হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. "ছিদ্দিক নামনিলৈ নাহিবা" নামৰ এখন নাটক বিটিএডিৰ মুকলি মঞ্চত কইনাধৰা প্ৰডাকচনে মঞ্চস্থ কৰাৰ খবৰ পোৱা গৈছে। ৰোমাঞ্চকৰ নাটকখনত বিসম্বাদ, বিশ্বাসঘাতকতা আদিৰ ফলত এজন হিৰো কেনেকৈ ভিলেইনলৈ ৰূপান্তৰিত হয়, নিজৰ ঘৰলৈ যোৱাৰ পৰাও বঞ্চিত হয় তাকেই তুলি ধৰা হৈছে আৰু ইয়াৰ পৰা অনাগত দিনত সকলোৱে শিক্ষা লব বুলিও প্ৰডাকচন হাউচৰ মালিক গগৈদাই আশা প্ৰকাশ কৰিছে।

২. এইবাৰ বৰষুণৰ পৰিমাণ কম হোৱাত খেতি-বাতি ঠিকমতে নোহোৱা বাবেহে কৃষি বিভাগ লুণ্ঠনত লিপ্ত হৈছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰীৰ চন্তৰী চেলবেল-মণি ডেকাই। মানুহে ভোকত থাকিলে পথ-ভ্ৰষ্ট হয়েই এয়া নিতান্ত স্বাভাৱিক বুলিও বিভাগটোৰ লুণ্ঠনৰ কাৰণ দৰ্শাই ডেকাই যুক্তি দাঙি ধৰিছে। ছাৰৰ যুক্তিত সদৌ অসম খেতি-বাতি বিষয়া সন্থাই প্ৰেৰণা লাভ কৰিছে আৰু ছাৰলৈ তাৰ বাবে শলাগৰ শৰাইয়ো আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

৩. মুখা-পিন্ধা জনসেৱকৰ দল হাতোৰা পাৰ্টিত আকৌ এবিধ নতুন ছদ্মবেশী হাতোৰাধাৰী ওলোৱাত পুৰণি মুখাপিন্ধা জ্যেষ্ঠ জননেতা সকলে ক্ষোভ প্ৰকাশ কৰিছে। আচলতে এই ছদ্মবেশীবোৰৰ দিনক দিনে বাঢ়ি অহা দুৰাচাৰৰ ফলত মাত্ৰ মুখা পৰিধান সকলৰ সান্দহ খোৱা বালি তল যাব পাৰে বুলিও জ্যোতিষীয়ে ভৱিষ্যতবাণী কৰাত ৰাজীৱ ক্লাৱ হাউছত হাঁহাকাৰ লগাৰো গোপন খবৰ আমালৈ আহি আছে।

৪. অসমতো আল-কায়দা আহি সোমোৱাৰ বাতৰিত সদৌ অসম উগ্ৰপন্থী সমন্বয় সমিতিয়ে উদ্বেগ প্ৰকাশ কৰিছে। এতিয়া হত্যা-সন্ত্ৰাস, ধন-দাবী, অপহৰণ আদিতো গোলকীকৰণৰ জৰিয়তে আন্তৰ্জাতিক পাৰ্টি সোমাই পৰিলে থলুৱা সকলৰ এইবোৰ ব্যৱসায়তো একছেটীয়া আধিপত্য শেষ হৈ পৰিব বুলি শংকা প্ৰকাশ কৰিছে। থলুৱা সকলক অন্ততঃ কিছু বেপাৰ-বাণিজ্যত মন'পলি দি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিবলৈকো তেওঁলোকে সঁকিয়াই দিছে। তেওঁলোকৰ পেটত লাট মাৰিবলৈ অহাটো কোনো পধ্যেই সহ্য কৰা নহব বুলিও কঠোৰ বক্তব্য প্ৰকাশ পাইছে।

৫. উত্তৰ-পূৱ সম্পদৰ ভঁৰাল বুলি প্ৰকাশ কৰি নতুনকৈ দ্বায়িত্ব লোৱা লুভীয়া সিঙে এতিয়া লুটপাত কৰাৰহে কথা বুলি মত প্ৰকাশ কৰিছে। সদৌ ভাৰত বেপাৰী সন্থাই এতিয়া উত্তৰ-পূৱৰ সম্পদ লুটি নতুন নতুন সোণৰ কাৰেঙ মূল খণ্ডত বনোৱাৰ সময় আহিল বুলিও তেখেতে মত প্ৰকাশ কৰিছে। এতিয়া জল, তেল, কয়লা কোনোবিধতেই লুটপাটত বিৰোধ কৰা সকলক নিস্তাৰ দিয়া নহব বুলিও সকিয়নী দিয়া বুলিও গুজৱ প্ৰকাশ পাইছে।

৬. বকেয়া ধন আদায়, সপ্তম দৰমহা আয়োগ আদি গঠনতে সদায় ব্যস্ত থকা সদৌ অসমীয়া কৰ্মচাৰী পৰিষদলৈ এইবাৰ চেঁপা-খোৱা সচেতন জনতা পৰিষদে প্ৰশ্ন উত্থাপন কৰিছে। কৰ্মচাৰী পৰিষদৰ নেতাকেইজনে পিছে কেইদিন অফিচত কাম কৰে, প্ৰথমে তাৰেই আৰ.টি.আই কৰিব বুলি জনতা পৰিষদে ভাবুকি প্ৰদান কৰিছে। কৰ্মচাৰী পৰিষদে নিজৰ সদস্যই কামে প্ৰতি ঘোঁচ খোৱাতো কিয় নেদেখে বুলিও প্ৰশ্ন তুলি, পেঞ্চন লবলৈ যোৱা সদ্য-অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক ধনৰ বাবে পানী খুওৱা কেইজন কৰ্মচাৰী পৰিষদৰ সদস্য নহয় নেকি বুলিও প্ৰশ্ন তুলিছে।

৭. সদৌ অসমীয়া কৰ্মচাৰী পৰিষদে এক গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰাৰ খবৰ আহিছে। প্ৰাপ্ত বাতৰি মতে "চৰকাৰী চাকৰিত বাহিৰা টকা খোৱাৰ সুৰক্ষিত উপায়" শীৰ্ষক কৰ্মশালাখনিত যোগদানৰ বাবে আসন সীমিত হোৱাৰ বাবে এতিয়া হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আবেদন কৰা কৰ্মচাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত কৰ্মশালাখন অনিৰ্দিষ্টকালৰ বাবে হটাই দিব লগা হব পাৰে বুলিও গুজৱ ওলাইছে।

৮. পদুম পাৰ্টিত এতিয়া শক্তিশালী তথা ভাবুকি হব পৰা ব্যক্তিসকলৰ ৰিটায়াৰমেণ্ট প্লেন তথা অৱসৰ বিনোদনৰ বাবে তালিকা যুগুতাই থকা হৈছে। চিবিআই আদিৰ পৰা তদন্ত হোৱাৰ সম্ভাৱনা থকা সকলক নতুন ৰাজ্যপাল ৰূপে নিযুক্তি দিয়াৰ সম্ভাৱনা প্ৰৱল বুলিও দিল্লীৰ পৰা এক সূত্ৰই গোপনে খবৰ প্ৰকাশ কৰিছে।

৯. "দুৰ্নীতি কৰাটো বেছি পাপ নে, দুৰ্নীতিৰ তদন্তত দুৰ্নীতি কৰাটো" তাকে লৈ এখনি তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।  ঘোঁচখোৰ চিবিআই সন্থাৰ প্ৰতিনিধি সকলে দুৰ্নীতি কৰাটো পাপৰ সপক্ষে আৰু খেতি-বাতি বিভাগৰ বিষয়া সন্থাৰ প্ৰতিনিধিয়ে তদন্তত দুৰ্নীতিৰ প্ৰকোপ হোৱাটো বেয়া বুলি যুক্তি প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

১০. অসমৰ ৰংপুৰ এটুকুৰ ঠাইত সাতদিন একেৰাহে বিজুলী নোযোৱাৰ বাবে অভিলেখৰ সৃষ্টি হৈছে। কি কেৰোণৰ ফলত স্বাভাৱিক বিদ্যুত গমন নোহোৱাকৈ আছে, তাকে লৈও এতিয়া পৰিষদৰ স্থানীয় অফিচত কৌতুহলী ৰাইজে ভিৰ কৰা বুলি খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment