পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে প্ৰচেষ্টা নতুন কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে বুলি প্ৰকাশ পাইছে আশাপ্ৰদ বতৰা। এই লক্ষ্যৰে ছাৰ্ভে অৱ ইণ্ডিয়াই বিবাদ নিষ্পত্তিক বাস্তৱ ৰূপ দান কৰাৰ বাবে উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে।

২. মাজুলীৰ শ্ৰীশ্ৰী আউনীআটি সত্ৰই ২০০৫চনৰ পৰা প্ৰবৰ্তন কৰি অহা "শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা" এই বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে নগাঁৱৰ আমোলাপট্টি নিবাসী তিলক চন্দ্ৰ মজুমদাৰলৈ। তেখেতৰ "সত্ৰ দৰ্শন" নামৰ গৱেষণামূলক গ্ৰন্থখনৰ বাবেই এই বঁটাৰ বাবে নিৰ্বাচন কৰা বুলি সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীয়ে সংবাদমেলত সদৰী কৰিছে। অহা ১৭ আগষ্টত কলিয়াপানীস্থ আউনিআটী সত্ৰত মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ বিশেষ অনুষ্ঠানতে এই বঁটা প্ৰদান কৰা হব।

৩. খিলঞ্জীয়া লোকৰ বসতিপ্ৰধান অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ কৰিবৰ বাবে মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি আহ্বান জনালে সাংসদ ৰাজেন গোহাঁয়ে। অহা ডিচেম্বৰ মাহৰ পৰা ৰাজ্যৰ সকলো স্থানতে এই উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হব বুলিও বিষয়টোত ৰাজ্য চৰকাৰে সদৰী কৰিছে।

৪. ৰবীন্দ্ৰ ভৱনত হীৰেন ভট্টাচাৰ্য সোঁৱৰণী সমিতিয়ে পালন কৰা ৮২সংখ্যক জন্মদিনৰ অনুষ্ঠানত বিপুলজ্যোতি শইকীয়াই সংগ্ৰহ কৰা কবিগৰাকীয়ে লিখা নিৰ্বাচিত গীতৰ সফুঁৰা "হীৰুদাৰ গান" হ'ল উন্মোচিত। উন্মোচন কৰিলে লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত ডঃ বীৰেন্দ্ৰ নাথ দত্ত আৰু কবি হৰেকৃষ্ণ ডেকাই।

৫. ওদালগুৰি আৰু দৰং জিলাত সাহিত্য চৰ্চাৰ পৰিবেশ গঢ়াত ব্ৰতী মননশীল অনুষ্ঠান ৰামধেনু সাহিত্য চক্ৰই এটা দশক পূৰ কৰাৰ উপলক্ষত নামখলা ৰাজহুৱা প্ৰেক্ষাগৃত আয়োজন কৰিলে "গ্ৰন্থৰে সুবাসেৰে ছন্দায়িত জীৱন কবিতা" শীৰ্ষক এক অনুষ্ঠানৰ। ডাঃ কমলাকান্ত শৰ্মাৰ কাব্যগ্ৰন্থ "যাৰ এখন হৃদয় আছে" ৰ লগতে উন্মোচিত হ'ল "নিয়ৰত কবিতাৰ স্পন্দন" আৰু "ৰামধেনু" শীৰ্ষক দুখন কবিতা গ্ৰন্থও। উক্ত অনুষ্ঠানত "আধুনিক সমাজ ব্যৱস্থাত গ্ৰন্থ অধ্যয়ন আৰু ইয়াৰ প্ৰভাৱ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখিকা ডঃ মোহিনী গোস্বামীয়ে।

৬. অসমৰ মফচলীয়া সাংবাদিক সকলৰ অন্যতম বৃহৎ সংগঠন সদৌ অসম সাংবাদিক সন্থা (আজু)ৱে ৰাজ্যখনত কৰ্মৰত সাংবাদিক সকলৰ এখন জীৱনপঞ্জীৰ লগতে সংগঠনটোৰ ইতিহাস সমৃদ্ধ এখন গ্ৰন্থ প্ৰণয়ন কৰিব। ২০১৫বছৰটো ৰূপালী জয়ন্তী ৰূপে পালন কৰিব লগা সংগঠনটোৱ নিজা বেৱচাইট মুকলি কৰাৰ লগতে অহা ডিচেম্বৰ মৰিগাঁৱত মধ্যকালীন অধিবেশনো অনুষ্ঠিত কৰিবলৈ লোৱা বুলিও জানিব পৰা গৈছে।

৭. গ্ৰামাঞ্চলৰ যুৱতীসকলৰ মনৰ পৰা ভয়, শংকা আৰু অহমিকা আঁতৰাই প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ লক্ষ্যৰে টংলা এবছুৱে যোৱা ২৮জুলাই মহাৰাষ্ট্ৰৰ ইনিচিয়েটিভ অৱ চেইঞ্জ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত য়ুথ মটিভেশ্যন কৰ্মশালাৰ আয়োজন কৰে। বৃহত্তৰ টংলা অঞ্চলৰ কেইবাশ যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে।

৮. কালি ঈদ উদযাপনৰ মুহূৰ্তত "কিক্" ছবিৰে পুনৰ আন এখন ১০০কোটিৰ ব্যৱসায় কৰা ছবিৰ সফলতা লভা অভিনেতা ছলমান খানে ১০০গৰাকী হৃদৰোগত আক্ৰান্ত শিশুৰ চিকিৎসা ব্যয় তেওঁৰ দাতব্য সংস্থাৰ দ্বাৰা গ্ৰহণ কৰিব বুলি ঘোষণা কৰাৰ সুখবৰ পোৱা গৈছে।

৯. অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকাৰলয়ৰ সহযোগত "পঞ্চসুৰ" এ গণশিল্পী খগেন মহন্তৰ ৭৩সংখ্যক জন্মদিনতো গণগীতৰ দিনৰূপে বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে। ফকবিটছৰ দ্বাৰা স্বগীয় কালীপ্ৰদাস বৰাৰ সোঁৱৰণত এগৰাকী লোকশিল্পীলৈ দহ হাজাৰ টকাৰ আৰ্থিক অনুদানৰ বাবে মৰিগাঁৱৰ তৃষাবাৰী গাঁৱৰ মুকুন্দ তেৰণৰ নাম মনোনীত কৰা গৈছে। ১৭আগষ্টত সদৌ অসম ভিত্তিত গণশিল্পী খগেন মহন্তৰ গীতৰ এখনি প্ৰতিযোগিতাৰো আয়োজন কৰিছে। ইচ্ছুক শিল্পীয়ে ৯৪৩৫০-০৯৮৫৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।

১০. আৰম্ভ হব অসম সাহিত্য সভাৰ পৰবৰ্তী সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া। অহা ৩আগষ্টত মঙলদৈত হব লগা কাৰ্যনিৰ্বাহক অধিবেশনত প্ৰাৰ্থী তালিকা প্ৰস্তুত হব বুলিও প্ৰকাশ পাইছে বতৰা।

No comments:

Post a Comment