মিছা ক'লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিছা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

মিছা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

Share This

আমবাৰীত বিবাহ বাহৰ, কইনাধৰালৈ চকু টিপ
 
আপোনালোকৰ ছাগৈ মনত আছেই, অসমৰ শিক্ষা আৰু ৰাজনীতিৰ পাঠশালা জালুকবাৰীৰ জ্যোতিষ এজনে কৰা ভৱিষ্যত বাণীটোৰ কথা। মাত্ৰ ভৱিষ্যতবাণী বুলি ক'লে ভুল হবহে, বিখ্যাত ভৱিষ্যত বাণী বুলিয়েই কব লাগিব। বোলে আমবাৰী পাৰ্টি গুচি বিবাহ বাহৰ হব! কইনাধৰাৰ সপোনে চিৰকাললৈ সমাধি পাব! পাহৰিলে নেকিহে আপুনি?

কালি সঁচাই আমবাৰীৰ পৰা খবৰ ওলাল বোলে হাতী দলটোৰ প্ৰখ্যাত হেড মাউতজনে এইবাৰ অৱসৰ ঘোষণা কৰিছে, মানে ৰাজনৈতিক ভাষাত পদত্যাগ কৰিছে। দলটোৰ ভৱিষ্যতৰ খাতিৰত! বিশ্বাস কৰক, সেইজনা দেউৱে এনে পদত্যাগ এইবাৰ প্ৰথমবাৰ নহয়, তৃতীয় বাৰহে দেই! সেইজনা দেউ আকৌ এলাপেচা নহয়, গাদী এৰেহে..বোলে বুঢ়া হাতীৰ পালটো আনে কোনোবাই চাওক! বাকীবোৰে টকালি পাৰে, বোলে দেউ গ'ল যেতিয়া ৰক্ষা!

পিছে সময়ত প্ৰমাণ হয়, বাকী গালৰ মাজত আকৌ ইমান প্ৰতিভা নায়েই যে, গোনা ম'হ হেন খকা-খুন্দা কৰি ভাল পোৱা এজাকক শাসন কৰিব পাৰিব। আকৌ সকলো গৈ দেউৰ ভৰিত পৰেগৈ..দেউ উভতি আহক, আপুনিহে চম্বালিলে চম্ভালা!


এই কথা আমি কোৱা নাই, সেই ইতিহাস বোলাটোৱেহে কৈছে দেই... মিছা ক'লে কি ডাল হবহে...নহয়নো কি!

এইবাৰ পিছে শেনৰ এজাত! প্ৰধান মাউত যোৱাক লৈ আগতে স্ফুৰ্তি কৰা পাৰ্টিটোত এতিয়া স্ফুৰ্তি কৰা মানুহৰ দলদোপ-হেন্দোলদোপ নাই। সেইজাক আগতেই ভো-ভোঁৱাই বতৰ ভাল হোৱা দেখি বোকাত পদুম ফুল ফুলাবলৈ গ'ল। পিছে আনৰ বাৰীত, আনৰ খালত বিলত ফুলোৱাত সহায় কৰিলে, প্ৰাক্তন মাউত সকলৰ এজনৰ বাহিৰে নকৈ যোৱা সকলৰ কপাল নুফুলিল। সেই সকলৰ এতিয়া অৱস্থা আৰু তথৈবছ! আগৰ দলতটো গুন্দামি-ভণ্ডামি যি কোনো কৰিলেও কোনো মাত মাতোটা নাছিল। নিজৰ দলত নিজে আছিল হিৰ', পিছে এতিয়া চোং সলাই হৈ পৰিল ভেল্যু নোহোৱা জিৰ'। পিছে আনৰ পাছত বহি আনৰ ভেল্যু বহোৱাৰ কেপাচিটি আছে পিছে দেই...মিছা ক'লে কি ডাল হব নহয়নে!..

এতিয়া কম বয়সতে অকাল বৃদ্ধ হোৱা মাউত ক্লাৱত হেনো সকলো চেঁচা, গাত নাই যৌৱনৰ জুই, আন্দোলন, ঘৰ জ্বলোৱা, শ্লোগান দিয়াৰ জোশ, সকলো পৰিল শুই। ঘৰৰে ল'ৰাকেইটিৰ এনেকুৱা লাওলোৱা অৱস্থা দেখি গাঁৱৰ মানুহৰ এতিয়াও হেনো চেৰেং চেৰেংকৈ হিয়া উথলি উঠে! পিচে এইবাৰ কংগ্ৰেছে কৰা দুৰ্নীতিময় দুৰ্গন্ধৰ এবুকু বোকাত হাতী নামিবলৈ গ'লে বোকাত সোমাই ইহলীলা শেষ হোৱাৰহে সম্ভাৱনা। এই বোকাত বোলে মিছন পদুম ফুলে সাৰপানী পাই লহপহীয়া হোৱাৰ সপোনৰ বীজ সিঁচিছেই!

ভেটিত তিতা লাউ গজাৰ আগতে অন্তত আমবাৰীত বিবাহ বাহৰকে হওক, কইনাধৰালৈ অকালতে বুঢ়া হোৱা সকলে হেপাঁহ কৰিব পাৰকেই বা নোৱাৰক, অন্ততঃ বিবাহ বাহৰলৈ যোৱা ডেকা সকলে কইনাধৰালৈ চাই চকু টিপকে মাৰক, সেয়াহে আশা কৰিলো! সঠিক সময়ত প্ৰতিভাবান, তুলতুলীয়া ডেকা তেজৰ সোঁত আমবাৰীলৈ ববলৈ দিলে পিছে বিবাহ বাহৰৰ কইনা হৰণ কৰিব পাৰক নোৱাৰক এদিন যে কইনাধৰা হৰণ কৰিব পাৰিব সেয়াও খাটাঙ!মিছা ক'লে কি ডাল হব... হেঃ হেঃ হেঃ
 
ইফালে সেই জালুকবৰীয়া জ্যোতিষৰো হেনো কইনাধৰালৈহে মৰম! ইংগিত দি আছে, চেষ্টা কৰি আছে, এই পাম এই খাম কৰি থাকোতেই দিন গৈছে। সপোন দেখি দেখি জ্যোতিষৰো মুখেদি লেলাৱতি সৰিছে, তাতো হেনো এতিয়া ভেনামাখি পৰিছে! অপেক্ষাৰ ফল মিঠা হব, খাম খাম বুলি ভাবোতে হেনো জ্যোতিষৰে এতিয়া বহুমূত্ৰই পাও পাও অৱস্থা! এতিয়া বেজৰ নাকতে খৰ হও হও.. মিছা ক'লে কি ডাল হব হেঃ হেঃ হেঃ। এতিয়া শুনিছো হাঁহি হাঁহি জীৱন কটোৱা এজনে বুলডজাৰ লৈ খোদ ওলাইছে,  তেওঁক ভয় খুৱাবলৈ... এতিয়া জালুকবৰীয়া জ্যোতিষীৰ পেন্ট নিতিতিলেই  বোলো ৰক্ষা! জয়..হৰি বোল, জয় হৰি বোল...!

No comments:

Post a Comment