বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণ

বিশ্লেষণ

Share This

প্ৰতাৰিত জনগণ আৰু ভাৰতৰ নিৰ্বাচন
অগ্নিভ দত্ত
অৱশেষত প্ৰত্যাশিত ভাৱেই কংগ্ৰেছ নেতৃত্বাধী ইউ পি চৰকাৰ খনক তচনচ কৰি কেন্দ্ৰত নৰেন্দ্ৰ মোডিৰ নেতৃত্বত বিজেপিয়ে চৰকাৰৰ দায়িত্ব ল’লে কংগ্ৰেছৰ অবাধ দুৰ্নীতি আৰু অপশাসনে ভাৰতবাসীক ভালকৈয়ে জুৰুলা কৰিছিল স্বৰাজোত্ত ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী দল হিচাবে অকলেই সংখ্যা গৰিষ্ঠতা পাবলৈ সক্ষম বিজেপি দলটোৱে মোডিৰ অভাৱনী প্ৰশাসনিক দক্ষতাই তেখেতক দুৰ্ব নেতৃত্বৰ ৰাহুল গান্ধীৰ সন্মুখত প্ৰায় অপ্ৰতিদন্দ্বী কৰি তুলিছিল


বিশাল
ব্যক্তিত্ব তথা গুজৰাটৰ দৰে এখন ৰাজ্যক সফলতাৰে চাৰিটাকাল প্ৰতিনিধিত্ব কৰা তথা ব্যৱহাৰিক আৰু ব্যৱসায়িক জ্ঞানেৰে পুষ্ট মোডিয়ে ভাৰতৰ জনগণৰ মাজত এক আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল নীতিগত ভাৱে কংগ্ৰেছ আৰু বি জে পিৰ মৌলিক পাৰ্থক্য নাই যদিও মোডিৰ ব্যক্তিত্বই বি জে পি দলটোক এই নিৰ্বাচনত অপ্ৰতিৰোধ্য কৰি তুলিলে এই খিনিতে আম আদমী পাৰ্টিয়ে ৰাইজৰ আগত আন এক শক্তি হিচাবে মূৰ দাঙি উঠিছিল যদিও দলটোৰ কিছুমান কৌশলগত ভুলৰ বাবে দলটোৱে ভাৰতৰ নিৰ্বাচনী ইতিহাস বিশেষ ভুমিকা নোৱাৰিলেএই প্ৰসংগ পাছে পৰে আলোচনা কৰিম
এতিয়া আহো এই বাৰৰ নিৰ্বাচনী বতৰাই ভাৰতবাসী ৰাইজলৈ কি কঢ়িয়াই আনিলে ? যদি এইবাৰৰ নিৰ্বাচনক তাক সুক্ষ্ম ভাৱে জুকিয়াই চাও তেতিয়া দেখো এই নিৰ্বাচনে কঢ়িয়াই আনিলে এক ভিন্নতাএই ভিন্নতা ভালৰ কাৰণেই নে বেয়াৰ কাৰণেই এতিয়াই কোৱাটো যথেষ্ট কঠিন। । এই নিৰ্বাচনত অবিশাস্য ভাবে চচিয়েল মেডিয়াইও এক শক্তিশালী ভূমিকাৰে নতুনত্ব দিলে তাৰোপৰি এই নিৰ্বাচন কেৱল ব্যক্তিত্বৰ যুঁজেই নাছিল, এই নিৰ্বাচনত যি গতিত প্ৰকাশ্যে বা অপ্ৰকাশ্যে নিৰ্বাচনী প্ৰচাৰৰ নামত ধন খৰছ কৰা সেইয়া হয়তো ভাৰতৰ নিৰ্বাচনী ইতিহাসতেই বিৰল

যদি গভীৰ ভাৱে চোৱা যায় ই এক অন্য ভৱিষ্যতৰেই হয়তো ইংগিত বহন কৰিছে
সৰু সুৰা দলবোৰক যদি বাদ দিয়া যায় আৰু আমাৰ দেশৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ নিৰ্বাচনী ব্যয়ে মানুহৰ চকু কপালত তুলিব সেইটো ধৰুপ বিভিন্ন নিৰ্বাচনী ব্যয়ৰ সমীক্ষাই দেখুৱাইছে যে কেৱল কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ আৰু বিজ্ঞাপন আদিৰ নামত প্ৰায় ৪০০০ কোটি টকাৰও ওপৰত ব্যয় কৰিছে আমাৰ দৰে দুখীয়া দেশ এখনৰ এটা দলৰ নিৰ্বাচনী ব্যয়ে এতিয়াও যদি আপোনাৰ চকু কপালত তুলিব পৰা নাই তেতিয়া হ’লে এইবাৰ আহো এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বি জে পি দলটোৰ নিৰ্বাচনী ব্যয়ৰ কথালৈ

বিভিন্ন সমীক্ষা মতে এই ব্যয়ে হয়তো ভাৰতৰ ইতিহাস
অন্য এক শিখৰ পোৱাইছেগৈ বি জে পি নিজৰ সুত্ৰ মতে মোডি ডাঙৰীয়াই এই নিৰ্বাচনী প্ৰচাৰৰ নামত ৫০০০ ৰো ওপৰৰ সভা আৰু ৪০০ ৰও ওপৰৰ ডাঙৰ ৰেলীত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলাইচিল তাৰোপৰি এই প্ৰচাৰৰ বাবে দেশখনৰ মূৰৰ পৰা সিমূৰলৈ প্ৰায় তিনি লাখ কিলমিটাৰ ভ্ৰমণ কৰিলে তাৰোপৰি সূত্ৰ মতে বি জে পি য়ে দেশৰ মূৰৰ পৰা সিমূৰলৈ ডাঙৰ ডাঙৰ বেনাৰ আঁৰিছিল প্ৰায় ১৫০০০ খন প্ৰায় ২৫০০ কোটি টকা খৰছ কৰি ইয়াৰ ওপৰিও টিভি
, বাতৰি কাকত আদিৰ বিজ্ঞাপনত খৰছ আছেই মুঠৰ ওপৰত গোটেই প্ৰক্ৰিয়াটোত কিজানি কেইবা হাজাৰ কোটি টকা খৰছ

বিশেষকৈ
বি জে পিৰ এই নিৰ্বাচনী প্ৰচাৰে নিৰ্বাচনক বেলেগ এটা প্ৰৰ্য্যায়লৈ লৈ যাবলৈ সক্ষম অৱশ্যে এই প্ৰক্ৰিয়া নৰেন্দ্ৰ মোডিয়ে কিছু বছৰৰ আগতেই আৰম্ভ কৰিছিল২০০৭ চনতে মোডিয়ে এপকো ৱৰ্লদ ৱাইদ বুলি বহুজাতিক কোম্পেনি এটাক ভাইব্ৰেন্ট গুজৰাট বুলি গুজৰাটৰ বিষয়ে প্ৰচাৰ চলাবলৈ দায়িত্ব দিছিল আৰু লগতে মোডিৰ ২০০২ চনৰ ইমেজটোকো নতুন ৰূপত উপস্থাপন কৰাৰো আন এক উদেশ্য আছিল কোৱা বাহুল্য যে এই এপকো ৱৰ্লদ ৱাইদ বুলি বহু জাতিক কোম্পেনিটোৱে আকৌ বিভিন্ন সময়ত বিভিন্ন বিশ্বনেতা তথা বিভিন্ন সংগঠনক বিজ্ঞাপন আদি আহিলাৰ যোগেদি ইমেজ বিলডিংৰ কাম কৰি আহিছে প্ৰাক্তন প্ৰধান মন্ত্ৰী টনী ব্লেয়াৰে ইংলেণ্ডক ইৰাক যুদ্ধত চামিল কৰোৱাত জণগণৰ মাজত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তেখেতৰ ভাৱমূৰ্ত্তিও লাঘৱ হৈছিল আৰু সেই ভাৱমূৰ্ত্তি উদ্ধাৰত এই এপকো ৱৰ্লদ ৱাইদক ৱ্যবহাৰ কৰিছিল টনী ব্লেয়াৰেমুঠতে এই নিৰ্বাচনত ভাৰতবাসী ৰাইজে প্ৰচাৰৰ নামত এক নতুন সোৱাদ পালেআৰু হয়তো গম নোপোৱাকৈয়ে এই খৰছী প্ৰচাৰৰ মোহজালত ভৰি থলে কোৱা বাহুল্যযে বি জে পি দলে এইবাৰ প্ৰযুক্তিৰ পূৰ্ণ ব্যৱহাৰেৰে ভোটাৰ ৰাইজক ভেল্কিবাজী দেখুৱাত নিশ্চয়কৈ সফল হ’ল যদিও আচল সপোনবোৰ দেখুৱাত কিমান সফল সেইয়াহে আচল ক্থা হ’ব আনকি বহু ধনৰ বিনিময়ত
SAP ৰ দৰে বিশ্বখ্যাত প্ৰযুক্তি সংস্থাৰ প্ৰযুক্তিকো বি জে পি য়ে সফলতাৰে প্ৰয়োগ কৰিলে এই নিৰ্বাচনত
কিন্ত্ত কথাটো হৈছে অকল টকা পইচা ইমানবোৰ খৰছ কৰাটো নহয়, কথাটো হৈছে এই টকা পইচা বোৰ আহিছে পৰা এই ৰাজনৈতিক দল বোৰৰ হাতলৈ এইবোৰ মানুহৰ কষ্টৰ ধন নিশ্চয় নহয় তেনেহলে এইবোৰ বহুচৰ্চিত কলা ধন বিলাকৰেই অংশ নেকি? যদি হয় তেনেহলে মেকুৰীৰ ডিঙিত টিলিঙা পিন্ধাব কোনে এতিয়া ? এই টকা যোগান ধৰাবোৰে তাৰ বিনিময়ত একো নিবিচাৰিব নে? সেই প্ৰশ্নই আমাক এবাৰো আমনি নকৰেনে? বা এইবোৰ কথা আমি বুজিবলৈ চেষ্টা নকৰিম নে? দেশ খনৰ উন্নতি কোনেনো নিবিচাৰিব কিন্ত্ত কথা এই দৰে এনেকুৱা টকা পইচাৰ জোৰত সলনি হোৱা শাসকেৰে আমাৰ জীৱনলৈ কিদৰে পৰিবৰ্ত্তন আনে সেইয়া চাব লগা অৰ্থনৈতিক স্বাৱলম্বিতা তথা অৰ্থনৈতিকভাৱে শক্তিশালী সমাজ এখন সকলোৰে কাম্য, কিন্ত্ত সঁচা অৰ্থত অৰ্থনৈতিক পৰিবৰ্ত্তন আনিবলে লে কেৱল শাসকৰ সলনিয়েই জানো যথেষ্ট ? সমাজ ব্যৱস্থাৰ পৰিবৰ্ত্তন নানি ৰাজনৈতিক ভাৱে কলুষি দল বোৰে কেনেকৈ কি পৰিৱৰ্ত্তন আনিব পাৰে সেইটো সময়েহে ক’বদেশৰ ব্যৱস্থাই ইমান বেয়া ৰূপ লৈছেগৈযে কাৰোবাৰ মন নাথাকিলেও উপায়ন্তহীনহৈ সাধাৰণ মানুহে দুৰ্নীতিৰ পক্ষপাতী ন’হলেও দুৰ্নীতিৰ ভাগিদাৰী হ’ব লগা হৈছে; এইটোতকৈ আৰু দুখৰ কথা হ’ব পাৰে নে ?

ৰাজনৈতিক মুৰব্বী সকলে এই দিশটো লৈ সময় থাকোতেই নাচালে দেশৰ যিমানেই অৰ্থনৈতিক ভাবে উন্নতি নঁহওক কিয় দেশে আচল উন্নতি দেখিবলৈ হয়তো নাপাব
দেশখনৰ এই কেন্সাৰৰ দৰে আগুৰি ধৰা দুৰ্নীতি নামৰ ৰোগবিধক ৰোধিবলৈ কিয় ৰাজনৈতিক শক্তি বিলাকে জোৰ নিদিয়ে সেই কথাই সকলোকে আচৰিত কৰি তোলেইলেকচনৰ আগতে বৰ বৰ লেকচাৰ দিয়া সেই সকল নেতা বা দলেই ইলেকচনৰ পাছত ওভতা খৰ দিয়াৰ পাছতো আমিবোৰে নিৰুপায় হৈ চায় থাকিব লগাটোৰ দৰে দুৰ্ভাগ্যৰ কথা একো নাই

নিৰ্বাচনৰ পাছত আমি ৰাইজবোৰ যেন হঠাৎ এলাগী হৈ পৰো
এইদৰেই হয়তো আমিবোৰে কেৱল পাঁচবছৰৰ মূৰে মূৰে আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰিয়েই বৃহৎ গণতন্ত্ৰৰ অংশীদাৰ হিচাবে গৌৰৱ বোধ কৰো আৰু সেই গৌৰৱ বোধেৰেই আমাৰ অধিকাৰক আন পাঁচ বছৰৰ কাৰণে চন্দুকত সুমুৱাই থৈ দিওঁ গৈ সেইয়াই সত্য বুলি মানি লৈসকলোৱে জানে যে ৰাতিটোৰ ভিতৰতে বা এবছৰ
- দুবছৰৰ ভিতৰতে নিশ্চয় আমাৰ সমাজখন, দেশখন সলনি হৈ নাযায়, কিন্ত্ত নৰেন্দ্ৰ মোডি ডাঙৰীয়াক ভাৰতৰ জনগনে যিটো প্ৰত্যাশাৰে এইবাৰ নিৰ্বাচনত ভোট দি জয়যুক্ত কৰিছে এক নতুন যুগৰ আৰম্ভ ওঁ বুলি; পাৰিবনে মোডিয়ে এই প্ৰত্যাশাক বিশ্বাসলৈ ৰূপান্তৰ কৰিবলৈ ? বাৰে বাৰে প্ৰতাৰিত আমি সকলোবোৰে হয়তো আশাকৰো সলনি হঁওক আমাৰ স্খলিত সমাজ তথা দেশৰ ৰাজনৈতিক ব্যস্থা আৰম্ভ ওঁ এক নতুন ৰাজনীতিৰ যুগ এক নিকা ৰাজনীতিৰ যুগৰ
লেখকৰ ঠিকনাঃ জ্যেষ্ঠ মেকানিকেল ডিজাইন অভিযন্তা, সাসল লিমিটেড, সাসলবুৰ্গ,দক্ষিণ আফ্ৰিকা
ফোন: +27 820 840 259/+২৭ ৮২০৮৪০২৫৯ ,   ই মেইল:agnivdd@yahoo.com : agniv.dutta@sasol.com

No comments:

Post a Comment