পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটীৰ আঁক-বাক প্ৰকাশনৰ উদ্যোগত প্ৰকাশিত হৈছে কাৰ্বি সমাজ জীৱনৰ আধাৰত ৰচিত অজিত ছিংনাৰৰ "লংৰি আতমন" নামৰ এখনি উপন্যাস৷ কাৰ্বি সমাজৰ দীঘলীয়া সময়ৰ ইতিহাস এই উপন্যাসে তুলি ধৰিছে বুলি গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই মত প্ৰকাশ কৰিছে৷ অনুষ্ঠানটোত কাৰ্বি ভাষাত ফুলমতী তেৰণপী, গীতা হাঞ্চেপী আৰু দীপালী আমফিয়ে অসমৰ জাতীয় সংগীত পৰিবেশন কৰাৰো সুখবৰ পোৱা গৈছে৷


২. সত্ৰীয়া সাধক গোলাপ চন্দ্ৰ বৰদলৈক সত্ৰীয়া কলাচাৰ্য সন্মান কালি গুৱাহাটীত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়৷ এই সন্মান প্ৰদান কৰিলে কমলাবাৰীৰ বুঢ়াভকত সোণাৰাম শৰ্মাই৷



৩. বিটিএডিত শান্তি শৃংখলা বজাই ৰখাত ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতাত উদ্বিগ্নতা প্ৰকাশ কৰিছে গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজেজুৱে৷ প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰাৰো আশ্বাস দি মন্ত্ৰীজনে সঘন অপহৰণ, ধনদাবী, হিংসাত্মক ঘটনাক লৈ চিন্তা প্ৰকট কৰিছে৷

৪. গুৱাহাটীত উচ্ছেদ অভিযানে এটা পষেক পূৰ কৰিবলৈ ওলাৱোৰা লগতে উচ্ছেদৰ লগতে সমান্তৰালকৈ প্ৰশাসনে ৱাটাৰ মাষ্টাৰেৰে ভৰলুৰ খনন কাৰ্য আৰম্ভ কৰিছে৷ কালি খানাপাৰাৰ পৰা জালুকাবাৰীলৈকে ঘাইপথৰ দাঁতিতো এনে উচ্ছেদ অভিযান চলোৱাৰ কথাও জানিব পৰা গৈছে৷

৫. অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বিশিষ্ট সাহিত্যিক ইন্দ্ৰেশ্বৰ গোস্বামীয়ে কালি ৮০বছৰত পদাৰ্পণ কৰা উপলক্ষে সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ল "ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন" শীৰ্ষক এক অনুষ্ঠানৰ৷ এই সভাতে "ইন্দ্ৰেশ্বৰ গোস্বামীঃ ব্যক্তি আৰু ব্যক্তিত্ব" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিলে বিশিষ্ট লেখক উপেন্দ্ৰ বৰকটকীয়ে৷

৬. গোলাঘাটত মঞ্চস্থ হ'ল "সোণ হৰিণৰ চেঁকুৰ"৷ অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয় উপন্যাসখনৰ আধাৰত এক নাট্যৰূপ গোলাঘাটৰ নাট্যকৰ্মী সুব্ৰত কাকতিয়ে নিজা পৰিচালনা পৰিকল্পনাৰে স্থানীয় শিল্পী সকলক লৈ গোলাঘাট এমেচাৰ থিয়েটাৰৰ মঞ্চত সফল ভাৱে ১২জুলাইত মঞ্চস্থ কৰে৷ দুটা দৰ্শনীত প্ৰদৰ্শিত নাটকখনিক নাট্যপ্ৰেমী ৰাইজে প্ৰশংসা কৰাৰো সুখবৰ৷

৭. "ভাৰতমাতাৰ স্বাধীনতা সংগ্ৰামত বজালীৰ ভূমিকা" শীৰ্ষক গ্ৰন্থ হ'ল উন্মোচিত৷ স্বাধীনতা যুঁজাৰু ঘনকান্ত তালুকদাৰৰ প্ৰথম মৃত্যুবাৰ্ষিকীতে এই গ্ৰন্থখনি উন্মোচন কৰি অঞ্চলটোৰ স্বাধীনতা সংগ্ৰামী সকললৈ শ্ৰদ্ধাৰ্ঘ আগবঢ়োৱা হয়৷ গ্ৰন্থখনি পাঠশালাত অনুষ্ঠিত এক সভাত উন্মোচন কৰিলে বিশিষ্ট ছবি নিৰ্মাতা, অভিনেতা ব্ৰজেন বৰাই৷

৮. আজিৰ পৰা যোৰহাটৰ কল্যাণী খেলপথাৰত অনুষ্ঠিত হব অৰুণ শইকীয়া আৰু পোনাৰাম হাজৰিকা সোঁৱৰণী ষষ্ঠ বাৰ্ষিক আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনিৰ৷ ১৩-২৭জুলাইলৈকে চলিব লগীয়া এই প্ৰতিযোগিতাখনিত ৰাজ্যৰ আগশাৰীৰ ১২টাকৈ দলে অংশগ্ৰহণ কৰিছে৷

৯. বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত চলি থকা ১৮সংখ্যক গৌবিন্দমৌৰ আৰু বানাৰসী দেৱী স্মৃতি আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবলত ওদালগুৰি দলে বিজনী দলক ৭-০ গ'লত শোচনীয়ভাৱে পৰাজিত কৰি প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ অসম ফুটবল সংস্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে৷

১০. দুদিনীয়া ভ্ৰমণসূচীলৈ অসমত কালি উপস্থিত হ'লহি ড'নাৰ মন্ত্ৰী ভি কে সিঙ৷ তেখেতে ড'নাৰ মন্ত্ৰালয়ে উত্তৰ-পূৱৰ উন্নয়নৰ বাবে ৫৩হাজাৰ কোটি টকা এই বাজেটৰ পৰা লাভ কৰা বুলিও সদৰী কৰিছে৷ গুৱাহাটীৰ নেডফি হাউছত অনুষ্ঠিত "ৰাষ্ট্ৰীয় ক'ল্ড চেইন" শীৰ্ষক এখন শীৰ্ষ সন্মিলন, নক্ষত্ৰ হোটেলত "গ্লোবেল এনাৰ্জী কনফাৰেন্স"ত অংশ লোৱাৰ লগতে মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰে৷ আজি তেখেতে আই আই টি গুৱাহাটীৰ ১৬সংখ্যক সমাৱৰ্তনটো মুখ্য অতিথিৰূপে অংশ লৈছে৷

No comments:

Post a Comment