মিছা ক'লে কি ডাল হব (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিছা ক'লে কি ডাল হব (হাস্য ব্যংগ)

মিছা ক'লে কি ডাল হব (হাস্য ব্যংগ)

Share This
ন শূণ্যই নব্বৈ, গগৈ যাব্বই....
আজি এই কম-বেছ পাৰ্টিটোৰ কথাই কবলৈ ওলাইছো। এটা কাৰণেই ভাল লাগে, মানুহবোৰ বৰ প্ৰফেচনেল! "কম-বেছ পাৰ্টি"টোৰ মানুহবোৰে সকলো কথাতে দৰ-দামেই দেখে। খোজে প্ৰতি দেখে লাভ লোকচান। একদম স্মাৰ্ট এণ্ড প্ৰফেশ্যনেল.............!

এনেকুৱা বেপাৰীদলৰে চৰ্দাৰ এজন হেনো তাদেৰ বেপাৰী! ব্যক্তিগত ভাৱে চিনা জনা নাই, পিছে কম-বেছি ইনকামৰ বাবেই তেওঁ অসম বিখ্যাত! কি কি বেচি খালে নিজৰ লাভ হব, তাকে লৈ সদা সচেতন মানুহবোৰেই আচলতে "কম-বেছ" দলটোত টিকি থাকে। সময়ৰ শৰ মাৰিব নোৱাৰিলে এই দলত থাকি শৰ পহুৰ মঙহ খোৱা মিছা!

মঙহৰ কথা ওলাল যেতিয়া কবই লাগিব, আপুনিও শুনি মানি লবই লাগিব। এই পাৰ্টিৰ ভিতৰতেই হওক বা বাহিৰতেই হওক বা মাজৰ বাৰান্দাতেই হওক, আপুনি কাকো বিশ্বাস কৰিব নোৱাৰে। বিশ্বাস কৰিব নোৱাৰে মানে আজি বুকুৰ কটুম, বঙহ, মঙহ বুলি ভবাজনেও সন্ধিয়ালৈ আপোনাৰ বৰগছ বগৰাবলৈ কুঠাৰ লৈ নাহিব বুলি কব নোৱাৰে। মানে এই দলটোত টিকি থকাতো সাত-ঘাটৰ চেঙেলীৰ বাহিৰে বেলেগে নোৱাৰেই! কথাষাৰ ধ্ৰুৱ সত্যৰ দৰেই... মিছা ক'লে কি ডাল হব নহয়নে!

আপুনি কাৰো লগত বেছি লেটি-পেটি কৰিব নোৱাৰে, নহ'লে তেঁৱেই আপোনাৰ দুৰ্বলতাক ভেটি কৰি লব,  ফেঁটী হৈ কোন মুহূৰ্তত খুটি দিব আপুনি তত ধৰিবই নোৱাৰিব। তথাপি কাৰোবাৰ নামনি বৰ্মনৰ আমনি নকৰাৰ ৱাৰেণ্টি থকা "বীৰা" অথবা মায়েঙৰ ফালৰ তাবিজ পিন্ধি অৱশ্যেই আপুনিক মানসিক সাহস লব পাৰিব। কিন্তু গেৰাণ্টি একোৰেই নাই... জীৱন কচুপাতৰ পানী টাইপ!

এনেয়ে জানো খোদ কইনাধৰাৰ পৰা ভাঁহি অহা বিহুগীতৰ কৰুণ সুৰ শুনা গৈছে আজিকালি.... "জীৱন চাৰিদিনৰ, গাদী মাথো দুদিনৰ..." । বিশ্বাস কৰিবনে, এটা সূত্ৰৰ পৰা খবৰ পোৱা মতে গুৱাহাটীত বানপানীও হেনো মাত্ৰ বৰষুণৰ পানীৰে হোৱা নাই। বিশ্বাসঘাতকতাৰ কাহিনী মনত পেলাই পেলাই ছাৰে কইনাধৰাত ৰাতি-বিয়লি যিখন চকুলো টুকিছে তাৰো হেনো ইয়াত প্ৰচুৰ অৱদান আছে! (যাক ছাৰে মেঘালয়ৰ পাহাৰৰ পানী বুলি অফিচিয়েলি কয়!) হেঃ হেঃ মিছা ক'লে কি ডাল হব নহয়নে, এনেয়েনো জগজিত সিঙ ককাইদেৱে গাইছেনে "কিহৰ বাবেনো ইমান দাঁত চেলাইছা? ইমান নো কি দুখ, যে হাঁহিৰ আঁৰত লুকুৱাইছা....? "

এইবাৰ বোলে অংক ঠিক মিলিছে। যুঁজত সেনাপতিক বগৰাবলৈ জ্যোতিষীয়ে খেন পৰ্যন্ত চাই উলিয়াইছে। অহা সোমবাৰে শিৱভক্তৰ কল্যাণ হোৱাটো খাটাঙেই! হেনজানি আজি শিৱভক্ত জনা শিৱসাগৰৰ ফালে গৈ শিৱ দ'লৰ পৰাও আশীষ লোৱাৰ বাবে নিচাদেউৰ বৰঘৰৰ পুৰণি পুৰোহিতৰ ঘৰতে গা-টো তিয়াই লবলৈ সোমাইছে। বেল পাত কেইখিলা হ'লে কামটো সিজিব পুৰোহিতেও কম-বেছি বুজাইছে, নিজৰ ভাগলৈ কি অৰিহণা লাগিব, কি দান কৰিলে কামত আহিব, তালিকাখন বুজাইছে। মিছা ক'লে কি ডাল হব নহয়নে... যাৰেই ভাল দিন, তাতেই পুৰোহিতো লীন!

ইফালে লগৰ ল'ৰা "পালে খাম পাৰ্টিয়ে" গুৱাহাটীত সংবাদমেল চপাইছে। কৈ দিছে, খাৰাং খাচ, লাজ কৰিবলৈ লুকাবলৈ  কি আছে। পালে খাম, নিদিলে লৈ খাম! শেষ দিন শনিবাৰ, নহ'লে কিন্তু হব জোৰ-যাৰ মুলুক তাৰ!

কম-বেছ দলত অনীতি বুলিবলৈ একো নাই। যাৰ সংগতে পিলাই চমকাই থাকিব পাৰি তেওঁৰ সংগসুখ লবলৈ কুণ্ঠাবোধ নকৰিলেই হ'ল। ভাল দিনত ভাল,  নহলে তেওঁতেই পেলাবা জাল। বেয়া হবলৈ কিয়
দিয়া কাল, চোং সলাই ঘটি লোৱা মাল! এইবোৰ হেনো কম-বেছ দলৰ কৰ্মশালাত শিকোৱা শিকনি!

এই দলত গুৰুৱে শিক্ষা দিবলৈকে টান পায়, কোনে জানে তৰোৱাল লবলৈ শিকালে শিষ্যৰ হাতত কোন দিনা কান কটা যায়! এনেকুৱা পৰিবেশতো এযুগ কাল ৰজা হৈ খোৱাতো কি ধেমালি কথা, মামুলী কথা! মিছা ক'লে কি ডাল হব নহয়নে.... আমাৰ নিচাদেউৱো কম সাত-ঘাটৰ চেঙেলী নহয়!

পিছে সময় সদায় একে নাযায়।  দুপৰীয়া, বিয়লিৰ পাছত বেলি লহিয়াবই। এইফালে পোহৰ কমি অহা বুলি গম পাই হাতোৰা বিশেষজ্ঞ চিকাৰীসকলে দিনদুপৰতে চোং সলাইছে! কম-বেছ কৰিছে, দৰদাম মিলাইছে।

টিভিৰ পৰ্দাতো এতিয়া বিজ্ঞাপন, আজি "লুভীয়া সন্থাৰ মহাবিস্ফোৰণ"! পৰহিলৈ "শেষ নাট"!  এতিয়া আৰু খোলা অংক, লাভ নাই কৰি জংক পংক!

হিচাব নিকাচ হৈ গৈছে, বিস্ফোৰণটোহে বাকী.... খেন মিলালৈ অপেক্ষা মাথো। সৌৱা বাইদেউৰ টিভিতো সংবাদ বেজে জাৰিয়ে আছে......."বোলে ন শূণ্য নব্বৈ, অহা সোমবাৰে গগৈ যাব্বই..."

No comments:

Post a Comment