পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ ১৯৪৫-২০০চনৰ ইতিহাসক সামৰি,  প্ৰতি খণ্ডতে একোটা দশকৰ বুৰঞ্জী লিপিবদ্ধ কৰি "অসম" নামৰ ৬টা খণ্ডৰ বুৰঞ্জী চিৰিজ প্ৰকাশৰ দিশত প্ৰশংসনীয় কাম কৰি আছে নন্দ তালুকদাৰ ফাউণ্ডেচনে। মুঠ ১৭০৩ পৃষ্ঠাৰ বুৰঞ্জী গ্ৰন্থৰ চিৰিজটো প্ৰস্তুতিত ৪৩মাহ সময়, ১৩লাখকৈ টকা বিনিয়োগ কৰিব লগা হোৱা বুলিও জানিব পৰা গৈছে। গোটেই কেইটা খণ্ডকে একলগে ৩৫০০টকাত উপলদ্ধ কৰি ৰাইজলৈ অহা ১৪ ছেপ্তেম্বৰত মুকলি কৰি দিয়া হব বুলিও ফাউণ্ডেচনৰ হৈ মৃনাল তালুকদাৰে সদৰী কৰিছে।


২. নগাঁও জিলাৰ ধিঙ মহাবিদ্যালয়ত ছ'চাইটী ফ'ৰ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত আৰু স্থানীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান "ডিউ"ৰ সহয়োগত আয়োজিত হৈছে "সাঁচিপতীয়া পুথি প্ৰস্তুতকৰণ আৰু শংকৰী শৈলীত অংকন" শীৰ্ষক এখনি ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাৰ । অহা ৯জুলাইৰ পৰা পাঁচ দিনীয়াকৈ অনুষ্ঠিত হব লগা কৰ্মশালাখন উদ্বোধন কৰিব ছ'চাইটীৰ সভাপতি ডঃ সঞ্জীৱ বৰকাকতিয়ে। সমল ব্যক্তিৰূপে শংকৰী চিত্ৰ শিল্পী মৃদু মৌচম বৰাই প্ৰশিক্ষণ আগবঢ়াব। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাখনিত প্ৰস্তুত কৰা সাঁচিপতীয়া চিত্ৰকৰ্ম সমূহৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ইচ্ছুক ব্যক্তিয়ে অংশগ্ৰহণৰ বাবে ৯৪০১৩-৮৩৫১৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৩.
জনগোষ্ঠীয় ভাষা সাহিত্য-সংস্কৃতি চৰ্চাৰ ৰাজ্যখনৰ এটা অগ্ৰণী অনুষ্ঠান কেন্দ্ৰ "টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান, মৰাণহাট"য়ে এইবৰ্ষত গৌৰৱোজ্জ্বল ১৭তম বৰ্ষত উপনীত হৈছে। গৱেষণা প্ৰতিষ্ঠানটোৱে প্ৰৱৰ্তন কৰা টাই ভাষা শিক্ষাৰ পাঠ্যক্ৰমলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে স্বীকৃতি প্ৰদান কৰাৰো সুখবৰ পোৱা গৈছে। লগতে ভাৰত চৰকাৰৰ সমাজ বিজ্ঞান গৱেষণা পৰিষদেও প্ৰতিষ্ঠানটোৰ বাষিক মুখপত্ৰ "ইণ্ডিয়ান জাৰ্নেল অৱ টাই ষ্টাডিজ"ৰ ইংৰাজী সংস্কৰণলৈ বছৰি ১ লাখকৈ টকাৰ অৰ্থ সাহাৰ্য আগবঢ়াবলৈ লোৱা সিদ্ধান্তও সুখবৰ ৰূপে প্ৰকাশ পাইছে।

৪. যোৰহাটত অনুষ্ঠিত হ'ল দ্বাদশ জাতীয় অভিধান দিৱসৰ অনুষ্ঠান। ২০০২ চনত কালিৰ দিনটোতে অসমীয়া জাতীয় অভিধানৰ চাৰিটাকৈ খণ্ড মুকলি কৰা হৈছিল। সভাখনতে অসম জাতীয় প্ৰকাশে বিজ্ঞান-প্ৰযুক্তিৰ অভিধান, ব্যৱহাৰিক জাতীয় অভিধান আদি প্ৰকল্পৰ কাম অইল ইণ্ডিয়া আৰু ইণ্ডিয়ান অইল কৰ্পৰেচনৰ আৰ্থিক সাহাৰ্যৰে চলাই থকাৰ কথা সদৰী কৰিছে। উক্ত সভাতে বিষ্ণুৰাত শৰ্মাৰ "অন্য মনঃ অন্য মনন" শীৰ্ষক উপন্যাসখনি উন্মোচন কৰিলে বিশিষ্ট বিজ্ঞানী তথা লেখিকা ডঃ মালিনীয়ে।

৫. ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তা, বান আৰু গৰাখহনীয়া, তেলৰ ৰয়েল্টি আদায় দিয়া আদি প্ৰসংগত কালি নৱগঠিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষা
কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। সংসদ ভৱনতে তেখেতে ১০মিনিট ধৰি সাক্ষা কৰি অসমৰ সমস্যা সমাধানৰ দাবীত এখনি স্মাৰক পত্ৰও প্ৰধানমন্ত্ৰীজনক প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

৬. উত্তৰ প্ৰদেশৰ ইটৱা ষ্টেচনৰ সমীপত ৰেলত নিৰ্যাতন কৰি দলিয়াই পেলাই দিয়াৰ ঘটনাত নিহত অসমৰ তেজপুৰৰ মহিলা প্ৰতিভা প্ৰভাতৰ বিষয়টোত নিজাববীয়াকৈ অসম চৰকাৰে তদন্ত কৰিব বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ঘটনাৰ বুজ লোৱাৰ বাবে নিজে উত্তৰ প্ৰদেশত উপস্থিত হৈ স্থানীয় আৰক্ষী বিষয়া তথা প্ৰশাসনিক বিষয়াকো এই বিষয়ত সহযোগিতা বিচৰা বুলি শৰ্মাই সংবাদ মাধ্যমক সদৰী কৰিছে।

৭. অনিৰ্বাণ সাহিত্য-সংস্কৃতি সমাজ আৰু চেণ্টাৰ ফৰ ষ্টাডিজ ইন হিউমেনিটিছ (কটন কলেজ)ৰ উদ্যোগত অহা ১৮আগষ্টত আয়োজিত হৈছে এখনি বহুভাষিক কবি সন্মিলনৰ। ডঃ জগদীশ পাটগিৰিৰ সঞ্চালনাত অনুষ্ঠিত হব লগা সন্মিলনখনিৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব শিক্ষাবিদ মৃত্যুঞ্জয় শুক্লাই। উক্ত অনুষ্ঠানতে বিৰিঞ্চি ৰাভাৰ চাৰিখনকৈ কাব্য গ্ৰন্থ উন্মোচিত হব। লগতে খাইৰুল ইছলাম আৰু মুস্তাফা আফজল সম্পাদিত ১৫০গৰাকী কবিৰ কাব্যগ্ৰন্থ "অসমীয়া কবিতাৰ সম্ভাৰ" উন্মোচন কৰিব ডঃ হীৰেন গোহাঁইয়ে।


৮. সত্ৰীয়া কলা সংস্কৃতিৰ অনুষ্ঠান "সৎকাৰ"ৰ উদ্যোগত ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ আৰু চেণ্টাৰ ফৰ ষ্টাডিজ ইন হিউমেনিটিজ, কটন কলেজৰ সহযোগত অহা ১০-২০ জুলাইলৈ মহাপুৰুষজনাক অনুপম অৱদান "অংকীয়া ভাওনা"ৰ এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। প্ৰসিদ্ধ শিল্পী পবিত্ৰ প্ৰাণ বৰাই কটনৰ চুডমাৰ্চন হলত এই প্ৰশিক্ষণ প্ৰদান কৰিব। ২১-৩০জুলাইত গুৱাহাটীৰ পামহীস্থিত পাৰিজাত একাডেমিতো সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ কৰ্মশালাৰো আয়োজন কৰিছে। আগ্ৰহীসকলে ৯৭০৬৪-৫৭৬৯৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।
 
৯. শ্বৰীয়ত আদালতৰ কোনো ন্যায়সংগত শুদ্ধতা নাই বুলি কালি এক দিকদৰ্শী ৰায়দান কৰিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। কোনো লোকৰ মৌলিক ক্ষমতাৰ ওপৰত হস্তক্ষেপ কৰা কোনো ফতোৱাই বৈধ নহয় বুলি গুৰুত্বপূৰ্ণ ৰায়টোও সৰ্বোচ্চ আদালতখনে প্ৰকাশ কৰিছে।

১০. নামনি অসমত ২০১২চনত হোৱা ভয়াবহ গোষ্ঠী সংঘৰ্ষৰ ন্যায়িক তদন্ত আৰম্ভ হৈছে আৰু চৰকাৰে গঠন কৰি দিয়া মুটুম বি কে সিঙৰ আয়োগে কালিৰে পৰা গুৱাহাটী আৱৰ্ত ভৱনত শুনানি আৰম্ভ কৰিছে। কালি চাৰিজনকৈ জ্যেষ্ঠ প্ৰশাসনিক আৰু পুলিচ বিষয়াই সাক্ষ্য দান কৰিছে।

১১. দদৰাত পৰহি অনুষ্ঠিত হ'ল "আলাবৈ ৰণৰ ঐতিহ্য" শীৰ্ষক এখনি আলোচনাচক্ৰ। শৰাইঘাট জাৰ্নেলিষ্ট ফ'ৰাম, আহোম ৰয়েল ছ'চাইট আৰু বাঘ সেনাৰ উদ্যোগত অনুষ্ঠিত আলোচনাচক্ৰখনিত ডঃ সমুজ্বল ভট্টাচাৰ্য, সাংবাদিক প্ৰকাশ মহন্ত, শিক্ষাবিদ ডঃ আনন্দৰাম বৰবৰা আজি সুধীজনে অংশগ্ৰহণ কৰে।

১২. আজি সংসদত দেশৰ ৰেল বাজেটখন উত্থাপিত হব।  নতুন ৰেলমন্ত্ৰী সদানন্দ গৌড়াই উত্থাপন কৰিব লগা ৰেল বাজেটত অসমলৈ নতুন ৰেলপথ স্থাপনৰ প্ৰস্তাৱো আশা কৰা হৈছে।

১৩. অহা মাহৰ পৰা গুৱাহাটী মহানগৰীত প্লাষ্টিক বিৰোধী অভিযান আৰম্ভ কৰিব বুলি সদৰী কৰিছে গুৱাহাটী জিলা প্ৰশাসনে।

১৪. নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি কালি আছুৱে কৰিলে সত্যাগ্ৰহ। প্ৰধানমন্ত্ৰী মোদীলৈ কৰিলে পত্ৰ প্ৰেৰণ।

১৫. কালিৰে পৰা শুভাৰম্ভ হৈছে অসম সাহিত্য সভাৰ উদ্যোগত অসমত ৰাজ্যভাষা মাতৃভাষা প্ৰয়োগৰ বাবে এক সংকল্প যাত্ৰাৰ। কালি মানৱ শৃংখল গঠনেৰে সাহিত্যৰথীৰ জন্মস্থান আঁহতগুৰিত ৰাইজে কৰিলে সংকল্প গ্ৰহণ।

No comments:

Post a Comment