হাস্য ব্যংগ সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ সত্যৰ সন্ধান

হাস্য ব্যংগ সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. কঠিয়াতলীত ছটাকৈ ঘোঁৰা চৰি থকা দেখি ৰাইজে আৰক্ষীক খবৰ দিয়ে। পিছে ঘোঁৰা কেইটাৰ মালিক নোলোৱাত সকলো বিপাঙত পৰিছে। কোনোবাই এই ঘোঁৰা বাংলাদেশী আৰু অনুপ্ৰৱেশকাৰী ঘোঁৰা হবও পাৰে বুলিও আঙুলিয়াই দিছে। পিছে এইকেইটা ঘোঁৰা জালুকবাৰীৰ ৰজা হব খোজা শৰ্মাদাৰ অশ্বমেধৰ ঘোঁৰাও হব পাৰে, এতিয়া মেডামৰ সিদ্ধান্ত নোপাৱা বাবেহে এইদৰে ৰাজহুৱা স্থানত চৰি আৰাম কৰি আছে চাগৈ বুলিও সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।


২. কবিতা লিখা মানুহৰ সৈতে বন্ধুত্ব কৰোতে সাৱধান হব। নহ'লে আপোনাৰ নাম কবিতাৰ সৈতে টেগ কৰি কৰি আপোনাক বিৰক্ত কৰাৰ সম্ভাৱনা প্ৰৱল। কবিৰ সৈতে বন্ধুত্ব কৰিলে কবিতাৰ সঘন প্ৰসৱ-বাৰ্তাৰ বিৰক্তি সহ্য কৰিবলৈকো সাজু হব লাগিব। তাতে সঘন লাইক মাৰি নাথাকিলে যে আপোনাৰ বন্ধুত্বও দীৰ্ঘম্যাদি নহব সেয়া স্বাভাৱিক বুলিও খ্যাতনামা জ্যোতিষ হিৰো ইয়ঙে ভৱিষ্যতবাণী কৰিছে।
 
৩. দিগবিদিক সিঙ চাহাবে মধ্যপ্ৰদেশত কৃষকক ক্ষতিপূৰণ দিয়া বিষয়ত সাত দিনৰ অনশন কৰিব বুলি ঘোষণা কৰিছে। পিছে এই বয়সতো দুৰ্দান্ত প্ৰেমিক ৰূপে দেশত খ্যাতিমান হোৱা দিগি চাহাবক আচলতে পেট কমাবলৈ বুলি প্ৰেমিকাই কৰা জেদ আৰু অভিমানৰ ফলতহে আচলতে এই কাৰ্যসূচী হাতত লৈছে বুলি গুজৱ ওলাইছে।

৪. সৰুপথাৰত ডাঙৰ ডাঙৰ গাড়ী চোৰ চক্ৰ সক্ৰিয় হৈ থকাৰ খবৰ প্ৰকাশ পোৱাত বিভিন্ন ওচৰ-চুবুৰীয়া পথাৰ সমূহৰো নিবনুৱা সকলে সন্তোষ প্ৰকাশ কৰিছে। স্থানীয় নিবনুৱা সকলকো এনে ব্যৱসায়ীক চক্ৰত নিযুক্তি দিলে ব্যৱসায়টো আন্তৰ্জাতিক পৰ্যায়লৈ নিয়াৰ লগতে দেশৰ চুৰি গাড়ী ৰপ্তানিৰে অসমৰ নাম উজলাব পৰা যাব বুলিও আশা প্ৰকাশ কৰিছে।

৫. বিৰোধী দলপতিৰ আসনখনো হাতোৰা পাৰ্টিৰ হাতত দিবলৈ নাৰাজ চৰকাৰক এইবাৰ মহাভাৰতৰ উদাহৰণেৰে ইমোচনেল অত্যাচাৰ কৰাৰ খবৰ পোৱা গৈছে। এখন আসনো পাণ্ডৱক দিবলৈ ৰাজী নহৈছিল কৌৰৱ, কিন্তু তাৰ পাছত হোৱা কুৰুক্ষেত্ৰই কিন্তু ইতাহাস বুলিও হাতোৰা পাৰ্টিয়ে প্ৰচাৰ চলোৱা বুলিও এতিয়া খবৰ ওলাইছে।

৬. আজিৰ দেশৰ শ্বেয়াৰ মাৰ্কেটত ছেনছেক্স ২৬হাজাৰৰ সীমা পাৰ হৈ যোৱাৰ বাতৰি। দালাল ষ্ট্ৰীটৰ পৰা পোৱা খবৰ মতে আলু, পিয়াঁজ, চেনি, দালিৰ মূল্যবৃদ্ধিৰ সৈতে ফেৰ মাৰিবলৈ আঁকোৰগোজ হোৱা ছেনছেক্স অকঁৰা মৈত উঠাৰ স্থিতি গ্ৰহণ কৰিছে। ইয়াৰ ফলত ভাৰতৰ ধনী পুঁজিপতিয়ে অচিৰেই বিশ্ব ৰ ভিতৰতে ধনী হোৱাৰ গৌৰৱৰ অধিকাৰী হবই বুলি অৰ্থনীতিবিদসকলে শংকা প্ৰকাশ কৰিছে।

৭. দেশৰ ভিতৰতে নাৰীৰ বাবে অসুৰক্ষিত অঞ্চল ৰূপে অসম চিহ্নিত হোৱাৰ খবৰ প্ৰকাশ পাইছে। সেইবাবেই কালি সদৌ অসম হকীষ্টিক সন্থাৰ দ্বায়িত্বভাৰো মহিলাৰ হাতত গতাই অসমীয়া নাৰীক সুৰক্ষিত কৰিব খোজা বুলি নঁগাৱৰ পৰা খবৰ আহিছে। জানিব পৰা মতে হাবি-বন মন্ত্ৰীৰ শ্ৰীমতীয়ে নিজৰ স্বামীয়ে গঁড়ক নিৰাপত্তা দিব নোৱাৰা কথাত দুখ পায়েই প্ৰত্যাহ্বান গ্ৰহণ কৰি এইবাৰ হকীষ্টিক সন্থাৰ সভানেত্ৰী হৈ নাৰীসকলক সৱলীকৰণ কৰিবলৈ আগবাঢ়ি আহিছে।

৮. বাংলাদেশক ভূমি হস্তান্তৰ কৰিবলৈ বিতৰ্কিত সীমাত দুয়ো দেশৰ ৰাজহ আৰু ভূমি ছাৰ্ভে বিষয়াসকলে গোপন বৈঠকত মিলিত হোৱাৰ খবৰ পোহৰলৈ অহাত সদৌ অসমীয়া প্ৰতিবাদী যুৱ সংঘই কোনো মূল্যতে এই হস্তান্তৰ হবলৈ দিয়া নহব স্পষ্ট কৰি দিছে। পিছে কেন্দ্ৰৰ এই ততপৰতাৰ কেচটো ফাদিল হোৱাৰ পাছতো এতিয়াও অসম পদুম পাৰ্টিয়ে পুনৰ তেওঁলোকৰ দলে "অসমৰ কোনো ক্ষতিকৰ কাম নকৰে" বুলিও পুনৰবাৰ বিজ্ঞপ্তি প্ৰকাশ কৰাত পৰিস্থিতি গুৰুতৰভাৱে হাস্যকৰ হৈ উঠা বুলি জানিব পৰা গৈছে।

৯. এতিয়াৰ পৰা বেছি ধুনীয়া ছোৱালীৰ প্ৰদৰ্শনমূলক ফটো থকা প্ৰফাইলৰ পৰা বন্ধুত্বৰ প্ৰস্তাৱ পালে তাক গ্ৰহণ কৰাৰ আগতে সাতবাৰ ভাবি চাবলৈ সদৌ অসম নিৰ্যাতিত যুৱক সংঘই ফেচবুক ব্যৱহাৰকাৰীলৈ আহ্বান জনাইছে। সেই প্ৰস্তাৱ পোৱাৰ পাছতে ইনবক্সত অলপ ধেমালি কৰি চাইহে সিদ্ধান্ত লোৱা ভাল বুলিও প্ৰকাশ কৰিছে । "ইনবক্সতহে পাব চৰিত্ৰৰ আচল পৰিচয়" বুলিও এটি সতৰ্কমূলক বাণী সন্থাই প্ৰচাৰ কৰি সজাগতাৰ সৃষ্টি কৰিব বুলিও মত প্ৰকাশ কৰিছে।

১০. "বৃদ্ধ বয়সত সুন্দৰী প্ৰেমিকা পোৱাৰ সহজ উপায়" নামৰ হাতপুথি এখন দিগবিজিত সিঙে লিখি উলিয়াইছে। পেঞ্চনাৰ সন্থাই এই পুথিখনে ৰিটায়াৰ হোৱা সকলো লোককে পুনৰজীৱন দিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে। আৰু সকলো সদস্যকে হাতপুথিখন হাতত লৈ এই জীৱনৰ নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

No comments:

Post a Comment