বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণ

বিশ্লেষণ

Share This
উত্তৰ-পূৱলৈ বাজেটখনে
অনা দহটা ভাল খবৰ

আজি সংসদত উত্থাপিত হোৱা দেশৰ সাধাৰণ বাজেটত উত্তৰ-পূৱে কি পালে তাকে লৈ আমাৰ আগ্ৰহৰ অন্ত নাই। সেইবাবেই বিত্তমন্ত্ৰীৰ সবিশেষ ভাষণত উত্তৰ-পূৱলৈ দিয়া ভাল খবৰবোৰ বিচাৰি চোৱাৰ হাবিয়াস কৰিছিলো।
আচৰিত কথা যে ড'নাৰ (DONER) নামৰ এটি মন্ত্ৰণালয় উত্তৰ-পূৱৰ উন্নয়নৰ বাবে থকা স্বত্বেও সেই শব্দটি আচৰিত ভাৱে বাজেট ভাষণত (নেশনেল ইনফৰমেটিক চেণ্টাৰৰ সৌজন্যত উপলব্ধ পিডিএফত) উল্লেখ থকা পোৱা নগ'ল। প্ৰশ্ন হয়, তাৰ মানে কি বাজেটত ড'নাৰ মন্ত্ৰালয় অস্বিত্বহীন!

অসম, ছিক্কিম আৰু মনিপুৰৰ নাম এবাৰ এবাৰকৈ তাত উল্লেখ আছে। বাকী মেঘালয়, ত্ৰিপুৰা, নগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশৰ নামে বাজেট ভাষণত স্থান লাভ কৰিবলৈ ভাগ্য মুকলি কৰিব নোৱাৰিলে। নৰ্থ ইষ্ট (north east) শব্দটো মুঠ ন-বাৰ ব্যৱহাৰ হৈছে।

চাওচোন আহক, এইখন বাজেটে উত্তৰ-পূৱলৈ কি কি ভাল খবৰ কঢ়িয়াই আনিছে-
১. উত্তৰ-পূৱ ভাৰত পৰম্পৰাগত ভাৱেই জৈৱিক খেতিৰ ওপৰত নিৰ্ভৰশীল অঞ্চল । সেয়ে প্ৰধানমন্ত্ৰীয়ে বিগত পষেকত কৰা ঘোষণাত এই অঞ্চলটোত জৈৱিক খেতিক ব্যৱসায়িক লক্ষ্যৰে গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণাৰ প্ৰতিফলন স্বৰূপে আজি বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বিশ্বৰ বজাৰত  জৈৱিক খেতিৰ খাদ্য সামগ্ৰীৰ  বৰ্ধিত চাহিদালৈ লক্ষ ৰাখি "ব্যৱসায়িক জৈৱিক কৃষি"ৰ বিকাশৰ বাবে  এইটো বিত্তীয় বৰ্ষত ১০০কোটি টকা আগবঢ়াইছে। মনত ৰাখিব লগা কথা এইটোও যে ইয়াৰে আঠোখন ৰাজ্যতে বিকাশৰ কাৰ্যসূচী হাতত লোৱাৰ ব্যৱস্থা কৰিব লাগিব।

২. উত্তৰ-পূৱলৈ ৰেলসেৱাৰ সংযোগৰ সঁচাই পিছপৰি থকাৰ বাবেই দেশৰ মূল ভূ-খণ্ডৰ সৈতে যোগাযোগত, বাণিজ্যত পিছপৰা থকা দীৰ্ধদিনীয়া সমস্যালৈ লক্ষ্য ৰাখি ইয়াৰ বিকাশৰ বাবে অন্তবৰ্তী বাজেটত কংগ্ৰেছ চৰকাৰে আগবঢ়োৱা ধনৰ সৈতে আৰু ১০০০কোটি টকা আগবঢ়োৱা হৈছে। ৰেল সংযোগক দ্ৰুত বিকাশ কৰাটোত বিত্ত মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে।

৩. টিভিক নিজৰ সংস্কৃতিক তথা পৰিচয়ক তুলি ধৰাৰ অতি শক্তিশালী মাধ্যম বুলি গণ্য কৰি এই চৰাকাৰে উত্তৰ-পূৱৰ জনগণৰ বাবে এটা নতুন ২৪x৭ টিভি চেনেল "অৰুণ প্ৰভা" উপহাৰ দিব খুজিছে। ই জনগোষ্ঠী সমূহৰ চহকী সাংস্কৃতিক তথা ভাষিক পৰিচয় ৰক্ষাৰ বাবে এক উল্লেখনীয় উপহাৰ হব বুলিও মত প্ৰকাশ কৰিছে। ইয়াৰ বাবেও ১০০কোটি টকাৰ ব্যৱস্থা বাজেটত কৰা বুলি নৰ্থ ইষ্ট ব্লগৰ টুইটৰ পৰা গম পোৱা গৈছে।

৪.  এন ডি এ চৰকাৰৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে পৰিকল্পনাৰ ধনৰ ১০ শতাংশ উত্তৰ পূৱ ৰাজ্য সমূহৰ বাবে খৰছ কৰাৰ যি প্ৰশংসনীয় নিয়ম ঠিক কৰা হৈছিল, তাক এই চৰকাৰেও আগবঢ়াই নিব আৰু সেই ধনক নন-লাপচেবল শিতানত ৰখাৰ ব্যৱস্থাই চলি থাকিব। এই বাজেটৰ বাহিৰেও আন এক নথিযোগে  উত্তৰ-পূৱৰ বাবে খৰছ কৰিব লগা ধনৰ পৰিকল্পনাক সদৰী কৰা হব বুলি বিত্তমন্ত্ৰীজনে সংসদক জনাইছে।

এই বৰ্ষত মুঠ ৫৩,৭০৬কোটি টকা উত্তৰ-পূৱৰ উন্নয়নৰ বাবে মোকোলাই দিবলৈ প্ৰস্তাৱ দিয়া হৈছে। তাৰ বাহিৰেও অঞ্চলটোৰ মহিলা সকলৰ উন্নয়নৰ বাবে ৯৮,০৩০ কোটি টকা আৰু শিশু কল্যাণৰ বাবে ৮১,০৭৫ কোটি টকা মোকোলাই দিবলৈ ব্যৱস্থা কৰা হৈছে বুলি বিত্ত মন্ত্ৰীজনে বাজেট ভাষণত প্ৰকাশ কৰিছে।

৫. পথ উন্নয়নৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ উন্নতিৰ বাবে কেন্দ্ৰীয় বাজেটত ঠিক কৰা ৩৭,৮৮০কোটি টকাৰ ভিতৰত ৩০০০কোটি টকা উত্তৰ-পূৱৰ বাবে বাজেটত ধৰা হৈছে। লগতে সীমান্ত গাঁও সমূহৰ উন্নয়নৰ বাবে দেশজুৰি ঠিক কৰা ১০০০কোটি টকাৰো কিছু অংশৰ সুফল উত্তৰ-পূৱে লাভ কৰিব পাৰিব।

৬. খাৰুৱা তেলকে ধৰি আন আন খনিজ সম্পদৰ ৰয়েল্টিৰ হাৰ পুনৰ নিৰ্ধাৰণেৰে বৰ্ধিত কৰাৰ বাবে ৰাজ্য চৰকাৰে সমূহে কৰা অনুৰোধকো বিবেচনা কৰি আছে মন্ত্ৰালয়ে। প্ৰতি তিনিবছৰৰ মূৰে মূৰে হব লগা এই হাৰৰ পুনৰ নিৰ্ধাৰণ আগষ্ট ২০০৯ৰ পাছত হোৱা নাই। সেয়ে অতি সোনকালেই ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দিয়া বিত্তমন্ত্ৰী আশ্বাসেও অসম তথা উত্তৰ-পূৱলৈ আশাৰ বতৰা কঢ়িয়াই আনিব ।

৭.
পুছাত থকা ইণ্ডিান এগ্ৰিকালচাৰেল ৰিচাৰ্ছ ইনষ্টিটিউট অসম আৰু ঝাৰখণ্ডতো স্থাপন কৰিব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত উজ্বলাই তুলিব পৰাকৈ গঢ়িব লগা এই প্ৰতিষ্ঠান কেইটিৰ বাবে সদ্যহতে ১০০কোটি টকা ধাৰ্য কৰা হৈছে।
৮. মনিপুৰত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবেও ১০০কোটি টকা এই বাজেটত ধাৰ্য কৰা হৈছে।

৯. উত্তৰ-পূৱ আৰু হিমালয় পাদদেশৰ ৰাজ্য সমূহৰ থলুৱা ক্ৰীড়া সমূহকো আগুৱাই নিয়াৰ লগতে অ়ঞ্চলটোত ক্ৰীড়াৰ বিকাশৰ বাবে নেপাল, ভূটান আদি অংশ গ্ৰহণৰে বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলিও বাজেটত উল্লেখ আছে।

১০.
তাৰ বাহিৰেও নেচনেল স্কিল ডেভেলপমেণ্ট মিছন স্থাপন হ'লে অসমৰ সৰ্বানন্দ সোনোৱাল সেই দপ্তৰৰ মন্ত্ৰী হোৱা হেতুকে সেই ক্ষেত্ৰত কিছু লাভবান হবলৈ উত্তৰ-পূৱ সক্ষম হব বুলি আশা কৰিব পাৰি।

এটা কথা সচেতন ৰাইজে মনত ৰখা ভাল হব যে, মাত্ৰ ধন আহিলেই নহব। তাক সঠিক ৰূপত ব্যৱহাৰ কৰিব লাগিব আৰু কাৰ্যকৰী ৰূপত আঁচনি সমূহ ৰূপায়ন হব লাগিব। সৰ্বাধিক ধন অহা বিভাগ যেনে সমাজ কল্যাণ, পৰিয়াল কল্যাণ, শিশু-মহিলা কল্যাণত যাতে এতিয়াৰ দৰে দুৰ্নীতি আৰু লুণ্ঠন নহয় তালৈকো সচেতন ৰাইজ আৰু জাতীয় সংগঠনসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব।

2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. Not up to d mark..atleast one of d IIM or AIIMS...

    ReplyDelete