হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. নিখিল ভাৰত যৌন নিৰ্যাতন প্ৰতিযোগিতাই প্ৰৱল ৰূপ ধাৰণ কৰাত দেশজুৰি অভিভাৱক সন্থা শংকিত হৈ পৰা দুখবৰ। গছত ওলোমাই থোৱা কেটেগৰীত উত্তৰ প্ৰদেশৰ সৈতে প্ৰৱল প্ৰতিদ্বন্দিতাত নামিছে পশ্চিমবংগৰ মিদিনাপুৰৰ নিৰ্যাতনকাৰী। স্কুল লেভেলৰ নিৰ্যাতনত বেংগুলুৰুৰ সৈতে ফেৰ মাৰিবলৈ অসমীয়া জাতীয় বিদ্যালয়ৰ অধ্যক্ষয়ো হাত উজান দিয়াৰ বাতৰিত গুৱাহাটীত ভূইকঁপৰ সৃষ্টি হৈছে বুলিও ভয়ংকৰ গুজৱ প্ৰকাশ পাইছে।

২. সঁচাকৈ আকাশমাৰ্গত শনিৰ দশা চলা বুলি মন্তব্য কৰি কিছুদিন বিশ্বই উৰণ সেৱা বন্ধ কৰিব লাগে বুলি মন্তব্য কৰিলে ভৱিষ্যত দ্ৰষ্টা জানপ্ৰাণ দাৰুৱালাই। যোৱা সপ্তাহত দুখন, কালি এখন বিমান ধ্বংস হোৱাৰ পাছত আজি ইণ্ডিয়ান এয়াৰফৰ্চৰ এখন হেলিকপ্টাৰত বিজুতি ঘটি পাইলট দুজনৰ মৃত্যু হোৱাৰ পাছতে এই ঘোষণা কৰিছে জ্যোতিষজনে। অচিৰেই আন্তঃৰাষ্ট্ৰীয় জ্যোতিষ সংঘই শনি-ৰোধী তাবিজ এয়াৰপোৰ্টত বিক্ৰীৰ ব্যৱস্থা কৰিব বুলিও তেখেতে প্ৰকাশ কৰি, এনে তাবিজেহে এনে ঘটনাৰ পৰা ৰেহাই দিব পাৰিব বুলিও দৃঢ়তা প্ৰকাশ কৰিছে।

৩. ছানিয়া মিৰ্জাক তেলেঙগানাৰ ব্ৰেণ্ড এম্বে-চাদৰ কৰাতো অতিকৈ উচিত বুলি মত প্ৰকাশ কৰিছে নিঃকিন ভূঞাই। তেখেতৰ মতে প্ৰধানমন্ত্ৰীৰ মাতৃ লেভেলত শাৰী বিনিময় হোৱাৰ পাছত পাকিস্তানৰ বোৱাৰীক তেলেঙগানা ব্ৰেণ্ডৰ চাদৰ দিয়াটো কৰিলে ভালেই হব। এনে চাদৰৰ আদান প্ৰদানে অসমৰ হস্তশিল্পলৈকো পাকিস্তানী বজাৰ পোৱাৰ দৰে ভাল খবৰ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে বুলিও ভূঞদেৱে দৃঢ়মত প্ৰকাশ কৰিছে।

৪. "আহমেদ পৰ্টেলৰ প্ৰেৰণাৰে" আৰু "দ্বিগবিজিত সিঙৰ আশীৰ্বাদত"হে আচলতে "কইনাধৰা দখলৰ সপোন" নাটকখন মঞ্চস্থ হৈছিল বুলি ৰাষ্ট্ৰীয় গুজৱ নিউজৰ সূত্ৰত প্ৰকাশ পাইছে। প্ৰেৰণা আৰু আশীৰ্বাদৰ বাবে ছাৰ দুজনে কিমান দক্ষিণা সৰকালে সেয়া এক ৰাষ্ট্ৰীয় ৰহস্য হৈ পৰিছে বুলি কইনাধৰাৰ প্ৰেছ উপদেষ্টাই প্ৰকাশ কৰিছে।

৫. বিটিচিক "বৈদ্য ট্ৰেজিক কাউঞ্চিল" নামাকৰণ কৰিবলৈ দাবী তুলিলে শান্তিপ্ৰিয় নাগৰিক সংঘই। অনবৰতে হত্যা, হিংসা, অপহৰণ, মাৰ-পিট, ধন-দাবী, ঘৰ জ্বলোৱা আদি খেল খেলি থকাত অশান্তি অনুভৱ কৰিয়েই সংঘই এই নতুন নামাকৰণৰ দাবী তুলিছে বুলি জানিব পৰা গৈছে।

৬. ডব্লিউ ডব্লিউ এফৰ খেলৰ দৰেই বিচিচিআইয়েও যিকোনো বস্তু মেনেজ কৰিব পাৰে বুলি দাবী কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তিমান আজাদে। এতিয়া মাত্ৰ ক্ৰিকেট নহয়, বুকী, বিজ্ঞাপন, জুৱা, ফিক্সিং আদি যি কোনো বিষয়ৰে ব্যৱস্থাপনাৰ মাষ্টাৰ ডিগ্ৰী কৰ্চ খুলিবলৈ এই বৰ্ড অতিশয় সক্ষম বুলিও এতিয়া প্ৰশংসকজনে দৃঢ়তা প্ৰকাশ কৰিছে। এইবোৰ মেনেজ কৰাত বৰ্ডৰ লগত আই.আই.এমেও পাত্তা নাপাব বুলিও বিজ্ঞজনে শংকা প্ৰকাশ কৰাৰ কথাও লগতে প্ৰকাশ পাইছে।

৭. বিটিচিত "বিশেষ শ্বহীদ উৎপাদন ক্ষেত্ৰ" ৰূপে স্বীকৃতি দিবলৈ দাবী তুলিলে সচেতন নাগৰিক সন্থাই। লগতে দেশত ঘৰ নাইকীয়া মানুহ আৰু অভিভাৱক নাইকীয়া শিশু সৃষ্টিতো দিয়া অৰিহণালৈ লক্ষ ৰাখি এই অঞ্চলটোক বিশেষ পেকেজ দিব লাগে বুলিও এজনে মত প্ৰকাশ কৰিছে। পেকেজ ভাগ বতৰা কৰি খোৱাতো শাসক সকলৰ সমান ওস্তাদ নাই বুলিও গুজৱ প্ৰকাশ পাইছে।

৮. সংসদত শুই বদনাম হোৱা ৰাহু গান্ধীয়ে ওলাই আহি সংবাদ মাধ্যমত টোপনিৰ জালতে মন্তব্য প্ৰদান কৰে নে সপোনত দেখা কথাবোৰ কয়, তাকে লৈ পাৰ্লিয়ামেণ্টত বিৰোধী দলৰ সদস্য সকল বিবুধিত পৰা বুলি টুটকীয়া টুইটাৰে সংবাদ প্ৰকাশ কৰিছে।

৯. উত্তৰ প্ৰদেশত এজনে নিজৰ পত্নীক ২৫হাজাৰ টকাত বিক্ৰী কৰাকলৈ সংসদত হাংগামা। ই মূল্যবৃদ্ধিৰ বৰ্ধিত হাৰকেই প্ৰতীয়মান কৰিছে বুলি প্ৰদেশৰ সমঝোতাবাদী পাৰ্টিৰ সাংসদে কৰা মন্তব্যহে হৈ পৰিছে আলোচনাৰ নতুন বিষয়।

১০. দুজনী চাইনিজে কমনৱেলথত ভাৰতৰ হৈ প্ৰথম দিনাই সোণৰ পদক জিকাকলৈ দিল্লী জাত-পাত মহাসংঘত হাঁহাকাৰ লগাৰ বাতৰি। খাপ পঞ্চায়তক গুগোল মেপ দেখুৱাই, ৱিকিপিডিয়াপঢ়ুৱাইও তেওঁলোকযে প্ৰকৃততে ভাৰতীয় নাৰীহে বিশ্বাস উপজাব নোৱাৰাত ৰাষ্ট্ৰীয় সামাজিক মনোভাৱ মন্ত্ৰালয়ে হতাশা প্ৰকাশ কৰা বুলিও খবৰ আহিছে।

No comments:

Post a Comment