পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This
পলকতে ৰেল বাজেটখন
দেশৰ ৰেলমন্ত্ৰী সদানন্দ গৌড়াই আজি সংসদত ৰেল বাজেট উত্থাপন কৰে। তাৰ পাছতে বাজেট যোগে দেশৰ সামগ্ৰিক ৰেলৱে ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যম যোগে ৰাইজক অৱগত কৰিছে। পূৰ্বৰ ৰেলমন্ত্ৰী সকলে নিজৰ নিজৰ অঞ্চলৰ বাব ৰাজনৈতিক লাভালাভৰ বাবে ৰেল বাজেটক ব্যৱহাৰ কৰাৰ অভিযোগৰ বিপৰীতে দেশৰ সামগ্ৰিক যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ দিশে কাম কৰাকৈ প্ৰথমবাৰৰ বাবে দেশে ৰেলৱে বাজেট লাভ কৰা বুলিও মত প্ৰকাশ কৰিছে। 

কিছুমান ক্ষেত্ৰত ৰেলৱে ব্যৱস্থাক 
সংশোধনৰ বাবে তিতা দৰৱৰ ব্যৱস্থা কৰা হৈছে যদিও ই ভৱিষ্যতে অমৃত ৰূপে পৰিগণিত হব বুলি ওৰেলমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। পূৰ্বৰ চৰকাৰৰ মন-ভূলোৱা কিছুমান নীতিক এই বাজেটযোগে আঁতৰাবলৈ চেষ্টা কৰা হৈছে যদিও আন কেতবোৰ পদক্ষেপ সাধাৰণ জনতাৰ মন আকৰ্ষণ কৰিবলৈকে বাজেটত ঘোষণা কৰা বুলিও চৰ্চিত হৈছে। ৰেল বাজেটৰ বিষয়ে জানিব লগা কেতবোৰ কথা ইয়াত আলোচনা কৰিবলৈ লোৱা হৈছে।
১. নতুন ৰেলঃ
মুঠ ৫৮খন নতুন ৰেল চলোৱাৰ প্ৰস্তাৱ ৰখা হৈছে । নতুন ৰেল হিচাবে ৫খন জনসাধাৰণ, ৫খন প্ৰীমিয়াম, ৬খন বাতানুকূল সেৱাৰ, ২৭খন এক্সপ্ৰেছ ট্ৰেইন, ৮খন পেচেঞ্জাৰ, দুখন মেমো(MEMO) আৰু ৫খন ডেমো(DEMU) সেৱাৰ ট্ৰেইন চলাব বুলি ঘোষণা কৰা হৈছে৷ ১১খন ৰেল সেৱাক বৰ্ধিত ৰূপত চলাবলৈকো ব্যৱস্থা কৰা হৈছে৷ ১৮টাকৈ নতুন ৰেলপথ স্থাপন, ১০টা পথত ৰেলৰ ট্ৰেক বৃদ্ধি কৰাৰ প্ৰস্তাৱো ঘোষণা কৰা হৈছে৷

লগতে দেশত প্ৰথমবাৰৰ বাবে 
বুলেট ট্ৰেইন প্ৰবৰ্তনৰ এক সপোন বাস্তৱৰ দিশে নিবৰ বাবে প্ৰাৰম্ভিক ১০০কোটি খৰছেৰে এই কৌশল সন্দৰ্ভত ৰেলৱেৰ কৰ্মচাৰী সকলক সচেতন, প্ৰশিক্ষণ দি প্ৰকল্পটো বাস্তৱায়িত কৰাৰ দিশত আগুৱাই নিবৰ বাবে চেষ্টা কৰিবলৈ ব্যৱস্থা কৰা হৈছে। বাস্তৱত মুম্বাই-আহমেদাবাদৰ মাজত প্ৰস্তাৱ ৰখা এই বুলেট ট্ৰেইনৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কমেও দহ-বাৰ বছৰৰ প্ৰয়োজন হব বুলি ক্ষেত্ৰটোৰ বিশেষজ্ঞ সকলে প্ৰকাশ কৰিছে। প্ৰকল্পটোৰ বাবে ইউপিএ চৰকাৰে বিশদ অধ্যয়নৰ ব্যৱস্থা কৰিছিল আৰু তাৰ ৰিপৰ্ট এতিয়া তৈয়াৰ হৈ উঠিছে আৰু এই প্ৰকল্পৰ বাবে ৬০হাজাৰ কোটি টকা বিনিয়োগৰ প্ৰয়োজন হব৷

ছেমি বুলেট (১৬০কি.মি./ঘণ্টা বেগী) দিল্লী-কানপুৰ, দিল্লী আগ্ৰা, চেন্নাই-হাইদৰাবাদ, নাগপুৰ-বিলাসপুৰ আৰু দিল্লী-পাঠানকোটৰ মাজত চলোৱাৰ বাবে প্ৰস্তাৱ ৰখা হৈছে। মুম্বাইত লোকেল ট্ৰেইনৰ বাবে ৮৬০টা নতুন ডবাৰ ব্যৱস্থা কৰাৰো সুখবৰ প্ৰকাশিত হৈছে।

দেশৰ সকলো ধৰ্মৰ তীৰ্থযাত্ৰী সকলৰ বাবে ধাৰ্মিক যাত্ৰাৰ বাবে তীৰ্থযাত্ৰাৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰা হব। আৰু তীৰ্থস্থল সমূহক ৰেলসেৱাৰে সংলগ্ন কৰাৰ লক্ষ্যৰে নতুন ৰেল লাইন স্থাপন কৰিব বুলিও ঘোষণা কৰিছে। স্বামী বিবেকানন্দৰ আদৰ্শ আৰু জীৱনীক প্ৰচাৰৰ বাবেও বিশেষ ট্ৰেইন দেশজুৰি চলোৱা হব বুলিও প্ৰকাশ পাইছে।

২. ৰেলযাত্ৰীৰ বাবে উন্নত সেৱা
ৰেলযাত্ৰী সকলৰ বাবে ৱাই-ফাই ইণ্টাৰনেট সেৱা সকলো প্ৰথম শ্ৰেণীৰ ষ্টেচনতে
উপলদ্ধ কৰাৰ প্ৰতিশ্ৰুতিৰ লগতে কিছু নিৰ্বাচিত ট্ৰেইনত ইণ্টাৰনেট সেৱা দিয়াৰ কথাও প্ৰস্তাৱ কৰা কৰা হৈছে।

মোবাইল নিৰ্ভৰ তথ্যৰে যাত্ৰীক সজাগ 
কৰা, সকলো ষ্টেচনৰে যাত্ৰী জিৰণী কোঠাত অনলাইন বুকিংৰ সুবিধা প্ৰদান, বিশেষ কিছুমান ব্ৰেণ্ডৰ আগতে ৰন্ধা-খোৱাৰ বাবে ৰেডি থকা খাদ্য সামগ্ৰী কেইবাটাও স্তৰত প্ৰবৰ্তন কৰা, বনোৱাৰ-বাবে ৰেডি থকা কিছুমান ব্ৰেণ্ডেড খোৱা বস্তুৰ ব্যৱহাৰ কৰি ৰেলৱেৰ খোৱা-বোৱাক উন্নীত কৰাৰো প্ৰস্তাৱ ৰখা হৈছে।

খোজকাঢ়িবলৈ অভাৰব্ৰীজ, এচকেলেটৰ, লিফ্ট আদিৰ ব্যৱস্থা প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ মডেলত কৰা, ৫০টা বিশেষ ষ্টেচনত অভিজ্ঞ চাফাই কোম্পানীক চাফচিকুণতাৰ দ্বায়িত্ব প্ৰদান কৰা, ষ্টেচন আৰু ট্ৰেইনত ৰিৰ্ভাছ অচম'চিচ থকা পানী ফিল্টাৰ সেৱা আদিৰে যাত্ৰী সকলক অধিক আৰাম অনুভৱ কৰাবলৈ বিচৰা হৈছে। চাফচিকুণতাৰ ওপৰত চিচি টিভিৰেও নজৰ ৰখা হব আৰু ৰাইজে পোনপটীয়াকৈ কম্পিউটাৰাইজড চীষ্টেম যোগে এনে বিষয়ত অভিযোগ দাখিল কৰাৰ ব্যৱস্থা কৰা হব।

এতিয়া প্ৰতি মিনিটত ২৪০০ টিকট অনলাইন বুকিং কৰিব পৰা ব্যৱস্থাৰ সলনি
প্ৰতি মিনিটত ৭২০০ টিকেট ইচ্যু কৰিব পৰাকৈ আই.আৰ.চি.টি.চিৰ সেৱাক উন্নত চাৰ্ভাৰলৈ স্থানান্তৰিতকৰণৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে। মোবাইল যোগে টিকট বুকিং আৰু স্থানীয় ডাকঘৰতো ৰেলৱে টিকট দিয়াৰ ব্যৱস্থাৰে টিকট বুকিঙক সহজলভ্য কৰিবলৈ বিচৰা বুলিও প্ৰকাশ পাইছে। একে সময়তে ১লাখ ২০হাজাৰ ব্যৱহাৰকাৰীয়ে অনলাইন বুকিংৰ বাবে সমান্তৰালভাৱে লগ-ইন কৰিব পৰাকৈ ব্যৱস্থা কৰাৰো প্ৰতিশ্ৰুতি প্ৰকাশ পাইছে।

যাত্ৰীক সুৰক্ষাৰ বাবে ১৭০০০ আৰ.পি.এ কনিষ্টবল নিয়োগ কৰা হব । মহিলাৰ
বাবে সংৰক্ষিত ডবাত মহিলা সুৰক্ষাকৰ্মী নিয়োগ কৰা, অকলশৰীয়া মহিলাৰ বাবে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে অচিৰেই ৪০০০ মহিলা কনিষ্টবল
নিযু্ক্তি দিয়া হব বুলিও প্ৰকাশ কৰিছে।

৩. আন্তঃগাঁথনিঃ
তীব্ৰ বেগী ট্ৰেইনেৰ ডাঙৰ মহানগৰ সমূহ সংলগ্ন কৰি এক বহুমাত্ৰিক নেটৱৰ্ক
গঢ়াৰ লক্ষ্য স্থিৰ কৰাৰ লগতে ট্ৰেইনৰ গতিবেগ ১৬০-২০০ কিল'মিটাৰ পৰ্যন্ত
নিৰ্বাচিত নটা খণ্ডত উপনীত হবলৈ চেষ্টা চলোৱা হব।

অহা পাঁচবছৰত ৰেলৱেত 
উন্নত আৰু কাগজ বিহীন কাৰ্যালয়ৰ ৰূপত গঢ়ি তুলিবলৈকো লক্ষ্য স্থিৰ কৰা হৈছে।

ৰেলৱেই এখন ৰেল বিশ্ববিদ্যালয় স্থাপন কৰিব য'ত কাৰিকৰী আৰু ব্যৱস্থানা
বিষয়ক শিক্ষাদানেৰে ৰেলৱে ব্যৱস্থাপনাৰ বাবে উন্নত মানৱ সম্পদ গঢ় দিব
পৰা যাব। নতুন ধৰণৰ চিন্তাক বিকাশ কৰিবলৈ ইনোভেচন-ইনকিউবেচন কেন্দ্ৰ স্থাপনৰো প্ৰস্তাৱ লোৱা হৈছে। আৰু এটা পাইলট প্ৰজেক্ট যোগে উভতি অহা ৰেল ভাড়াৰ ক্ষেত্ৰত ৰেহাই দিবলৈকো চেষ্টা চলোৱা হব বুলি প্ৰকাশ পাইছে।

মুঠ ইন্ধন ব্যয়ৰ অন্ততঃ পাঁচ শতাংশ বায়' ডিজেল ব্যৱহাৰ কৰাৰ দিশেও কাম
কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে। ১৭৮৫কোটি টকা খৰছ কৰি পুল অভাৰব্ৰীজ আদি নিৰ্মাণেৰে মানৱ-বিহীন ৰেলৱে ক্ৰছিংৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈকো
ব্যৱস্থা কৰা হৈছে।

৪. অৰ্থনীতিঃ
বিগত বৰ্ষত প্ৰতিজন যাত্ৰীৰ বিপৰীতে ২৩ পইচাকৈ ৰেলৱেই লোকচান ভৰিব লগা অৰ্থনৈতিক স্থিতিৰ কথাও সংসদক অৱগত কৰা হৈছে। বিগত বৰ্ষৰ সামাজিক দ্বায়িত্বৰ ভৰ ২০হাজাৰ কোটি টকা, এটকাৰ মাত্ৰ ৬পইচাহে ৰাহি হোৱালৈ আঙুলিয়াই দি বৰ্ধিত অপাৰেটিং খৰছৰ দিশটোতো বাজেটত আলোকপাত কৰা হৈছে।

ৰেলৱে সেৱাৰ খণ্ডত বিদেশী বিনিয়োগৰ দুৱাৰ খুলি দিয়াৰ বাবেও কেবিনেটৰ
অনুমোদনৰ বাবে ৰেলৱেই প্ৰস্তাৱ দিব। এই বিনিয়োগৰ বাবে অৱশ্যে কাৰ্য-ব্যৱস্থা পৰিচালনা ক্ষেত্ৰ মুকলি কৰি দিয়া নহব।

চলি থকা প্ৰকল্প
সমূহৰ সফল সমাপ্তিৰ বাবেই প্ৰায় ৫লাখ কোটি টকা এতিয়া ৰেলৱেক প্ৰয়োজন। ২০১৪-১৫ বৰ্ষত ১.৬৪কোটি টকাৰ ৰাজহ গোট খাব বুলি আশা প্ৰকাশ কৰাৰ বিপৰীতে ব্যয় ১.৪৯লাখ টকা হব বুলিও বাজেটত প্ৰকাশ পাইছে। বিত্ত মন্ত্ৰণালয়ে অতিৰিক্ত মূলধন হিচাবে ১১০০কোটি আৰু অংশীদাৰীত্বৰ বাবদ ২৭৩কোটি টকা মোকালাই দিছে। ইফালে সদ্য-বৰ্ধিত ৰেলভাড়াৰ পৰা অতিৰিক্ত ৮০০০কোটি টকাৰ ৰাজহ সংগ্ৰ্হ হোৱাৰ সম্ভাৱনা আছে৷

৫. উত্তৰ-পূৱঃ
উত্তৰ-পূৱৰ প্ৰকল্প সমূহৰ ৰূপায়ণক গুৰুত্ব আৰোপ কৰি বিগত বৰ্ষতকৈ প্ৰায় ৫৪শতাংশ অতিৰিক্ত ধন এই প্ৰকল্প সমূহৰ বাবে মোকলাই দিয়াৰ ব্যৱস্থা হব বুলি প্ৰকাশ পাইছে।

উত্তৰ-পূৱত ইক'-টুৰিজিম আৰু শৈক্ষিক পৰ্যটনৰ বাবে 
ৰেলৱেই বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলিও প্ৰকাশ পাইছে। অসমৰ বাবে মুঠ সাতখনকৈ নতুন ট্ৰেইন চলোৱাৰ প্ৰস্তাৱ দিয়াৰ সুখবৰো প্ৰকাশিত হৈছে। পিছে উত্তৰ-পাৰত এতিয়াও ব্ৰডগজৰ কাম সমাপ্ত নোহোৱাক লৈ চলি থকা অনিশ্চয়তা বিষয়ত কোনো উত্তৰ বাজেট ভাষণত উল্লেখ নহ'ল৷ৰেল বাজেট অনুসৰি অসমলৈ দিয়া মুঠ ৭ খন নতুন ৰেলৰ এখন প্ৰিমিয়াম ৰেল, এখন বাতানুকুল দ্ৰুতগামী (এক্সপ্ৰেচ), তিনিখন দ্ৰুতগামী ৰেল আৰু দুখন দৈনিক পেচেঞ্জাৰ...
(১) কামাখ্যা - বাংগালুৰু (প্ৰিমিয়াম)
(২) নাহৰলগুন - নতুন দিল্লী (বাতানুকুল দ্ৰুতগামী)
(৩) গুৱাহাটী - নাহৰলগুন (দৈনিক ইন্টাৰচিটি, দ্ৰুতগামী )
(৪) গুৱাহাটী - মুৰ্কংচেলেক (দৈনিক ইন্টাৰচিটি, দ্ৰুতগামী )
(৫) কামাখ্যা - কাট্ৰা (সপ্তাহিক, দ্ৰুতগামী )
(৬) গুৱাহাটী - মেন্দিপথাৰ (দৈনিক পেচেঞ্জাৰ)
(৭) ৰঙিয়া - ৰঙাপাৰা নৰ্থ (দৈনিক পেচেঞ্জাৰ)


ৰেলৱে বাজেট উত্থাপনৰ সম্পূৰ্ণ ভাষণৰ পিডিএফ পাবলৈ ইয়াত ক্লিক কৰক

No comments:

Post a Comment