পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দস্যু ভাস্কৰ চিৰিজৰ স্ৰষ্টা,
"ৰংমন” ৰূপে খ্যাত লেখক ৰবীন দেৰ ৩৪তম মৃত্যু দিৱস, জন্মস্থান নাজিৰা নগৰৰ নাট্য মন্দিৰত এক দিনযোৰা কাৰ্যসূচীৰে আজি ৰূপায়ণ কৰা হৈছে। "অসমীয়া ৰহস্য সাহিত্য আৰু ৰংমন” শীৰ্ষক আলোচনাচক্ৰখনিত অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহ দেৱেও অংশগ্ৰহণ কৰিব। লগতে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।


২. যোৱা ২০জুলাই বিশ্বনাথ চাৰিআলিৰ অগ্ৰণী বিজ্ঞান শিক্ষাৰ অনুষ্ঠান আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰই নগৰ সমিতিৰ সভাকক্ষত বিজ্ঞানৰ জনপ্ৰিয় বক্তৃতা, শিশু বিজ্ঞানীৰ আৰ্হি প্ৰদৰ্শন আদিৰ এক অনুষ্ঠান সফলতাৰে আয়োজন কৰে। বিশিষ্ট অতিথি ৰূপে শিক্ষাবিদ ডঃ মুকুন্দ ৰাজবংশীয়ে "প্ৰকৃতিত গণিত আৰু গণিত শিক্ষাৰ প্ৰাসংগিক দিশ” সন্দৰ্ভত বাখ্যা আগবঢ়ায়। অনুষ্ঠানত ডঃ অমিয়া ৰাজবংশীৰ "আকাশৰ তৰা চুবলৈ" শীৰ্ষক ভাষণৰ লগতে ক্ষীৰধৰ বৰুৱদেৱৰ সাৰুৱা ভাষণেও শিশু সকলক উপকৃত কৰে।
 
৩. দিল্লীত কালি ঘটা মণিপুৰী যুৱকৰ হত্যাৰ গোচৰত গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। দিল্লী পুলিচে এই সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ কৰাৰো খবৰ প্ৰকাশিত হৈছে। কেন্দ্ৰীয় গৃহ বিভাগে উত্তৰ-পূৱৰ লোকসকলৰ সুৰক্ষাৰ বাবে কেতবোৰ কঠোৰ পদক্ষেপ অচিৰেই গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কৰিলে ঘোষণা।

 
৪. কালি নগাঁৱত শিল্পী সমাজ, অসমে আয়োজন কৰে গণশিল্পী খগেন মহন্তৰ এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। উক্ত সভাত অহা ১৩,১৪ ছেপ্তেম্বৰত এক শিল্পী সমাৰোহৰ আয়োজন কৰিব বুলিও সংগঠনটোৱে ঘোষণা কৰিছে।

 
৫. বোকাখাতত সমন্বয় নামৰ সংস্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ ওলাইছে সদৌ অসম ভিত্তি ভাওনা প্ৰতিযোগিতাৰ। অহা ২জানুৱাৰীৰ পৰা কৈলাখাট ৰাজহুৱা খেলপথাৰত অস্থায়ী নামঘৰ সাজি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰৰ বাবে ৭১হাজাৰ, ৫১হাজাৰ, ৩১হাজাৰ নগদ ধনৰ পুৰস্কাৰো ঘোষণা কৰা হৈছে। লগতে ভাওনা বিষয়ক বক্তৃতা, প্ৰদৰ্শনী, স্মৰণিকা, আত্ম-সহায়ক গোটৰ মেলা আদিও আয়োজন কৰা হব বুলি সংস্থাটোৱে সদৰী কৰিছে।

 
৬. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে কালি চল্লিশ গৰাকী আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰে।

 
৭. নাজিৰা প্ৰগতি মইনা পাৰিজাতৰ উদ্যোগত অহা ২৭জুলাই শিৱসাগৰ জিলা মইনা পাৰিজাতৰ ষষ্ঠ বাৰ্ষিক শিশু একাংক নাট প্ৰতিযোগিতাখনি আয়োজিত হৈছে। নাজিৰা নাট্য মন্দিৰত হব লগা প্ৰতিযোগিতাখনিৰ লগতে সন্ধিয়ালৈ "শেষ নোহোৱা সাধু” নামৰ প্ৰদৰ্শনীমূলক নাটখনিও মঞ্চস্থ কৰা হব।

 
৮. কালি মুম্বাইৰ ভাবা আণৱিক গৱেষণা কেন্দ্ৰত পৰিদৰ্শন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন উদ্ভাৱনেৰে দেশক সমৃদ্ধ কৰিবলৈকো তেওঁ বিজ্ঞানী সমাজক আহ্বান জনায়।

 
৯. গুৱাহাটীৰ কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান প্ৰাংগণত স্থাপিত হব ৰাজ্যিক পঞ্চায়ত সমল কেন্দ্ৰৰ। এই প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিলে পঞ্চায়ত মন্ত্ৰী ৰকিবুল হুছেইনে।

 
১০. ৰাজ্যত সংস্কৃত টোল সমূহৰ দুৰৱস্থা দূৰীকৰণৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীক অহা ২৪জুলাইত সাক্ষাৎ কৰিব সদৌ অসম সংস্কৃত ছাত্ৰ সন্থাই। প্ৰতিনিধি দলটোত অধ্যাপকসকল, অসম সংস্কৃত সাহিত্য সভা, অপ্ৰাদেশীকৃত টোল শিক্ষক সংস্থা আদিৰ প্ৰতিনিধিও থাকিব বুলি প্ৰকাশ পাইছে।

No comments:

Post a Comment