আজিৰ ভাল খবৰবোৰ
১. ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী বৰ্ষ উপলক্ষে অহা ৭জুলাইত দুলীয়াজানৰ "পথাৰ" নাট্যগোষ্ঠীয়ে অহা ৭জুলাfত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰিব বেজবৰুৱাৰ ৰচিত নাট "চক্ৰধ্বজ সিংহ" । নাটখনিৰ শুভ উদ্বোধন কৰিব ডঃ হীৰেন গোহাঁইয়ে। অপেশাদাৰী নাট্য সংগঠন "পথাৰ"ৰ সঞ্চালক পবিত্ৰ চেতিয়াৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাতে নাটখনি মঞ্চস্থ হব।
২. গণশিল্পী খগেন মহন্তলৈ শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে অসম সাহিত্য সভা আৰু অসম কলাতীৰ্থৰ যুটীয়া উদ্যোগত আজি সন্ধিয়া ৫-৩০বজাৰ পৰা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত হৈছে "শেষ ৰাগিনী" শীৰ্ষক এটি ৰাজহুৱা শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানৰ। অনু্ষ্ঠানটোত বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা, ৰমেন চৌধুৰী, নন্দ বেনাৰ্জী, শান্তা উজীৰ, দীপেন বৰুৱা, লোকনাথ গোস্বামী, প্ৰিয়ঙ্কা ভৰালীকে ধৰি সুধীজনে অংশ গ্ৰহণ কৰিব। অসমৰ নবীন-প্ৰবীণ শিল্পীসকলে গীত আৰু কথাৰে প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব।
৩. মহাৰাষ্ট্ৰৰ আহমেদ নগৰত অনুষ্ঠিত তৃতীয় ফেডাৰেচন কাপ ৰাষ্ট্ৰীয় থাংতা প্ৰতিযোগিতাত অসম দলে অভূতপূৰ্ব সফলতা লাভ কৰাৰ সুখবৰ। অসম দলে পাঁচটা সোণ, পাঁচটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।
৪. খাদ্য সামগ্ৰীৰ অবৈধ মজুতকৰণক জামিনবিহীন অপৰাধ ৰূপে ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে। খাদ্য সামগ্ৰীৰ কৃত্ৰিম নাটনি সৃ্ষ্টিৰে বজাৰত মূল্যবৃদ্ধিত ইন্ধন যোগোৱা ব্যৱসায়ী সকলৰ এনে অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কৰি ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেই এনে পদক্ষেপ গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে।
৫. ইৰাকত আইছিছ উগ্ৰপন্থীৰ হাতত বন্দী হৈ থকা ৪৬গৰাকী ভাৰতীয় নাৰ্ছে মুক্তি লাভ কৰাৰ পাছত এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমানযোগে ভাৰতত অনাৰ ব্যৱস্থা কৰাৰ সুখবৰ। এই কাৰ্যত খৰছ হোৱা ১.২কোটি টকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰনালয়ে এয়াৰ ইণ্ডিয়াক অচিৰেই প্ৰদান কৰিব বুলিও সূত্ৰত প্ৰকাশ পাইছে।
৬. অহা ৪আগষ্টৰ পৰা অনুষ্ঠিত হব অসম বিধান সভাৰ বাজেট অধিৱেশন। এমাহৰ বাবে অনুষ্ঠিত হব লগা এই অধিবেশনত অহা ৬মাহৰ বাবে বাজেট দাখিল কৰা হব। উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে বাজেটৰ পৰিবৰ্তে ছমাহৰ বাবে লেখানুদানহে দাখিল কৰিছিল।
৭. কবি হীৰেন ভট্টাচাৰ্য ভট্টাচাৰ্যৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে অসমীয়া সাহিত্য সন্মিলনীয়ে কালি তেজপুৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰিলে "কবিতাৰ দিন" শীৰ্ষক অনুষ্ঠানৰ । বিশেষ স্মৃতিচাৰণ সভাৰ লগতে প্ৰায় একুৰি কবিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় দিনজোৰাকৈ এখনি কবি সন্মিলনৰো। কবি সন্মিলনখনি উদ্বোধন কৰিলে নীলিম কুমাৰে।৮. ৰে'ল বাজেটত অসমত দ্বৈত ৰে'লপথ প্ৰৱৰ্তন কৰিবলৈ দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আগন্তুক সংসদৰ অধিবেশনত দাখিল কৰিবলগীয়া ৰে'ল বাজেটৰ আগে আগে এই সন্দৰ্ভত দাবী পত্ৰ প্ৰেৰণ কৰিছে বুলি সূত্ৰত প্ৰকাশ।

৯. কাশ্মীৰৰ প্ৰসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ প্ৰথমখন ৰে'লৰ সেউজ পতাকা জোকাৰি কালি ৰেলসেৱা উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জম্মুৰ ৰিয়েছি জিলাৰ পৰা বৈষ্ণু দেৱী হৈ সীমান্তৰ কাট্ৰালৈ চলিব লগা ৰেলসেৱাৰ কালি কৰা হয় শুভাৰম্ভ।
১০. অৰুণাচলতো ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ প্ৰবৰ্তন কৰি নিজ ৰাজ্যৰ মাটি উগ্ৰপন্থীক ব্যৱহাৰ কৰাতো বন্ধ কৰিব বুলি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজেজুৱে প্ৰকাশ কৰিছে।

No comments:
Post a Comment