বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণ

বিশ্লেষণ

Share This
নদী-বান্ধঃ বাস্তৱ বনাম ৰাজনীতি
অগ্নিভ দত্ত
ভাৰতীয় সভ্যতা সংস্কৃতিত নৈৰ গুৰুত্ব অসীম । এই নৈৰ বুকুতেই লালিত পালিত হৈ আমাৰ সভ্যতাই বিশ্ব দৰবাৰত উজ্জ্বলি উঠিবলৈ সক্ষম হৈছিল। এই নৈবোৰৰ পাৰৰ পৰাই আধুনিক সমাজ একোখনে জন্ম লাভ কৰিছিল। সেইকাৰণেই এই নৈ সমূহ আমাৰ সভ্যতাৰ তথা আধুনিক সমাজ এখনৰ অভিন্ন অংগ । কিন্ত্ত সমাজৰ বিৱৰ্ত্তনৰ লগে লগে নৈ-পৰীয়া জীৱনে নৈৰ সীমাবদ্ধতা ভাঙি গঢ়ি তুলিলে ধৰিত্ৰীৰ বুকুত অসংখ্য নগৰ চহৰ । সলনি হ’ল মানুহৰ জীৱনশৈলী ।
 
আধুনিক জীৱনৰ গতিশীলতাৰ বাবে লাগতিয়াল হৈ পৰিল বিভিন্ন উপাদান। তাৰেই এটা হ’ল বিদ্যুৎ , এই বিদ্যুতেই হৈ পৰিল আধুনিক জীৱনৰ চালিকা শক্তি । কিন্ত্ত এই বিদ্যুৎ শক্তি উৎপাদনৰ বাবে লাগিল কিছুমান উৎস । এই বিদ্যুৎ শক্তি উৎপাদনৰ উৎস সমুহ হ’ল- গেছ বা কয়লা ( ফছিল জাতীয় ইন্ধনৰ পৰা ), নিউক্লিয়াৰ নতুবা অন্য প্ৰাকৃতিক উৎস যেনে সলাৰ বা সূৰ্য্যৰ পোহৰ বা সৌৰ শক্তি, বতাহ আদি । তাৰোপৰি এই বিদ্যুৎ উৎপাদন কৰিব পাৰি আমাৰ নৈ অথবা জলাধাৰা সমূহৰ পৰা । দেশ এখনৰ মানদণ্ড নিৰ্ভৰ কৰে বিদ্যুৎ শক্তি উৎপাদনৰ যোগেদি । দেশৰ প্ৰগতিৰ মাপ কাঠি হয় এই অতি আৱশ্যকীয় বিদ্যুৎ উৎপাদন।

ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা প্ৰায় ১২৫ কোটি। এই ১২৫ কোটি মানুহৰ বিপৰীতে আমাৰ দেশত বিদ্যুৎ উৎপাদন হয় প্ৰায় ২.৩ লাখ মেগাৱাট। আৰু বিদ্যুৎ উৎপাদনত আমাৰ দেশৰ স্থান বিশ্বৰ ভিতৰতে তৃতীয় । তাৰ তুলনাত ৪০ কোটি মানুহে বসবাস কৰা আমেৰিকাৰ বিদ্যুৎ উৎপাদন প্ৰায় ১১ লাখ মেগাৱাট আৰু ১৩০ কোটি মানুহৰ বিপৰীতে চীন দেশে উৎপাদন কৰে প্ৰায় ১৩ লাখ মেগাৱাট বিদ্যুৎ । এতিয়া আহো এই বিদ্যুৎ উৎপাদনৰ উৎস সমূহৰ কথালৈ,চীন দেশে প্ৰায় ৯ লাখ বিদ্যুৎ উৎপাদন কৰে কয়লা বা গেছ জাতীয় উৎসৰ যোগেদি ।আৰু প্ৰায় ৩ লাখ মেগাৱাট বিদ্যুৎ উৎপাদন কৰে হাইদ্ৰ পাৱাৰ বা নৈ –জলাধাৰ আদিৰ যোগেদি ।

সেইদৰে আমেৰিকাৰ বিদ্যুৎ উৎপাদন কৰে মুলত কয়লা বা গেছ জাতীয় উৎসৰ যোগেদি আৰু উৎপাদন হয় প্ৰায় ৭.৫ লাখ মেগাৱাট আৰু নিউক্লেয়ৰ উৎসৰ পৰা প্ৰায় ১ লাখ মেগাৱাট । হাইড্ৰ' প্ৰজেক্টৰ পৰা উৎপাদিত হয় প্ৰায় ৮০ হেজাৰ মেগাৱাট বিদ্যুৎ । তাৰ তুলনাত ভাৰতৰ বিলদ্যুৎ উৎপাদনৰ মুল উৎস সমুহ হ’ল- কয়লা বা গেছ জাতীয় ইন্ধনৰ পৰা প্ৰায় ১.৫ লাখ মেগাৱাট, নিউক্লিয়াৰ প্ৰজেক্টৰ পৰা ৬ হাজাৰ মেগাৱাট আৰু জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় ৪০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হয়। কিন্ত্ত আমাক চীন বা আমেৰিকা আদি দেশৰ লগত ফেৰ মাৰিব পৰা হ’বলৈ হ’লে বিদ্যুৎ উৎপাদন খৰতকীয়াকৈ বঢ়াব লাগিব ।

এতিয়া কথা হ’ল বিদ্যুৎ উৎপাদন কৰিবলৈ হ’লে উৎপাদনৰ উৎসও থাকিব লাগিব পৰ্য্যাপ্ত পৰিমানে আৰু উৎপাদনৰ ব্যয় যিমান পাৰি সিমান কম কৰিব পাৰিলে ভাল হয়, বিশেষকৈ আমাৰ দৰে দুখীয়া দেশ এখনত। মূলত কয়লাই আমাৰ দেশৰ প্ৰধান ইন্ধন বিদ্যুৎ উৎপাদনৰ, কিন্ত্ত তাত আকৌ অসুবিধা কেইবাটাও ।

ভাৰতত লগাতকৈ কম উৎপাদন হয় কয়লা আৰু প্ৰাকৃতিক গেছ । বিভিন্ন ৰঙা ফিটাৰ মেৰ পেছত সোমাই ক’ল ইণ্ডিয়া নামৰ ৰাজহুৱা খণ্ডৰ কয়লা উৎপাদনকাৰী সংস্থাটোৱেও লগা ধৰণে কয়লা উৎপাদন কৰাত ব্যৰ্থ হৈছে। প্ৰাকৃতিক গেছৰ ক্ষেত্ৰটো একেই হৈছে, ৰিলায়েন্স নামৰ ব্যক্তিগত খণ্ডৰ উদ্যোগটোৱেও উৎপাদন সামৰ্থ অনুযায়ী কৰাত ব্যৰ্থ হৈছে বিভিন্ন কাৰণত। ইফালে উৎপাদিত গেছৰ মূল্য বৃদ্ধিৰ আবেদন জনায় আছে প্ৰাকৃতিক গেছ উৎপাদনকাৰী কোম্পানি কেইটাই।

যদি চৰকাৰে গেছৰ মূল্য বৃদ্ধিত সন্মতি দিয়ে গেছক ইন্ধন হিচাবে লোৱা বিদ্যুৎ উৎপাদনৰ খৰছ যে বাঢ়িব সেইটো খাটাং ।এইবোৰ সমস্যাৰ ওপৰিও আমাৰ দেশত উৎপাদিত কয়লাৰ গুনগত মানও বৰ ভাল নহয় ।আমাৰ ইয়াৰ কয়লাৰ কেলৰিফিক ভেল্লু যথেষ্ঠ কম বিশ্বৰ আন ঠাইৰ উৎপাদিত কয়লাৰ তুলনাত। সেই কাৰণে বিদ্যুৎ উৎপাদনত লগা কয়লাৰ পৰিমানও বাঢ়ি যায়। তাতোতকৈ ডাঙৰ কথাটো হৈছে আমাৰ দেশৰ কয়লাত ছাইৰ (Ash)ৰ পৰিমান বৰ বেছি আৰু সেইকাৰণে আমাৰ দেশৰ কয়লাৰ পৰা পৰিবেশ প্ৰদূষণো বেছি হয় ।

মুঠৰ ওপৰত কয়লাৰ পৰা উৎপাদিত বিদ্যুৎৰ চিত্ৰখন বৰ সুবিধাজনক নহয় । বৰ্ত্তমান নিউক্লিয়াৰ (পাৰমানৱিক) বিদ্যুৎ প্ৰকল্পৰ পৰিমানও যথেষ্ঠ কম আৰু সেইবোৰ প্ৰকল্পৰ প্ৰাথমিক নিৰ্মাণ কাৰ্য্যত খৰছৰ পৰিমান অতি বেছি লগতে জাপানৰ ফুৰছিমাত হোৱা দুৰ্ঘটনাৰ পাছত বিভিন্ন সংগঠনে লোৱা প্ৰতিবাদী কাৰ্য্যইও এই নিক্লিয়াৰ প্ৰজেক্ট বিলাকত বিধি পথালি লগাইছে। সেইদৰে সৌৰ শক্তি প্ৰকল্প বিলাকেও অনাগত দিন বোৰত এক গুৰুত্বপুৰ্ন ভুমিকা ল’ব সেইটো খাটাং । সম্পূৰ্ণ প্ৰদূষণ-মুক্ত এই প্ৰকল্প বিলাক আৰু সৌৰ শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পৰা যায়। সৌৰ শক্তিৰে চলা বিদ্যুৎ আহৰণৰ প্ৰযুক্তি বৰ উন্নত মানৰ হয় আৰু এই প্ৰযুক্তিত পাৰম্ভিক খৰছ বৰ বেছি লগতে উৎপাদন খৰছও বৰ বেছি। যদি তুলনা কৰা যায় সৌৰ শক্তিৰে উৎপাদিত বিজুলী শক্তিৰ দাম হয়তো প্ৰতি ইউনিটত প্ৰায় তিনি গুণমান বা তাতোতকৈও বেছি হব আন উৎসৰ পৰা উৎপাদিত বিজুলী শক্তিৰ তুলনাত ।

তাৰোপৰি ভৌগলিক দিশৰ পৰা ভাৰতৰ কেইখনমান ঠাইহে ব্যৱসায়িক ভাৱে সৌৰশক্তিৰ উৎপাদন কেন্দ্ৰৰ প্ৰকল্পৰ বাবে উপযুক্ত। আৰু এই প্ৰযুক্তি এতিয়াও আৰু উন্নত হোৱাৰ থল আছে। তাৰমানে হ’ল আমাৰ দেশত শক্তি আহৰণৰ উৎস কিছুপৰিমানে সীমিত অথচ আমি ফেৰ মাৰিব লাগে চীন আৰু আমেৰিকাৰ দৰে মহাশক্তিৰ লগত । চৰকাৰে হিচাব কৰি দেখিলে যে দেশখনৰ জলসম্পদ সমূহৰ পৰা ইচ্ছা কৰিলে প্ৰায় ১ লাখ মেগাৱাট পৰিমানৰ বিদ্যুৎ উৎপাদন কৰিব পৰা যায় । এই জলাধাৰ সমূহৰ আকৌ বেছি ভাগেই আমাৰ উত্তৰ পুৰ্ব্বাচলত অৱস্থিত । এফালে প্ৰচুৰ সম্ভাৱনাৰ এই অঞ্চল বিলাক আনফালে এই প্ৰকল্প বিলাকৰ পৰা হব পৰা ক্ষয় ক্ষতিৰ চিন্তাৰ মাজত এই প্ৰকল্প বিলাকৰ ভৱিষ্যত । এই প্ৰকল্পবোৰত কিছুমান বান্ধ বনাব লাগিব আৰু অসুবিধাটো হৈছে তাতেই ।


বান্ধ হোৱা মানেই বান্ধ হ’ব লগা ঠাইৰ পৰা হয়তো উচ্ছেদ হ’ব সেই ঠাই খনত যুগ যুগ ধৰি বসবাস কৰি অহা এক বৃহৎ সংখ্যক বাসিন্দা। তাৰোপৰি হয়তো পৰিবেশৰ ওপৰতো বিভিন্ন ধৰনে বিৰুপ প্ৰভাব পেলাব । কিন্ত্ত সেই বুলিয়েই জানো পৃথিৱীৰ অনান্য ঠাইত বান্ধ বনোৱা নাই । অকল আমেৰিকাতে সৰু বৰ আদি কৰি বিভিন্ন প্ৰকাৰৰ প্ৰায় ৫০০০০ ৰৰো ওপৰৰ বান্ধ আছে । আনকি ৫০ টাৰো বেছি বৃহৎ বান্ধ পৃথিৱীৰ বিভিন্ন ঠাইত বৰ্ত্তমান উপলব্ধ তাৰোপৰি আন প্ৰায় ৩০ টাৰো ওপৰৰ বৃহৎ বান্ধ নিৰ্মিয়মান অৱস্থাত আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত। 

তাৰোপৰি উল্লেখযোগ্য কথাটো হ’ল নতুনকৈ নিৰ্মাণ কাৰ্য্য চলি থকা বান্ধবোৰৰ আকৌবেছি ভাগেই হ’ল চীন দেশৰ । এইটো নোহোৱা নহয় যে এনেকুৱা বান্ধ বোৰৰ পৰা বিপদৰ আশংকা নথকা নহয়, কিন্ত্ত বিজ্ঞান তথা প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সাম্ভাব্য বিপদৰ আশংকা সমূহক নিৰ্মূল কৰাৰ প্ৰযুক্তিও প্ৰয়োগ কৰা হয় । নদীবান্ধ এটা হ’ব লগা ঠাই দোখৰৰ পুংখানোপূংখ ভাৱে পৰীক্ষা কৰা হয় তাৰোপৰি বান্ধটো কেনেকুৱা হোৱা উচিত কিমান পানী ধৰি থোৱাৰ ক্ষমতা হ’ব কেনেকৈ ধৰি থোৱা হব, ভুমিকম্প হ’লে কেনেকুৱা প্ৰভাৱ পৰিব আদিকে ধৰি সকলো কথাই বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন ধৰণেৰে পৰীক্ষা কৰি চোৱা হয় তাৰ পাচতহে নিৰ্ম্মাণ কাৰ্য্যৰ অনুমতি দিয়া হয়। এইবোৰ কৰোতে আকৌ আন্তৰ্জাতিক মান নিৰুপিত পদ্ধতিহে প্ৰয়োগ কৰা হয় । গতিকে সকলো চালি যাৰি চোৱাৰ পাছত দেখা যায় নিৰ্ম্মাণ হ’ব লগা যিকোনো বান্ধেই যথেষ্ট পৰিমানে নিৰাপদ বুলিয়েই কব পাৰি ।

বান্ধতো যেনিবা হ’লেই সুৰক্ষিত, কিন্ত্ত বান্ধটো হোৱাৰ লগে লগে বান্ধটো ধৰি ৰাখিব লগা পানী খিনিৰ পৰা জলাধাৰটোৰ জৈৱ বিচিত্ৰ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব ? সেইটোও অতি গভীৰ ভাৱে চাব লগা বিষয়। কিন্ত্ত গোটেই বিলাক কাম বৈজ্ঞানিক ভিত্তিত কৰিব পৰা যায় । কিন্ত্ত কেৱল ৰাজনৈতিক পাকচক্ৰত আচল কথা বিলাকত গুৰুত্ব নিদি ৰাজনৈতিক লাভা-লাভৰ চিন্তাত থাকিলে আমাৰ দৰে দুখীয়া দেশ এখনৰ উন্নতি কেনেকৈ হ’ব। ব্যক্তিগত ভাৱে এজন কাৰিকৰী লোক হিচাবে দেখো আমি কৰা প্ৰত্যেকটো কামৰেই বিশেষভাৱে পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পাছতহে সেইটো প্ৰৱৰ্ত্তনেই কঁওক নিৰ্মাণেই কঁওক কৰিবলৈ আগবঢ়া হ’য় ।

তেলশোধনাগাৰেই কঁওক বা আন পেট্ৰ'কেমিকেল উদ্যোগবোৰ কাৰ্য্যগতভাবে একো একোটা বোমা সদৃশ বস্তু কিন্ত্ত এইবোৰ নিৰ্মাণ কৰাৰ আগতে ডিজাইনৰ পৰা আৰম্ভ কৰি নিৰ্মাণ কাৰ্য্যলৈ কেবাটাও ভাগত পুংখানুপুংখ ভাৱে চোৱাৰ পাছতহে তাক উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় । সেইকাৰণেই এইবোৰ প্ৰকল্পৰ পৰা হ’ব পৰা বিপদৰ সম্ভাৱনা একেবাৰে কম। তেনেকৈয়ে এই বান্ধ আদিকে ধৰি জলবিদ্যুৎ প্ৰকল্প বিলাকৰো বিভিন্ন প্ৰকাৰেৰে অনুসন্ধান পৰীক্ষা নিৰিক্ষা চলাইহে প্ৰকল্প এটা বনাবলৈ সেউজ সংকেত দিয়া হয়।

কিন্ত্ত বিগত কেইবা বছৰত আমি যি দেখিছো সেইয়া দেশ খনৰ আৰু বিশেষকৈ আমাৰ দৰে অনুন্নত ৰাজ্য এখনৰ কাৰণে একেবাৰেই ভালখবৰ নহয়।বৃহৎ বান্ধটো হব লাগে নে নেলাগে সেইটোত হয়তো ৰাইজৰ ভাল বেয়া হোৱাৰ চিন্তাতকৈও ৰাজনৈতিক ভাৱে কাৰ কিমান লাভা লাভ হব তাৰে অংক বেছি কৰা হয়। তাৰ এটা সৰু উদাহৰন- আমাৰ অসমত আজি কেবা বছৰ ধৰি বিদ্যুৎ সংকতে ৰাইজক বাৰুকৈয়ে জুৰুলা কৰি ৰাখিছে । চাহিদাতকৈ উৎপাদনৰ পৰিমান কম । তাকেলৈ দল সংগঠনৰ লগতে দেশৰ প্ৰধান ৰাজনৈতিক দল বি জে পিৰও ওজৰ আপত্তিৰ অন্ত নাই । চৰকাৰেও বিশেষ সৰু-সুৰা ইটো সিটোৰ লগতে সোৱনশিৰী প্ৰকল্প শেষ হলে চাহিদা অনুযায়ী বিদ্যুৎ পোৱা যাব বুলি শান্তনা লভাতেই নিজৰ দায়িত্ব শেষ বুলি বহি থাকিল।

ইফালে সেই বি জে পি দলটোৱেই আকৌ বান্ধ বিৰোধী অৱস্থান গ্ৰহণ কৰি চৰকাৰক বান্ধ নিৰ্মাণত যোৱা কেইবা বছৰ বিধি পথালি দি থাকিল । কিন্ত্ত সেই একেই বি জে পি দলে কেন্দ্ৰত চৰকাৰ গঠনৰ পাছত এই নদীবান্ধৰ কাম আৰম্ভ কৰাৰ ইংগিত দিছে । এতিয়া কথা হল যদি বি জে পিয়ে প্ৰকল্পটো লাগে বুলি এতিয়া অনুভৱ কৰিছে তেনে হলে জানো তেঁওলোকে ইমান দিন এই প্ৰকল্পৰ বিৰোধীতা কৰি সাধাৰণ জনগনক ভুল পথে পৰিচালিত কৰা নাই ।

লগতে জানো এই প্ৰকল্পৰ উৎপাদন কাৰ্য্যত বিলম্ব ঘটাই ৰাইজক বিদ্যুৎ সংকটৰ পৰা মুক্ত হোৱাত বাধা দি থকা নাই ? এইটো কেৱল এটা সৰু উদাহৰণহে, আৰু এইয়া কেৱল বি জে পি য়েহে কৰে এনে নহয়। এই এনেকুৱা ৰাজনীতি কংগ্ৰেছকে ধৰি সকলোবোৰ ৰাজনৈতিক দলেই কৰি আহিছে । এনেকুৱাবিলাক কথাই হয়তো এই ৰাইজৰ বিশেষ ভাৱে লাভৱান নকৰে , কেৱল লাভৱান কৰিব ক্ষুদ্ৰ ৰাজনৈতিক আশা আকাংক্ষ্যাক এই দল তথা ইয়াৰ নেতা পালি নেতাসমূহৰ। উপকাৰিতা বা অপকাৰিতাৰ সঁচা মান নিৰূপিত হঁওক। দেশ তথা ৰাইজ সঁচা অৰ্থত লাভৱান হঁওক। গতিকে ক্ষুদ্ৰ ৰাজনৈতিক লাভা লাভৰ চিন্তাৰ পৰা বাহিৰলৈ আহি চৰকাৰ আৰু বিৰোধীৰ অৱস্থান গ্ৰহন কৰা দল সংগঠনে দেশৰ কাৰণে ভাল হোৱা কাম কৰাত জোৰ দিব লাগে । আশাকৰো বিৰোধিতা কেৱল ক্ষমতা দখলৰে আহিলা নহওঁক।
লেখক দক্ষিণ আফ্ৰিকাত চা'চল টেকলনজি নামৰ সংস্থাত কৰ্মৰত অভিযন্তা।

No comments:

Post a Comment