হাস্য ব্যংগ সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ সত্যৰ সন্ধান

হাস্য ব্যংগ সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. বাংলাদেশীক দেশী কৰিবলৈ এক মিনিটো নালাগে বাবেই আজি অসম আৰু বাংলাদেশৰ মাজত পাৰ্থক্য নাই বুলি অনুভৱ প্ৰকাশ কৰি এতিয়া শলঠেকত পৰিছে মুম্বাইৰ আৰক্ষী! আজিকালি সঁচা কথাৰ ঠেং চুটি হোৱাৰ বাবেহে আৰক্ষীৰ এনে দুৰ্গতি হোৱা বুলি প্ৰকাশ কৰি ৰসিক বৰবৰাদাই অসমৰে কোনো কোনো ঠাইলৈ গ'লে খোদ তেখেতৰো ঢাকাত থকা টাইপেই অনুভৱ হয় বুলি সহমৰ্মিতা প্ৰকাশ কৰিছে।


২. অৱশেষত কইনাধৰা কাপৰ ফাইনেল জিকি দিল্লীৰ পৰা ঘৰলৈ ঘূৰি অহা ৰসাল গগৈক কালি গুৱাহাটীত উপস্থিত হোৱাত প্ৰচুৰ আদৰণি জনোৱাৰ খবৰ পোৱা গৈছে। গগৈ জিকাতকৈ তেওঁ গ'ল দি হৰুওৱা দলটোৰ পৰাজয়তহে আনন্দ কৰা মানুহৰ সংখ্যা কালি ফুৰ্তি কৰা সকলৰ মাজত সৰহ বুলিও চকু-চৰহা বৰুৱাই প্ৰকাশ কৰিছে।

৩. বেমাৰ-আজাৰ মন্ত্ৰীয়ে সঠিক দৰৱ আৰু প্ৰতিষেধক নোলোৱাৰ বাবেহে বিসম্বাদী জ্বৰত পৰি নাকনি-নাবনি হ'ল বুলি গোপনে জানিব পৰা গৈছে। পিছে তেওঁ দৰৱ আৰু প্ৰতিষেধক সঠিক সময়ত ৰাইজক কিনি নিদিয়া বাবেও শতাধিক লোক মায়া সংসাৰ ত্যাগ কৰিব লগা হোৱাতো অধিক পাপৰ বোজা বৃদ্ধি হোৱা বুলি গোপন খবৰ প্ৰকাশ পাইছে।

৪. নৰেনভাই মুডীয়ে নিৰ্বাচনী মুডত লিখা কবিতা পঢ়িয়ে এতিয়া নগাঁৱৰ চাহ বেপাৰীয়ে গ্ৰাহকক আনন্দ দিয়া বুলি জানিব পৰা গৈছে। একে দামত চাহ বিকিবলৈ চেনী জোগাৰ কৰিব নোৱাৰা দোকানীয়ে সেৰেকা চাহ বিকি অৱশেষত মুডীৰ কবিতাৰ কিতাপখনকে পিঠিৰ চাল চিগাৰ পৰা প্ৰতিৰোধক হিচাবে ব্যৱহাৰ কৰিছে বুলিও খবৰ ওলাইছে।

৫. হাতোৰা পাৰ্টিৰ পৰা পাখিকটা বিধায়ক সন্থাই এতিয়া হাতত পদুম তুলি লবলৈ মন কৰা বুলি বাতৰি প্ৰকাশ পাইছে। পিছে এতিয়া বেছি উৰিবলৈ গৈ পাখি কটা গৈ পংগু হোৱা উচ্চাকাংখী পখীক বোকাৰ পদুমত স্থান নিদিয়ে বুলিও স্পষ্ট কৰি দিছে। ৰাজ্যত পদুম ফুলিবৰ বাবে উপযুক্ত বোকা সৃষ্টি কৰাৰ বাবে অৱশ্যে আন্তৰিক ধন্যবাদ তেখেতসকললৈ জ্ঞাপন কৰিবলৈ দলটোৱে পাহৰা নাই বুলিও জানিব পৰা গৈছে।

৬. কালি দুই প্লেটকৈ বিৰিয়ানি খাই এক প্লেটতকৈ সাম্প্ৰদায়িক নফৰত হৃদয়ৰ পৰা আঁতৰাই পেলোৱা বুলি দাবী কৰিছে শান্তিপ্ৰিয় হাজৰিকাই। কাবাব, মিঠাই আৰু ছেৱৈৰ সোৱাদৰ বাবেও আৰু আধা প্লেটমান নফৰত মনৰ পৰা ত্যাগ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰি হাজৰিকাইহে ঈদৰ আচল অৰ্থ আৰু সোৱাদ বুজি পালে বুলি দাবী কৰিছে।

৭. "পাৱে পৰি হৰি" নামৰ ভক্তিমূলক গীতটিৰ কালি কিছু দৃশ্যাংশৰ অভিনয় দিল্লীত হোৱা বুলি সংবাদ শিৰোনামাত প্ৰকাশ পাইছে। ৰসাল গগৈৰ সতে ভিডিঅ'টোত ৰহাৰ হিৰো পীয়ুষ প্ৰাণ আৰু উজনিৰ এজনী নাচনী সৌমিত্ৰাই অংশ লোৱা বুলি গুজৱ ওলাইছে। চিডিখন ৰিলিজ হ'লেহে উৰহী গছৰ ওৰ পোৱা যাব বুলি দিল্লীৰ সংবাদদাতাই আমালৈ ভৱিষ্যতবাণী প্ৰেৰণ কৰিছে।

৮. গেলাঘাটত ধৰা পৰা এগৰাকী আন্তৰ্জাতিক গাড়ী ৰপ্তানি ব্যৱসায়ী কন বৰাই দহ বছৰত ২০০০খন গাড়ী চালান দি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰতিভাৰ কথা গম পোৱাৰ পাছত স্থানীয় এমপি কনপোনা গগৈয়ে তেখেতক এই খ্যাতিৰ বাবে আন্তৰ্জাতিক চৰকাৰত পৰিবহন মন্ত্ৰীৰ দ্বায়িত্ব দিবলৈকো দাবী তুলিছে বুলি জানিব পৰা গৈছে।

৯. কালি লংকাত "কিক" চাবলৈ টিকট নোপোৱাৰ বাবে জনতাই কিক্-বস্কিং সকলো মাৰি চিনেমাহলকে ধুলিসাৎ কৰি দিয়াৰ বাতৰি পোৱা গৈছে। পাব্লিকৰ কিক যে ছলমানৰ কিকতকৈ শক্তিশালী সেয়াই ঘটনাটোৱে প্ৰমাণ কৰিছে বুলি স্থানীয় আৰক্ষী বিষয়াই দাবী কৰিছে।

১০. ডায়েৰীয়া নিৰ্মূল পষেকৰ ধন বেছি পৰিমাণৰ ভক্ষণ কৰাৰ ফলত এতিয়া স্বাস্থ্য বিভাগৰ কিছুলোক "খুচুৰা ডায়েৰীয়া" বুলি আন এটা ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে। আক্ৰান্ত কৰ্মচাৰী সকললৈকো কিবা বিশেষ আঁচনি ঘোষণা কৰিবলৈ আঁচনি প্ৰডাকচন চেণ্টাৰ, কইনাধৰাক দাবী তোলা বুলিও গুজৱ ওলাইছে।

No comments:

Post a Comment