পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. কহিনুৰ থিয়েটাৰৰ ৩৯তম নাট্যবৰ্ষত সাহিত্যৰথীলৈ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ শ্ৰদ্ধাৰ্ঘ। এইবাৰ কহিনুৰৰ মঞ্চত নাট্যৰূপত মঞ্চস্থ হব বেজবৰুৱাৰ অমৰ সৃষ্টি "মুক্তি" নামৰ গল্পটি। বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তৰ নাট্যৰূপ আৰু পৰিচালনাৰে মঞ্চস্থ হবলগীয়া নাটখনিৰ শীৰ্ষগীতত জুবিন গাৰ্গে কণ্ঠদান কৰিব বুলিও প্ৰযোজক পক্ষই প্ৰকাশ কৰিছে।

২. পত্নী নিৰ্যাতন বিষয়ক ৪৯৮(ক) ধাৰা প্ৰসংগত অত্যাধিক অপ-ব্যৱহাৰ প্ৰত্যক্ষ কৰি উচ্চতম ন্যায়লয়ে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশ। মহিলাই স্বামী বা স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ দিয়া মাত্ৰকেই সমগ্ৰ পৰিয়ালক গ্ৰেপ্তাৰ কৰি অনাটো বন্ধ কৰিবলৈ জাৰি কৰিলে নিৰ্দেশনা।

৩. অহা ৭-১৩জুলাইলৈ গুৱাহাটী কৰ্মাচ কলেজত জ্যোতি সংগীত প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন কৰিছে জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চই। জি.এল.পি ছচিয়েল চাৰ্কোলে সহযোগ কৰা কৰ্মশালাখনিত সমল ব্যক্তিৰূপে প্ৰভাত শৰ্মা, ডঃ অনিমা চৌধুৰী, সন্ধ্যা মেনন, পৃথ্বীৰাজ ৰাভা, মলয়া গোস্বামীকে ধৰি শিল্পী সকলে অংশ গ্ৰহণ কৰিব। "ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেওঁৰ সৃষ্টিশীল কৰ্মৰাজি" কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানতে প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ তথা কুশলতা অৰ্জনৰ মানপত্ৰ প্ৰদান কৰা হব।

৪. আজিৰে পৰা "জীৱন" আলোচনীৰ উদ্যোগত গুৱাহাটীত চাৰি দিনীয়াকৈ অনুষ্ঠিত হৈছে "জীৱন জুছ ফেষ্টিভেল"। দিছপুৰৰ ৰুদ্ৰসিং ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজিত এই ৰস মহো
ৎসৱখনিত ২৫বিধ ফলৰ ৰসপানৰ ব্যৱস্থা, ৰসাল আড্ডা, সংগীত পৰিবেশন, থলুৱা খাদ্য, মিউজিক ভিডিঅ' ফেষ্টিভেল আদি অনুষ্ঠানো সন্নিবিষ্ট কৰা হৈছে। বিনামূলীয়াকৈ প্ৰৱেশৰ ব্যৱস্থা কৰা এই উসৱত অসমৰ আগশাৰীৰ অভিনেতা-অভিনেত্ৰী সকলেও অংশ লব বুলি জানিব পৰা গৈছে।

৫. অসম সাহিত্য সাহিত্য সভাৰ উদ্যোগত গঠিত অসম ৰাজ্যভাষা  আৰু মাতৃভাষা প্ৰয়োগ সমিতিৰ জাগৰণ যাত্ৰাৰ
অহা ৭জুলাইত হব শুভ উদ্বোধন। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিৰ কপিলীপাৰত সংকল্প গ্ৰহণ কাৰ্যসূচীত শপত গ্ৰহণ কৰাব সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহে। তাৰ পাছতে মৰিগাঁও চহৰৰ বিহুতলীত জাগৰণ যাত্ৰাৰ হব শুভ উদ্বোধন।

৬. ৰাষ্ট্ৰীয় মহিলা আয়োগক পাৰিবাৰিক হিংসা, আৰক্ষীৰ অসহযোগিতা, কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আদিত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰাকৈ বিশেষ ক্ষমতা প্ৰদান কৰিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত লোৱাৰ সুখবৰ। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ে এই ক্ষমতা প্ৰদান কৰা বিষয়ত এটি কেবিনেট টোকা তৈয়াৰ কৰা বুলি সূত্ৰত প্ৰকাশ।

৭. ভাৰতীয় ৰে'ল বিভাগে দেশৰ দ্ৰুততম ৰে'লৰ কালি পৰীক্ষামূলক চালন সফলতাৰে সম্পন্ন কৰে।  অহা নৱেম্বৰৰ পৰা এই দ্ৰুতবেগী ৰেলসেৱাৰ প্ৰৱৰ্তনৰ পৰিকল্পনা প্ৰকাশ কৰা ভাৰতীয় ৰেল'ৱেই আগ্ৰালৈ দিল্লীৰ পৰা মাত্ৰ ৯০মিনিটত পাব পৰাকৈ এই বেগী ৰেল চলোৱা পৰীক্ষামূলক চালনা সম্পন্ন কৰিছিল। সকলো ঠিকে থাকিলে ১৬০কিল'মিটাৰ প্ৰতি ঘণ্টা বেগত চলিব লগীয়া এই দ্ৰুতগামী ৰেল   দিল্লী-আগ্ৰা, দিল্লী-চণ্ডীগড়, মুম্বাই-আহমেদাবাদ আদিত পথত চলোৱা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৮. অসমলৈ ভিছা লৈ অহা বাংলাদেশী অন্তৰ্ধান হোৱাৰ বিষয়টো কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীক গুৰুত্ব সহকাৰে লবলৈ আহ্বান জনালে অসম বিজেপিৰ প্ৰতিনিধিৰ দলে। অসমত বিদেশী ন্যায়ধিকৰণৰ সংখ্যা বৃদ্ধি কৰি অচিৰেই অবৈধ বিদেশী চিনাক্তকৰণৰ পদক্ষেপ লব বুলি গৃমন্ত্ৰী ৰাজনাথ সিঙে দলটোক আশ্বাস প্ৰদান কৰে। ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শনৰ বাবে অচিৰেই কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুক পঠাব বুলিও তেখেত আশ্বাস দিয়ে বুলি জানিব পৰা গৈছে।

৯. গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই গণশিল্পী খগেন মহন্তৰ সোঁৱৰণত অহা ৬জুলাইৰ বিয়লি ৫বজাত অসম সাহিত্য সভা আৰু অসম কলাতীৰ্থই আয়োজন কৰা শ্ৰদ্ধাৰ্ঘৰে এটি বিশেষ কাৰ্যসূচী সম্প্ৰচাৰ কৰিব। আনহাতে ৫জুলাইত অসম গৌৰৱ তথা অৰণ্য মানৱ ৰূপে খ্যাত যাদৱ পায়েঙৰ কাহিনীৰে "হাবিৰ নাম মোলাই" নামেৰে এখনি তথ্যচিত্ৰও সম্প্ৰচাৰ কৰিবলৈ প্ৰশংসনীয় পদক্ষেপ কেন্দ্ৰটোৱে গ্ৰহণ কৰিছে।  

১০. অচিৰেই ভাৰতৰ ব্যক্তিগত খণ্ডৰ এফ.এম ৰেডিঅ'ৰ চেনেলবোৰেও বা-বাতৰি সম্প্ৰচাৰ কৰিব পাৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে কালি এই বিষয়টোত নীতিগতভাৱে অনুমোদন জনাইছে আৰু অচিৰেই এই সন্দৰ্ভত এক সিদ্ধান্তৰ নিৰ্দেশনা জাৰি কৰা হব বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment