ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দা

ৰূপালী পৰ্দা

Share This
কেইখনমান অৱশ্যেই চাবলগীয়া
২-ডি এনিমেছন চিনেমা
 ডাঃ উদ্দীপ তালুকদাৰ

১. স্ন’ হোৱাইট এণ্ড ছেভেন ড’ৱাৰ্ভছ্‌ (১৯৩৭)
ডিজনীৰ দ্বাৰা নিৰ্মিত আৰু প্ৰথমখন পূৰ্ণ-দৈৰ্ঘৰ এনিমেছন ছবি। এতিয়াৰ দিনৰ দৰ্শকৰ বাবে সামান্য পুৰণি অনুভৱ হ’লেও কেইটামান কথাৰ বাবে এইখন চাবলগীয়া ছবি। এইখনৰ নিৰ্মাণৰ বাবে ডিজনীয়ে সময় লৈছিল প্ৰায় পাঁচ বছৰ। এই পাঁচ বছৰৰ প্ৰথম দুটা বছৰ গৈছিল এনিমেটৰসকলক তৈয়াৰ কৰাৰ বাবে। 


ৱাল্ট ডিজ্‌নীয়ে অনুভৱ কৰিছিল যে চুটি এনিমেছন ছবিৰ নতুনত্বৰ সোৱাদেৰে দৰ্শকৰ ডেৰ-ঘণ্টাসময় বহুৱাই ৰাখিব নোৱাৰিব। সেয়ে, ডিজনীয়ে ছবি খনৰ প্ৰতিটো চৰিত্ৰই যাতে অকল চলা-ফুৰা নকৰি একোটা স্বয়ং-সম্পূৰ্ণ চৰিত্ৰ হৈ পৰে তালৈ লক্ষ্য ৰাখি এনিমেছন অঁকাত গুৰুত্ব দিছিল। ছবিখনৰ আটাইতকৈ উল্লেখনীয় দিশ- সাতোটা বাওনাৰ চৰিত্ৰ। যদিও গায়ে-গাৰিয়ে কেউজনেই বাওনা, কিন্তু স্বভাৱ-চৰিত্ৰ আৰু ব্যক্তিত্বৰ দিশৰপৰা কেউটা চৰিত্ৰৰে অভিনয় ব্যতিক্ৰম। লাইভ-একছন ছবিত অভিনেতাজনে নিজেই প্ৰতিটো চৰিত্ৰলৈ একোটা ব্যক্তিত্ব লৈ আনে, কিন্তু এনিমেছন সেই কামটো মাত্ৰ ছবি আঁকি কৰিবলগীয়া হয়। এই্খন ছবিৰ এনিমেছনে কুশলী অভিনেতাৰ অভিনয়ৰ সোৱাদ দিয়ে। 

২. দ্য জাংগল বুক (১৯৫৭)
ৰাডায়াৰ্ড কিপলিঙৰ ‘জাংগল বুক’ৰ চিত্ৰৰূপ। ডিজ্‌নীৰ দ্বাৰাই নিৰ্মিত। এনিমেছনত ব্যক্তিত্বৰ প্ৰকাশৰ সৰ্বোত্তম ৰূপ। বিশেষকৈ ‘বালু’ আৰু ‘বাগীৰা’ৰ চৰিত্ৰত নিপুন অভিনয় দেখা পোৱা যায়। কিছূমান সৰু সৰু চিত্ৰকল্প, হাত-ভৰিৰ সামান্যতম চলনেৰে মৌগ্‌লীৰ মনৰ অৱস্থাৰ প্ৰকাশ দেখিলে আজিৰ ৩-ডি ছবিসমূহৰ বেছিভাগৰে একঘেয়ামী আৰু অতি-অভিনয়ৰ দোষটো সহজে বুজা যায়। কাহিনী বিন্যাসৰফালৰপৰাও সুনিপুন।


এই্খন ছবিৰ সংগীত আৰু নাচ পাহৰিব নোৱৰা বিধৰ। চিনেমাখনৰ সামগ্ৰিক ডিজাইনো মন কৰিবলগীয়া। ভাৰতৰ হাবিৰ ৰংবোৰ দেখিলেই চিনি পায়। অৱশ্যে ডিজনীৰ প্ৰায় প্ৰতিখন ছবিতে ডিজাইনৰ কাম অনবদ্য। চিনেমা হিচাপে নাচাই অকল ধ্ৰুপদী চিত্ৰ-কলা হিচাপ চাবলৈ প্ৰায় মেজিকৰ দৰে লগা ডীজনীৰ ছবিখন হৈছে স্লিপিং বিউটী। কিন্তু চিনেমা হিচাপে মই বৰ ভাল নাপাওঁ কাৰণে এই তালিকাত নাই।


৩. দ্য লায়ন কিং (১৯৯৪)
এনিমেছনত শ্বেইক্‌ছপীয়েৰৰ হেমলেট, এলটন জনৰ সংগীত, কণ্ঠশিল্পীৰ ৰূপত জেৰেমী আইৰন্‌ছ, ৰোৱান এট্‌কিনছন, হুপী গোল্ডবাৰ্গ; মুঠতে ব্লকবাষ্টাৰ ছবিৰ পূৰ্ণ আয়োজন। কম্পিউটাৰৰ ব্যৱহাৰেৰে ছবিখনৰ বেকগ্ৰাউণ্ড আদিত নতুনত্ব দেখিবলৈ পোৱা যায়। এইখন বৰ্তমানৰ এনিমেছন চিনেমাসমূহৰ অভিনয় আদিৰ পথ-প্ৰদৰ্শক বুলিব পাৰি। কাৰণ এইখনৰ ভয়চ-এক্টিঙৰ ধৰণটো বহু নতুন আৰু ৩-ডি এনিমেছন ছবিত ব্যৱহাৰ হৈছে। 


৪. ফেণ্টাছিয়া (১৯৪০)
সাধাৰণতে ডিজনীৰ ছবিৰ কাহিনী অতি সৰল আৰু সদায়ে চেনী-ৰসৰে পুষ্ট (sugar coated) বুলি ছিৰিয়াছ ছবি পৰিচালকে অভিযোগ কৰে। কিন্তু ডিজনীৰ এইখন ছবিয়ে ছবি-নিৰ্মাণৰ কলা-কৌশলত একেবাৰে নতুন ধাৰণা, আংগিকৰ প্ৰয়োগেৰে নতুনত্ব আনিবলৈ চেষ্টা কৰিছিল। এনিমেছন ছবিৰ এটা ডাঙৰ সুবিধা হ’ল ইয়াত চিনেমাখন জীৱন্ত অভিনেতাৰ কায়িক অভিনয়ৰ সীমাবদ্ধতাৰে বদ্ধ নহয়। যেনে, এনিমেছনত সাধাৰণ কাঠৰ বাকছ এটায়ো অভিনয় কৰিব পাৰে। চিনেমাক প্ৰথমতে এক দৃশ্য-শ্ৰাৱ্য মাধ্যম বুলি গ্ৰহণ কৰিলে নাটকৰ দৰে চিনেমা অকল অভিনেতাৰ কায়িক সীমাবদ্ধতাৰে পৰিচালিত হ’লে ই মাধ্যমটোৰ পূৰ্ণ শিখৰ কেতিয়াও নাপায় বুলি ধাৰণা কৰিব পাৰে।

আজিৰ চিনেমাত এনিমেছন-ৰ বহুল প্ৰয়োগে এই দিশটো আঙুলিয়াই দিয়ে। ফেণ্টাছিয়া ছবিখনেৰে ডিজনীয়ে চলচ্চিত্ৰক কাহিনী কথনৰ মাধ্যমৰপৰা তুলি আনিবলৈ প্ৰয়াস কৰা দেখা যায়। ফেণ্টাছিয়াত কোনো সংঘবদ্ধ কাহিনী নাই। বৰং কিছুমান চিত্ৰ-কল্পৰহে সমষ্টি বুলিব পাৰি, য’ত সংগীতে এক মুখ্য ভূমিকা লৈছে। ফেণ্টাছিয়াখনক সঁচাকৈয়ে দৃশ্য-শ্ৰাৱ্য অনুভৱহে বুলিব পাৰি, আমি সাধাৰণতে চিনেমা চোৱাৰ যিটো অভিজ্ঞতা লাভ কৰোঁ, সেয়া ইয়াত নাই।

ফেণ্টাছিয়াত মিকী মাউছে যিদৰে অভিনয় কৰে, সেইদৰে ফুলৰ পাহিবোৰেও নাচিবলৈ আৰম্ভ কৰে, বা ৰঙৰ পটী কিছূমানেও অভিনয় কৰিবলৈ আৰম্ভ কৰে। একেলগে সমগ্ৰ ছবিখন চাবলৈ নকওঁ, কিন্তু এটা এটা অংশ হিচাপে চাব পাৰে। চিনেমাখনৰ ৰিলিজৰ সময়ত সংগীতজ্ঞই সংগীতক দৃশ্য ৰূপ দিয়াৰ বাবে কৰা বিৰূপ সমালোচনাতেই বুজিব পাৰি চিনেমাখনৰ নতুনত্ব। ফেণ্টাছিয়া সামগ্ৰিক ভাৱে চিনেমা মাধ্যমটোৰ বাবেই এক মাইলৰ খুঁটি। অৱশ্যে চাই ভালেই পাব বুলি গেৰাণ্টী দিব নোৱাৰি।


৫. মেট্ৰ’পলিছ (২০০১)
জাপানৰ এনিমেছন ছবি। অ’ছামু টেজুকা-ৰ এনিমেছনৰে এইখন জাপানী এনিমেছনৰ সোৱাদ ল’বলৈ উল্লেখযোগ্য ছবি। ছবিখনৰ মূল কাহিনী ১৯২৭ চনত নিৰ্মিত একে নামৰ এখন জাৰ্মান নিৰ্বাক কল্পবিজ্ঞান ছবিৰপৰা আহৰিত। মেট্ৰ’পলিছত জাপানৰ এনিমেছন শৈলী ‘এনিমে’ (anime) ব্যৱহৃত হৈছে। এনিমে শৈলী ডিজনীৰ ধ্ৰূপদী এনিমেছন শৈলীতকৈ বহু বেলেগ। ধ্ৰুপদী এনিমেছনত চৰিত্ৰৰ সাৱলীল আৰু প্ৰায় জীৱন্ত চলাফিৰা প্ৰকাশ কৰাৰ যত্ন কৰা হয়। জীৱন্ত গতিৰ সংবেদনা লাভত যাতে বেছি অসুবিধা নহয়, তাৰ বাবে চৰিত্ৰসমূহৰ অনুপাত জীৱন্ত বস্তুৰদৰেই ৰখা হয়। কিন্তু এনিমে বা মাংগা (জাপানৰ কমিক্‌ছ শৈলী) শৈলীত চৰিত্ৰ অনুপাত প্ৰায় ইচ্ছামতে ইফাল-সিফাল কৰা হয়, সেয়ে ইয়াত চৰিত্ৰসমূহৰ গতিত এক ধৰণৰ অতি-বাস্তৱ ৰূপ প্ৰকাশ পায়।

ডিজনীৰ এনিমেছনে সাধাৰণতে মৃত্যু, বা আন হিংসাত্মক কাৰ্যকলাপ এৰাই চলে, কিন্তু জাপানৰ এনিমেছনে এনে বিষয়কো সাঙুৰি লয়। অৱশ্যে ডিজনীৰ দৰে জাপানৰ এনিমেছন অকল শিশুৰ বাবেই বুলি ধৰা নহয়। মাংগা আৰু এনিমে-ৰ মূল দৰ্শক প্ৰাপ্তবয়স্কহে। মেট্ৰপলিছৰ কাহিনীত যন্ত্ৰ আৰু মানুহৰ মাজৰ ব্যৱধানক সুন্দৰকৈ দেখুওৱা হৈছে। কিন্তু ছবি হিচাপে ইয়াত উৎকৰ্ষতা কাহিনীতকৈ ছবিখনৰ সামগ্ৰিক অৱয়ৱতহে। অত্যন্তু খুঁটি-নাটি সম্পন্ন বেকগ্ৰাউণ্ড, ষ্টাইলাইজ্‌ড এনিমেছন আৰু গভীৰ গল্পৰে এইখন মোৰ বাবে এখন নিশ্চয়কৈ চাবলগীয়া ছবি।


৬. স্পিৰিটেড এৱে (২০০১)
ষ্টুডিঅ’ ঘিব্‌লি আৰু এনিমেটৰ হায়াঅ’ মিয়াজাকি-ৰ এনিমেছনেৰে এইখনক ঠিক কি বুলি বৰ্ণনা কৰা যায় মই ধৰিব পৰা নাই। অতি অদ্ভুত, সপোন সপোন যেন লগা কাহিনী, আৰু সেই সপোনক মুঠেও ভাঙিবলৈ নিদিয়া অতি-বাস্তৱ (surreal) এনিমেছন। চৰিত্ৰসমূহৰ অনুপাত অত্যন্ত আচৰিত বিধৰ।

কাহিনীটো দেখাত সাধাৰণ ভাল আৰু বেয়া ডাইনী দুগৰাকীৰ মাজৰ সংঘৰ্ষত অংশ লোৱা এগৰাকী ছোৱালীৰ বুলি সহজকৈ কৈ থ’ব পাৰি যদিও, আচলতে সেয়া মুঠেই নহয়। আচলতে নিজে নোচোৱাকৈ এইখন ছবিৰ বিষয়ে একোকেই ক’ব নোৱাৰি। স্পিৰিটেড এৱে এক ধৰণৰ অভিজ্ঞতা আৰু এইখন চাই্ এনিমেটৰ হায়াঅ’ মিয়াজাকিৰ কল্পনাৰ গভীৰতা দেখি আচৰিত হোৱাৰ বাবে আন উপায় নাই। কিন্তু কাহিনীক বাদ দিওঁ ছবিখনৰ এনিমেছনতো একে ধৰণৰ কল্পনাৰ গভীৰ ৰূপ দেখিবলৈ পোৱা যায়। স্পিৰিটেড এৱে ছবিখনে দৰ্শকক এক বেলেগ জগতলৈ লৈ যায়। এনিমেছন ছবি চাবলৈ আৰম্ভ কৰাসকলৰ বাবে নিসন্দেহে প্ৰথমে চাবলগীয়া ছবি নহয়। এইখন তালিকাৰ মতে একাদিক্ৰমে চাই আহিলে ৬ নম্বৰতে চালে ভাল।

 

৭. ট’নাৰি ন’ ট’ট’ৰ (১৯৮৮)
ষ্টুডিঅ’ ঘিব্‌লি আৰু হায়াঅ’ মিয়াজাকিৰে আন এখন ছবি। এইখনক বহুত এনিমেছন তালিকাত শ্ৰেষ্ঠ এনিমেছন ছবি হিচাপে চিহ্নিত কৰা হৈছে। আৰু হোৱাৰ কথাও। কাহিনীটো প্ৰথম দৃষ্টিত এটা সহজ-সৰল সাধুকথা। কিন্তু মানুহ আৰু অৰণ্যৰ মাজৰ চিৰন্তন সম্পৰ্কক এক মায়াৱী চিত্ৰৰূপ দি ছবিখনে হৃদয় ভৰাই তোলে। এনিমেছনৰ মূল শৈলী এনিমে ধৰণৰ হ’লেও স্পিৰিটেড এৱে বা মেট্ৰ’পলিছৰ দৰে অত্যন্ত ষ্টাইলাইজ্‌ডো নহয়, বা অতি-বাস্তৱধৰ্মীও (surreal) নহয়; বৰং বেছ সীমিত আৰু সাধাৰণ বুলিবই পাৰি। কিন্তু এনিমেছনৰ পৰিমিতিয়ে ছবিখনক আৰু গভীৰ কৰি তোলে।

ছবিখনত গছৰ পাত এটাও অকাৰণতে নলৰে। ছবিখনত মেজিক ৰিয়েলিজ্‌ম-ৰ পয়োভৰ বহু বেছি। কিন্তু সেইবোৰ টেক্‌নিকেল কথাই মুঠেও দৰ্শকক ভাৰাক্ৰান্ত নকৰে। প্ৰতিটো দৃশ্যই তাৰ মৰ্মাৰ্থ ভাবিবলৈ বাধ্য কৰে। দৰ্শকে নজনাকৈয়ে এই চিনেমাখনে হৃদয় আৰু মস্তিষ্কত বাঢ়ি আহিবলৈ আৰম্ভ কৰে। দৃশ্যাংশই দৰ্শকৰ হৃদয়ত পৰ্দাত চলি থকাতকৈ বহু বেছি সজীৱ দৃশ্যপট অংকন কৰি যায়। ছবিখনত দেখুওৱা জাপানৰ গাঁৱখন আৰু আমাৰ দিনৰ আমাৰ অসমৰ যিকোনো গাঁৱ এখনৰ মাজত সাদৃশতাৰ বাবে অসমৰ মানুহে এইখন চাই আন ঠাইৰ মানুহতকৈও বেছি ভাল পাব।

অলপ উচ্চবাচ্য কৰা হয় যদিও কৈ থওঁ, চিনেমাখনৰ কাহিনীটোও আমাৰ অসমৰ সমাজ-জীৱনৰ লগত কিবা এটা সাদৃশ্য আছে, অৱশ্যে এনেও হ’ব পাৰে ছবিখনৰ আবেদন ইমানেই সাৰ্বজনীন যে যিকোনো ব্যক্তিয়েই কিজানি ছবিখনৰ লগত একাত্মতা অনুভৱ কৰিব। এইখন চিনেমা যিকোনো এটা দৃশ্যৰপৰা আৰম্ভ কৰিলেও এৰিব নোৱাৰিব, সেইটো মই গেৰাণ্টি দি ক’ব পাৰোঁ। এনিমেছন চিনেমা যদি ভাল পায়, তেন্তে এইখন নাচালে এনিমেছন চিনেমাৰ আধা অংশ আপোনাৰ বাবে আন্ধাৰত থাকিল বুলিব পাৰি।


মই এনিমেছন চিনেমাৰ খবৰ-খাতি ৰাখি ভাল পাওঁ বাবে এই কেইখন বাচি-বিচাৰি আনি চাইছোঁ। ছবি কেইখনৰ ৰস গ্ৰহনত আগতে কৰা পঢ়া-শুনায়ো বহু পৰিমাণে প্ৰভাৱ পেলাইছে, সেইটো সঁচা। ততস্বত্তেও এই কেইখন এনিমেছন চিনেমা আমাৰ ৰাইজেও ভালেই পাব লাগে, হয়তো ৰস-গ্ৰহন মোত্‌কৈ বহু বেলেগ হ’ব। শুনি থকা কিন্তু চাবলৈ নোপোৱা আন এখন চিনেমা হৈছে হায়াঅ’ মিয়াজাকি-ৰ প্ৰিন্সেছ ম’ন’ন’কে। সেইখন চালে কিজানি এই তালিকাৰ ভিতৰতে আহিব। কাৰণ হায়াঅ’ মিয়াজাকি-ৰ এনিমেছনৰ ধাৰণাই বেলেগ। ইয়াত ইচ্ছা কৰিয়েই নতুন আৰু ৩-ডি এনিমেছন ছবি আলোচনালৈ অনা নাই। কাৰণ এতিয়াৰ চিনেমাবিলাক আমাৰ ৰাইজে প্ৰায় দেখিছেই। অ’ আৰু এটা কথা, ১-২-কৈ লিখিছোঁ যদিও এয়া কোনো একাদিক্ৰম তালিকা নহয়। অৱশ্যে নং ১ বুলিলে মোৰ বাবে ট’ন’ৰি-ন’-ট’ট’ৰ’ হ’ব সেইটোত সন্দেহ নাই। কিন্তু বাকীকেইখন ইখনতকৈ সিখন ভাল হিচাপে তালিকা কৰা হোৱা নাই।

লেখকৰ টোকাঃ
১.
এটা কথা ক'বলৈ পাহৰিলো। ইয়াৰে জংগল বুক, ফেণ্টাছিয়া আৰু লায়ন কিঙৰ একোখনকৈ ছিকুৱেলো আছে। কিন্তু ইয়াত প্ৰতিখনৰে প্ৰথম খনৰ কথাহে কোৱা হৈছে। অৱশ্যে চনকেইটা দিয়াই আছে।

২.
একেবাৰে নতুনকৈ ডিজ্‌নীৰ ২-ডি এনিমেটৰ গ্লেন কীন-ৰ লগত লগলাগি কম্পিউটাৰ এনিমেছনৰে 'ডুয়েট' নামৰ তলৰ ভিডিঅ'-টো সাজি উলিওৱা হৈছে। ২-ডি এনিমেছন আৰু ৩-ডি এনিমেছনৰ মাজৰ যিটো পাৰ্থক্যৰ কথা কৈ আহিছোঁ, সেইটো এইখন চালে ধুনীয়াকৈ বুজিব পাৰি। https://www.youtube.com/watch?v=O9CG_PoEWCg

No comments:

Post a Comment