পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

  পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
কালি নাছাই উদযাপন কৰিলে চন্দ্ৰৰ বুকুত মানৱে প্ৰথম  ভৰি দিয়াৰ
৪৫তম জয়ন্তী৷ 
১৯৬৯চনৰ ২০জুলাইত নীল আমষ্ট্ৰঙ
আৰু বাজ এলড্ৰিনে এই ইতিহাসৰ সৃষ্টি কৰিছিল৷
১. অসমীয়া সাহিত্য জগতত প্ৰথম বাঘ চিকাৰ কাহিনীৰ লেখিকা, শোণিতপুৰৰ দা-ধৰা মাজগাঁও নিবাসী কবি-সাহিত্যিক ৰুমা দেৱীলৈ অখিল ভাৰতীয় মহিলা কবি সন্মিলনৰ দ্বাদশ আন্তৰ্জাতিক মালয়েছিয়া সন্মিলনে "লেডী অব দ্য এজ" বঁটাৰে সন্মানিত কৰিছে৷ মালয়েছিয়াৰ কুলালামপুৰত এই বঁটা প্ৰদান কৰা হয় বুলিও জানিব পৰা গৈছে৷

২. ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত যোৱা ১৯জুলাইত দুধনৈৰ জনমন্দিৰৰ সাংস্কৃতিক ভৱনৰ প্ৰাংগনত "খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষা আৰু বিকাশৰ বাবে ৰাভা হাছং এলেকাত ষষ্ঠ অনুসূচীৰ প্ৰাসংগিতা" শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়৷

৩. কালি গুৱাহাটীৰ হোটেল গ্ৰেণ্ড ষ্টাৰলাইনত হোৱা এক অনুষ্ঠানত পৰম্পৰাগত অসমীয়া খাদ্যৰ এখনি গ্ৰন্থ উন্মোচিত হয়৷ ডাঃ চন্দন বৰুৱাৰ "অথেনটিক ট্ৰেডিচনেল আচামিজ হোম ৰেচিপিজ" নামৰ এই ইংৰাজী গ্ৰন্থখন উন্মোচন কৰিলে অভিনেত্ৰী জেৰিফা ৱাহিদে৷

৪. ডিব্ৰুগড়ত চৌকিডিঙি চাৰিআলিত কালি এটা ক্লক টাৱাৰ কালি উন্মোচন কৰিলে ৰাজ্যৰ ৰাজহমন্ত্ৰী পৃথিৱী মাঝিয়ে৷

৫. ভাৰতীয় ৰে'ল বিভাগে ৰে'ল লাইনচ্যুত হোৱা ঘটনা ৰোধ কৰিবলৈ "ডিৰেইলমেণ্ট ডিটেক্টৰ ডিভাইচ" ক্ৰয় কৰা সুখবৰ৷ প্ৰথমে পৰীক্ষামূলক ভাৱে ৰাজধানী আৰু শতাব্দী ৰে'ল সমূহত ইয়াক লগোৱা হব বুলি ৰে'লৱেৰ সূ্ত্ৰত প্ৰকাশ পাইছে৷

৬. পূৰ্বতে ক্ষমাদানৰ আবেদন বহু বছৰ ধৰি ৰাষ্ট্ৰপতি ভৱনকত পৰি ৰোৱাৰ বিপৰীতে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে এই বিষয়ত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ গোচৰ সমূহৰ ৰায়দানক শাস্তি প্ৰদানৰ পৰ্যায়লৈ পঠিওৱাৰ এক শুভ পৰম্পৰাৰ সৃষ্টি হৈছে৷ মৃত্যুদণ্ডৰে দণ্ডিত ছজন অপৰাধীৰ বাবে ক্ষমাৰ আবেদন ৰাষ্ট্ৰপতিয়ে অগ্ৰাহ্য কৰাৰ কথা কালি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ ইয়াতে নিথাৰিৰ ধাৰাবাহিক বলাৎকাৰ আৰু হত্যাৰ গোচৰত অভিযুক্ত সুৰেন্দ্ৰ ক'লিও আছে বুলি প্ৰকাশ পাইছে৷

৭. ভাৰতীয় ষ্টেট বেংকে নিজৰ সেৱাসমূহ গ্ৰাহকৰ কাষলৈ লৈ লক্ষ্যৰে জিলা সদৰ সমূহৰ মুখ্য-কাৰ্যালয়ত এলানি টাউন হল মিটিং আয়োজন কৰি সজাগতা সৃষ্টিৰ বাবে কাৰ্যসূচী আৰম্ভ কৰিছে৷ কালি নামনি অসমৰ সকলো জিলাৰ লগতে গুৱাহাটীৰ দিছপুৰ শাখাতো এনে সভাত গ্ৰাহক, কৰ্মচাৰী সকলৰ জ্ঞাতাৰ্থে সজাগতামূলক পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন প্ৰদৰ্শন কৰা হয়৷

৮. নগাঁও জিলাৰ পশ্চিমাঞ্চলত উচ্চ শিক্ষাৰ বন্তি জ্বলোৱা ধিং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ কালি শুভাৰম্ভ কৰা হয়৷ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে কালি বৃহত্তৰ ধিং অঞ্চলৰ ৫০কিলমিটাৰ পথ পৰিভ্ৰমণ কৰাৰ লগতে শিক্ষানুষ্ঠানটিৰ প্ৰতিষ্ঠাপক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়৷

৯. বিশাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত "মাহেকীয়া বাৰ্তাপখিলী"ৰ সৌজন্যত ২০১২বৰ্ষৰ পৰা প্ৰদান কৰি অহা পুষ্পাদেৱী জালান সোঁৱৰণী বঁটাৰ বাবে বিবেচনাৰ্থে চল্লিশোৰ্ধ লেখিকাসকলৰ প্ৰৱন্ধ সংকলন আহ্বান কৰিছে৷ অহা ১৫ছেপ্তেম্বৰৰ ভিতৰত তিনিটা কপি বাৰ্তাপখিলীৰ, গুৱাহাটী ৰাজগড়স্থিত কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈকে প্ৰকাশন প্ৰতিষ্ঠানটোৱে আহ্বান জনাইছে৷

১০. মঙলদৈত জিলা উদ্যোগ আৰু বাণিজ্য বিভাগে ছয়দিনীয়াকৈ যোৱা ৭জুলাইৰ পৰা আয়োজন কৰা হস্তশিল্প প্ৰদৰ্শনী আৰু শিল্পী সমাৰোহৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰে এখন আলোচনা চক্ৰও৷ "অসমত হস্তশিল্পৰ ভৱিষ্যৎ সম্ভাৱনা" বিষয়ত আয়োজিত আলোচনাচক্ৰত অসম উদ্যোগ নীতি ২০১৪ৰ জৰিয়তে হস্তশিল্পলৈ আৰোপ কৰা গুৰুত্ব সন্দৰ্ভত ৰাইজক অৱগত কৰোৱা হয়৷

No comments:

Post a Comment