পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. আজি ভাৰতৰ আন ঠাইৰ লগতে অসমতো ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিটৰ। এই উপলক্ষে উছাহৰ ধল বোৱাৰ লগতে ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে দেশৰ ৰাষ্ট্ৰপতি, অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী তথা আন দল সংগঠন সমূহেও।

২. কামৰূপ জিলাৰ কমলপুৰৰ দালাং গাঁৱৰ পংকজ নাথ নামৰ যুৱকে সাজি উলিয়ালে "জলৰিক্সা"। এজোপা গছৰ ওপৰতে নিজৰ বাসস্থান সাজি লোৱা খেয়ালি যুৱকজনে পেলনীয়া বস্তুৰে সাজি উলিওৱা এই জলৰিস্কাত চাৰি-পাঁচজন মানুহক ভৰিৰে পেডেল মাৰি আগলৈ বা পিছলৈ নিব পৰাৰ ব্যৱস্থা আছে। বানপীড়িত অঞ্চলৰ ৰাইজৰ বাবে এই জলৰিক্সা যথেষ্ট সুফলদায়ক হব বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

৩. নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ এখন সভাত দেশত সেউজ আৰু শুভ্ৰ বিপ্লৱৰ সমানে নীল বিপ্লৱৰ সূচনা কৰিবৰ বাবেও আহ্বান জনাইছে। নীল বিপ্লৱেৰে মৎস্য উৎপাদনৰ ক্ষেত্ৰত দেশক আগুৱাই নিয়াৰ বাবে তেখেত মত প্ৰকাশ কৰিছে। লগতে কৃষি বিশ্ববিদ্যালয় সমূহত একোটাকৈ কমিউনিটী ৰেডিঅ' ষ্টেচন স্থাপন কৰি শিক্ষাৰ্থী সকলে আহৰণ কৰা জ্ঞান সমাজৰ সকলো স্তৰৰ মাজত প্ৰচাৰ কৰাৰ বিষয়েও মত প্ৰকাশ কৰাৰ সুখবৰ পোৱা গৈছে।

৪. প্ৰাক্তন সাংসদ সকলৰ পেঞ্চন ৭৫ শতাংশ বৃদ্ধ কৰিবলৈ বুলি নতুন কেন্দ্ৰ চৰকাৰে পদক্ষেপ লোৱাৰ কথা এখন ইংৰাজী দৈনিকে সদৰী কৰিছে। ২০০৯ চনত শেহতীয়া বৰ্দ্ধিত এই পেঞ্চন বৰ্তমানৰ ২০হাজাৰ টকাৰ পৰা ৩৫হাজাৰ টকালৈ বৃদ্ধি হব পাৰে বুলি সম্ভাৱনা প্ৰকাশ পাইছে।

৫. গ্ৰামোন্নয়ন সুদীৰ্ঘ বছৰ ধৰি খালী হৈ থকা খণ্ড উন্নয়ন বিষয়াৰ পদ পূৰ কৰাৰ বাবে অসমৰ গ্ৰামোন্নয়ন বিভাদে গ্ৰহণ কৰিলে পদক্ষেপ। বিষয়াৰ অভাৱতে বিকাশ স্থবিৰ হৈ পৰাৰ অভিযোগৰ অন্ত পেলাবলৈকে কালি সম্প্ৰসাৰণ বিষয়াৰ পৰা পদোন্নতিৰে ৬১গৰাকী খণ্ড উন্নয়ন বিষয়াৰ পদ পূৰ কৰাৰ কথা সংবাদমেলত সদৰী কৰিলে মন্ত্ৰী ৰকিবুল হুছেইনে। লগতে ১৬হাজাৰ পদ পূৰণৰ বাবেও প্ৰক্ৰিয়া অব্যাহত ৰখাৰ কথাও তেখেতে প্ৰকাশ কৰিলে।

৬. কালি যোৰহাটত দিনজোৰা কাৰ্যসূচীৰে পালিত হ'ল সুগন্ধি পখিলাৰ কবি "হীৰুদা"ৰ জন্মদিন। জন্মস্থান যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ পুৰণি আবাসতো জনোৱা হয় শ্ৰদ্ধাঞ্জলি আৰু এই জন্মঠাই সংৰক্ষণ কৰাৰ বাবে ৰাইজে চৰকাৰৰ ওচৰত দাবী তোলা বুলিও সংবাদ প্ৰকাশ পাইছে।। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনতো সাংস্কৃতিক কাৰ্যসূচীৰে পালিত হয় হীৰুদাৰ জন্মদিন।

৭. অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাক আলাপ-আলোচনাৰ মাজেৰে দলীয় বিসম্বাদৰ ওৰ পেলাবলৈ দলটোৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে দ্বায়িত্ব অৰ্পণ কৰাৰ খবৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৮.ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী আঁচনি যুগুত কৰি উলিয়াইছে আৰু অনুমোদনৰ বাবে কেন্দ্ৰীয় যুৱ কল্যাণ আৰু দক্ষতা বিকাশ মন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ প্ৰেৰণ কৰিছে বুলি মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে কালি সদৰী কৰিছে। ৰাজ্যৰ বাহিৰত কৰ্মৰত অসমীয়া লোকসকলে ২০১২-১৩ বৰ্ষত প্ৰায় ২৮কোটি টকা অসমলৈ প্ৰেৰণ কৰিছিল বুলিও তথ্য তেখেত সদৰী কৰে।

৯. অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ৰাজ্যৰ প্ৰান্তে প্ৰান্ত যুগজয়ী গীত গাই জনতাক উদ্বেলিত কৰা বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ ৰুবী সিংহক কালি তেজপুৰত প্ৰদান কৰা হয় "সপ্তসুৰ বঁটা"। সাংস্কৃতিক অনুষ্ঠান সপ্তপুৰে দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ দিনজোৰা কাৰ্যসূচীৰ মাজতেই শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰাৰ সুখবৰ।

১০. স্বাধীনতা যুঁজাৰু পীতাম্বৰ দেৱ গোস্বামীৰ জীৱনৰ ওপৰত আধাৰিত তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰেৰে সন্মানিত  কথাছবি "যুগদ্ৰষ্টা"ৰ এক বিশেষ প্ৰদৰ্শন অহা ১০আগষ্টত শিৱসাগৰ নাট্যমন্দিৰত পুৱা ১০.৩০বজাৰ পৰা আয়োজন কৰাৰ সুখবৰ পোৱা গৈছে। ভাস্কৰজ্যোতি মহন্তৰ পৰিচালনাত নিৰ্মিত কথাছবিখন চাবৰ বাবে প্ৰৱেশ বিনামূলীয়া বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment