পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. কবি নৱকান্ত বৰুৱাৰ মৃত্যু তিথি উপলক্ষে নগাঁৱত উদযাপিত হ'ল কবিতাৰ দিন। ১৪জুলাইৰ বিয়লি কবি গৰাকীৰ প্ৰিয় প্ৰতীক দলঙৰ ওপৰত আয়োজিত হয় "দলংৰ কবিতা" নামৰ ব্যতিক্ৰমী অনুষ্ঠানটোৰ। অনুষ্ঠানটো শুভাৰম্ভ কৰে ৰঙাজিঞাখ্যাত কবি মহিম বৰাই। কবিতা, গীতৰ মাজেদি অনুষ্ঠানটো বৰ্ণিল হৈ উঠাৰো সুখৰ খবৰ।


২. কালি ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে দেশৰ প্ৰখ্যাত পৰিবেশবিদ চান্দি প্ৰসাদ ভাটক ৰাষ্ট্ৰপতি ভৱনত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গান্ধী শান্তি বঁটা প্ৰদান কৰে।

৩. ব্ৰাজিলত অনুষ্ঠিত ষষ্ঠ ব্ৰিকছ শীৰ্ষ সন্মিলনত "ব্ৰিকছ বিকাশ বেংক" নামৰ বেংকটোৰ স্থাপন কৰা বিষয়ক লৈ পাঁচোখন দেশৰ শীৰ্ষ নেতাই সহমতত উপনীত হোৱাৰ সুখবৰ। গোলকীয় অৰ্থনীতিৰ উত্থান পতনৰ প্ৰভাৱৰ পৰা এই বেংকে সদস্য ৰাষ্ট্ৰকেইখন ক্ৰমে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাক ৰক্ষা কৰাত সহায়ক হব বুলিও আশা প্ৰকাশ কৰা হৈছে। সদস্য ৰাষ্ট্ৰ কেইখনৰ সম-অংশীদাৰীত্বৰে গঠন হব লগা বেংকটোৰ মুখ্য কাৰ্যালয় চাংহাইত স্থাপিত হব। বেংকটোৰ প্ৰথমগৰাকী মুৰব্বী  ৰূপে ভাৰতীয় লোকক দ্বায়িত্ব অৰ্পণ কৰা হব বুলিও প্ৰকাশ পাইছে সুখবৰ।

৪. অপৰাধীৰ বাবে কোনো তাৰিখ ধৰি সময়মীমা নিৰ্ধাৰণ কৰিব নোৱাৰি বুলি মন্তব্য কৰি উচ্চ ন্যায়ালয়ে কিশোৰ ন্যায় আইন সংশোধনৰ বাবে নিৰ্দেশ জাৰি কৰাৰ সুখবৰ। বয়সৰ আধাৰত জঘন্য অপৰাধত জড়িত কিশোৰে কঠোৰ শাস্তিৰ পৰা বাৰে বাৰে ৰেহাই পোৱাৰ উদাহৰণ সৃষ্টি হোৱাৰ বিষয়টোত সৰ্বোচ্চ আদালতখনে দৃষ্টি দি আইনী সমীক্ষাৰে আইনখনৰ প্ৰয়োজনীয় সংশোধন ঘটাবলৈ নিৰ্দেশ জাৰি কৰিছে।

৫. ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াই কৃত্ৰিম নাটনিৰ ঘোষণা কৰাৰ বিৰুদ্ধে অসম চৰকাৰৰ যোগান বিভাগে গোচৰ তৰিব বুলি বিভাগীয় মন্ত্ৰীয়ে কৰিলে প্ৰকাশ। অসমত আলু-পিঁয়াজৰ কোনো অভাৱ হোৱা নাই বুলি স্পষ্ট কৰি দি কামৰূপ জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া সকলে কালি গুৱাহাটীৰ বজাৰত প্ৰৱেশ কৰা ৪৮০০পেকেট আলুৰ ওপৰত কাঢ়া নজৰ ৰাখিছে বুলিও প্ৰকাশ কৰিছে।

৬. অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীয়ে আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজক সকাহ দিয়াৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ জুৰোড অঞ্চলত এখন বজাৰ কালি মুকলি কৰিছে। আজি চানমাৰিতো এনে মধ্যভোগীহীন এনে অস্থায়ী বজাৰৰ জৰিয়তে মহানগৰবাসীলৈ সুলভ মূল্যত শাক-পাত যোগান ধৰিব বুলিও সমিতিয়ে সদৰী কৰিছে। পূৰ্বতেও এনে অস্থায়ী বজাৰ স্থাপন কৰা সমিতিখনে এইবাৰ কৃষক সকলক লগত লৈ স্থায়ী বজাৰ স্থাপন কৰিব বুলিও প্ৰকাশ কৰিছে।

৭. গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক মহলাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হৈছে। কলা শাখাত ৯১.১৮ শতাংশ, বিজ্ঞান শাখাত ৯১.১৬শতাংশ আৰু বাণিজ্য শাষাত ৯৫.৬শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ সুখবৰ। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনত ষান্মাসিক পদ্ধতি প্ৰবৰ্তন হোৱাৰ পাছত স্নাতক হোৱা এইটোৱেই প্ৰথম বেটছ।

৮. চৰকাৰী কৰ ফাঁকিৰে সুৰাৰ ব্যৱসায় চলাই হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন চলোৱা ঘটনা আদালতত প্ৰতিপন্ন হোৱা আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক অসম সাংবাদিক সন্থ (আজু)ই  আদৰণি জনাইছে। ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখন ভিত্তিত এতিয়া এই বিষয়টোত উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

৯. "শ্ৰীমদ্ভাগৱত"ৰ এটি নতুন সম্পাদিত সংস্কৰণ আজি বিয়লি ৩বজাত উন্মোচিত হৈছে গুৱাহাটী প্ৰেছ ক্লাৱত। বাণী মন্দিৰৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰিছে বিশিষ্ট বৈষ্ণৱ সাহিত্যৰ গৱেষক পণ্ডিত ডঃ কেশৱানন্দ দেৱগোস্বামীয়ে।

১০. অহা ২১-২৩ জুলাইত তিনিদিনীয়াকৈ এক নিযুক্তি শিবিৰ আয়োজন কৰিছে ভাৰতীয় সেনা বাহিনীৰ শোণিতপুৰৰ ফুলবাৰীস্থ সেনা ছাউনীত। ৬০০জুন যুৱকক ১৭৯ দিনৰ বাবে অস্থায়ী পদত নিযুক্তি এই শিবিৰৰ যোগেদি প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment