সুমন্ত
বৰুৱাই বিয়া পতা নাই;
এই
কথাষাৰ এতিয়া তাৰ বন্ধু মহলৰ
বাবে এটা আশ্চৰ্য্যৰ বিষয় হৈ
পৰিছে।
আৰু
দুটা বসন্ত গৰকিলেই সুমন্তই ৪৫
ত
ভৰি দিব ।
এই
বয়সলৈকে বিয়া নপতাকৈ থকাটো
নাইবা গোটেই জীৱনেই বিয়া
নপতাকৈ থকাটো আনৰ বাবে একো
আচৰিত কথা নহয় ।
কিন্তু
এই একেটা কথাকে সুমন্তৰ ক্ষেত্ৰত
সহজে মানি ল’বলৈ অসুবিধা হয়
।
বিশেষকৈ
সেইবোৰ ছোৱালীৰ বাবে,
যিয়ে
সুমন্তৰ এষাৰ মাত পাবলৈ নাইবা
সুমন্তৰ এটা হাঁহিৰ কাৰণে
ভালেখিনি কষ্ট কৰিবলগীয়া
হৈছিল ।
অথচ
কস্তুৰীৰ তেনে ধৰণৰ কোনো কষ্ট
কৰাৰ কথা মনত নপৰে ।
সুমন্তৰ
এটা হাঁহিৰ কাৰণে নাইবা সুমন্তৰ
সৈতে অলপ কথা পাতিবলৈ তায়ো
যে ব্যাকুল নাছিল,
তেনে
নহয় ।
কিন্তু
কোনো কষ্ট নকৰাকৈয়ে সুমন্তৰ
সেই ঈৰ্ষণীয় সময়খিনি কস্তুৰীয়ে
অনায়াসে পাই গৈছিল।
কিন্তু
কস্তুৰীৰ এয়াও খুউব ভালদৰেই
মনত আছে যে সুমন্তৰ
ভালেখিনি ব্যক্তিগত কথা তাই
গম পাইছিল আনৰ পৰাহে।
নূন্যতম
বন্ধুত্ব ৰক্ষা কৰি হ’লেও
সুমন্তই উপযাচি কস্তুৰীক
কোনোদিনাই কোনো খবৰ দিয়া নাছিল
।
সেইবোৰ
সময়ত কস্তুৰীৰ এই বন্ধুত্বৰ
প্ৰতি অলপ সন্দেহ থাকি
নোযোৱা নহয়
।
তথাপিও
তাই যেতিয়া তাইৰ সময়ৰ সৈতে
সময় মিলাই সুমন্তক ইন্সটিটিউতৰ
কেন্টিনত খাবলৈ অহা দেখে ;
ইন্সটিটিউতৰ
পৰা পানবজাৰলৈকে অহা বাছখনত
তাই বহা চিটৰ ঠিক পিছফালৰ
চিটটোত সদায় বহি থকা দেখে ;
পানবজাৰত
তাইৰ সৈতে একেখন চিটি বাছত
উঠা দেখে ;
তেতিয়া
কস্তুৰীৰ ভাবিবলৈ মন যায়,
সুমন্তৰ
হয়্তু বন্ধু হিচাবে তাইৰ প্ৰতি
কিবা এটা দায়িত্ববোধ আছে !
কস্তুৰীৰ
সেইসময়ত এজন দুৰ্দান্ত প্ৰেমিক
থকাৰ খবৰো জনা যায় ।
যিজন
প্ৰেমিকৰ সৈতে তাই সততাৰে
সম্পৰ্কটো আগবঢ়াই নিবলৈ
পূৰামাত্ৰাই ৰাজী আছিল ।
আৰু
কোনো লুক-ঢাক
নথকাকৈয়ে তাইৰ এই প্ৰেমৰ কথা
সকলোৱে জানিছিল ।
সুমন্তয়ো
জানিছিল ।
তথাপিও
এই প্ৰেমৰ বিষয়ে কোনো আলোচনা
নকৰাকৈয়ে ,
কেতিয়াও
কস্তুৰীৰ ব্যক্তিগত জীৱনৰ
কোনো কথা নোসোধাকৈয়ে ,
কস্তুৰীক
কোনো কথা ক’বলৈ সুবিধা নিদিয়াকৈয়ে
সুমন্তই খুউব ধুনীয়াকৈ কস্তুৰীৰ
সৈতে এটা সম্পৰ্ক বজাই থাকিল
।
ফলস্বৰুপে
আন কোনো ছোৱালীৰ সৈতে বিশেষ
কোনো কথা নপতা সুমন্তৰ এই
বন্ধুত্ব নাইবা এই আগ্ৰহ
সকলোৰে লাহে লাহে চকুত পৰিবলৈ
ধৰিলে ।
কস্তুৰীয়ে
সকলোৰে সৈতে মুকলিকৈ এনেদৰেই
কথা পাতে ।
কিন্তু
সুমন্তই নাপাতে ।
কথাটোৰ
আৰম্ভনিও ঠিক সেইখিনিতেই হৈ
গ’ল !
কস্তুৰীৰ
জীৱনত খেলিমেলিবোৰো তাতেই
লাগি গ’ল !!
কোনেও
তাইক সুমন্তৰ লগত মুকলিকৈ
নোজোকোৱাকৈয়ে তায়ো এদিন ভাবি
পেলালে,
হয়;
সুমন্তই
কিয় তাইৰ প্ৰতি ইমান আগ্ৰহ
দেখুৱায় ?
কিয়
তাই কিবা কথা ক’লে সি না নকয়
?
কিয়
তাইৰ সৈতে একেলগে একেটা সময়তে
সি ইন্সটিটিউতলৈ যাবলৈ নাইবা
ইন্সটিটিউতৰ পৰা আহিবলৈ সময়বোৰ
মিলাই লয় ?
অথচ
সুমন্তই নিজে কস্তুৰীৰ প্ৰতি
আকৰ্ষিত হোৱাৰ কোনো এটা মজবুত
তথ্য এতিয়াও দিয়া নাই ।
সি
এতিয়াও কস্তুৰীক কোনোদিনাই
একাপ কফি খাবলৈ লগ ধৰা নাই ।
নতুবা
কস্তুৰীক কোনোদিনাই উপযাচি
একো সহায় কৰা নাই ।
এনেকৈয়ে
খুউব
হিচাবত,
কথাবোৰ
খুউব কৌশলত মেনেজ হৈ আৰু বহুতৰ
প্ৰশ্নবোধক চাৱনিৰে সৈতে
সিহঁতৰ বন্ধুত্বই এটা নিৰ্দ্দিষ্ট
কক্ষপথত গতি কৰি থাকিল ।
ঠিক
তেনেতে,
কস্তুৰীৰ
বহুচৰ্চিত আৰু বহু আকাংক্ষিত
বিয়াখন নাকচ হয় ।
‘এটা
এৰাব নোৱাৰা কাৰণ’ত কস্তুৰীয়ে
নিজেই প্ৰেমিকৰ সৈতে সকলো
সম্পৰ্ক শেষ কৰি পেলায় ।
আৰু
এই ঘটনাই বহুতৰ বাবে কথাবোৰ
স্পষ্ট কৰাত অলপ বেলেগ ধৰণে
সহায় কৰিলে ।
তদুপৰি
কথাবোৰ নিজৰ ইচ্ছামতে ধাৰণা
কৰিবলৈকো বহুতকে এই ঘটনাই
অলপ ইন্ধনো যোগালে ।
এটা
সময়ত কস্তুৰীয়েও ভাবিবলৈ
বাধ্য হ’ল যে,
সুমন্ত
ল’ৰাটো খুউব বেছি ইন্ত্ৰোভাৰ্ট
বাবে হয়্তু কথা কিছুমান খুলি
ক’বলৈ তাৰ অলপ অসুবিধা হৈছে
!!!
আৰু
এনেকৈ থাকোঁতে থাকোঁতে এদিন
তাই ক’ব নোৱাৰাকৈয়ে সুমন্তক
প্ৰেমৰ প্ৰস্তাৱ দি পেলায় ।
উত্তৰত
সুমন্তই স্পষ্টকৈ হা না কিবা
কোৱাটো কস্তুৰীৰ আজিও মনত
নপৰে ।
কস্তুৰীৰ
অনুভুতিক শ্ৰদ্ধা জনাই সি
মাত্ৰ ইয়াকে কয় যে এইবোৰ কথাৰ
কাৰণে সি প্ৰস্তুত নহয় ।
সি
ভবা নাই এনেধৰণৰ কথা ।
তাইৰ
সৈতেয়ো আৰু আন কাৰোবাৰ সৈতেয়ো।
অথচ
ইয়াৰ পিছতো সিহঁতৰ বন্ধুত্ব
একেটা কক্ষপথতে খুউব সুন্দৰকৈ
গতি কৰি থাকিল ।
সকলোবোৰ
একেদৰেই চলি থাকিল।
কিন্তু
চলি নাথাকিল কস্তুৰীৰ জীৱনটো।
কস্তুৰীয়ে
কথাবোৰ ইমান বেছি ভাবি পেলালে
যে তাইৰ বাবে সুমন্তৰ মুখামুখি
হোৱাটোৱেই জটিল হৈ পৰিল ।
সুমন্তই
আগতেও কস্তুৰীৰ কোনোবাটো
মেচেজৰ উত্তৰ দিবলৈ থাকি যায়
,
কিন্তু
কস্তুৰীয়ে এতিয়া সেইটো কথাকে
নিজৰ ইগ্’ত লগাই ল’লে ।
সুমন্তই
আগতেও তাইক ফোন কৰি জন্মদিন
নাইবা নতুন বছৰৰ শুভেচ্ছা
জনোৱা মনত নপৰে ,
কিন্তু
এতিয়া সেই কথাটোৱে কস্তুৰীৰ
স্বাভিমানত আঘাত কৰিলে ।
সুমন্তই
তাইৰ সৈতে কোনোদিনাই কিবা
চিনেমা চাবলৈ যোৱাৰ কোনো
প্ৰমাণ নাই ,
কিন্তু
এতিয়া কস্তুৰীৰ চিনেমা চোৱাৰ
প্ৰস্তাৱ মানা কৰি সি তাইৰ
আত্মসন্মান স্খলন কৰিলে ।
মুঠৰ
ওপৰত কস্তুৰীৰ কাৰণে সুমন্ত
বৰুৱা এতিয়া এটা সহ্যৰ সীমাৰ
বাহিৰৰ বস্তুৰ দৰে হৈ পৰিল ।
তাই
কোনোপধ্যেই সুমন্ত বহি থকা
টেবুলৰ আশে পাশে নবহে ,
কোনোপধ্যেই
বাছত সি বহি থাকিলে তাৰ সন্মুখৰ
চিটত নবহে ,
সি
থাকিলে কোনো চেমিনাৰলৈ তাই
নাযায় ।
অথচ
তাই মন কৰে ,
সুমন্তই
কথাবোৰ খুউব সহজ ভাৱে মানি
লৈছে ।
যেন
ক’তো একো হোৱাই নাই ।
এনেকৈয়ে
দিনবোৰ বাগৰি গৈ থাকিল ।
আৰু এদিন সত্যতাক মানি লৈ মাকৰ
ইচ্ছামতেই কস্তুৰীৰ
দিল্লীৰ নিৱাসী পৰশমণি শইকীয়াৰ
সৈতে বিয়া হৈ যায় ।
অনাকাংক্ষিতভাৱেই
তাইৰ বন্ধু সুমন্ত বৰুৱা
কিন্তু তাইৰ বিয়ালৈ নাহিল !
এটা
সময়ত কস্তুৰীয়ে স্বামীৰ সৈতে
একেলগে একেখন চহৰতে থাকিবৰ
বাবে সেই ইন্সটিটিউতটো এৰি
গুছি আহে ।
সেইদিনাও
বিশেষ কিবা কামত সুমন্তই অফিচ
ছুটি ল’লে !
যি
নহওঁক কথাবোৰ থানথিত লগাই
কস্তুৰীয়ে নতুনকৈ নিজৰ সংসাৰ
আৰম্ভ কৰিলে ।
পুৰণি কথাবোৰ তাই লাহে লাহে
পাহৰিবলৈ যত্ন কৰিলে ।
তথাপিও
তাইৰ মনে এটা প্ৰশ্নৰ উত্তৰ
পাবলৈ সদায়েই হাবিয়াস কৰি
থাকিল ।
সুমন্তই
তাইৰ প্ৰেম প্ৰত্যাখ্যান
কৰিছিল নে সি সেই সময়ত প্ৰস্তুত
নাছিল বাবে তাক স্থগিত কৰিব
খুজিছিল ?
হঠাত
এদিন স্বামী নথকাৰ সুযোগত
কস্তুৰীৰ সুমন্ত বৰুৱাৰ লগত
কথা পাতিবলৈ মন গ’ল ।
তাই
সুমন্তলৈ ফোন লগালে ।
কোনো ছোৱালীৰ সৈতে বিশেষ কথা
নপতা সুমন্তই কস্তুৰীৰ সৈতে
বহুত ব্যাকুলেৰে আৰু বহুত
আগ্ৰহেৰে সেইদিনা কথা পাতিলে
।
‘উপযাচি’য়ে
তাইৰ সকলো খবৰ ল’লে ।
তাই
থকা নতুন চহৰখনৰ বিষয়ে,
তাই
জইন কৰা নতুন ইন্সটিটিউতৰ
বিষয়ে তাইক বহুত কথা সুধিলে
।
কস্তুৰীৰ
কথাবোৰ আকৌ এবাৰ খেলি মেলি
লাগিবলৈ ধৰিলে ।
ক’ব
নোৱাৰাকৈয়ে
সুমন্তৰ
নম্বৰ লগাবলৈ তাই সুযোগৰ
অপেক্ষা কৰা আৰম্ভ কৰিলে ।
সুমন্তয়ো
ব্যস্ততাৰ মাজত তাইৰ লগত কথা
পাতিবলৈ সময়বোৰ মেনেজ কৰা
নতুবা তাইৰ ফোনৰ বাবে সিয়ো
অপেক্ষা কৰা তাই অনুভৱ কৰিলে
।
কথাবোৰ
এনেদৰেও চলি থাকিব পাৰিলেহেতেন
!
কস্তুৰীয়ে
বিয়াৰ পিছতো সুমন্তৰ সৈতে
ফোনতে এটা মধুৰ অথচ অনাকাংক্ষিত
সম্পৰ্ক বজাই ৰাখিব পাৰিলেহেতেন
।
অথচ
কস্তুৰীয়ে সুমন্তক এবাৰ লগ
পোৱাৰ তাগিদা অনুভৱ কৰে ।
সুমন্তক
অইন কথা নহ’লেও ,
বিয়া
পাতিবলৈ জোৰ দিয়াটো তাই
প্ৰয়োজনীয় বুলি ভাবিলে ।
তাই
নিজেই সুমন্তক বহুত ছোৱালীৰ
খবৰো দিলে ।
কিন্তু
তাই আশা কৰাৰ দৰেই সুমন্তই
সকলোবোৰ ছোৱালী প্ৰত্যাখ্যান
কৰে !
কস্তুৰীৰ
ভাল লাগি আহিল ।
সুমন্তৰ
বিয়া নোহোৱাৰ আঁৰত কেনেবাকৈ
তাই নহয়তো ?
কথাবোৰ
ভাবি তাই ৰোমাঞ্চিত হৈ পৰিল
।
বিয়া
হোৱাৰ কিছু বছৰৰ পিছত এদিন
সঁচাকৈ কস্তুৰীয়ে সুমন্তক
লগ পাবলৈ সি কাম কৰা ইন্সটিটিউতলৈ
আহিল ।
সুমন্তই
তাই অহাৰ বাবেই সেইদিনা
ইন্সতটিটিউতলৈ তাইৰ প্ৰিয়
ৰঙৰ চাৰ্টটো পিন্ধি আহিছে ;
তাই
অহাৰ কাৰণেই সি ইন্সটিটিউতৰ
পৰা সোনকালে যাবলৈ লৈছে ;
তাইৰ
বাবেই সি পানবজাৰৰ চানফ্লাৱাৰত
এটা পাৰ্টি থ্ৰ্’ কৰিছে;
তাই
কথাবোৰ ধৰি ল’লে ।
যি
হৈ আছে তাৰবাবে কস্তুৰীৰ খুউব
ভাল লাগি থাকিল ।
তাইৰ লগত বিশেষ এটা কথা থকাৰ
অজুহাতত ডিনাৰৰ পিছত সুমন্তই
নিজে তাইক তাই থকা ঠাইত দ্ৰ্’প
কৰাৰ কথা কয় ।
কস্তুৰীৰ
ভাবিবলৈ বাকী নাথাকিল কি কথা
থাকিব পাৰে সুমন্তৰ ?
দোভাগ
নিশা এখন গাড়ীত গৈ থকা অৱস্থাত
কি কথা ক’ব পাৰে সুমন্তই ?
কস্তুৰীৰ
কল্পনাৰ সীমা নোহোৱা হ’ল ।
অথচ
তাই মন কৰিলে গাড়ী চলাই থকা
সময়ত সুমন্তই বিশেষ কোনো কথা
কোৱা নাই ।
উপযাচি
কথা কোৱাৰ অভ্যাস সুমন্তৰ
নাই ।
তাই
জানে ।
কিন্তু
তথাপিও কিবা এটা ভাবিয়েই তায়ো
আজি সম্পূৰ্ণ নীৰৱে থাকিল ।
ঘৰ
পোৱাৰ ঠিক আগে আগে সুমন্তই
গাড়ী ৰখায় ।
আৰু
কস্তুৰীৰ হাতখন নিজৰ হাতৰ
মাজত খামোচ মাৰি ধৰি সুমন্তই
তাইক কৃতজ্ঞতাৰ এটা চাৱনিৰে
কয়,
“ You know Kasturi, I am a GAY. আৰু
এই কথাটোকে শুদ্ধকৈ জানিবলৈ
তুমি মোক যিমান সহায় কৰিলা ,
তাৰবাবে
তোমাৰ ওচৰত মই চিৰ কৃতজ্ঞ !
গোটেই
জীৱন এনেদৰেই মোৰ বন্ধু হৈ
থাকিবানে ?”
কোনো
কথাৰ উত্তৰ নিদি কস্তুৰী
লাহেকৈ গাড়ীৰ পৰা নামি আহে ।
আৰু
বাহিৰত ওলাই তাই কয় ,
“Nice to know that you are a gay. Have a beautiful life ahead. Good
bye !!”
No comments:
Post a Comment