পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি ৯১বছৰত পদাৰ্পণ কৰিলে প্ৰথিতযশা সাহিত্যিক তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত মহিম বৰাদেৱে। তেখেতলৈ জনাইছো আন্তৰিক অভিনন্দন।

 
২. গুৱাহাটীত জিলা প্ৰশাসনে কালিও ষষ্ঠদিনৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। কালি শিলসাঁকো অঞ্চলত প্ৰায় দহবিঘা ভূমি বেদখল মুক্ত কৰাৰ খবৰ প্ৰকাশিত হৈছে। লগতে গুৱাহাটীৰ প্ৰতিটো প্ৰতিষ্ঠানতে ডাষ্টবিন ৰখাটো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে। ডাষ্টবিন নৰখা প্ৰতিষ্ঠান ছীল কৰিব বুলিও প্ৰশাসনে কঠোৰ স্থিতি প্ৰকাশ কৰিছে।

৩. এইবাৰ গুৱাহাটীৰ উচ্ছেদিত পৰিয়ালক ২৫-৫০হাজৰকৈ ক্ষতিপূৰণ দিবলৈ দাবী তুলিলে অসমৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে শিলসাঁকো জলাশয়ত নিৰ্মিত জিঞ্জাৰ হোটেল, পৰ্যটন বিভাগৰ কাৰ্যালয় উচ্ছেদ কৰিবলৈকো তেখেতে প্ৰশাসনক প্ৰত্যাহ্বান জনোৱা বুলি সংবাদ প্ৰকাশ পাইছে।

৪. অহা ৭জুলাইৰ পৰা অনুষ্ঠিত হব লগা সংসদৰ বাজেট অধিৱেশনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় ৰে'লমন্ত্ৰী সদানন্দ গৌড়ালৈ অসমলৈ নতুন ৰে'লসেৱা প্ৰৱৰ্তন আৰু নতুন ৰে'ল লাইন স্থাপনৰ বাবে ব্যৱস্থা কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে।

৫. নদীবান্ধ বিৰোধী সংগঠন সমূহৰ সৈতে আলোচনাত সহমতত উপনীত নোহোৱালৈ অসমৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম আৰম্ভ নহয়। কালি এই বিষয়ত সৰ্বানন্দ সোনোৱালৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছত এই ঘোষণা কৰিলে দেশৰ শক্তিমন্ত্ৰী পীযুষ গোৱেলে।

৬. যোৰহাটৰ চাৰি গৰাকী আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ জাৰি। সিদ্ধাৰ্থ কৌশিক দত্ত নামৰ এজন যুৱকক থানাৰ লক-আপত মৰিয়াই কিডনী বিকল কৰি দিয়াৰ গোচৰত ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি মুঠ চাৰিজন আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ দৃষ্টান্তমূক নিৰ্দেশ জাৰি কৰিছে যোৰহাটৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে।

৭. গোলাঘাট জিলাৰ বোকোখাত মহকুমাত এখন চিকিতসা বিশ্ববিদ্যালয় আৰু এইমছৰ শাখা স্থাপন কৰি অঞ্চলটোত উন্নত চিকিতসা ব্যৱস্থাৰ বাবে পদক্ষেপ লবলৈ দাবী জনাইছো সদৌ তামাৰ মিচিং কাবেঙ। অসমত স্থাপন হব লগা এইমছ সদৃশ চিকিতসালয়খন বোকাখাতত স্থাপন কৰাৰ লগতে, এটি অডিটৰিয়াম, সাংস্কৃতিক যাদুঘৰ, মিচিং ভৱন নিৰ্মাণ, জুনিয়ৰ পলিটেকনিক স্থাপন আদি দাবী সংগঠনটোৱে স্থানীয় সাংসদ গৌৰৱ গগৈক এক স্মাৰক পত্ৰ যোগে অৱগত কৰিছে।

৮. উত্তৰ-পূৱৰ সকলো উগ্ৰপন্থী সংগঠনকে আলোচনাৰ মেজলৈ আহি সমস্যাৰ সমাধান কৰাৰ বাবে আহ্বান জনালে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে। চাৰিদিনীয়া ভ্ৰমণ সূচীৰে গৃহৰাজ্যত উপস্থিত হৈ চীনা সীমান্তৱৰ্তী অঞ্চলৰ আন্তঃগাঁথনিৰ উন্নতিকল্পে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ৫০০০কোটি টকা মোকোলাই দিবলৈ ওলোৱাৰ সুখবৰো তেখেতে প্ৰকাশ কৰিছে।

৯. অসমলৈ পৰ্যটন খণ্ডই ৰাজহ আহৰণৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিছে বুলি সুখবৰ প্ৰকাশ কৰিছে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সচিব ধ্ৰুৱ হাজৰিকাই। অসমলৈ অহা দেশী-বিদেশী পৰ্যটৰ সংখ্যা ৫১লাখতকৈ বৃদ্ধি পাইছে বুলিও প্ৰকাশ কৰিছে তথ্য। অসমত ১৪৩টা ঢেঁকীয়াপতীয়া বাঘৰ কথা উল্লেখ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান, ব্ৰহ্মপুত্ৰ, মঠ-মন্দিৰৰ লগতে ২৬টাকৈ গল্ফ ক'ৰ্চো পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তেখেতে প্ৰকাশ কৰিছে।

১০. অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অহা ২০জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আয়োজিত হৈছে কেন্দ্ৰীয় অভিনন্দন অনুষ্ঠানৰ। অসমৰ চাহ জনগোষ্ঠীৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বৰ্ষত উচ্চ আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেখেতসকলে ইয়াত অভিনন্দন জনোৱা হব বুলিও জানিব পৰা গৈছে।

১১. ৰানৱে আধুনিকীকৰণৰ বাবে ১৫এপ্ৰিলৰ পৰা বন্ধ হৈ থকা যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা বিমান সেৱা  আজিৰ পৰা পুনৰ আৰম্ভ হ'ব। নিশাৰ ভাগত বিমান অৱতৰণ কৰিব পৰা ব্যৱস্থা আগন্তুক প্ৰায় এবছৰৰ ভিতৰতে সম্পূৰ্ণ উঠিব বুলি জনা গৈছে।

No comments:

Post a Comment