হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
টুটকীয়া টুইটাৰত ৰাষ্ট্ৰীয় গুজৱ
১. বাথৰুমতহে তেখেতৰ কণ্ঠত গীত ভাল লাগে বুলি প্ৰকাশ কৰিছে ছলমেন খানে। পিছে বাথৰুমৰ আকাৰ সৰু হোৱা বাবেই ফেন সকলক সেই গান শুনিবলৈ আমন্ত্ৰণ কৰিব পৰা নাই বুলি টুইটাৰযোগে কৰিছে দুখ প্ৰকাশ।

২. কালি বিশ্বকাপত ব্ৰাজিলে শৌচনীয় পৰাজয়ৰ গৰাহত পৰাৰ পাছত এতিয়া জাৰ্মানীৰ সমুখলৈ আহো-নাহো অৱ্স্থা হৈছে হেনো নেদাৰলেণ্ডছ আৰু আৰ্জেণ্টিনা দলৰ। এতিয়া খেলপথাৰতো ভদ্ৰতা দেখুৱাই "পেহলে আপ, পেহলে আপ" কৰি জাৰ্মানীৰ মুখলৈ ইটো দলে সিটো দলক ঠেলি দিবলৈ আপ্ৰাণ চেষ্টা চলাব বুলিও আশংকা প্ৰকাশ কৰিছে ফুটবলপ্ৰেমীসকলে।

৩. ৰাহু ককাইদেউৱে কালি ৰেল বাজেটখন একেবাৰেই ভাল নহয় বুলি মন্তব্য কৰিছে। এনেকুৱা প্ৰগতিশীল, উন্নতিশীল বাজেট বনাই উত্থাপান কৰাটো হেনো তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অতিশয় ক্ষতিকৰ প্ৰমাণিত হব পাৰে।  সেয়েই তেওঁ বাজেটখন ভাল হোৱা নাই বুলি মন্তব্য কৰিছে বুলি অনুমান কৰা হৈছে। এনে বাজেটে এজন প্ৰতিভাধৰ ভৱিষ্যতক ক্ষতি কৰাটো অতিশয় নিন্দনীয় বুলিও ৰাহু ফেন ক্লাৱে মত প্ৰকাশ কৰিছে।

৪. এইবাৰ ৰাজধানী এক্সপ্ৰেছত কোৰিয়ান ছাত্ৰীৰ সৈতে হাৰাশাস্তি কৰি টিভিৰ পৰ্দা দখল কৰিছে ভাৰতীয় যৌন নিৰ্যাতনকাৰী সংঘৰ সদস্য সকলে। সকলো কথাকে আন্তৰ্জাতিক কৰি তোলা, বিদেশীক আকৰ্ষণ কৰা আদিত ৰাজনেতা সকলৰ উতসাহ দেখিয়েই ৰেলত যৌন নিৰ্যাতনৰ ক্ষেত্ৰত যে আমাৰ এই অপৰাধী ডেকাসকল কোনো গুণেই মাত্ৰ আঞ্চলিকতাবাদৰ গণ্ডীতে সোমাই থাকিব বিচৰা নাই সেই কথাও প্ৰকাশ পাইছে। লগতে এক আন্তৰ্জাৰতিক দৃষ্টিও তেওঁলোকৰো আছে, সেই কথাও এই ঘটনা যোগে উদঙাই দিছে বুলি প্ৰকাশ পাইছে।

৫. ব্ৰাজিলিয়ান ফুটবল তাৰকা নেইমাৰৰ আঘাত কেৰেলাৰ আৰ্য়ুবেদিক দৰৱে ঠিক কৰিব পাৰিলেহেতেন বুলি আজি প্ৰকাশ কৰিছে কেৰেলাৰ আৰ্য়ুবেদিক বিশেষজ্ঞ সকলে। পৰহি এই ঘোষণা কৰি, কিবা এটা কৰা হ'লে নেইমাৰৰ জহতে বিশ্বকাপৰ ছেমিফাইনেলখনৰ ফলাফল ওলোটা কৰিব পৰা গ'লহেতেন বুলি ব্ৰাজিলিয়ান ফুটবল ফেন ক্লাৱে প্ৰকাশ কৰিছে। এতিয়া বৰষুণ যোৱাৰ পাছত ছাতি দিবলৈ অহা বুলি গৰিহণা প্ৰকাশ কৰিছে।

৬. দিল্লীত ৰাহু ককাইয়ে এখন বৈঠকত তেখেত ৰসাল আংকলৰ ফেন বুলি নিজকে চিহ্নিত কৰিছে। এতিয় গগৈ আংকল ফেন ক্লাৱত ৰাহুদাই যোগদান কৰা পাছত অসমত যুৱ শক্তি- যুৱ অপশক্তিৰ মাজত কেনে প্ৰতিক্ৰিয়া হয়, সেয়া লক্ষণীয় হব বুলিও জালুকবাৰীৰ পৰা টুটকীয়া এজনে টুইট কৰিছে।

৭. ৰেল বাজেটক লৈ হাল্লা লগোৱাৰ পাছতে এতিয়া লোকসভাৰ কাম-কাজ স্থগিত হৈ পৰিছে আৰু সকলো দলৰে সাংসদে মিলাপ্ৰীতিৰে এতিয়া কেণ্টিনত চাহ-চিঙৰাৰ সোৱাদ লোৱা বুলি জানিব পৰা গৈছে। "বৰষুণৰ বতৰত মইনা নুঠে মটৰত" বুলি গীত জুৰি এনে দিনত সংসদত শুবলৈ অহাতকৈ ঘৰতেই ভাল বুলি অসমীয়া সাংসদ এজনে মন্তব্য কৰা বুলিও প্ৰকাশ পাইছে।

৮. অমিত ভাইয়ে আজি পদুম পাৰ্টিৰ সভাপতি আসনখন চমজি লোৱাত সুখ প্ৰকাশ কৰিছে নৰেন ভাইয়ে। এজন সাধাৰণ কৰ্মকৰ্তাৰ পৰা উন্নতি কৰি সভাপতি হোৱা অমিত জখলা বগুৱাত তামাম এক্সপাৰ্ট বুলি মন্তব্য কৰিছে। লগতে আন আন পাৰ্টিৰ জখলাবোৰ যাতে গাদী দখলৰ বাবে পাতি লব নোৱাৰে, তাৰো ব্যৱস্থা দেশজুৰি কৰিব পাৰিব বুলি জখলা বিশেষজ্ঞ জনৰ ওপৰত ভৰসা প্ৰকাশ কৰিছে।

৯. এন.জি.অ'বোৰৰ বিষয়ে অনুসন্ধানকাৰী সংস্থাৰ ৰিপৰ্ট ফাদিল হোৱা ঘটনাতো সন্দৰ্ভত তদন্ত কৰিবলৈ দিল্লী লালটুপি বিভাগক দ্বায়িত্ব দিয়াৰ খবৰ প্ৰকাশিত হৈছে। এই বিশেষ দলটি নিজৰ ওপৰৱালা বছক খুশ কৰাৰ ক্ষেত্ৰত অতিশয় সিদ্ধহস্ত বাবেই এই দ্বায়িত্ব নতুন বছৰ পৰাও লাভ কৰিবলৈ সক্ষম হৈছে বুলি টুটকীয়াই প্ৰকাশ কৰিছে।

১০. আম টেঙা পাৰ্টিয়ে পদুম পাৰ্টি দলৰ সভাপতিৰ পদ লাভ কৰি আজি উতফুল্লিত হৈ থকা অমৃত ভাইৰ বিৰুদ্ধে চলি থকা অপৰাধী গোচৰ সমূহলৈ আঙুলিয়াই দি, পদবী পোৱাৰ সন্দৰ্ভত প্ৰশ্ন তুলিছে। পিছে সেয়াও আজিৰ ৰাজনীতিত এটি মৌলিক অৰ্হতা বুলিহে গণ্য কৰা হয় বুলিও পদুম পাৰ্টিৰ নেতাসকলে আম টেঙা পাৰ্টিক স্পষ্ট কৰি দিছে।

No comments:

Post a Comment