটো কোনোমতে সেহাই ঘেঁহাই কব পৰা হোৱা আপোনাৰ সুপুত্ৰ, তেওঁ দেখোন মুটামুটি পকিছেই... মাছৰ মতা-মাইকী চিনা ক'ম কথা নেকি? আৰু বোকা হৈ থকা পথাৰত হালবোৱাটো একা? আপুনি কেতিয়াবা পাৰিছে কওকছোন; গৰুক বলক বলক কৈ হাল ধৰি পাইছে? হুহঁ... ইমান মাছ মাৰিলে, কেইটা মাছৰ মতা-মাইকী চিনিছে? মিছা ক'লে কিডাল হ'ব, যিটো আপুনি চাৰিকুড়ি বছৰে নোৱাৰিলে সেইটো আপোনাৰ বিলাত ফেৰত সুপুত্ৰই দুবছৰতে কৰি দেখুৱালে! ইয়ং জেনেৰেচনক সুযোগ দিবই লাগিব দিয়কচোন...!!
যি কি নহওক, গগৈদেউ, আপুনি যিমানেই ভাল কাম নকৰক কিয়, আমি আপোনাক গালি পাৰিমেই। সেয়াই ৰাইজৰ জন্মসিদ্ধ অধিকাৰেই দিয়কচোন! বানপানী ক'ত নহয়? আমেৰিকা, ইংলেণ্ড আনকি আফ্ৰিকাতো হয়। আমিও জানো! আমাৰ অসমত হোৱাটোনো কি ডাঙৰ কথা। আমিও বুজো!
বুজিছে, মানুহে আপোনাৰ উপদেশৰ মূল্য নুবুজে। আপুনিযে কৈছিল, কলগছ ৰুই ললেই বানপানীৰ সমস্যা শেষ; কেইটা খাৰখোৱাই বুজিলে? গুৱাহাটীত বানপানী হলেই যেনিবা, সেইটোনো কি এনে কথা, হেৰৌ আমাৰ খোদ মহামহীয়ান মেডামৰ গোটেই ইটালিয়ান ভেনিচখনেই দেখোন সদায় পানীৰ তলত থাকে! তাত কিবা মানুহে চিঞৰ বাখৰ কৰে নেকি? গৌৰৱ কৰে, আমাৰ বোপাইকনৰ দৰেই গৌৰৱ! মিচা ক'লে কি ডাল....
হেঃ হেঃ.... অ' হয়, সেই আমাৰ গোলাঘাটৰ ফালৰ মহাখেতিয়কজনে অলপ গণ্ডগোল লগাব; কোনো কথা নাই। তেওঁ আৰু দুদিনমান পিছতে এইবোৰ পাহৰি যাব। আপুনি চিন্তা নকৰিব.... কিয়, মনত নাই? তেওঁৱো আপোনাৰ দৰে গগৈয়েই। একেটা কথাত বেছি সময় লাগি থাকিব নোৱাৰে; কাৰণ তেওঁ সমগ্ৰৰাজ্যখনৰেই খাটিখোৱা জনতাৰ ঠিকা লৈ থৈছে। সকলোকে সময় দিব লাগে। মন কৰকছোন, বৃহৎ নদীবান্ধ, ভূমিহীনক ভূমি দিয়া, পৃথানিৰ ঘৰৰ জপনা ভাঙি কৰা আন্দোলনবোৰনো কেইদিন চলিলে? এতিয়া তেওঁৱো পাহৰিলে, আমিও পাহৰিলো।
গতিকে এইবোৰত পাত্তা নিদিব... হলেও, এইটো সুযোগ আপুনি নেৰিব। একেটা গুলিতে কেইবাটাও চিকাৰ হৈ যাব নিচাদেউ... খেতিয়্ক, বিসম্বাদী, অগৰু বদৰু, মোডী, চব নাপাত্তা হৈ যাব বাপেক্কে! ৩২ বিঘা ইতিমধ্যে মোকলালেই, ধেমালি পাইছে, আৰু চেষ্টা কৰক। পানীৰ ৰাস্তাত অহা কেঁচা-পকা সকলো সৰু-মধ্যমীয়া লোকৰ ঘৰ ঢাঁহি-মুঁহি ভাঙি পেলাওক। কালৈও কেৰেপ নকৰিব। এইখনেই শৰাইঘাটৰ শেষ ৰণ বুলি আগবাঢ়ক। আমি আছো। দেখুৱাই দিয়্ক সকলোকে যে নিচাদেউ চেলেপু হ'ব পাৰে কিন্তু ভিৰু-অকৰ্মণ্য, ধুৰ মুঠেও নহয়!!!
অহাবছৰ যেতিয়া ভৰবাৰিষাতো গুৱাহাটিত কৃত্ৰিম বানপানী নহ'ব তেতিয়া দেখিব আপোনাৰ গাদী আৰু পাঁচবছৰলৈ নিষ্কন্টক। নিষ্কক্টকেই নে ৰজা হোৱাৰ বাটত গোলাপ, তগৰ বৰষিব, প্ৰায় খাটাঙেই! তাৰপিছত ধেমাজী, ৰহমৰিয়াৰ ফালে আগবাঢ়ক.... ইমানেই যথেষ্ট, আপোনাৰ দিন উকলিলেও আপোনাৰ পুত্ৰলৈ অকণমান ভাবক। তেওঁৱো এদিন ৰাজপাট খাব লাগিব..কেইবাদশকো! নাতিলৈ বাট-চিকুনাব নোৱাৰালৈ! মিচা ক'লে কি ডাল হব, নহয় জানো নিচাদেউ?
আৰু তেওঁৰ ৰাজপাটৰ অভিষেক আপোনাৰ কামৰ ওপৰতে নিৰ্ভৰশীল। মুঠতে এই সুযোগ যাবলৈ নিদিব; নহলে ৰাইজে আপোনাক কেৱল চেলেপু, অকৰ্মণ্য, ভীৰু বুলিয়েই নক'ব, মূৰ্খ বুলিও ক'ব। আগবাঢ়ক, সকলো ভাঙি ভৰলু-বাহিনী মোকলাওক, জলাশয় বেদখলমুক্ত কৰক.... শিলসাঁকো বিলৰ পাৰত থিয় হৈ দৰকাৰ পৰিলে দুৰ্দান্ত কন্ঠেৰে কওক "হু ইজ হিম্মৎসিংকা", "হু ইজ লোহিয়া" অথবা "হু ইজ টাটা" বুলি ..... কওক নিচাদেউ কওক! আমাৰে শপত!
No comments:
Post a Comment