হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
হাও, খাবৰ জন্যে আলু নাই,
পিন্ধবাৰ জন্যে আলু পায়!
১. জালুকাবাৰী একাদশ আৰু তিতাবৰ একাদশৰ মাজত "কইনাধৰা কাপ"ৰ ফুটবলখন আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে৷ চামগুৰিৰ বেজে প্ৰথমে সুৰক্ষা দিয়া তিতাবৰ দলক অৱশেষত মায়ঙৰ তাবিজেহে ৰক্ষা কৰি থকা বুলিও গোপন সূত্ৰত খবৰ প্ৰকাশ পাইছে৷

২. এইবাৰ জাপানী এনকেফালাইটিচৰ বিৰুদ্ধে নহয়, নিজৰ লোভ-মোহৰ বৰ্ধিত পৰিসীমা নিয়ন্ত্ৰণ কৰাতহে বেমাৰী মন্ত্ৰীয়ে মনোনিবেশ কৰিছে বুলি জানিব পৰা গৈছে৷ এতিয়া "নাক বচাও আন্দোলনত" নামি পৰা মন্ত্ৰীজনে ৰাইজক ভগৱান সৃষ্টি, ভগৱানতে ভৰসা কৰক বুলি গা এৰা দিয়াৰো খবৰ প্ৰকাশিত হৈছে৷

৩. ৰঙামাটি গুৱাহাটীত আলু, পিঁয়াজৰ মালা পিন্ধি সদৌ অসমীয়া ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এতিয়া দুস্প্ৰাপ্য সম্পদক পৰিণত আলু, পিঁয়াজৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী ভক্ষণ কৰাৰ সলনি মালা বনাই অপব্যৱহাৰ কৰাৰ অপৰাধত খাদ্য সুৰক্ষা আইনৰ অধীনত গোচৰ তৰিব বুলি খাদ্যমন্ত্ৰী নহৰুল বাবুৱে ভাবুকি প্ৰকাশ কৰিছে৷

৪. গোলাঘাটত মাত্ৰ ৩৮কোটিৰ কেলেংকাৰী কৰাৰ বাবে জনস্বাস্থ্য বিভাগ প্ৰৱল সমালোচনাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে৷ অন্তত কাৰ্বি-পাহাৰৰ সতে ফেৰ মাৰি নুন্যতম এহেজাৰ কোটিৰ কেলেংকাৰী নকৰিলে খোদ ৰাজ্যত গড়-বান্ধা বাইদেউৰ ঠাইখনৰ মান-ইজ্জ্বত নাথাকিব বুলি লক্ষ্মীপ্ৰেমী বিষয়া সন্থাও ক্ষোভ প্ৰকাশ কৰিছে৷ এইবোৰ কামত এটা নুন্যতম ষ্টেণ্ডাৰ্ড থাকিব লাগে বুলি মতামত দাঙি ধৰিছে৷

৫. বিজুলী-বাতি মন্ত্ৰীয়ে পুনৰ মাচুল বৃদ্ধিৰে অসমৰ ৰাইজক চক খুৱাব খুজিছে৷ বিজুলী দি চক দিব নোৱাৰাৰ বাবেই মাচুলৰ দৰ বৃদ্ধিৰেই ৰাইজৰ চক দিব বিচৰা বুলিও মন্ত্ৰীৰ পি.এৰ পৰা জানিব পৰা গৈছে৷ 

৬.এশ কোটিটকীয়া আঁচনি ফ্লপশ্ব'ত পৰিণত হোৱাৰ পাছত এতিয়া তিতাবৰত পানী যোগান বিভাগে "বৰবিহ" নামৰ ভাওনা এখনেৰে ৰাইজক পানী পানী খুৱাইছে বুলি জানিব পৰা গৈছে৷ এতিয়া থলুৱা ৰাইজে পানী যোগান বিষয়াক এই ভাওনাৰ অন্তত "ৰাজহুৱা পহুখেদা" পৰ্বৰে সম্বৰ্ধনা জনাব পাৰে বুলি সম্ভাৱনা প্ৰকাশ পাইছে৷

৭. কৰ্মচাৰীক আঠু কঢ়াই সংবাদ শিৰোনামা পালে শিৱসাগৰৰ ডিচিয়ে৷ সৰুৰে পৰা শিক্ষক হোৱা বাসনা থকা মানুহজনে কালৰ কুটিল চক্ৰান্তত পৰি ডিচি হব লগা হোৱাৰ পাছতো মাষ্টৰ হৈ ছাত্ৰক আঠু কঢ়োৱাৰ হেঁপাহটো থাকি যোৱাৰ বাবেই এনে হবলৈ পালে বুলি জানিব পৰা গৈছে৷ এতিয়া ডিচি ছাৰক এনে সপোন বাদ দি ৰুঢ় বাস্তৱক আদৰি লবলৈ কেৰেণী সংঘই আবেদন জনাইছে৷

৮. দাঁত থকালৈকে ৰসাল গগৈয়ে গাদী কামুৰী থাকিব বুলি বিজয়া বাইদেৱে শংকা প্ৰকাশ কৰিছে৷ এতিয়াও বুঢ়া বয়সতো গাদী কামুৰি ধৰি ৰাখিব পৰাকৈ দাঁতত শক্তি থকাতো বৰ আচৰিত কথা বুলিও বাইদেৱে প্ৰকাশ কৰিছে৷ চাৰে কোনটো দন্ত মঞ্জন ব্যৱহাৰ কৰে সেয়া প্ৰকাশ কৰিলেও ৰাইজৰ কল্যাণ হব বুলিও সদৰী কৰিছে৷

৯. অগৰুদ্দিন চাহাবে নিজৰ পলিটিকেল ব্যৱসায় কোম্পানীটোৰ পৰা এজন কৰ্মচাৰীক নিলম্বন কৰিছে৷ মালিকৰ প্ৰভুত্ব মানি নচলিলে কোনো সেই কোম্পানী টিকি থাকিব নোৱাৰে বুলি ৰাইজে তাৰ পৰা উমান পাইছে বুলি প্ৰকাশ পাইছে৷

১০. ডেকাৰ লগত বিহু নাচিবলৈ যোৱা বুঢ়া বিহুৱা বৰকটকী, আব্দুল মুহিব আদিয়ে দিল্লীত ঢেঁকীথোৰা ল'ৰিবলৈ ধৰাৰ উমান পায়েই এতিয়া কঁকালৰ বিষে উঁক দিয়া বুলি বিহুদলৰ পৰা পিছ হোঁহকি দিয়া বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment