পূৱলৈ চোৱা নীতিৰে অৰ্থনৈতিক ক’ৰিডৰঃ
উত্তৰ-পূৱলৈ আহিব নেকি অশনি সংকেত!
উত্তৰ-পূৱলৈ আহিব নেকি অশনি সংকেত!
প্ৰিয়ংকা চলিহা
ভাবিবৰ হ'ল.... |
দুখত বুকু ফাটি যোৱা মানে কি, আজিতকৈ হয়তো ভালকৈ মোৰ বুজি পোৱা নহ’ব। সিদিনা মহানগৰীৰে এখন বিলাসী হোটেলত কেইটামান সংগঠনে উত্তৰ-পূৰ্বাঞ্চলৰ মাজেদি এটা অৰ্থনৈতিক ক’ৰিডৰ নিৰ্মানৰ এখন আঁচনিৰ বিষয়ে আলোচনা কৰিছিল। কিবা ভাগ্যৰ বলত ময়ো তাৰ মাজত সোমালোগৈ। আলোচনাৰ দিশ দেখি মোৰ অবাক হোৱাৰ বাহিৰে উপায় নাছিল। সেই অনুভৱখিনিকে ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিব খুজিছো।
আলোচনা মানে তেওঁলোকে নিৰ্মাণ কৰিবলৈ লোৱা ক’ৰিডৰটোৰ বাবে কিমান টকাৰ দৰ্কাৰ, কিমান ব্যৱসায়ৰ সম্ভাৱনা আছে ইত্যাদি আঁচনিহে। ক’তো কিন্তু এই ক’ৰিডৰটোৰ বাবে এই অঞ্চলটোত কি ধৰণৰ সুপ্ৰভাৱ পৰিব বা তাৰ ফলত অঞ্চলটোত কি ধৰণৰ মানৱ বা প্ৰাকৃতিক দাম দিব লাগিব তাৰ কোনো উল্লেখ নাই।
উত্তৰ-পূবৰ পৰা আমিনো কি সামগ্ৰী ৰপ্তানি কৰিম? এজনে জনোৱা মতে ইতিমধ্যে ম’ৰে সীমান্তত আমদানি-ৰপ্তানিৰ অনুপাত ১০:১। বক্তা প্ৰায়কেইজনেই অসমৰ বাসিন্দা নহয় আৰু গোটেই ক’ৰিডৰটোৰ জড়িয়তে কেনেকৈ মূল ভাৰতীয় ভূখণ্ডত উৎপাদিত সামগ্ৰী দক্ষিণ-পূব এছিয়াৰ বজাৰলৈ লৈ যোৱা হ’ব তাৰেই চলিছিল কল্পনা। অৰ্থাৎ অসম বা উত্তৰ-পূব এই প্ৰক্ৰিয়াটোৰ বাহকহে মাত্ৰ।
তাৰ বাদে এই প্ৰক্ৰিয়াটোত অসম বা উত্তৰ পূবৰ বাসিন্দাৰ কোনো ৰকমে ইয়াত কোনো কাম নাই। তাকে কৰোতে কিমান জনগোষ্ঠী সংকটাপন্ন হ’ব, কিমান হাবি-বননি উছন হ’ব সেয়া তেওঁলোকৰৰ বিচাৰ্য্য নহয়। তেওলোকৰ লক্ষ্য মাত্ৰ আমাক ব্যৱহাৰ কৰা। বক্তৃতাটোৰ অন্তত বক্তা গৰাকীয়ে মাত্ৰ উনুকিয়ায় যে তেওলোকৰ এই আচনি বাস্তৱায়িত কৰিবলৈ কিছুমান সৰু সৰু বাধা আছে “যেনে, ভূমি অধিগ্ৰহণ, ইত্যাদি ইত্যাদি”।
ইত্যাদি ইত্যাদি? ভাবিবলৈ বাধ্য হ’লো এই ইত্যাদি ইত্যাদিৰ আওতাত কি কি পৰিব পাৰে? হয়তো উত্তৰ পূবৰ ভঙ্গুৰ পৰিবেশতন্ত্ৰ, হয়তো উত্তৰ-পূবৰ ভঙ্গুৰ সংস্কৃতি? আমি জানোৱেই ইতিমধ্যে হিন্দীভাষী সূতা ব্যৱসায়ীগোষ্ঠীৰ মইমতালিত ধ্বস্ত মহিলাকেন্দ্ৰিক সাতামপুৰুষীয়া মণিপুৰী বোৱন শিল্প। আমি জানোৱেই অসমৰ মূগা-পাট উদ্যোগ বিপদাপন্ন আমদানিকৃত কাপোৰৰ হাতত।
আমি আৰু জানো, ম’ৰে সীমান্তত এতিয়া টাংখুল, নগা আৰু মেইতেৰ মাজত ভীষণ হিংসা অঞ্চলটোৰ অধিকাৰক লৈ। এনেবোৰ জনগোষ্ঠীগত, সাংস্কৃতিক, পৰিবেশতান্ত্ৰিক প্ৰশ্নক বক্তাগৰাকীয়ে পৰ্যৱসিত কৰিলে ‘ইত্যাদি ইত্যাদি’ লৈ?
প্ৰশ্ন হয় তেওঁলোকে কি কৰা উচিত আছিল? এই প্ৰশ্নটোৰ উত্তৰ হয়তো দিব পাৰিব অঞ্চলটোৰ বিষয়ে অধ্যয়ন কৰি থকা সমাজ/পৰিবেশ বৈজ্ঞানিক সকলে। হয়তো এনে আঁচনিবোৰ কৰোতে সাঙুৰিব লাগিব অঞ্চলটোৰ প্ৰভাৱিত জনগোষ্ঠীসমূহৰ মতামতক। অঞ্চলটোৰ লগত কোনোদিনে কোনো আবেগিক সম্বন্ধ নথকা লোকে অঞ্চলটোৰ ভৱিষ্যতত পৰিব পৰা সু অথবা কু-প্ৰভাৱ বা কি ভাল কি বেয়া সেয়া নিৰ্ধাৰণ নকৰাই ভাল। এই কথাখিনিকে খুব স্পষ্টকৈ এজন অসমীয়া সচেতন ব্যক্তি হিচাবে সভাখনত তুলি ধৰিলো।
আজি যিবোৰ কথাক হয়তো 'ইত্যাদি ইত্যাদি' বুলি উলাই কৰা হৈছে, সেই ইত্যাদিবোৰ হ’ব পাৰে আপুৰুগীয়া কোনো সংস্কৃতিৰ মৃত্যুবাণী, কাৰোবাৰ সাতামপুৰুষীয়া ঘৰৰ উচ্ছেদৰ চমন। কিন্তু সকলোবোৰ উলাই কৰি আজি যি প্ৰগতিৰ সপোন দেখুউৱা হ’ল, তাকে ভাবি মোৰ দুখত বুকু ফাটি যায়। অনুভৱ কৰিছো, কথাবোৰ জাতীয় সংগঠন সমূহেও ভাবিবৰ হ'ল।

No comments:
Post a Comment