পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰঃ
১. গুৱাহাটীস্থ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত উন্নত প্ৰযুক্তিৰ নতুন চিকি
সা যন্ত্ৰ সংস্থাপিত হোৱাৰ সুখবৰ। ভাবা আণৱিক গৱেষণা কেন্দ্ৰই প্ৰস্তুত কৰি উলিওৱা "ভাভাট্ৰ'ন-২ টেলিক'বাল্ট ফেচিলিটী" নামৰ দেশৰ অন্যতম উন্নত প্ৰযুক্তিৰ যন্ত্ৰটো কালি প্ৰতিষ্ঠানটোত উদ্বোধন কৰিলে ভাৰ চৰকাৰৰ আণৱিক শক্তি বিভাগৰ অধ্যক্ষ ডঃ ৰতন কুমাৰ সিনসাই। উল্লেখযোগ্য যে এই বিভাগটোৱে এই কৰ্কট প্ৰতিষ্ঠানৰ ৫০শতাংশ ব্যয় বহন কৰি আহিছে। সিনহাদেৱে "ষষ্ঠতম ডাঃ কে চি বৰুৱা প্ৰতিষ্ঠা দিৱস বক্তৃানুষ্ঠানতো ভাষণ প্ৰদান কৰে। এতিয়া প্ৰতিষ্ঠানটোত দৈনিক ৪০০ৰোগীক চিকিসা প্ৰদান কৰিব পৰা যাব বুলিও কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
২. নতুন সুৰ প্ৰকাশন পৰিষদে প্ৰতিবছৰে সাহিত্য-সংস্কৃতি-সংবাদ জগতলৈ অগ্ৰণী বৰঙণি আগবঢ়োৱা ব্যক্তিবিশেষক "সাহিত্যজ্যোতি" আৰু "কথা বৈভৱ" বঁটা প্ৰদান কৰি আহিছে। নৱম বাৰৰ বাবে প্ৰদান কৰিবলৈ ওলোৱা "সাহিত্যজ্যোতি" বঁটাৰ বাবে   বিশিষ্ট কবি, লেখক, মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক ডঃ দেৱজি শইকীয়াৰ নাম ঘোষণা কৰিছে। লগতে জনসাধাৰণ কাকতৰ দেওবৰীয়া পৰিপূৰিকা "ইত্যাদি"ৰ সম্পাদক তথা শক্তিশালী লেখক মৃদুল কুমাৰ সন্দিকৈ আৰু ধেমাজিৰ পৰা প্ৰকাশিত "কাব্য পত্ৰিকা" নামৰ কবিতা আলোচনীৰ সম্পাদক বিপুল শৰ্মালৈ "কথা বৈভৱ বঁটা" প্ৰদান কৰিব বুলিও প্ৰকাশ কৰিছে। ১৩জুলাইত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত এই উদ্দেশ্যি আয়োজিত অনুষ্ঠানতে "মংগলবোধ জাগৰণ কেন্দ্ৰ"ৰ তৰফৰ পৰা তিনিচুকীয়াৰ বিশিষ্ট কবি অজিত দত্তক "কাব্য সুধা" উপাধি প্ৰদান কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. অসমীয়া ছবিজগতলৈ ""যৌৱনে আমনি কৰে" নামৰ ছবিৰে সুদিন আনিবলৈ সক্ষম হোৱা সফল ছবি নিৰ্মাতা অশোক কুমাৰ বিষয়াই এইবাৰ হাতত লৈছে নতুন ছবি "খেল-দ্য গেম"ৰ কাম।  যোৱা ১৯জুনত শুভ মহুৰত সম্পন্ন হোৱা ছবিখনৰ চিত্ৰনাট্য ৰাজদ্বীপৰ। অংকুৰ কুমাৰ বিয়া, বৰষাৰাণী বিযয়াই অভিনয়ৰ লগতে সহকাৰী পৰিচালক ৰূপেও ছবিখনৰ নিৰ্মাণত ভূমিকা গ্ৰহণ কৰিব। ছবিখনৰ কাৰিকৰী নিৰ্দেশক দেবাংকৰ বৰগোহাঞি আৰু কেমেৰাৰ দ্বায়িত্ব হাইদৰাবাদৰ শ্বেইখ হজৰত টায়াৰ ওপৰত অৰ্পণ কৰাৰ লগতে ৫ডি মাৰ্ক-৩ কেমেৰাৰে দৃশ্যগ্ৰহণ কৰাৰো ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

৪. তেজপুৰৰ সু-সন্তান তথা স্বাধীনতা সেনানী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ নামত সাংস্কৃতিক অনুষ্ঠান "নন্দন কানন সংগীত বিদ্যালয়ে" এইবৰ্ষৰ পৰা প্ৰবৰ্তন কৰিছে বছেৰেকীয়া বঁটাৰ। শিক্ষা, সাহিত্য আৰু সমাজ সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হব। বঁটাত এটা স্মাৰক, গামোচা, চেলেং, জাপি, মানপত্ৰৰ লগতে নগদ দহ হাজাৰ টকাও থাকিব বুলি উদ্যোক্তা সকলে সদৰী কৰিছে।

৫. অসমত স্থাপন হব ৰাষ্ট্ৰীয় জৈৱিক কৃষি গৱেষণা প্ৰতিষ্ঠান। উত্তৰ-পূৱৰ কৃষ্টি সংস্কৃতিক উজ্বলাই তোলাৰ বাবে চৰকাৰে  খুলিব নতুন টিভি চেনেল "অৰুণ প্ৰভাত"। সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ বাবে ৫০০কোটিৰ ব্যৱস্থাকে ধৰি ভাল খবৰেৰে কালি সংসদত উত্থাপিত হ'ল মোদী চৰকাৰৰ প্ৰথমখন বাজেট। উত্তৰ-পূৱৰ ঘাইপথৰ উন্নতিৰ বাবে ৩০০০কোটি, ৰেলৱেৰ বিকাশৰ বাবে ১০০০কোটি, মণিপুৰত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ বাবে ১০০কোটি টকাৰ অনুমোদন। বাজেটক লৈ শ্বেয়াৰ বজাৰত পৰিলক্ষিত হ'ল মিশ্ৰিত প্ৰতিক্ৰিয়া।

৬. ব্যক্তিগত কৰ ৰেহাইৰ ক্ষেত্ৰত জ্যোষ্ঠ নাগৰিকৰ বাবে আয়ৰ সীমা ৩লাখ আৰু আন নাগৰিকৰ বাবে এই সীমা ২,৫লাখলৈ বৃদ্ধি। পাব্লিক প্ৰভিডেণ্ড ফাণ্ডত ১.৫লাখ টকালৈকে জমা কৰাৰ সুবিধা, বিধি৮০(চি)ৰ অধীনত কৰ ৰেহাইৰ বাবে ডেৰ লাখ টকালৈকে সুবিধা বৃদ্ধি কৰাত মধ্যবিত্তীয় কৰদাতা ৰাইজক নতুন বাজেটে সকাহ দিবলৈ চেষ্টা কৰাৰো সুখৰ খবৰ। গৃহ ঋণৰ সুতৰ দুই লাখ টকালৈকে আয়কৰ ৰেহাই পোৱাৰ ব্যৱস্থাৰ কথাও নতুন বাজেটত ঘোষণা।

৭. অকালতে হেৰাই যোৱা শিল্পী দীপা গোস্বামীৰ স্মৃতি ৰক্ষাৰ্থে সামাজিক-সাংস্কৃতিক অনুষ্ঠান "গতি, অসম"ৰ উদ্যোগত এইবৰ্ষৰ পৰা প্ৰবৰ্তন কৰা হৈছে "দীপা গোস্বামী শিল্পী বঁটা"। বিশেষকৈ গ্ৰামাঞ্চলত অভিনয় আৰু সংগীতৰ সাধনা কৰা শিল্পীসকলক এই বঁটা প্ৰদান কৰিব বুলি আয়োজক সংস্থাটোৱে ঘোষণা কৰিছে। অহা ছেপ্তেম্বৰত বঁটা প্ৰদানৰ বাবে বিভিন্ন শিল্পীসকলৰ পৰা ৩০জুলাইৰ ভিতৰত আবেদন আহ্বান কৰা  হৈছে। সবিশেষ জানিবৰ বাবে ৯৮৫৪০৭০৬১৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৮. অসমৰ ৪৬১খন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪৮৬৫টা পদৰ প্ৰাদেশিকীকৰণৰ বাবে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অনুমোদন জনোৱাৰ সুখবৰ।  আসাম ভেনছাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ(প্ৰভিনচিয়েলাইজেশ্যন অৱ ছাৰ্ভিচেজ) এক্ট ২০০১ৰ অধীনত ২০১১-১৩ দুটা বৰ্ষত মুঠ ৪১,৪৫৫টা পদৰ প্ৰাদেশিকীকৰণ কৰা হৈছিল বুলি তথ্য প্ৰকাশ পাইছে।

৯. গুৱাহাটী সাহিত্য কাননৰ উদ্যোগত আৰু সদৌ অসম কেন্দ্ৰীয়-অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সহযোগত সমাজহিতৈষী খনীন্দ্ৰ দাসৰ জন্মদিন ১৪জুলাইক "সততাৰ দিন" ৰূপে পালন কৰাৰ বাবে চলিছে আয়োজন। গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাস ভৱনত সততাৰ স্বৰূপ আৰু প্ৰয়োগ সন্দৰ্ভত বক্তব্য আগবঢ়াব বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ আৰু প্ৰকাশ মহন্তই।

১০. মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুখবৰ। পাৰপত্ৰ, চাকৰি আদিৰ ক্ষেত্ৰত ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন তথা পুলিচ পৰীক্ষণ প্ৰক্ৰিয়া এমাহৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ বাবে লব পদক্ষেপ। অহা পোন্ধৰ আগষ্টৰ ভিতৰত এই সন্দৰ্ভত এক নিৰ্দিষ্ট কৰ্মসূচী সকলো জিলা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হব বুলিও প্ৰকাশ পাইছে সুখবৰ।

No comments:

Post a Comment