পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. ইংলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমচত পদকৰ তালিকাত পঞ্চম স্থান দখল কৰি আছে ভাৰতীয় দলটোৱে। পঞ্চম দিনা পৰ্যন্ত ৬টা সোণৰ পদকেৰে মুঠ ২২টা পদক লাভ কৰিবলৈ ভাৰতীয় খেলুৱৈ সকল সক্ষম হোৱা সুখবৰ পোৱা গৈছে। ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে সফলতা লাভ কৰা খেলুৱৈ সকললৈ অভিনন্দন জ্ঞাপন কৰাৰো সুখবৰ পোৱা গৈছে।


২. তেজপুৰৰ পলো ফিল্ডত আৰম্ভ হৈছে সোহনলাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতা। কালি উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাগ ল'লে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে।

৩. আজি সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্মদিন। তদুপলক্ষে আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত হীৰেন ভট্টাচাৰ্য সোঁৱৰণী সমিতিয়ে আয়োজন কৰিছে এক বৰ্ণাঢ্য সংগীতানুষ্ঠানৰ। বহু কেইগৰাকী জনপ্ৰিয় কবি-শিল্পীৰ গীতৰ অনুষ্ঠানতে ডঃ বীৰেন্দ্ৰ নাথ দত্তই মুকলি কৰিব হীৰেন ভট্টাচাৰ্যৰ গীতৰ এটি শ্ৰব্য সঁফুৰাও।

৪. দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক সুৰক্ষা দিয়াৰ বাবে বিশেষ ব্যৱস্থা থকা সুকীয়া আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ কেতবোৰ ধাৰা সংশোধনৰ বাবে পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এম পি বেজবৰুৱা কমিটিয়ে। এই পৰামৰ্শৱলী বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিচাৰধীন হৈ আছে ।

৫. যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মাৰক ন্যাসে চিন্তাবিদ গৰাকীৰ অংসকলিত লেখাসমূহ সংকলন প্ৰকাশৰ বাবে প্ৰস্তুতি চলাইছে। বিভিন্ন প্ৰান্তৰ স্মৃতিগ্ৰন্থ, আলোচনী, বাতৰিকাকত আদিত সিঁচৰতি হৈ থকা লেখা সমূহ গুণমুগ্ধ সকলক ন্যাসলৈ ৩১ আগষ্টৰ ভিতৰত পঠাবৰ বাবে আহ্বান জনাইছে। যোগাযোগৰ নম্বৰ ৯৮৬৪১-৩৬০৬৯ বুলিও ন্যাসে সদৰী কৰিছে।



৬. অহা ৮-১০ আগষ্টত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ গুৱাহাটীৰ ৰূপনগপস্থিত কাৰ্যালয়ত কেন্দ্ৰীয় হিন্দী নিৰ্দেশনালয়ৰ সহযোগত আয়োজিত হৈছে "ভূমণ্ডলীকৰণ, হিন্দী আৰু পূৰ্বোত্তৰৰ ভাষা" শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ। কেন্দ্ৰীয় হিন্দী নিৰ্দেশনালয়ৰ নিৰ্দেশক কিশোৰীলাল বাৰ্মাকে ধৰি
দেশৰ বিভিন্ন প্ৰান্তৰ সুধীজন, অধ্যাপক, সাহিত্যিক তথা গৱেষকে ইয়াত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

৭. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হ'ল নগাঁৱৰ উদীয়মান কৰিব জ্যোতিষ্মান দেৱৰ ইংৰাজী ভাষাৰ কাব্যগ্ৰন্থ "হাণ্ড্ৰেড এপিল'গছ" । গ্ৰন্থখন উন্মোচন কৰিলে বিশিষ্ট কৰিব সমীৰ তাঁতীয়ে।

৮. তিনিচুকীয়াত উন্মোচিত হ'ল স্থানীয় লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা তথা সুলেখিকা তৃপ্তি দাসৰ প্ৰথমখন কাব্য সংকলন "এই উপত্যাকাত অকলশৰে আছোঁ" । উন্মোচন কৰিলে দৈনিক জনমভূমি কাকতৰ সম্পাদক হেমন্ত কুমাৰ বৰ্মনে।

৯. সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰৰ কমলা শইকীয়া সোঁৱৰণী সাংস্কৃতিক সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ আয়োজিত হ'ল কলাগুৰুৰ স্মৃতিচাৰণ অনুষ্ঠান। সভাত স্মৃতিগ্ৰন্থ "কলাগুৰু" উন্মোচন কৰিলে শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে।

১০.
সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে বুলি কৰি দিলে স্পষ্ট। আক্ৰাছুৱে তোলা অভিযোগ খণ্ডন কৰি আছুৱে আগবঢ়ালে নিজৰ স্থিতি সন্দৰ্ভত পৰিস্কাৰ ভাষ্য।

১১. ভাৰতীয় কোম্পানী আদানী গ্ৰুপলৈ অষ্ট্ৰেলিয়াৰ সৰ্বৃহৎ কয়লা খনিটোত খননৰ বাবে আহিছে সেউজ সংকেত। ১৫.৫ বিলিয়ন ডলাৰৰ মাইনিং প্ৰজেক্ট লাভ কৰি আদানীয়ে এক বৃহৎ সফলতা লাভ কৰা বুলি বজাৰ-অৰ্থনীতিৰ বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।

১২. বিসম্বাদ নিৰসন কৰি অসমত দলক একত্ৰিত কৰি ৰাখিবলৈ ছোনিয়া গান্ধীয়ে নিৰ্দেশ দিয়াৰ বাতৰি। বিধান সভাৰ আগন্তুক অধিবেশনত জাৰি কৰিব দলীয় হুইপ, অধিবেশনৰ পাছতহে মন্ত্ৰী সভাৰ সালসলনিৰ সম্ভাৱনা প্ৰকাশ।
 
১৩. অসম চৰকাৰৰ ৰাজহ বিভাগে জাৰী কৰা মেম' ৰেণ্ডাম বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলোৱা অনশনে সাতদিনত ভৰি দিলে, পিছে চৰকাৰে কোনো গুৰুত্ব নিদিয়াতহে সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংগঠনটোৰ সম্পাদক কমল মেধিক এচএমএচ যোগে হত্যাৰ ভাবুকি প্ৰদান কৰা দুজন যুৱক সৰুপেটাৰ পৰা গ্ৰেপ্তাৰ হোৱাৰো খবৰ প্ৰকাশিত হৈছে।

১৪.
এতিয়াৰ পৰা ফেচবুকত থাকিব save কৰি ৰখাৰ সুবিধা। পাছত পঢ়িবৰ বাবে বুকমাৰ্ক বা পোষ্ট সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি চ'চিয়েল নেটৱৰ্কিংৰ অগ্ৰণী সংস্থাটোৱে সদৰী কৰিছে।

১৫.
জে পি গ্ৰুপৰ সকলো জল বিদ্যুৎ উৎপাদনৰ সম্পত্তি তথা প্ৰকল্প প্ৰায় ১২হাজাৰ কোটি টকাত কিনি লবলৈ ৰিলায়েঞ্চ পাৱাৰে চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ দ্বাৰা দেশৰ ভিতৰত সৰ্বাধিক জলবিদ্যুত উৎপাদনকাৰী প্ৰাইভেট কোম্পানীৰূপে পৰিগণিত হব।

No comments:

Post a Comment