সন্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সন্পাদকলৈ চিঠি

সন্পাদকলৈ চিঠি

Share This
কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালাৰে শিক্ষাৰ্থীক দিশ দিয়ক 
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 
বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানবোৰে আয়োজন কৰা কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালাবোৰত মাজে মাজে অংশ গ্রহণ কৰি ছাত্র-ছাত্রীসকলৰ লগত মুখা-মুখিকৈ কেৰিয়াৰ বিভিন্ন কথাবোৰ আলোচনা কৰি আৰু প্রত্যেক শণিবাৰে নিৰ্দ্ধাৰণ কৰি দিয়া বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ছাত্র-ছাত্রী তথা অভিভাৱকসকলৰ কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ ফোনত দি কিছু কথা জানিব পাৰিছো । 

আমাৰ বহুতো ছাত্র-ছাত্রীয়ে বহুত কথা নাজানে যেনে - হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি, অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়িব বাবে সুবিধা আছে , বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অর্হতা লাগে, প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে কেনেদৰে পঢ়া শুনা কৰিব লাগে, বিভিন্ন চাকৰি কাৰণে কি কি অহর্তা লাগে , চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক'ত পোৱা যাব,বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় কেনেকৈ গ'ম পোৱা যাব , ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্রহ কৰিব পাৰি ইত্যাদি । কিন্তু ইয়াৰ বাবে ছাত্র-ছাত্রীসকলক দোষ দি লাভ নাই। যিহেতু এইবোৰ কথা আলোচনা কৰিবলৈ বিদ্যালয়/মহাবিদ্যালয়বোৰত সাধাৰণতে কোনো পিৰিয়দ ধাৰ্য কৰা নহয়, গতিকে ছাত্র-ছাত্রীসকলে এই কথাবোৰ জনা সুবিধা নাপায় । 

'বিদ্যালয়/মহাবিদ্যালয় সপ্তাহ'ৰ লগত সংগতি ৰাখি বিদ্যালয় তথা মহাবিদ্যালয়বোৰে কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰিলে ভাল হয় , তেতিয়া ছাত্র-ছাত্রীসকলে বিভিন্ন কেৰিয়াৰ বিষয়ে ধাৰণা লাভ কৰিবলৈ সক্ষম হ’ব । বিদ্যালয়/মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা প্রকাশ কৰিলে ছাত্র-ছাত্রীসকল উপকৃত হ'ব। লগতে এটা কথা ক’ব বিছাৰিছো - বিভিন্ন ছাত্র সংগঠন, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানবোৰে অভিনন্দন অনুষ্ঠান আয়োজন কৰাতকৈ কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজনত গুৰুত্ব দিলে ছাত্র-ছাত্রীসকল বেছি লাভৱান হ'ব ।

লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক,যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০, ই-মেইল: buljit@gmail.com

No comments:

Post a Comment