মিছা ক'লে কি ডাল হব! (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিছা ক'লে কি ডাল হব! (হাস্য ব্যংগ)

মিছা ক'লে কি ডাল হব! (হাস্য ব্যংগ)

Share This
বিষমবাদীলৈ বেয়াই লাগে

মা কচম কৈছো, এই বিষমবাদী কেইটালৈ বেয়াই লাগে। ইমান যে পাম দি দি বেলুন এটা ফুলাই আছিল ইমান দিনে। বোলে আকাশলৈ উৰি, তাৰ পৰাই কইনাধৰা পাহাৰৰ ওপৰত ৰাজগাদীত লেণ্ডিং, ক'ত কি আশা! ৰাইজেও সপোন দেখিবলৈ আৰম্ভ কৰিছিল, বিষমবাদীয়ে এইবাৰ বিষমস্থিতি কৰিহে এৰিব। এইবাৰ শেনৰ এজাত, এইবাৰ তিতালাও গজিব ইত্যাদি জাতীয়...

পিছে বিষমবাদীয়ে তেওঁলোকলৈ আগ্ৰহেৰে মুখ মেলি চাই থকা আমিজাকক বৰ বেয়াকৈ চৌ-ঠেঙিয়া কৰিলে। চৌ-ঠেঙিয়া বুলিয়েই কব লাগিব, নহৈনো কি! বাইদেউৰ চেনেলত জাৰিৰ দাই জাৰিয়েই আছিল বিজ্ঞাপন, বোলে কাইলৈ মহাবিস্ফোৰণ, পৰহিলৈ মহা-সোমবাৰ, বিষমবাদ স্পনচ'ৰড বাই.... ইত্যাদি। এনেয়ে নিতাল মাৰি শুই থকাটো অসমীয়া মানুহে ভাল নাপায়, আমাৰ জাতি আন্দোলন প্ৰেমী জাতি! বহুদিন খোৱা-বোৱা কৰাৰ পাছত এইকেইজন যৌৱন ভটিওৱা "যুৱ" মন্ত্ৰীয়ে চামচাৰ সৈতে লগ লাগি বিষমবাদ জাতীয় আন্দোলন এটাই গঢ়ি তোলাত ৰাইজেও অকন হেঁপাহ কৰিছিল। ভালকৈ আন্দোলন, বন্ধৰ সোৱাদ নোপোৱাও বহুদিন হলটো.... মিছা ক'লে কি ডাল হব নহয়নে!



আমাৰ গাঁৱৰ নগেনৰ মতে ব্ৰাজিলৰ নেইমাৰ আৰু জালুকবাৰীৰ শৰ্মাদাৰ অৱস্থা একে! ফাইনেল খেলাৰ আগতেই কঁকাল বেঁকা কৰি দিলে! আমিতো ফাইনেল খেলত জালুকবাৰী জিকিব বুলিয়েই খাটাং আছিলো। চাৰিআলিৰ চকত সিফালে কোৱাটাৰ দুটাৰ বাজীও ধৰিছিলো। বোলে, শৰ্মা দাৰ বেলুন খানাপাৰা পাও পাও হলেই খুলিম! পিছে নেইমাৰ দৰেই ৰণত পৰিল নহয় দাদা!

আমাৰ আকৌ খগেনৰ মতে, বিষমবাদী বুলি আছলতে একো নাই, চব সুবিধাবাদীহে। বোলে এও যদি ৰজা হয়, মই এওঁৰ লগত। তেওঁ যদি থাকি যায়, মই তেওঁৰ লগত! দেখা নাই গৌতমদাই কেনেকৈ লুটিবাগৰ মাৰি দিলে। শ্বটটো সিফালে মাৰিব মাৰিব বুলি ভাবি থকাৰ পাছত হঠাত মেচ ফিক্সিং কৰি দিলে নহয় গ'লটো ভৰাই! কি কৰিব, সকলো ইনকামৰ কথা, সকলো প্ৰফেচনেল। হাৰা টীমৰ হৈ গ'ল মাৰাতকৈ জিকাত অৰিহণা যোগাই গোপনে হলেও লক্ষ্মীদেৱীৰ কৃপা লভাই ভাল! বৌদ্ধত্ব প্ৰাপ্তি ঘটিলটো খোদ গৌতমৰ....মিছা ক'লে কি ডাল হব নহয়নে!

আমাৰ মেলেঙী বাইৰ মতে খিচিৰিৰ দোকান, দৰৱৰ দোকান চলাই থাকিয়েই ইমান সম্পত্তিৰ পাহাৰ গঢ়া সফল মানুজন যে হঠাত ফেইল মাৰিব বুলি ভবাই নাছিলো পায়। বাইদেউৰ চেনেলত বিজ্ঞাপন দেখি দেখি এইবাৰ খেল খটম হব বুলিয়েই আগজাননী লভা বুলি ভাবিছিলো। পিছে নিজৰে যে খেলত লালবাতি জ্বলিব জনাই নাছিলো। এতিয়া চাগৈ ভাৱে, খিছিৰিৰ দোকান চলাই থকা হ'লেই ভাল আছিল, অন্তত দুবেলা দুমুঠি.....এনেয়ে জ্বলাই ল'লে সেই বিষম জুমুঠি!

আমাৰ চকৰ কেৰেম খেলৰ সকলো প্ৰতিযোগীয়ে পিছে শৰ্মাদাক গৰিহণা দিছে দেই। ইমান যদি কনফিডেন্স নাই, মানুহক আশা দিব নালাগে নহয়। এই বোলে দিল্লীলৈ গৈছে, তাৰ পৰা লাইভ, বোলে গুৱাহাটীলৈ আহিছে, তাৰ পৰা লাইভ, কাৰোবাৰ বাথৰুমত সোমাই গা ধুইছে তাৰ পৰা লাইভ! এই লাইভ লাইভ কৰোতেই দাদাৰ ৰাজনৈতিক লাইফটোৱেই খাৰাপ হৈ গ'ল বুজিছে! মিছা ক'লে কি ডাল হবহে!

ইমান ফিটিং মাষ্টাৰজন দিল্লীত ফিটিং নাছিলনে! সঁচাই ফিটিং নাইকীয়াকৈয়ে নো ইয়াত বেলুন উৰুৱাবলৈ জুই দিছিলনে?সঁচাই চিন্তা কৰিব লগীয়া হৈ পৰিছে। ইমান কেচাঁ খিলাড়ীটো নাছিল দাদা কোনোদিনে! ৰাজ্যচাফাৰ নিৰ্বাচনেই হওক, ঘোঁৰা কিনাৰ বেপাৰেই হওক, দাদাই যতেই তাত দিয়ে তাতেই সফল! পিছে এইবাৰ, পূৰা ফেন ক্লাৱ দুখী হৈ গৈছে...মিছা ক'লে কি ডাল হবহে!

কোনোবাই কৈছে দাদাক কোনোবাই উঠাই উঠাই শেষ কৰিলে! শেষ কৰিবলৈহে এনেকৈ জেকাই জেকাই বেলুনত বহালে। এটা কথা বুজা নাই, গোটেই ৰাজ্যকে শিক্ষা দিয়া মানুহজনে বাৰু কোনোৱে জেকালেই জেক খাবনে? ইমান অবুজন হৈ পৰিলনে? ইমান অংকত পক্কা মানুহজনে এইবাৰ অংকত খেলিমেলি কেনেকৈ কৰিলে! মানে ৰাইজে তৌবা-তৌবা মানি গৈছে,....মিছা ক'লে কি ডাল হবহে!

ইফালে গাঁৱৰ একমাত্ৰ ৰঙাই বেজৰ মতে, মায়েঙৰ বেজ, নলবাৰীয়া বীৰা আৰু চামগুৰিৰ ভাটিয়াৰ তাবিজৰ প্ৰকোপতহে হেনো গোটেইখন খেলি মেলি লাগিছে। এই তিনিও মিলি ইমান জেদ প্লাছ বিষমবাদ প্ৰতিৰোধী নিৰাপত্তা দি দিলে যে খোদ দাদাৰ অংকতেই জংক পংক লাগি গ'ল। ইয়াৰ আঁৰত বুইছে যাদু আছে, দাদাক যাদু কৰিছে, দাদাৰ মন পগলা কৰা যাদু! কৰবাত চুলি পুতিছে, কৰবাত নখ! জালুকবাৰীয়াৰ চৌহদত কুকুৰৰ হাড়ো ওলাব পাৰে... এতিয়া মংগল চোৱালেহে সকলো ফাদিল হব, তাকো লাইভ!

এনেবোৰ চিন্তাই সেই মহা সোমবাৰটোত মনটোত খেলিমেলি লগাই দিছিলহে.... মিছা ক'লে কি ডাল হব!

No comments:

Post a Comment