হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম 
১. অসমৰ পাটিগণিত বিশেষজ্ঞ এগৰাকীয়ে এক বিশেষ ৰাজনৈতিক সূত্ৰ আৱিস্কাৰ কৰি প্ৰশংসিত হৈছে। এই সূত্ৰমতে নামনি তথা বিটিএডিত হিংসাৰ পৰিমাণ দিছপুৰত বিসম্বাদৰ প্ৰকোপৰ সমানুপাতিক বুলিও প্ৰকাশ পাইছে। গগৈৰ চকী নখহে বুলি ওলোৱা বাতৰিৰ সৈতে এই হিংসাত্মক ঘটনা হাৰো সমানুপতিক বুলিও গৱেষকজনে আৱিস্কাৰ কৰা বুলি জানিব পৰা গৈছে।

২. গুৱাহাটী পৌৰ নিগমে জাৱৰ নিবলৈ এন.জি.এ নিয়োগ কৰিছিল যদিও বহু অঞ্চলত মাচুল দিয়াৰ পাছতো গেলা-জাৱৰ স্বেচ্ছাসেৱী সংস্থাই সংগ্ৰহ নকৰাত দুৰ্গন্ধৰ ফলত নাক ধৰি ধৰি যাব লগা হোৱা বিশেষ সমদলে টিভিৰ পৰ্দা শুৱনি কৰা দেখা গৈছে। মহানগৰলৈ অহাৰ আগতে এনে গেলা-বাটৰ বিষয়ে আগতীয়াকৈ জানি লৈ ৰুমাল, সুগন্ধি লৈহে সেই বাটেৰে বাটৰুৱা হবৰ বাবেও সচেতন নাগৰিক সন্থাই সাধাৰণ ৰাইজলৈ আহ্বান জনাইছে।

৩. সদৌ উত্তৰ-পূৱ নদী-বান্ধ ফুটবল কাপত ৰাইজক গ'ল নিদিয়ে বুলি বাৰে বাৰে সৰ্বাধিনায়ক সোনোৱালে প্ৰকাশ কৰাৰ পাছতো বিভিন্ন কেন্দ্ৰৰ শীৰ্ষ খেলুৱৈৱে মাজে মাজে ভাবুকি প্ৰকাশ কৰিবলৈ নেৰা বাবে ৰাজ্যবাসীৰ মনত ভীতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। সদায় স্থিতি সলনি কৰি ভীতিৰে ৰাইজৰ প্ৰেছাৰ হাই কৰি থকাতকৈ কিবা্এটা ক্লীয়াৰ নীতিকে বিচাৰি উলিয়াবলৈকো সৰ্বাধিনায়কজনলৈ ৰাইজে আহ্বান জনাইছে।

৪. গুৱাহাটী চলোৱা উচ্ছেদ অভিযানে এটি পষেক পূৰ কৰাত ৰসাল গগৈ ফেন ক্লাৱে সন্তোষ প্ৰকাশ কৰিছে। ছাৰৰ যে এতিয়াও পাৱাৰ আছে, সেয়াই ই প্ৰমাণ কৰিছে বুলিও আঙুলিয়াই দিছে।  পিছে এই শক্তি প্ৰদৰ্শনৰ ভাওনাখন সফল বুলি কব পাৰিলেও আচল টাৰ্গেট বিসম্বাদী শিবিৰ উচ্ছেদ কৰিব পাৰিবনে নোৱাৰে তাকে লৈ এতিয়াও প্ৰশ্নবোধক ওলমিয়েই আছে বুলিও খবৰ আহিছে।

৫. আজি বিশ্বকাপ ফুটবল উপলক্ষে আৰ্জেণ্টিনা আৰু জাৰ্মানী দুয়োটা দলৰে অসমীয়া ফেন সকললৈ আগতীয়া অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম ৰঙীণ পানীয় বেপাৰী সংঘই। মায়াময় ফুটবলৰ যাদুকৰী খেলখনত ৰঙীণ সুৱাস সানি লবলৈকো সংঘই আহ্বান জনাইছে। লগতে বিজয়ীসকলৰ উল্লাস আৰু পৰাজিত দলৰ ফেন সকলৰ বেদনাক উপশম কৰিব পৰাকৈ পুৱতি নিশালৈকে আজি সুৰা বিপনীৰ পাছফালৰ খিৰিকিখন খোলা ৰাখি সেৱা আগবঢ়াব বুলিও ঘোষণা কৰিছে।

৬. এইমছত ম্যাদ উকলা সা-সৰঞ্জাম ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰিলে ডেইলী মেইলে। এইমছত ভীৰ কমাবলৈহে এনে খবৰৰ বোমা দিয়া হৈছে  নেকি বুলিও সচেতন ৰাইজে কৰিলে সন্দেহ প্ৰকাশ। এইমছ সুৰক্ষা সংঘই কৰিলে বিষয়টোত চিবিআই তদন্ত দাবী। কাজুৰীৱালে ক'লে "জনতা মাফ নহী কৰেগী!"

৭. লোকসভাৰ বেব চাইটত ৰাহু বাবাক ৰণনীতি পৰামৰ্শদাতা বুলি উল্লেখ কৰাত সৰ্বত্ৰ প্ৰতিক্ৰিয়া! ৰাতি ৰাতি ছোটা ভীম, ডৰেমন চাই আহি সংসদত টোপনিয়াই থকা সৰল ল'ৰাজনক এনে বিশেষজ্ঞৰ ৰূপ দি আচলতে উপলুঙাহে কৰা হৈছে বুলি আংকলসকলৰ এটা দলে সন্দেহ প্ৰকাশ কৰিছে। সেয়ে অচিৰেই সেয়া শুদ্ধ কৰি নিদিলে আংকল সন্থাই প্ৰতিবাদী কাৰ্যসূচী লব বুলিও বাবাকনৰ আইমাতৃক সবিনয়ে জনাইছে বুলিও গুজৱ ওলাইছে।

৮. যুৱ নেতা সকলৰ বাবে মুখাশিল্পৰ এক গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। বতৰ চাই প্ৰয়োজনীয় মুখা নিৰ্মাণ, বতৰ সলনি হ'লে মুখা সলোৱা আদি বিভিন্ন বিষয়ত এই উদীয়মান নেতা সকলক প্ৰশিক্ষণ দিয়া হব বুলিও জানিব পৰা গৈছে।  মুখা পিন্ধা ভদ্ৰলোকৰ অভিনয়ো কৰিবলৈ সহজাত শিল্পীসকলক প্ৰশিক্ষণ দিয়াৰ বাবেও ব্যৱস্থা হোৱা বুলিও জানিব পৰা গৈছে।

৯. অসমলৈ নতুনকৈ ভৰি দিবলৈ আহিয়েই ড'নাৰ বা দান মন্ত্ৰীয়ে নিজৰ প্ৰতিমূৰ্তি দাহ হোৱাৰ ঘটনাত দুখ প্ৰকাশ কৰিছে। পিছে প্ৰতিবাদ প্ৰদেশখনত মানুহে প্ৰতিমূৰ্তিৰ প্ৰজ্বলনৰ সংখ্যাৰেহে নেতাৰ জনপ্ৰিয়তাক স্বীকৃতি দিয়াটো নিয়ম বুলি তেখেতক বুজাই দিয়াতহে মন্ত্ৰী ছাৰৰ ক্ষোভ কমা বুলি জানিব পৰা গৈছে।

১০. অসম প্ৰদেশত আকৌ "পৃথক ৰাজ্যৰ" ফটা টকা কিছুদিনৰ পাছতে পুনৰ প্ৰচলিত হব বুলি জ্যোতিষী হিৰো ইয়ঙে ধাৰণা  কৰিছে।  এই অচল টকাৰ মাজে মাজে প্ৰচলন কৰি নাথাকিলে অসমৰ উগ্ৰপন্থীয় অৰ্থনীতি, প্ৰতিবাদী অৰ্থনীতি দুৰ্বল হৈ যায় বুলিয়েই এনে বিশেষ পদক্ষেপ লোৱা হব বুলিও ধাৰণা কৰা হৈছে।

No comments:

Post a Comment