![]() |
বিশ্বকাপ বিজয়ী জাৰ্মানীৰ দলটো |
![]() |
শ্ৰেষ্ঠ খেলুৱৈ মেছি আৰু শ্ৰেষ্ঠ গ'লকীপাৰ মেনুৱেল |
১. কালি ব্ৰাজিলত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ ফাইনেল খেলত শ্ৰেষ্ঠতা উজাৰি জাৰ্মানীৰ দলে লাভ কৰিলে চূড়ান্ত বিজয়ীৰ সন্মান। অতিৰিক্ত সময়ৰ খেলত মাৰিঅ' গ'টজৰ একমাত্ৰ গ'লেৰে আৰ্জেণ্টিনা দলক পৰাজিত কৰি দলটোৱে লেটিন আমেৰিকাৰ মাটিত বিশ্বকাপ জয় কৰা প্ৰথমটো ইউৰোপিয়ান দল ৰূপেও পৰিগণিত হ'ল। বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে আৰ্জেণ্টিনাৰ মেছিয়ে লাভ কৰিলে গ'ল্ডেন বল বঁটা আৰু শ্ৰেষ্ঠ গ'লকীপাৰৰ গ'ল্ডেন গ্লোভ বঁটা লাভ কৰিলে জাৰ্মানীৰ গ'লকীপাৰ মেনুৱেল নিউৱাৰে।
২. চলিত বৰ্ষৰ ভিতৰতে ৰাজ্যৰ বিদ্যালয় সমূহত ৩৭,৫০০গৰাকী নতুন শিক্ষক নিযুক্তি দিব ৰাজ্যৰ শিক্ষা বিভাগে। কালি ৰাজ্যৰ চাৰিখন জিলাৰ ৯৮গৰাকী টে'টৰ বিশেষ মাধ্যমৰ শিক্ষকক আনুষ্ঠানিক ভাৱে নিযুক্তপত্ৰ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডলৈ অধিক গতিশীলতা আনিবৰ বাবে এই নিযুক্তি প্ৰদান কৰা হব বুলি ঘোষণা কৰিছে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ খালী হৈ থকা নিয়মীয়া পদত অহা ১০আগষ্টৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলিও কৰিলে প্ৰকাশ।
৩. আই.আই.টি গুৱাহাটীৰ ষষ্ঠদশ সমাবৰ্তন অনুষ্ঠানটি কালি প্ৰতিষ্ঠানটোৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগহত অনুষ্ঠিত হয়। দীক্ষান্ত ভাষণ প্ৰদান কৰে ড'নাৰ মন্ত্ৰী জেনেৰেল ভি কে সিঙে। ৫৪৭গৰাকীক স্নাতক, ২১গৰাকীক স্নাতকোত্তৰ(কলা), ১৭৭গৰাকীক স্নাতকোত্তৰ (বিজ্ঞান), ৪৪১ গৰাকীক এম টেক, এম ডেচ আৰু ১০৬গৰাকী শিক্ষাৰ্থীক পি.এই.ডি উপাধি অনুষ্ঠানটোত প্ৰদান কৰা হয়। এই সমাবৰ্তনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ জ্যোতিপ্ৰসাদ মেধি আৰু তেওঁৰ একালৰ ছাত্ৰ তথা বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য শিক্ষানুষ্ঠান ইনচিডৰ বিপণন বিষয়ৰ প্ৰাধ্যাপক ডঃ দীপক কুমাৰ জৈনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰে আৰিতৰা চাচমলে আৰু ডঃ শংকৰ দয়াল শৰ্মা সোণৰ পদকৰ সন্মান লাভ কৰে আটিচহে জৈনে। প্ৰতিষ্ঠানটোত অচিৰেই মেনেজমেণ্ট শিক্ষাৰ বাবেও এক প্ৰতিষ্ঠান গঢ়ি তোলা হব বুলিও সুখবৰ কালিৰ দিনটোতে প্ৰকাশ পাইছে।
৪. ফিজিঅ'থেৰাপিৰ সেৱা প্ৰতিষ্ঠান ডি.পি.আৰ.চি.ৰ তৰফৰ পৰা ৰাজ্যৰ চিকিতসা, সাংবাদিকতা, কলা-সংস্কৃতিৰ ক্ষেত্ৰলৈ নীৰৱে আগবঢ়াই অহা সেৱাৰ বাবে প্ৰৱৰ্তন কৰা ডিপিআৰচি বঁটাৰ এই বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান কালি গুৱাহাটীত অনুষ্ঠিত হয়। ডাঃ প্ৰদীপ কুমাৰ বৰুৱা, প্ৰণয় বৰদলৈ, ধনেশ্বৰ শইকীয়া আৰু শিউ দৰ্শন সিঙক এই বৰ্ষৰ ডি পি আৰ চি বঁটা প্ৰদান কৰা হয। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞিকে ধৰি সুধীজনে অংশ গ্ৰহণ কৰে।
৫. সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ গঢ়িব কিতাপ পঢ়াৰ আন্দোলন। কিতাপ পঢ়াৰ এক সুস্থ পৰিবেশ গঢ়াৰ বাবে ১০০টা পুথিভঁৰাল স্থাপন কৰাৰ লক্ষ্যৰে বঙাইগাঁৱত প্ৰথমটো শিশু পুথিভঁৰাল মুকলি কৰাৰ পাছত এতিয়া আন ৫০টা বুক বেংক স্থাপন কৰিব বুলিও ঘোষণা কৰিছে। মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কিতাপৰ অভাৱ দূৰ কৰাৰ বাবেই বুক বেংক স্থাপনৰ কথা চিন্তা কৰা সংগঠনটোৱে প্ৰথমটো বুক বেংক কলিয়াবৰত মুকলি কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে।
৬. কালি কোকৰাঝাৰত হোৱা এক অনুষ্ঠানত উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰা হয় ভাস্কৰ্যবিদ, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, শিল্পী জনক ঝংকাৰ নাৰ্জাৰীক। এই বঁটা প্ৰদান কৰে উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ অধ্যক্ষ ৰৌণগৌড়া নাৰ্জাৰীয়ে।
৭. ফেচবুক গঠিত টোপাল সমাজ নামৰ মঙলদৈৰ কিছু শিক্ষাৰ্থীৰ উদ্যোগত কালি আনুষ্ঠানিকভাৱে উন্মোচিত হয় তিনিমহীয়া অনলাইন আলোচনী "টোপাল" (www.topal.in) ৰ । গগণজ্যোতি ডেকাৰ সম্পাদনাত প্ৰকাশ পাব লগীয়া আলোচনীখন উন্মোচন কৰে কবি নীলিম কুমাৰে ।
৮. নতুন কেন্দ্ৰীয় চৰকাৰে কেইবাখনো ৰাজ্যৰ বাবে নতুন ৰাজ্যপালৰ নাম তালিকা চূড়ান্ত কৰিছে। ভি কে মালহোত্ৰা, ৰাম নায়ক, বলৰাম দাস টেণ্ডন, কেশৰী নাথ ত্ৰিপাঠীৰ নাম প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে পঠোৱা তালিকাত থকা বুলি সূত্ৰই প্ৰকাশ কৰিছে। পশ্চিম বংগৰ ৰাজ্যপাল ৰূপে ভি কে মালহোত্ৰাৰ নিযুক্তৰ কথা গৃহমন্ত্ৰীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক ফোনেৰে জনোৱা বুলিও প্ৰকাশ পাইছে।
৯. মুগা কাপোৰৰ ভৌগোলিক মান্যতাৰ পৰিচয়সূচক প্ৰতীক চিহ্ন অচিৰেই কমেও এশজন ব্যৱহাৰকাৰীক অৰ্পণ কৰিব অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদে। স্বীকৃতিপ্ৰাপ্ত ব্যৱহাৰকাৰীৰ মান্যতা লাভৰ বাবে ৬০০টা মাচুল জমা দি পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰা বুলি সদৰী কৰি সংস্থাটোৱে এই বিষয়ে মুগা শিল্পৰ সৈতে জড়িত লোক সকলক সজাগ কৰিবলৈকো সংবাদ মাধ্যমক গোহাৰি জনাইছে।
১০. বাক্সা জিলাৰ চামথাইবাৰীত উগ্ৰপন্থীয়ে অপহৰণ কৰি নি হত্যা কৰা চাৰিজনকৈ লোক নিকটাত্মীয়লৈ অসম চৰকাৰে ৮লাখকৈ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰিছে। উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলি ৰাজ্য চৰকাৰৰ গৃহ বিভাগে প্ৰকাশ কৰিছে।
১১. শিৱসাগৰ চহৰত অনুষ্ঠিত হৈছে অসমৰ গৰিমামণ্ডিত বেজবৰুৱা পৰিয়ালৰ বংশ সমাৰোহ। এই সমাৰোহত অংশ লৈ সাহিত্যিক ডঃ নগেন শইকীয়াই সাহিত্যৰথী এগৰাকী বটবৃক্ষই নহয়, ৰসবৃক্ষও আছিল বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানটিতে জ্যোতিপ্ৰসাদ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত "বংশ বিভা" নামৰ এখনি গ্ৰন্থও উন্মোচিত হৈছে। লগতে বৈদুৰ্যভূষণ বৰুৱা আৰু ভাস্কৰ্যভূষণ বৰুৱাই নিৰ্মাণ কৰি উলিওৱা "বেজবৰুৱা.কম" নামৰ ৱেবচাইটোৰ উন্মোচিত হয়। এঘাৰশ পৰিয়ালক সামৰি এখনি বংশাৱলীও প্ৰকাশ পোৱাৰ সুখবৰ।
১২. মাহেকীয়া সংবাদপত্ৰ "হামাদেৰ অধিকাৰ"ৰ প্ৰথমটো বৰ্ষপূতিত কালি ডিব্ৰুগড়ত উন্মোচিত হ'ল এখন স্মৃতিগ্ৰন্থ। ডিব্ৰুগড় পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানটোৱে ক্ষুদ্ৰ বাতৰিকাকতৰ জয়যাত্ৰাকেই তুলি ধৰিছে।
১৩. কালি লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত নতুন সুৰ প্ৰকাশনে আয়োজন কৰা বিশেষ অনুষ্ঠানত ডঃ দেৱজিত শইকীয়াক "সাহিত্যজ্যোতি" আৰু মৃদুল কুমাৰ সন্দিকৈ-বিপুল শৰ্মাক "কথা-বৈভৱ" বঁটা প্ৰদান কৰাৰ সুখবৰ।
১৪. বাক্সা জিলাৰ বৰমাৰ যুৱক ৰাজীৱ দাসে ইণ্টাৰনেশ্যনেল মাইকেল মধুসূদন একাডেমী, কলিকতাই প্ৰদান কৰা "সত্যেন্দ্ৰনাথ দত্ত স্মাৰক বঁটা" লাভ কৰিবলৈ সক্ষম হৈছে। সমাজ সংস্কাৰমূলক কামৰ বাবেই দাসলৈ এই বঁটা আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে।
১৫. শোণিতপুৰ জিলাৰ মিছামাৰীৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন নৱজ্যোতিৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতী কৃত্ৰিম অংগ নিৰ্মাণ নিগম কানপুৰৰ সহযোগত অঞ্চলটোৰ ৮৬গৰাকী প্ৰতিবন্ধী লোকৰ মাজত সাহাৰ্য সামগ্ৰী প্ৰদান কৰা সুখবৰ পোৱা গৈছে। প্ৰায় দহ লাখ টকাৰ সামগ্ৰী বিতৰণেৰে প্ৰতিবন্ধী সকলৰ জীৱন সুচল কৰাত সহায় কৰিবলৈ চেষ্টা কৰাৰ উদ্যোগ লোৱা সংস্থাটোক সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
No comments:
Post a Comment