হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. চৌবিশ ঘণ্টাত মাত্ৰ বাইশ বাৰলৈকে কাৰেণ্ট কাটি অভিলেখ গঢ়া সদৌ অসম বিজুলী-বাতি পৰিষদে গ্ৰীষ্মকালীন উপহাৰ স্বৰূপে প্ৰতি ইউনিটত ৩৬পইচাকৈ মূল্যবৃদ্ধি কৰিছে। বিগত আঠ বছৰত এয়া মাত্ৰ নৱম বাৰৰ বাবেহে দামবৃদ্ধি কৰা হৈছে বুলি সূত্ৰত প্ৰকাশ। কাৰেণ্ট থাকিলেহে বেছি বিল আহিব, গতিকে চিন্তাৰ কোনো কাৰণ নাই বুলিও খাৰাঙ-খাচ গ্ৰাহক সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

২. ৰসাল গগৈ চাৰে মহানগৰীৰ ৰাজকীয় অট্টালিকাৰ চৌহদত পানী সোমোৱা, বিলাসী ফ্লেটত পানী উঠা, ৰাজগড় পানী হোৱা আদি সমস্যা দূৰ কৰিবলৈ সমগ্ৰ মহানগৰ জুৰি "লাওলোৱা উচ্ছেদ অভিযান" আৰম্ভ কৰিছে। কঠোৰ ভাৱে আৰম্ভ কৰা এই অভিযানত যাতে কোনো অট্টালিকা ভাঙি অৰ্থনৈতিকভাৱে সৱল পৰিয়ালক দুৰ্বল কৰি পেলোৱা নহয় তাৰ বিশেষ নজৰ ৰাখিবলৈকো চাৰে নিৰ্দেশ দিয়া বুলিও গুজৱ ওলাইছে।

৩. গুৱাহাটীবাসীয়ে ব্যক্তিগত বাহনৰ ৰূপত নাও আৰু ক্ষুদ্ৰ চাবমেৰিন কিনিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰাক লক্ষ্য কৰি তথা বৰ্ধিত চাহিদালৈ চাই কেইবাটাও ডীলাৰ অচিৰেই খুলিবলৈ যো-জা চলাৰ খবৰ পোৱা গৈছে। তৰুণ নগৰ, নবীন নগৰ আদিৰ বাসিন্দা সকললৈ বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিবলৈ বুলি বানাক্ৰান্ত নাগৰিক সমাজে কৰা দাবীকো সহানুভূতিৰে চোৱা হব বুলি ব্যৱসায়িক সংস্থাৰ সূত্ৰত প্ৰকাশ পাইছে।

৪. দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ কাট-অফ মাৰ্ক ৯৯শতাংশ হোৱাত অসমত পৰা ষ্টেণ্ড কৰা সকললৈ দুখ প্ৰকাশ কৰিছে সদৌ অসম মধ্যমীয়া ছাত্ৰ সন্থাই। দিন-ৰাতি একাকাৰ কৰি ৯৭ শতাংশ পৰ্যন্ত নম্বৰ গোটাইও চীট নোপোৱা সেইসকল শিক্ষাৰ্থীয়ে তাতকৈ "যৌৱনৰ সময়বোৰ" এনজয় কৰা হ'লেই ভাল আছিল বুলিও সমবেদনা সন্থাটোৱে জ্ঞাপন কৰি বিবৃতি প্ৰকাশ কৰিছে।

৫. দুৰ্নীতিৰ গোচৰ থকা ১২৮ আমোলাক পৃষ্ঠপোষকতা কৰি উচ্চ স্থান দি গগৈ চৰকাৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। লক্ষ্মীদেৱীৰ বৰপুত্ৰ হবলৈ সক্ষম হোৱা এই প্ৰতিভাবান সকলক এইদৰে  প্ৰেৰণা দিয়াৰ কাৰ্যক সদৌ অসম ধনবান বিষয়া সন্থাই আদৰণি জনাইছে।

৬. গুৱাহাটীত মাছ-কাছ ওলোৱাৰ বতৰটো অসমৰ গৌৰৱ-স্বৰূপ কলিয়াবৰৰ মীন বিশেষজ্ঞ সৰুপোনা গগৈ ৰাইজৰ কাষলৈ নহাত ৰাইজে অভিমান কৰিছে। ৰাইজে বান মহোতসৱত ধৰা মাছ, কাছবোৰৰ লিংগ নিৰ্ণয় কৰাত বিশেষজ্ঞজনে আহি বৰঙণি যোগোৱা উচিত আছিল বুলিও সচেতন মহলে প্ৰকাশ কৰিছে।

৭. কালি টুইটাৰত আত্মপ্ৰকাশ কৰিলে অসমৰ জোঁৱাই তথা সৰোদ বাদক আমজাদ আলী খানে। এই বাতৰি পোৱাৰ অলপ পাছতেই জানিব পৰা গ'ল যে খান চাহাবৰ এখন
সৰোদ লণ্ডনৰ পৰা উভতি অহাৰ বাটত বিমান বন্দৰত হেৰাইছে। আজিকালি সকলো খবৰ তাতক্ষণিকভাৱে  টুইটাৰতে পোৱা যায় বুলি প্ৰচাৰ হোৱাৰ বাবেই খান চাহাবেও হেৰোৱা সৰোদৰ খবৰ পাবলৈহে কালিয়ে ততাতৈয়াকৈ টুইটাৰত যোগদান কৰা বুলিও গুজৱ ওলাইছে।

৮. ৰাষ্ট্ৰীয় কৃষি বিভাগ বিকাশ যোজনা যোগে ভুৱা আঁচনি, ভুৱা হিতাধিকাৰীৰ জৰিয়তে কৃষি বিভাগৰ সঞ্চালকৰ উদ্যোগত আৰু খেতি-বাতি মন্ত্ৰীৰ সহযোগত এক বিশেষ কাৰ্যসূচীৰ আয়োজন হোৱাৰ খবৰ পোৱা গৈছে। ৪৮৩কোটি টকা ৰাজকোষৰ পৰা লুণ্ঠন কৰি বিভাগটোৰ লগত জড়িত কৰ্মচাৰী-বিষয়া-নেতা-পালিনেতা সকলোৰে বিকাশ সাধিবই বুলিও খেতি-বাতি মন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰাৰ গোপন খবৰ পোৱা গৈছে।

৯. অসম লোকৰসেৱা আয়োগৰ অধীনস্থ খানাপাৰাৰ চাকৰিৰ বজাৰত পশু চিকিতসকৰ চাকৰিৰ দাম দহ লাখ টকা ঘোষণা হোৱাত সন্তোষ প্ৰকাশ কৰিছে ভেটেনেৰী কলেজ আগ্ৰহী ছাত্ৰ সংস্থাই। গোপনে বিক্ৰী কৰাতকৈ মুকলি নিলাম কৰিলে সকলো প্ৰাৰ্থীয়ে সমানে সুবিধা লব পাৰিব, তথা সংগ্ৰহ হোৱা ৰাজহৰ ধনো বৃদ্ধি হব বুলিও পৰামৰ্শ ছাত্ৰ সংস্থাটোৱে আয়োগলৈ আগবঢ়াইছে বুলি খবৰ পোৱা গৈছে।

১০. শিশু উদ্যানৰ ভূমিক বিবাহ বাহৰ ৰূপে ব্যৱহাৰ কৰি লাখ লাখ টকা দাতব্য ন্যাসে আহৰণ কৰা বুলি উঠা অভিযোগৰ উত্তৰত ন্যাসটোৱে বিবৃতি জাৰি কৰিছে। শিশু সৃষ্টিৰ বাবেই আচলতে প্ৰথমে বিবাহ বাহৰ সেৱা আগবঢ়োৱা হৈছে। পাছলৈ শিশু জন্ম হ'লে নিশ্চয়কৈ ইয়াত খেলিব পাৰিব বুলিই স্পষ্টীকৰণ ন্যাসটোৱে আগবঢ়াইছে।

No comments:

Post a Comment