হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. "কিয় জব্দ নহ'ল বিটিএডিৰ অবৈধ জব্দ"? সদৌ অসম মুকলি কুইজত গৃহ বিভাগৰ ৰসাল গগৈয়ে প্ৰশ্নটোৰ উত্তৰ নিদিয়াত তীব্ৰ প্ৰতিক্ৰিয়া। এনেকৈ নিৰৱতাৰে কুইজ প্ৰতিযোগিতা নচলে বুলিও দৰ্শক সমাজে কৰিলে মন্তব্য। উত্তৰ জানিও উত্তৰ নিদিয়া এনে কুইজ শ্ব'লৈ গেলা কণী, বিলাহী দলিয়ালেও পাছত আপত্তি নৰজিব বুলিও সচেতন দৰ্শকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

২. গৌৰীপুৰত ভুৱা মাৰ্কছিটৰ মুকলি বেহা চলাৰ সুখবৰ প্ৰকাশিত হোৱাত শিক্ষাৰ্থী সকল মাজত আনন্দৰ ঢৌ। এতিয়াৰ পৰা বছৰজুৰি মগজুৰ কছৰত কৰাৰ প্ৰয়োজন নহব বুলি প্ৰকাশ কৰি, এই বেপাৰৰ এজেঞ্চি সকলো ব্লকতে খুলি দিবলৈ ৰসাল গগৈলৈ ফেক্স কৰিছে সদৌ অসমীয়া আৰামপ্ৰিয় ছাত্ৰ সন্থাই।

৩. বকোৰ গড়কাপ্তানি বিভাগৰ কাণসাৰ নোহোৱাত কুৰিটাৰো অধিক পথ বিধ্বস্ত হৈ থকাত ৰাইজ অতীষ্ঠ হোৱাৰ খবৰ। এতিয়া সচেতন ৰাইজে বিভাগটোক সাৰ পোৱাবলৈ অফিচৰ সমুখতে ডাঙৰ চাইজৰ মন্দিৰত ওলমোৱা ঘণ্টা এটা বান্ধি প্ৰতিদিনে প্ৰতিবাদী ৰাইজে পাল পাতি বজাই থকাৰ ব্যৱস্থা কৰিব বুলি ভাবুকি প্ৰদান কৰিছে।

৪. হাতী পাৰ্টিত এতিয়া মহন্তদেৱে গা-এৰা দিয়া বুলি বাতৰি প্ৰকাশিত হৈছে। পিছে ৰঙ গৈ বগা হাতীত পৰিণত হোৱা হাতী কেইটাৰ লালন পালনৰ বাবে কলগছ কাটি খানা যোগান দিবলৈ কোনো ইচ্ছুক নোহোৱাত দলটোৰ ভৱিষ্যত সম্পৰ্কে বাণী দিবলৈ খোদ জ্যোতিষবিদ হিৰো ইয়ঙো বিপদত পৰা বুলি জানিব পৰা গৈছে।

৫. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেছাৰক দলবদ্ধ আক্ৰমণৰ ঘটনাত শংকিত বিদ্বান সমাজ। আচলতে "মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই" বুলি শিক্ষাটো ভালকৈ দিয়াৰ বাবে এনে দলবদ্ধ আক্ৰমণ হবলৈ পালে বুলি জানিব পৰা গৈছে। ভৱিষ্যতে এনে ঘটনা নহবৰ বাবে ফঁকৰা যোজনাতো নিষিদ্ধ কৰিব লাগে বুলি জালুকবাৰীৰ শিক্ষক সমাজে দাবী জনাইছে।

৬. যোগান বিভাগৰ মতে আলু-পিয়াঁজ ৰাজ্যত এভেলভেল আৰু বেপাৰী সংঘৰ মতে পশ্চিমবংগত মমতা দিদিয়ে আলু-পিয়াঁজ ধৰি থোৱাৰ বাবেহে অসমত তাৰ দাম ৰকেটত উঠি উৰ্ধমুখী হৈছে। এতিয়া কাৰ কথা সত্য তাক বিচাৰ কৰিবলৈ ৰসাল গগৈচাৰে মায়ঙৰ পৰা নখ বাচনি বিশেষজ্ঞ মাতি আনিবলৈকো ৰাইজে দাবী উত্থাপন কৰিছে।

৭. ৰাষ্ট্ৰীয় ঘাইপথত নিশা ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাত এনফৰ্চমেণ্ট বিষয়া সহ দুই যুৱকক নলবাৰীত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণৰ খবৰ। ৰাতি অবৈধ ধন লোৱাটো অপৰাধ, পুৱতি নিশা বা কাহিলী পুৱা গাড়ী ধৰাত বাধা নাই বুলিও এনফৰ্চমেণ্ট বিষয়া সংঘই প্ৰকাশ কৰিছে। দিনতো অবৈধ ঘোঁচ লোৱাৰ ইমান সুবিধা থকা স্বত্বেও মাজৰাতিও ধন সংগ্ৰহৰ দৰে, ইমান লোভ কৰা ভাল নহয় বুলিও সন্থাই মত প্ৰকাশ কৰিছে। লোভত পৰিলে বৰশীত মাছ মৰিবও বুলি সন্থাই গা-এৰা দিয়া বুলি গোপন সূত্ৰত প্ৰকাশ।

৮. তিনিচুকীয়াত কোটি টকীয়া পথত কোটি টকীয়া ফাঁট মেলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ঠিকাদাৰ সন্থাই গৰিহণা দিছে। কোটি টকীয়া কামত লাখটকীয়া ফাঁট ওলাব বুলি আশা কৰাটো আচলতে হাতীৰ পেটৰ পৰা শহাপহু জন্ম হব বুলি আশা কৰা লেখিয়া কথাহে বুলি সন্থাই স্পষ্ট মত প্ৰকাশ কৰিছে বুলি খবৰ ওলাইছে।

৯. পুনৰ ৰঙা বাছ কোম্পানীৰ লাল বাতি জ্বলিবলৈ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। চন্দন নামৰ এজনে নিগমটোক নিগমে মৰিবলৈ এৰি দিলে বুলিও এতিয়া ক্ৰন্দনময় হৈ কৰ্মচাৰী সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া পুনৰ শিৱসাগৰৰ পৰা অঞ্জন ছাৰৰ মহৌষধ দিলেহে যদি লাল-বাছ সেৱাই পুনৰ জী উঠিব পাৰিব বুলি সদৰী কৰিছে। এতিয়া গগৈ ছাৰে হাঁহি হাঁহি কথাষাৰ উৰুৱাই দিয়েনে, নে নিজৰ শিবিৰৰ পৰা এজন সেনাপতিক আগুৱাই দিয়ে সেয়া লক্ষণীয় হব বুলি প্ৰশ্ন উত্থাপিত হৈছে।

১০. দৈনিক ২০হাজাৰ লিটাৰ বিষাক্ত পানী ক'লাজল নৈত পেলাইও পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা অনুমতি লাভ কৰা কৈনাশ লোহিয়াই এইবাৰ "প্ৰদূষণ বৰ্ডক মেনেজ কৰাৰ সহজ উপায়" নামৰ গ্ৰন্থখন লিখি অসমৰ আন আন উদ্যোগ সমূহকো বাট দেখুৱাব বুলি উদ্যোগী সন্থাই আশা প্ৰকাশ কৰিছে।

No comments:

Post a Comment