সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
সম্পাদকলৈ দিয়া চিঠিৰ উত্তৰ দিয়ক
ডঃ বুলজিৎ বুঢ়াগোহাঁই
বাতৰি কাকত আৰু আলোচনীবোৰৰ “সম্পাদকলৈ চিঠি” শিতানত কিছুমান তথ্যমূলক, গুৰুত্বপূর্ণ সমস্যা, দাবী আদি কৰি বিভিন্ন বিষয়ৰ চিঠি প্রকাশ হোৱা দেখা যায় । বর্ত্তমান আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত প্রকাশিত দৈনিক বাতৰি কাকতৰ সংখ্যা ২০খনতকৈ বেছি লগতে কেইবাখনো অর্ধ-সাপ্তাহিক/সাপ্তাহিক বাতৰি কাকত প্রকাশিত হয়। তদুপৰি, বহুকেইখন মাহেকীয়া/পষেকীয়া আলোচনীও প্রকাশ হয়। এতিয়া কথা হ’ল - ৰাজ্যখনৰ জনসাধাৰণে সকলো বাতৰি কাকত আৰু আলোচনী কিনি পঢ়া সম্ভৱ নহয় , তাৰ ফলস্বৰূপে বিভিন্ন বাতৰি কাকত আৰু আলোচনীবোৰত প্রকাশিত সম্পাদকলৈ লিখা গুৰুত্বপূর্ণ চিঠিবোৰ পঢ়িব নাপায় । গতিকে, আমি এই পত্রৰ দ্বাৰা বাতৰি কাকত আৰু আলোচনী সম্পাদকসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে একে বিষয়ক লৈ সম্পাদকলৈ লিখা গুৰুত্বপূর্ণ চিঠি অসমৰ পৰা প্রকাশিত সকলো বাতৰি কাকত আৰু আলোচনীলৈ যদি কোনো পত্র লেখকে প্ৰেৰণ কৰে তেন্তে প্রকাশ কৰিব লাগে।

এই খিনিতে উল্লেখ কৰা ভাল হ’ব যে প্রকাশিত গল্প, প্রবন্ধপাতি আদিৰ বাবে কিছুমান বাতৰি কাকত আৰু আলোচনীয়ে মাননী দিয়ে কিন্তু “সম্পাদকলৈ চিঠি” শিতানত প্রকাশিত চিঠিৰ বাবদ মাননী নিদিয়ে।

“সম্পাদকলৈ চিঠি” শিতানত প্রকাশিত চিঠিবোৰৰ কিছুমান চিঠি প্রধানকৈ বাতৰি কাকত আৰু আলোচনীবোৰৰ সম্পাদকজনক উদ্দেশ্য কৰি লিখা হয় । এতিয়া কথা হ’ল, এই চিঠিবোৰৰ সর্ম্পকত সম্পাদকজনৰ মন্তব্য কি জনা উপায় নাথাকে । এই পত্রৰ দ্বাৰা সম্পাদকসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে যিবোৰ চিঠি প্রধানকৈ সম্পাদকজনক উদ্দেশ্য কৰি লিখা হয় , তেনে চিঠিবোৰৰ তলত সম্পাদকজনৰ মন্তব্য প্রকাশ কৰিলে ভাল হয়।

"অসমীয়াৰ সুখ-দুখ"ৰ সম্পাদকৰ টোকাঃ
পত্ৰলেখকে অতি গুৰুত্বপূৰ্ণ বিষয় এটাৰ অৱতাৰণা কৰিছে। সচেতন পাঠক এজনে উত্থাপন কৰা বিষয় একোটা সন্দৰ্ভত সম্পাদক সকলে প্ৰকাশ কৰা মতামতে বিষয়টোক অন্য এক মাত্ৰা প্ৰদান কৰিব পাৰে। লেখক সকলে প্ৰেৰণা পোৱাৰ উপৰিও, বিষয়টো সন্দৰ্ভত বিজ্ঞজনে আৰু সংযোজন কৰি সেই দিশত বেছি আলোকপাত কৰিলে পাঠক-সমাজ সকলোৱেই উপকৃত হব। আৰু বিশেষ কিছুমান সমাজক প্ৰভাৱিত কৰা বিষয় তুলি ধৰা পত্ৰ-লেখকৰ এই চিন্তাক বাস্তৱত পৰিণত কৰাৰ বাবে বাতৰি-কাকতৰ সম্পাদকে সামাজিক তথা জাতীয় সংগঠন, প্ৰশাসনিক মূৰব্বী, নেতা সকললৈ আহ্বান জনালেও বেছি কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থাকে। এনেদৰে আচলতে সচেতন নাগৰিকৰ চিন্তা-চেতনাক প্ৰেৰণা দিয়াৰ লগতে বিষয় একোটাক আগুৱাই নিবলৈ সঠিক দিশ-দান কৰিব পাৰে। সেয়ে সম্পাদকলৈ চিঠিৰ প্ৰত্যুত্তৰেই হওক বা তাৰ সতে সম্পাদকীয় মণ্ডলীৰ প্ৰতিক্ৰিয়াই হওক প্ৰকাশ কৰাটো নিশ্চয়কৈ অতিশয় গুৰুত্বপূৰ্ণ।

No comments:

Post a Comment