ৰাজনৈতিক পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনৈতিক পৰ্যবেক্ষণ

ৰাজনৈতিক পৰ্যবেক্ষণ

Share This
অসমত বিসম্বাদ: প্রজন্মৰ সংঘাত নে ক্ষমতাৰ লোভ?
প্রিয়ংকু নাৰায়ণ বৰুৱা
অসমত শেহতীয়াকৈ কংগ্রেছ দলৰ আভ্যন্তৰীণ আন্ত:গাথঁনিত প্রজন্মৰ সংঘাত সৃষ্টি হোৱাটো প্রতিফলিত হৈছে।ভাৰতবর্ষৰ অন্যতম শক্তিশালী ৰাষ্ট্রীয় দলটিৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে আভ্যন্তৰীণ বিসম্বাদ দলটিৰ বাবে নতুন পৰিঘটনা নহয়। ইন্দিৰা গান্ধী ক্ষমতাত আসীন হৈ থকা সময়ছোৱাতো একাংশ সেইসময়ৰ জ্যোষ্ঠ কংগ্রেছী নেতাই বিসম্বাদী শিবিৰত অৱস্থান গ্রহন কৰিছিল।ক্ষমতাকেন্দ্রিক অৰিয়াঅৰি জনিত বিবাদ-বিসম্বাদ সময়ে-অসময়ে অসমৰ ৰাজনৈতিক প্রেক্ষাপটতো কংগ্রেছ দলৰ ভিতৰত চলি আহিছে।

চিপৰাং মৰা ৰাজনীতিৰ পৰম্পৰাই কংগ্রেছ দলটিকো সময়ে সময়ে ছুই যোৱাটো লক্ষনীয়।ক্ষমতা লিষ্পা আৰু ৰাজনৈতিক আশা ভংগ হোৱাৰ পৰিৱেশ সৃষ্ট আছিল কংগ্রেছ দলটিৰ আভ্যন্তৰীণ অর্ন্তকলহৰ ইতিহাস।শেহতীয়াকৈ অসমত যি ৰাজনৈতিক ঘূর্ণীৰ আভাষ, তাৰ বিশ্লেষণে নির্দেশ কৰে যে এইবেলিৰ বিসম্বাদ আদর্শগত পৰিস্থিতি সম্ভূত আৰু প্রজন্মৰ সংঘাতকেন্দ্রিক দিশৰপৰাও উল্লেখযোগ্য।সমসাময়িক পৰিস্থিতিত অসমৰ মুখ্যমন্ত্রী ডাঙৰীয়াৰ পুত্র গৌৰৱ গগৈৰ তৎকালীন আর্ৱিভাৱ,উত্থান আৰু সাম্প্রতিক অসমৰ ৰাজনীতিত প্রভাৱ বিস্তাৰৰ যি কছৰৎ সেয়াই স্বাভাৱিকতে সমবয়সীয়া একাংশ মন্ত্রী-বিধায়কৰ বাবে ডিঙিত চৰচৰণি উঠা কাৰবাৰ হৈ উঠিল।অন্যহাতেদি হাইকমাণ্ডৰ অংক অনুসৰি কংগ্রেছ-এ ইউ ডি এফ ৰ আসন্ন পৰোক্ষ মিত্রতাৰ বাতৰি আৰু গগৈ ডাঙৰীয়াৰ সমর্থনলৈ লক্ষ্য কৰি চিন্তিত হৈ পৰিল নতুন বিধায়ক,সংখ্যালঘূ বিধায়ক-মন্ত্রীকে ধৰি কিছু সংখ্যক জনগোষ্ঠীয় প্রতিনিধি।কংগ্রেছ-এ ইউ ডি এফ ৰ আসন বুজাবুজিৰ সম্ভাৱনাই আগন্তুক নির্বাচন সমূহত নিজৰ ৰাজনৈতিক কেৰিয়াৰত প্রভাৱ পেলাব,স্ব-স্থিতিক লৈ চিন্তিত হোৱা এইসকল নেতা-মন্ত্রী-বিধায়কসকল এই শংকাত ভোগাতো স্বাভাৱিক।আদর্শগত ভাৱেও বহুতে হজম কৰিব পৰা নাই ধর্মনিৰপেক্ষ দলটিয়ে কিদৰে ধর্মীয় ভাৱে কঠোৰ দলটিৰ সৈতে মিত্রতাৰ প্রস্তুতি চলাইছে।

এয়া হৈ পৰিল বিৰাট আদর্শগত ৰাজনৈতিক অস্থিৰতা!অসমৰ ৰাজনীতিত ধর্মীয় গতি-বিধিৰে সংখ্যালঘূ শ্রেণীৰ একাংশ আৰু সন্দেহজনক(?)শ্রেণীৰ মাজত ভাষিক সংবেদনা(বিশেষকৈ বৰাক উপত্যকাত)সৃষ্টিৰে শেহতীয়াকৈ এ ইউ ডি এফে অসমৰ ৰাজনীতিত লক্ষনীয় উত্থান ঘটাবলৈ সক্ষম হৈছে।এনে পৰিস্থিতিত এ ইউ ডি এফ বিৰোধী স্থিতি লৈছে নতুন প্রজন্মৰ এচামে। শিক্ষা-স্বাস্থ্যমন্ত্রী ড০হিমন্ত বিশ্ব শর্মাৰ বিনদাছ মনস্তত্বৰ দ্বাৰা আকর্ষিত একাংশ বিধায়কে অসম কংগ্রেছত এক নতুন ধাৰাৰ আগ্রাসনৰ বাবে উৎকন্ঠিত হৈ পৰাটো তত্বগত দিশেৰে প্রচলিত ধাৰাটোলৈ অহা প্রজন্মৰ প্রত্যাহ্বান আখ্যা দিব পাৰি নে, সেয়া সময় নির্ণেয়।কিন্তু অনস্বীকার্য যে শেহতীয়া পৰিস্থিতিত বিসম্বাদী শিবিৰত অৱস্থান গ্রহণ কৰা এইচাম যুৱ বিধায়কৰ অসন্তুষ্টিয়ে দলটিৰ ভিতৰ চৰাৰ বাতাৱৰণত প্রভাৱ বিস্তাৰ কৰিছে অৱশ্যেই। এনে পৰিস্থিতিত আগন্তুক লোকসভা নির্বাচনৰ প্রাককালত অতিশীঘ্রে এই বিসম্বাদ ৰোধ কৰাটো দলটোৰ বাবে স্বাভাৱিকতে অন্যতম প্রত্যাহ্বান হ’ব।

অন্যার্থত যুৱ বিধায়কসকলেও আভ্যন্তৰীণ খাম-খেয়ালিৰ পৰিৱর্তে দলটিৰ বৃহৎ স্বার্থলৈ লক্ষ্য ৰাখি গণভিত্তি সুদৃঢ় কৰাত গুৰুত্ব দিয়াতো সমীচিন হ’ব নিশ্চয়।সময় আৰু পৰিস্থিতিয়ে নির্দেশ কৰে যে দলৰ ভিতৰত নিজৰ স্থিতি সুদৃঢ় কৰাৰ বাবে এইসকল বিধায়কৰ হাতত সময় আছে।প্রয়োজন সময় আৰু সুযোপৰ সদব্যৱহাৰ।বর্তমানৰ সর্বসাধাৰণক ৰাজনৈতিক বাদ-বিসম্বাদে আমুৱাইছে।বিধায়ক পুঁজিৰ সদব্যৱহাৰ,অসমৰ বহু সামাজিক সমস্যাৰ প্রত্যয়জনক সমাধানৰ চেষ্টাইহে এইসকল যুৱ কংগ্রেছীৰ ভৱিষ্যত ৰাজনৈতিক সম্ভাৱনাৰ দিশ নির্ণয় কৰিব বুলি সচেতন মহলে মত প্রকাশ কৰিছে।

সমান্তৰাল ভাৱে ক্ষমতাৰ লোভত অসমত শেহতীয়াকৈ 
আক্ৰান্ত কংগ্রেছ দলৰ  একাংশ বয়োজ্যোষ্ঠ কংগ্রেছী মন্ত্রী বিধায়কেও সমূহ প্রক্ৰিয়াটোত হাত উজান দি চল চাই কঁঠীয়া পৰাৰ সুযোগৰ অপেক্ষাৰত।ব্যক্তিগত কেৰিয়াৰত কাহানিও সপোনতো মুখ্যমন্ত্রী হোৱাৰ কথা ভাবিব নোৱাৰা এচামেও বিসম্বাদৰ গাহৰিটোৰ নেজত ধৰি পুতৌজনকভাৱে তৰুণ গগৈ হঁটাও অভিযানত নামি পৰিছে।বিগত কেইবামাহো জুৰি তেৰাসৱ বাদ বিসম্বাদত ব্যস্ত থকাৰ সুযোগত চৰকাৰী বিভাগসমূহত বিৰাজ কৰিছে চৰম অচলাৱস্থা।

এনেই গেৰেলা শিয়ালৰ দৰে পেট পেলাই ভাল পোৱা অসম চৰকাৰৰ বহু বিভাগৰ কেৰাণী মহৰিগৰাকীৰ পৰা বিয়োগোম বিষয়ালৈ যধে মধে অনুপস্থিত থকাৰ বাতৰি।থকা কেইজনৰো অৱস্থা তেনেই কাহিলচোন।কার্যত:ৰজা নোহোৱা দেশত ধোঁবাই ৰজা সদৃশ কথাষাৰ সার্থক প্রমানিত।ইফালে হাই কমাণ্ডৰ ধমকিত বাৰে বাৰে ভাষ্য সলনি কৰা বিসম্বাদীৰ কার্য কলাপত অতিষ্ঠ সাধাৰণ ৰাইজ।এই বিসম্বাদৰ অন্তিম পৰিণতি যিয়েই নহওক এক কথাত কংগ্রেছৰ ভিতৰ চৰাৰ আভ্যন্তৰীণ কন্দল স্পষ্ট হৈ পৰিল।স্পষ্ট ৰূপত ধৰা পৰিল নেতা মন্ত্রীৰ ক্ষমতালোভী চৰিত্র। ক্ষমতাৰ কাৰণে যিকোনো স্তৰলৈ যাব পৰা ৰাজনীতিকৰ কোনো জাত-ধর্ম-আদর্শ নাথাকে সেয়াই নির্দেশ কৰে অসম কংগ্রেছৰ বিধায়কসকলৰ বাৎসল্য প্রবৃত্তিয়ে।ক্ষমতাৰ প্রেমত আতুৰ এওঁলোকে যেন অসমৰ ৰাজনীতিত বাৎসায়ণৰ কাম শাস্ত্রৰ চৌষষ্ঠী কলা নতুনকৈ সমাহাৰ ঘটাবলৈ অহোপুৰুষার্থ কৰি আহিছে।প্রত্যোকেই যেন একোজন মাতাল পদবীৰ খকত মত্ত ৰাজনীতিক।এনে এক পৰিস্থিতিত বিসম্বাদৰ ফলাফল যিয়েই নহওক কিন্তু এইসকল ব্যক্তিৰ হাতত অসমৰ ৰাজনৈতিক ভৱিষৎ কোনোপধ্যেই সুৰক্ষিত নহয় বুলি ইতিমধ্যেই বহল চর্চা আৰম্ভ হোৱা দেখা গৈছে।

কার্যত:যদিহে প্রায়৩০-৪০ জন বিধায়কে বিৰোধী স্থিতিত থাকে এইসকলক লৈ চৰকাৰ সুস্থ ভাৱে চলাটো মুঠেও সম্ভৱ নহ’ব। অন্যহাতেদি মুখ্যমন্ত্রী সলনি হলেও দলটিত গগৈ পন্থী অন্য ৩০-৩৫ জন বিৰোধী স্থিতিত পৰোক্ষভাৱে হ’লেও থাকিবই।অর্থাৎ দলটোৰ অভ্যন্তৰত গুৰু গোঁসাই নমনা স্থিতি এটা পৰিলক্ষিত হৈছে।এইখিনিতে মুখ্যমন্ত্রী গগৈৰ ৰাজনৈতিক শিথিলতা পৰিলক্ষিত হয়। বর্ষীয়ান ৰাজনীতিবিদজনে মন্ত্রী নির্বাচনৰ সময়ত অথবা নির্বাচনৰ টিকট প্রদানৰ সময়ত কিছু দূৰদর্শীতা দেখুৱালে কিছু সমস্যা নহলহেতেনেই বুলি একাংশ তৃণমূল কংগ্রেছীয়ে কৰা সাধাৰণ মন্তব্যটো কিন্তু সাৰ কথা লুকাই আছে।গগৈ চৰকাৰৰ এনে বহু মন্ত্রী বিসম্বাদী পক্ষত অৱস্থান লৈছে যি এটা সময়ত তৰুণ গগৈ ডাঙৰীয়াক তৈলমর্দন কৰিয়েই ক্ষমতালৈ আহিছিল।এনে কোনো গভীৰ যুক্তি বিসম্বাদীৰ নাই যাৰ জৰিয়তে তৰুণ গগৈক মুখ্যমন্ত্রী পদৰ পৰা অপসাৰণ কৰাৰ দাবীৰে হাই কমাণ্ডক পতিয়ন নিয়াব পাৰি। এজন তৰুণ গগৈ আজি কংগ্রেছী অপশাসনৰ বাবে দায়ী নহয়,যদি দায়ী হয় সমগ্র দল আৰু আটাইবোৰ মন্ত্রী বিধায়কেই কম বেছি পৰিমানে জগৰীয়া।এনেধৰণৰ সাধাৰণ মানুহৰ চিন্তাবোৰৰ আঁত ধৰিয়েই বিসম্বাদৰ আৰৰ অভিসন্ধি দৃষ্টিগোচৰ হয়।বিপদৰ সময়ত বুঢ়াক কেঁকাই থাকিবলৈ দি পোঁ-নাতি-বোঁৱাৰীহঁতৰ নিৰাপদ ঠাইত আশ্রয় লোৱাৰ প্রৱল প্রচেষ্টাই কি ৰূপ লয় সেয়া এই মূর্হূতত বিৰাট চর্চাৰ বিষয় হৈ পৰিছে।

সম্প্রতি বাদ বিসম্বাদৰ গোটেই পৰিক্ৰমাটোলৈ লক্ষ্য ৰাখিলে দেখা যাব যে মুখত ভাৰতীয় জাতীয় কংগ্রেছৰ জয়ডংকা কোৱাই থাকিলেও কংগ্রেছী বিসম্বাদী সকলে কিন্তু দলীয় স্বার্থতকৈ ব্যক্তিগত স্বার্থকহে প্রাধান্য দি আহিছে।ধোঁৱা থাকিলে জুই সামান্য হ’লেও জ্বলিবই।সামর্থৰ অভাৱত দলবিভাজন কৰি অসম কংগ্রেছ পৃথককৈ গঠনৰ মুর্খামি এইসকলে নকৰিব যেনেই ধাৰণা যদিও এসময়ত সেই পর্যায়লৈকে চিন্তা কৰা বুলি ওলোৱা সংবাদ নিশ্চয় গোকাট মিছা হ’ব নোৱাৰে।গতিকে এই বিষয়টোত শক্তিশালী হস্তক্ষেপ সহ হাইকমাণ্ডে বিসম্বাদীসকলক নাকী লগাই শীঘ্রে নাটকখনৰ যৱনিকা পেলোৱাটো অসমৰ ৰাইজে বিচাৰিছে।“অসমৰ মাননীয় স্বাস্থ্য মন্ত্রীয়ে ৰোগ প্রতিৰোধত গুৰুত্ব দিয়ক মুখ্যমন্ত্রীৰ খক এৰক।”সাধাৰণ গঞাৰ ভাষ্য এয়া।

পৰিস্থিতিৰ পৰিৱর্তনৰ সমান্তৰালভাৱে কেন্দ্রৰো বিষয়টোত গুৰুত্ব দিয়াৰ প্রয়োজন বুলি বুদ্ধিজীৱি মহলত চর্চিত হৈছে।এখন ৰাজ্যৰ সাধাৰণ মানুহৰ বিকাশ আৰু উন্নয়নৰ সম্ভাৱনাক পণবন্দী কৰি ব্যক্তিগত খোৱা কামোৰাত নেতা-মন্ত্রীসকল ব্যস্ত থকাৰ কোনো নৈতিক অধিকাৰ নাই।এনে ক্ষেত্রত ৰাজ্যপাল মহোদয়ে ৰাজ্যৰ সাংবিধানিক অচলাৱস্থাৰ দোঁহাই দি ৰাষ্ট্রপতি শাসনৰ দৰে কঠোৰ পদক্ষেপৰ আর্জি পেছ কৰিলে সেয়া হৈ পৰিব কেন্দ্রৰ শক্তি প্রদর্শন।তাৰ পূর্বেই কিন্তু মোডী চৰকাৰে অসমৰ ৰাজ্যিক চৰকাৰখনক সঁকিয়নি দিয়াৰ প্রয়োজন?প্রশ্ন হয় কেন্দ্রই বিষয়টো সর্ন্দভত নিৰুদ্বেগ স্থিতি লৈছে নেকি?

No comments:

Post a Comment