প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
দীপশিখা : কৰ্কটৰোগীসকলৰ অন্যতম আশ্ৰয়স্থল

ডঃ স্তুতি ৰঞ্জিত কোঁৱৰ


কিছুমান দুৰাৰোগ্য ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ আমি প্ৰায়ে সংকোচ কৰোঁ । আমাৰ সকলোৰে মনত আতংকৰ সৃষ্টি কৰা এনে দোৰাৰোগ্য ৰোগৰ ভিতৰত অন্যতম জনপ্ৰিয় আৰু প্ৰধান হৈছে কৰ্কটৰোগ । কাৰোবাৰ কৰ্কটৰোগ হোৱা মানেই আচলতে জীৱন আৰু মৃত্যুৰ আলি দোমোজাত থিয় হৈ থকা । জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি যুঁজি এনে বহুতো কৰ্কটৰোগীয়ে অৱশেষত হাৰ মানি এই জীৱন পৰিত্যাগ কৰিবলগীয়া হোৱাও আমি চকুৰ আগত দেখা পাওঁ।

কিন্তু পৃথিৱীত অকল কৰ্কটৰোগেই যে একমাত্ৰ মাৰাত্মক ৰোগ তেনে নহয় । কৰ্কটতকৈয়ো মাৰাত্মক তথা ভয়ংকৰ আৰু বহুতো ৰোগ আছে যাৰ পৰা পৰিত্ৰাণ পোৱাটো এক প্ৰকাৰ অসম্ভৱ বুলিয়েই ভাবিব পাৰি । কিন্তু যিমান দোৰাৰোগ্য নাইবা মাৰাত্মক হ’লেও এই সকলো ৰোগৰ পৰা অলপমান হ’লেও ৰেহাই পাবলৈ আমাক নিয়মিত চিকিত্সাৰ বাহিৰেও বহু পৰিমাণে মানসিক শক্তিৰো প্ৰয়োজন । আমাৰ বোধেৰে ৰোগটোৰ সৈতে যুঁজিব পৰাকৈ মানসিকভাৱে পৰ্যাপ্ত পৰিমানে সবল নাইবা কঠোৰ নহ’লে হয়তু এনে ৰোগীসকলক অতি সোনকালে হতাশাই আৱৰি ধৰাটো সহজ হৈ পৰে । যিসকল এনে ৰোগত আক্ৰান্ত তথা যিসকল লোকে জীৱিত অৱস্থাতে বুজি উঠে কিমান কঠিন হ’ব পাৰে তেওঁলোকৰ জীৱনযাত্ৰা নাইবা কিমান চুটী হৈ পৰিব পাৰে তেওঁলোকৰ সপোনবোৰ, তেওঁলোকেহে হয়্তু অনুভৱ কৰিব কৰ্কট ৰোগ কেনেকুৱা নাইবা কিমান যন্ত্ৰণাদায়ক এই ৰোগৰ সৈতে যুঁজ কৰাটো। 


সেয়ে এনে দোৰাৰোগ্য ৰোগত আক্ৰান্ত ব্যক্তিসকলক যিমানেই মানসিকভাৱে সবল হ’বলৈ পৰামৰ্শ দিয়া নাযাওঁক কিয় , যদিহে আমি সেই ৰোগীসকলৰ অৱস্থা ব্যক্তিগতভাৱে খুউব সুক্ষ্মভাৱে নিৰীক্ষন নকৰোঁ, তেন্তে আমি তেওঁলোকৰ মানসিক অৱস্থা হয়্তু অনুভৱ কৰিবলৈ কিছু পৰিমানে ব্যৰ্থ হ’ম । 

দৰাচলতে তেনে ক্ষেত্ৰতে এজন কেন্সাৰ বিশেষজ্ঞ নোহোৱাকৈয়ো আৰু নিজা কোনো ব্যক্তিগত স্বাৰ্থ নৰখাকৈয়ো এইসকল ৰোগীক সেৱা কৰিবলৈ তথা তেওঁলোকৰ শাৰিৰীক অথবা মানসিক অৱস্থাৰ বুজ লৈ তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি অহাটো খুউব প্ৰয়োজন । আৰু এইক্ষেত্ৰত আমি নাম ল’ব পাৰোঁ অসম প্ৰশাসনিক বিষয়া দেবাশিষ শৰ্মাৰ । ২০০৪ চনত নৱী মুম্বাইস্থিত অসম ভৱনৰ আৱাসিক আয়ুক্ত হিচাবে কাৰ্য্যভাৰ গ্ৰহণ কৰা দেৱাশিষ শৰ্মাই আৰম্ভনীৰে পৰাই মুম্বাইলৈ চিকিত্সাৰ বাবে অহা সকলো অসমীয়া আৰু অনা-অসমীয়া কৰ্কটৰোগী সকলৰ দুৰাৱস্থাক খুউব সুক্ষ্মভাৱে অনুধাৱন কৰিছিল । সেয়ে এই ৰোগীসকলক নিজৰ ফালৰ পৰা কিবা অলপ সহায় কৰাৰ মানসেৰে তেখেতে ২০০৪ চনতে গঠন কৰে “দীপশিখা কেন্সাৰ কেয়াৰ ফাউন্ডেসন” ।

কৰ্কটৰোগ এনে এটা ৰোগ যি ৰোগত আক্ৰান্ত হৈ বহুতো পৰিয়ালৰ জীৱনলৈ শাৰিৰীক , মানসিক নাইবা অৰ্থনৈতিকভাৱে দুৰ্যোগ নামি অহাটো আমাৰ সকলোৰে দৃষ্টিগোচৰ হয় । বেমাৰৰ গুৰুত্ব বুজি বহুতে এনে ৰোগীক উন্নত চিকিত্সা সেৱা আগবঢ়াবলৈ মুম্বাইৰ টাটা মেম’ৰিয়েল নাইবা প্ৰিন্স আলি খান হস্পিটেললৈ লৈ আনে যদিও হস্পিটেলৰ দীঘলীয়া চিকিত্সা সেৱাই ৰোগীৰ লগতে ৰোগীৰ সৈতে অহা পৰিয়ালৰ আন আন লোকসকলক মুম্বাইৰ ৰ্নিচিনা এখন ব্যয় বহুল ঠাইত বেছিদিন থকাত বহুতো অসুবিধাত পেলায় । চিকিত্সাৰ খৰচ পাতিৰ লগতে মুম্বাইৰ ব্যয় বহুল হোটেল নাইবা ল’জ সমুহেও এটা সময়ত তেওঁলোকক অৰ্থনৈতিকভাৱে জুৰুলা কৰি পেলোৱা দেখা যায় । ফলত টকাৰ অভাৱত আৰু সুলভ মূল্যত পোৱা “থকা ঠাইৰ” অভাৱত চিকিত্সা আধৰুৱা কৰিয়েই ৰোগীক উভতাই নিবলৈ পৰিয়ালৰ লোকসকল বাধ্য হৈ পৰে । নাইবা বহুতো লোকে হস্পিতেলৰ ওচৰৰ ফুটপাথত থাকিবলগীয়া হোৱাত ৰোগীৰ অৱস্থা নাইবা পৰিয়ালৰ লোকৰ অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খায়গৈ । এটা কৰুণ পৰিস্থিতিৰ মুখামুখি হৈ অৱশেষত এনে ৰোগীয়ে জীৱনৰ ওচৰত হাৰ মানেগৈ । অনিচ্ছাকৃতভাৱে হ’লেও তেওঁলোকে এই অৱ্স্থাক স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰে । পা-পইচা যোগাৰ কৰি আনিলেও এনে কিছুমান কাৰণত মুম্বাইলৈ চিকিত্সা কৰিবলৈ আহিও তেওঁলোক বিশেষ লাভৱান হৈ নুঠে । এনে ৰোগীসকলক নাইবা তেওঁলোকৰ সৈতে অহা পৰিয়ালৰ লোকক যদি মুম্বাইত এডোখৰ থকা ঠাইৰ ব্যৱস্থা কৰি দিয়াৰ লগতে মুম্বাইত চিকিত্সা কৰোৱাবলৈ সকলো ধৰণৰ সুবিধা কৰি দিয়া হয় , তেন্তে সেই ৰোগীসকল কিমান উপকৃত হ’ব, তাক হয়্তু বহলাই কোৱাৰ প্ৰয়োজন নাই ।

এনেবোৰ কথাই চকুত ৰাখি “দীপশিখা কেন্সাৰ কেয়াৰ ফাইণ্ডেচন” গঠন কৰা হৈছিল । নক’লেও হ’ব যে এই দীপশিখাই অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ কিমান কৰ্কটৰোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সহায় আৰু শুশ্ৰুষা কৰিবলৈ সক্ষম হৈছে । কৰ্কটৰোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সূলভ মূল্যত থকা ঠাইৰ ব্যৱ্স্থা কৰিবলৈ দীপশিখাই ৫ টাকৈ ডাঙৰ ঘৰ নৱীমুম্বাইৰ ৱাশ্বিত ভাৰালৈ লয় । তাৰে “সদভাৱ” নামৰ ঘৰটো তেওঁলোকে দুখীয়া লোকৰ বাবে বিনামূলীয়াকৈ থাকিবলৈ মুকলি কৰি দিয়াৰ উপৰিও দিনে মাত্ৰ ১০ টকাৰ বাবদ নিৰামিষ খোৱা বোৱাৰ সকলো ব্যৱস্থা কৰি দিছে । তাৰ বিপৰীতে আন আন আৰোগ্য ভৱন সমুহতো এটা নূন্যতম মূল্যৰ বিনিময়ত থকা খোৱাৰ সকলো ব্যৱস্থা কৰা আছে যদিও অৰ্থৰ নাটনি থকা লোকক এই ঘৰটোতো তেওঁলোকে প্ৰয়োজন সাপেক্ষে বিনামূলীয়াকৈ সেৱা যোগান ধৰাৰ ব্যৱস্থা ৰাখিছে । চিকিত্সাৰ খাতিৰত প্ৰয়োজনসাপেক্ষে বহুতো ৰোগীৰ সুবিধানুযায়ী নিজাববীয়াকৈ ৰন্ধা-বঢ়াৰ সকলো ব্যৱস্থা থকা এই ঘৰ সমুহত প্ৰায় ২০০ ৰো অধিক কৰ্কটৰোগী আৰু তেওঁলোকৰ লগত অহা পৰিয়ালৰ লোক থাকিবৰ বাবে সকলোখিনি ব্যৱস্থাই দীপশিখাই কৰি দিছে । সহজ ভাষাত ক’বলৈ গ’লে চিকিৎসাৰ সময়ত একোজন কৰ্কটৰোগীক প্ৰয়োজন হোৱা সকলো বাতাবৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি দীপশিখাই এই আৰোগ্য ভৱনসমুহৰ সু-ব্যৱস্থা কৰিছে যাতে অসমৰ পৰা মুম্বাইলৈ চিকিত্সাৰ বাবে অহা এজন কৰ্কটৰোগীয়ে কোনো ধৰণৰ অসুবিধাৰ সন্মূখীন হ’ব নোৱাৰে। তদুপৰি দীপশিখাৰ এই আৰোগ্যভৱন সমুহৰ পৰা টাটা মেম’ৰিয়ল হস্পিটেললৈ ৰোগী আৰু ৰোগীৰ লগত থকা পৰিয়ালৰ লোকক অনা নিয়া কৰিবলৈ ২ খনকৈ বাচ, টাটা মেম’ৰিয়লৰ বাহিৰেও আন আন হস্পিটেললৈ ৰোগীক অনা নিয়া কৰিবলৈ ২ খন ভেন আৰু জৰুৰীকালীন অৱস্থাত ৰোগীৰ সুবিধাৰ্থে দীপশিখাৰ অম্বুলেন্সৰো ব্যৱস্থা আছে । 

অচিন ঠাইত ৰোগীৰ চিকিত্সাৰ বাবে প্ৰয়োজন সাপেক্ষে দীপশিখাই বিনামূলীয়া তেজৰ আৰু প্লেটলেটসৰো (platelet) ব্যৱস্থা কৰি দিয়ে। ইয়াৰোপৰি অত্যন্ত দুখীয়াৰোগী সকলৰ বাবে দীপশিখাৰ বিনামূলীয়াকৈ দৰৱ বিতৰণ ব্যৱস্থাও আছে । তদুপৰি যিসকল লোকে মুম্বাইৰ নিচিনা এখন ঠাইত প্ৰথমবাৰৰ বাবে চিকিত্সা কৰোঁৱাবৰ বাবে আহে, দীপশিখাই তেনে লোকৰ হৈয়ো চিকিত্সকৰ সৈতে কথা বতৰা পতাৰ পৰা আৰম্ভ কৰি হস্পিতেলৰ যাৱতীয় সকলো নিয়ম-নীতি অনুসৰণ কৰাত ৰোগী সকলক সহায় কৰি দিয়ে।

এনে ব্যৱস্থাই আচলতে ৰোগীসকলক শাৰীৰিক আৰু মানসিক সকলো ফালৰ পৰাই যথেষ্ট ৰেহাই দিবলৈ সক্ষম হয় । দুৰ্ভাগ্যৰ বলী হৈ কোনো কৰ্কটৰোগীয়ে যদি মুম্বাইত নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়, তেতিয়াও দীপশিখাই পৰিয়ালৰ ইচ্ছা অনুসৰি মৃতজনক সতকাৰ নাইবা ঘৰলৈ লৈ যোৱাৰ সকলো ব্যৱস্থা কৰি দিয়ে । সঁচা অৰ্থত মুম্বাইত চিকিত্সা কৰিবলৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ সকলো কৰ্কটৰোগীৰ সৈতে দীপশিখাই শেষ মুহুৰ্তলৈকে বিভিন্ন ধৰণেৰে সেৱা আগবঢ়াই যায় । এনেদৰে সম্পূৰ্ণ nonprofit voluntary organization হিচাবে আৰম্ভ কৰা দীপশিখাই যোৱা দহ বছৰে উত্তৰ-পুৰ্বাঞ্চলৰ পৰা মুম্বাইলৈ অহা বহুতো কৰ্কটৰোগীক বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছে । সেয়ে আজি দীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেচন উত্তৰ-পুৰ্বাঞ্চল তথা মুম্বাইৰ এটা আগৰণুৱা কৰ্কট সেৱা সংস্থা হিচাবে প্ৰতিস্থিত হ’বলৈও সক্ষম হৈছে ।

বহুতো কৰ্কটৰোগ বিশষজ্ঞৰ মতে এই ৰোগৰ অন্যতম প্ৰধান কাৰণ হৈছে মানুহৰ ৰোগটোৰ প্ৰতি থাকিবলগীয়া সজাগতাৰ অভাৱ । ফলত প্ৰায়বোৰ কৰ্কটৰোগীৰে ৰোগটো শেষ পৰ্যায়ত ধৰা পৰাৰ ফলত ৰোগীজন সম্পূৰ্ণভাৱে সুস্থ হৈ পৰাটো অসম্ভৱ হৈ পৰে । প্ৰথমাৱস্থাতে ধৰা পৰা এই ৰোগীসকল উচিত চিকিত্সাৰ ফলত কৰ্কটৰোগী হৈয়ো বহু বছৰ জীয়াই থকাৰ উদাহৰণ আমি দেখা পাওঁ। কিন্তু এই ৰোগটোক প্ৰথম পৰ্যায়তে ধৰা পেলাবলৈ তাৰ বাবে আমাক লাগিব ৰোগটোৰ প্ৰতি থাকিবলগীয়া প্ৰয়োজনীয় নূন্যতম কিছু জ্ঞানৰ । প্ৰথম পৰ্যায়ত ধৰা পৰা কৰ্কটৰোগ মানে হৈছে বেছি দিন জীয়াই থকাৰ সৰ্বোচ্চ আশা । কৰ্কটৰোগীসকলক দীপশিখাই এনে আশাৰো সঞ্চাৰ কৰাত চেচ্টা অব্যাহত ৰাখিছে । মুম্বাইৰ বাহিৰেও মহাৰাষ্ট্ৰৰ বিভিন্ন ভিতৰুৱা অঞ্চলত দীপশিখাই এনে কিছুমান সজাগতা সভাৰ আয়োজন কৰি মানুহৰ মাজত কৰ্কটৰোগৰ বিষয়ে সজাগ হ’বলৈ উদগনি দিছে ।

এনে সজাগতা সভা যে দীপশিখাই কেৱল মাত্ৰ মহাৰাষ্ট্ৰতে পাতে তেনে নহয় অথবা মুম্বাইলৈ অহা কৰ্কটৰোগী সকলকহে যে দীপশিখাই সহায় কৰে, তেনেও নহয় । মুম্বাইত কৰ্কটৰোগী সকললৈ আগবঢ়োৱা সকলো ধৰণৰ সেৱা দীপশিখাই অসমৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউততো আগবঢ়ায় । মুম্বাইলৈ অহাৰ আগতে এইসকল ৰোগীক উচিত শুশ্ৰুষা প্ৰদান কৰাটোৱেই হৈছে দীপশিখাৰ এটা প্ৰধান উদ্দেশ্য । তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বহুতো নগৰ আৰু ভিতৰুৱা অঞ্চলত এই ৰোগৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰিও দীপশিখাই ইয়াৰ স্ক্ৰীনিং অনুষ্ঠান কিছুমানৰো আয়োজন কৰে । সেয়ে অসম চৰকাৰৰ স্বাস্থ্যবিভাগে দীপশিখাক National Rural Health Mission ৰ অধীনৰ এটা অন্যতম সজাগতা সংস্থা হিচাবে অন্তৰ্ভুক্ত কৰি লৈছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কটৰোগী সকলৰ জীৱনলৈ আশাৰ সঞ্চাৰ অনাৰ উদ্দেশ্যেৰে দীপশিখাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰোগ্য ভৱন প্ৰকল্প হিচাবে অসমৰ কামৰূপ জিলাৰ মিৰ্জাত ৫৪ খন বিচনাযুক্ত এটা ভৱনৰ কাম হাতত লৈছে, যিটো আৰোগ্য ভৱনে গুৱাহাটিলৈ কৰ্কটৰোগৰ চিকিত্সাৰ বাবে অহা সকলো ৰোগী আৰু তেখেতসকলৰ পৰিয়ালবৰ্গক সহায়ৰ হাত আগবঢ়াবলৈ সক্ষম হ’ব বুলি ভাবিব পৰা যায় । ইয়াৰ উপৰিও দীপশিখাই উজনি অসমৰ কৰ্কটৰোগী সকলৰ সুবিধাৰ্থে যোৰহাট জিলাৰ তিতাবৰত আন এটা ভৱনৰো ব্যৱস্থা কৰে । এই সকলো কৰ্কটৰোগীতকৈ দীপশিখাই শিশু কৰ্কটৰোগী সকলৰ বাবে বিশেষ ব্যৱস্থা লোৱাও দেখা যায় ।

কৰ্কটৰোগত আক্ৰান্ত হোৱা অধিক লোকক সেৱা আগবঢ়াবৰ উদ্দেশ্যেৰে আৰু দীপশিখাৰ জনপ্ৰিয়তা বৃদ্ধি তথা দীপশিখাৰ পুঁজি সংগ্ৰহৰ বাবেও দীপশিখাই নানান কাৰ্যসূচী প্ৰত্যেক বছৰে অসমৰ বিভিন্ন ঠাইৰ লগতে মুম্বাইতো আয়োজন কৰে । তাৰ মাজত কৰ্কটৰোগৰ সজাগতা সভা, মাৰাথন দৌৰ আৰু প্ৰীতিৰ এনাজৰী নামৰ সংগীতানুস্থান উল্লেখযোগ্য । তথাপিও উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ধিত সংখ্যক কৰ্কটৰোগীক অসম আৰু মুম্বাই দুয়োখন ঠাইতে সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰিবলৈ দীপশিখাক এটা মোটা অংকৰ পুঁজিৰ প্ৰয়োজন । কৰ্কটৰোগী সকলক এটা নতুন জীৱন দান কৰিবলৈ প্ৰয়োজন হোৱা এই পুঁজিৰ বাবে দীপশিখাক আমি সকলোৱে সহায় কৰিব পাৰোঁ । কাৰণ আমাৰ সকলো কৰ্কটৰোগীয়ে যাতে গুৱাহাটী নাইবা মুম্বাইত উন্নত চিকিত্সা সেৱা লাভ কৰি সুস্থ হৈ আহিব পাৰে তাৰবাবে হয়্তু আমি সকলোৱে আশা কৰিম । এই ক্ষেত্ৰত দীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে লোৱা পদক্ষেপ সঁচাই প্ৰশংসনীয় । দীপশিখা আৰু সজীৱ আৰু সক্ৰিয় হৈ উঠক, তাকে আমি কামনা কৰোঁ ।

"দীপশিখা"ৰ মূখ্য কাৰ্যালয় : হাউচ নম্বৰ 2, আনন্দ পথ্, অম্বিকাগিৰি নগৰ্, গুৱাহাটী: 781024

"দীপশিখা"ৰ মুম্বাইৰ কাৰ্যালয় : সাধৱ আৰোগ্য ভৱন, বাংলো নম্বৰ : 202, চেক্টৰ 28, ৱাশ্বী, নৱী মুম্বাই : 400703, হেল্পলাইন : 09954054000

ৱেবচাইট : www.deepsikha.org, ই- মেইল : deepsikhafoundation@gmail.com
ফেচবুকতঃ https://www.facebook.com/deepsikhacancercarefoundation

টোকাঃ "দীপশিখা" ভাৰতীয় ট্ৰাষ্ট আইন ১৮৮২ অধীনত পঞ্জীয়নকৃত আৰু সকলো দান-বৰঙণি আয়কৰৰ পৰা ৮০(জি) ধাৰাৰ অধীনত আয়কৰ মুক্ত।

লেখাটি পূৰ্বে প্ৰান্তিক আলোচনীতো প্ৰকাশ পাইছে ।
লেখিকা আই.আই.টি মুম্বাইৰ গণিত বিভাগৰ পোষ্ট ডক্টৰেট ফেল' । মোবাইল নম্বৰঃ 09769335742

No comments:

Post a Comment