চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তন

চিন্তন

Share This
দিল্লীত এইবাৰ ছালোনী হত্যাঃ সঁচাই প্ৰতিৰোধ সম্ভৱনে?
অজয় লাল দত্ত
আজি আকৌ! ৰাতিপুৱাই পোৱা খবৰ এটাই মন মগজু জোকাৰি গৈছে৷ পুৱতি নিশা ০২-৩০বজাত দক্ষিণ দিল্লীৰ কোটলা অঞ্চলত বি.পি.অ' এটাত কাম কৰা মণিপুৰৰ ছালোনী নামৰ যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰিছে৷ টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিমতে সেইসময়ত ত্ৰিশ বছৰীয়া যুৱকজনে কামৰ পৰা উভতি আহিছিল আৰু তেতিয়াই এখন গাড়ী লৈ বহি থকা ৪-৫জনীয়া যুৱকৰ দল এটাই এই ঘটনা সংঘটিত কৰে৷ পুলিচ সূত্ৰই প্ৰকাশ কৰা মতে এখন বগা গাড়ীত এই সকল দুস্কৃতিকাৰী আহিছিল আৰু ছালোনীক কটুক্তি কৰাৰ পাছতে তাৰ প্ৰতিক্ৰিয়া ৰূপে তৰ্কাতৰ্কি আৰম্ভ হয়৷ দুৰ্বৃত্ত দলটোৰ নিশংস প্ৰহাৰত ছালোনী গুৰুতৰ ভাৱে আহত হয়৷ 

সেই পথেদি পাৰহৈ যোৱা কোনো বাটৰুৱাই ১০০ ডায়েল কৰি পুলিচক অৱগত কৰে৷ পাছত, পুলিচৰ ভেনে আহি ছালোনীক এইমছৰ দুৰ্ঘটনা তথা জৰুৰী বিভাগত উপস্থিত কৰায়৷ তাতেই ডাক্তৰে দেহ পৰীক্ষা কৰিয়েই তেওঁক মৃত ঘোষণা কৰে৷ 

এতিয়া ছালোনীৰ দেহটো এইমচতে ৰখা হৈছে আৰু পৰিয়াল পৰিজন আহি পালে পোষ্টমৰ্টেমৰ ব্যৱস্থা কৰিব বুলি পুলিচ সূত্ৰত প্ৰকাশ৷ তাৰ বাবে এইমচৰ বিশেষজ্ঞৰ এটা দলো গঠন কৰা হব বুলি জানিব পৰা গৈছে৷

স্থানীয় দিল্লী পুলিচে এতিয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু হঠাত উত্তেজনা সৃষ্টিৰ বাবে ঘটিত ঘটনা নে পূৰ্ব-পৰিকল্পিত হত্যাকাণ্ড সেই দিশটো বিবেচনা কৰি চোৱাৰ বাবেই ছালোনীৰ মোবাইলৰ কল লিষ্টকে ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব বুলিও প্ৰকাশ কৰিছে৷ ইণ্ডিয়ান পেনেল কোডৰ ধাৰা ৩০২ৰ অধীনত এটা গোচৰ ৰূজু হৈছে আৰু এটা বিশেষ দল তৈয়াৰ কৰি গোচৰটো আগুৱাই নিয়াৰ ব্যৱস্থা হৈছে৷ দলটোত ডিচিপি(দক্ষিণ) পি এচ কুশৱাহ. এচ.টি.এফ চীফ ৰাজেন্দৰ সিঙ, স্পেচিয়েল ষ্টাফ ইন-চাৰ্জ অখিলেশ যাদৱো এই দলত আছে৷

পিছে ইয়াতেই সকলো পৰিসমাপ্তি হবনে? আকৌ উত্তৰ-পূৱৰ ছাত্ৰ সংগঠন সমূহৰ প্ৰতিবাদ, মমবাতি জ্বলোৱা যাত্ৰা, ন্যায় বিচাৰৰ দাবী ইত্যাদিৰে সংবাদ মাধ্যম, ইলেক্ট্ৰনিক মেডিয়া উত্তাল হব৷ এই প্ৰতিবাদৰ মঞ্চ ব্যৱহাৰ কৰিবলৈ আহিব ৰাজনৈতিক দল, ৰাজনৈতিক দলৰ ভৃত্য ছাত্ৰ সংগঠন! সময় বাগৰিবলৈ নাপাবই, সপ্তাহত অন্তত এনেকুৱা তিনি চাৰিটা খবৰ মাত্ৰ দিল্লীৰ বুকুত সৃষ্টি হবই৷ এই বেয়া ঘটনাবোৰৰ অন্ত পৰিব কেতিয়া, কোনেও নাজানে! নাজানে দিল্লী পুলিচে, নাজানে দিল্লীবাসীয়ে!

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আকৌ উত্তাল হব "বৰ্ণ বৈষম্যবাদ প্ৰতিৰোধী আইন"ৰ প্ৰসংগ৷ বেজবৰুৱা কমিটিৰ প্ৰতিবেদনে এনে কঠোৰ আইন প্ৰৱৰ্তনৰ বাবে ইতিমধ্যেই পৰামৰ্শৱলী আগবঢ়াইছে৷ পিছে সেই প্ৰতিবেদন পঢ়িয়েই উত্তৰ-পূৱৰ দ্বায়িত্বত থকা কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব শম্ভু সিঙে এনে আইন প্ৰণয়ন এই দেশত সম্ভৱ নহয় বুলি মন্তব্য কৰি, উত্তৰ-পূৱৰ ছাত্ৰ সংগঠন সমূহৰ বহুদিনীয়া দাবীটোকেই অমূলক যেন কৰি পেলোৱা বুলি অনুভূত হৈছে৷

এই কেইদিনতে উত্তৰ-পূৱ ভাৰতৰে অংশ ৰূপে প্ৰচাৰ কৰাৰ বাবে 'কৌন বনেগা কৌড়পতি'ৰ বিজ্ঞাপনো নিৰ্মিত হৈছে৷ খোদ দেশৰ অমিতাভ বচ্চনে ভাগ লোৱা বিজ্ঞাপনটোৱে নিজকে মূল ভূখণ্ডৰ অধীশ্বৰ বুলি ভবা লোক সকলৰ হৃদয় পৰিবৰ্তন কৰিবলৈ সঁচাই সক্ষম হবনে, তাকে লৈও প্ৰশ্ন উঠিছে৷ বৰঞ্চ ইয়াত উত্তৰ-পূৱলৈ প্ৰদৰ্শন কৰা সহানুভূতিৰ বাবে উত্তৰ-পূৱৰ সৰল লোকসকলেহে  অধিক হাৰত হিন্দী-বলয়ৰ আগ্ৰাসনক মানি লবলৈ, বুকুৰ কুটুম বুলি ভাবিবলৈ হিয়া উজাৰি দিব বুলিও পৰ্যবেক্ষকে মন্তব্য কৰিছে৷

দেশৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰূপে অৰুণাচলৰ কিৰেণ ৰিজেজুৰ অৱস্থিতিয়েও এতিয়া এই গোচৰটোত কিমান ইতিবাচক প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হব৷ আগৰ নিডো টানিয়ামৰ গোচৰত প্ৰভাৱশালী লোকে পোষ্টমৰ্টেমৰ ৰিপৰ্টকে বিকৃত কৰিবলৈ হেঁচা দিয়াৰ কথাও খোদ এইমচৰ বিশেষজ্ঞৰ দলৰ মূৰব্বীজনে আন এক বিতৰ্কত প্ৰকাশ কৰাটোৱে সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোলৈকে প্ৰশ্নবোধৰ সৃষ্টি কৰিছে৷ দিল্লী পুলিচৰ নেতিবাচক ভূমিকাক লৈও উত্তৰ-পূৱৰ কি খোদ দিল্লীবাসীও নিৰাশাবাদী৷ সেয়ে এতিয়া হত্যাৰ পাছত ন্যায় আশা কৰাটো এক বাতুলামিৰ বাহিৰে একো নহয়, যেনেই অনুভূত হয়৷

কিন্তু এনে হত্যা, ধৰ্ষণৰ, নিৰ্যাতনৰ ধাৰাবাহিকতাক যি কোনো পধ্যেই বন্ধ কৰিব লাগিবই৷ লাগিলে সি, মেৰী কমৰ দৰে শক্তিশালী আত্ম-শক্তিৰেই হওক, বা ব্যক্তিগত ৰূপত আত্ম-ৰক্ষাৰ বাবে লাইচেঞ্চ থকা বন্দুকেৰেই হওক! কঠোৰ আইন প্ৰণয়নৰ আশা সদ্যহতে সুদূৰ পৰাহত৷ এই আইন হ'লেও আইন বলবৎকাৰীৰ প্ৰতি কিমানজনে আস্থা ৰাখিব পাৰিব সেয়াও চিন্তাজনক৷

মাত্ৰ দিল্লী পুলিচে উত্তৰ-পূৱৰ বাবে সুৰক্ষা কোষ খোলা, হেল্প-লাইন নম্বৰ জাৰি কৰা, ফেচবুকত পেজ খোলা আদিয়ে বাস্তৱত এনে অপৰাধ ৰোধৰ বাবে বিশেষ প্ৰভাৱ পেলাব পাৰিছে বুলি কব নোৱাৰি৷ বৰ্ণবাদী বৈষম্য ভাৱ আনৰ মনৰ পৰা দূৰ কৰাতো সঁচাকৈহে দুৰূহ সেয়াও আমি মানি লবই লাগিব৷ কিন্তু, তৎসত্বেও  নিজৰ সতি-সন্তনিক সুৰক্ষা দিবলৈ উত্তৰ-পূৱৰ আঠোখন ৰাজ্য চৰকাৰেই এতিয়া ব্যতিক্ৰমী পদক্ষেপ লবই লাগিব সেয়াহে নিশ্চিত৷

No comments:

Post a Comment