হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
টুটকীয়া টুইটাৰত উৰি ফুৰা গুজৱ 
১. অসমৰ বেমাৰ-আজাৰ মন্ত্ৰীয়ে এইবাৰ "বেমাৰ ভাল কৰা" বজাৰখনৰ ওপৰত এটি ব্লগ লিখি আছে বুলি টুইটাৰত প্ৰকাশ কৰিছে। এই কামত তিনি চাৰিদিন সময় লাগিব বুলিও প্ৰকাশ কৰিছে। বিসম্বাদী কাম-কাজত এনেয়ে শক্তিক্ষয় কৰাতকৈ এনেকুৱা সৃ্ষ্টিশীল কামতে তেখেতৰ উজ্বল প্ৰতিভাৰ কৰ্ষণ কৰিবলৈ আৰম্ভ কৰাত তেখেতৰ ফেন সকলে ভূয়সী প্ৰশংসা প্ৰকাশ কৰিছে।

২. ইউ টিউবেৰে অসমৰ জি এছ ৰোডৰ নাৰী নিৰ্যাতনক বিশ্ব সভালৈ নি তিৰস্কৃত সাংবাদিক তনুপ্ৰাণ ভূঞা এইবাৰ মায়া নগৰী মুম্বাইত ভৰি দিছেহি বুলি জানিব পৰা গৈছে।  মুম্বাইৰ মাটিৰ পৰা বিখ্যাত "সংঘমিত্ৰা বিবাহ কাণ্ড" ফাদিল কৰাটো তেখেতেৰ সাংবাদিক জীৱনৰ অন্যতম মাইলৰ খুঁটি হোৱালৈ লক্ষ্য কৰি এইবাৰো মায়া নগৰীৰ মাটিৰ পৰা বেলেগ কিবা এটা ভয়ংকৰ ইনিংছেৰে কেলেংকাৰী খবৰপ্ৰেমী ৰাইজক মনোৰঞ্জন কৰিব বুলিও আশা প্ৰকাশ পাইছে।

৩. ক্ৰিকেট খেলৰ মহাৰাজা সুনীল গাভাস্কাৰে এতিয়াও তেওঁ ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ  অসস্থায়ী সভাপতিৰ দ্বায়িত্বতে সঁচাই আছেনে বুলি উচ্চতম ন্যায়ালয়ৰ পৰা জানিব বিচাৰিছে। ফেন ক্লাৱে সন্দেহ কৰা মতে ভাৰতীয় বৰ্ডত কেলেংকাৰী কৰাৰ অভিযোগত কৰ্টে চকী খালী কৰিবলৈ দিয়া শ্ৰীনিবাসন চাৰে আকৌ গৈ আন্তৰ্জাতিক ক্ৰিকেট সংস্থাৰ মূৰব্বীৰ দ্বায়িত্ব লোৱাতেই গাভাস্কাৰৰো মনতে এনে সন্দেহে বাঁহ লৈছে। এতিয়া শ্ৰীনিবাসনৰ প্ৰতিভা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ বাবেহে তেওঁক মাত্ৰ ভাৰতত ক্ৰিকেট প্ৰশাসক হোৱাৰ পৰা বাধা দিয়া হৈছিল নেকি বুলিও প্ৰশ্নৰ ধুমুহা প্ৰৱাহিত হৈছে।

৪. দেশত ১৮টা প্ৰকল্পলৈ শুভাৰম্ভ পুঁজি হিচাবে নতুন বাজেটত ১০০কোটিকৈ বৰঙণি আগবঢ়োৱাক লৈ টুইটাৰ সমাজে হাঁহি-ঠাট্টা-মস্কৰা কৰি খলকনি তোলাৰ খবৰ পোৱা গৈছে। বহুতো ডাঙৰ ডাঙৰ মানুহে সৰু সৰু হাঁহি উঠা প্ৰকল্পৰ নাম তুলি ধৰি তেওঁলোকলৈকো ১০০কোটিৰ একোটা টোপোলা দলিয়াই দিবলৈ জেটলী ছাৰৰ আহ্বান জনাইছে। এনে টোপোলা লাভ কৰি ভাগ্য উজ্বলোৱা নাগৰিক সকলৈকো অভিনন্দনৰ ফুলজাৰি আৰু তেওঁলোকে মন্ত্ৰীক কৰা প্ৰশংসাসূচক মন্তব্যওয়ো টুইটাৰৰ বানৰ সৃষ্টি কৰিছে।

৫. কালি বাজেট আহিল, কিন্তু "ভাল দিন" বোলাজনৰ টিকনিহে দেখিবলৈ নোপোৱাত ক্ষোভৰ উদ্গীৰণ হৈছে। কোনো কোনো লোকে চিৰিয়াখানালৈ গৈ জিৰাফৰ পিঠিত উঠিও ভাল দিন ক'ত পাইছেহি বুলি বাটলৈ মূৰ তুলি চোৱাৰ ফটোও ছ'চিয়েল মেডিয়াত খলকনি তুলিছে। এতিয়া সস্তীয়া জোতা পিন্ধি, সস্তীয়া বাচন বৰ্তনত বনাবলৈ দাম কমিবলৈ অস্বীকাৰ কৰা শাক-চবজিক সৈমান কৰিব পাৰিলেহে আচল ভাল দিন আহিব বুলি সচেতন ব্যক্তিসকলে মন্তব্য কৰিছে।

৬. নতুন ছবি "সিংহম ৰিটানৰ্ছ"ৰ ট্ৰেইলাৰ মুকলি কৰিলে অজয় দেৱগণ আৰু ৰোহিত ছেট্টীয়ে। এইবাৰ সিংহম ৰিটাৰ্নছত "সাম্প্ৰদায়িকতাবাদ" ডাঙৰ প্ৰত্যাহ্বান হবনে "দুৰ্নীতি" প্ৰত্যাহ্বান হব তাকে লৈ কোনেও মূৰ ঘোমোৱা নাই বুলিও বাতৰি প্ৰকাশিত হৈ উঠিছে। গুগোল হেঙ-আউটত আগতে মোদী চাৰৰ সাক্ষাতকাৰ পৰিচালনা কৰা অজয় দেৱগণে এইবাৰ সিংংহমত মোদী চাৰৰ জীৱনীকহে ৰূপালী পৰ্দাত তুলি ধৰা নাইতো বুলিহে কৌতুহল প্ৰকাশ পাইছে!

৭. দেশত অতিপাত গৰম পৰাৰ বাতৰিৰ লগতে ঠাণ্ডা পানীয়ৰ দাম বৃদ্ধি কৰাৰ বাতৰিও প্ৰকাশিত হোৱাত নতুন এবিধ উদ্বেগৰ সৃষ্টি হৈছে। আজি আকৌ পুনৰ এক সমীক্ষাই দেশৰ ৯০শতাংশৰ ঘৰতে ৰেফ্ৰিজাৰেটৰ নাই বুলিও বিশেষ বাতৰি প্ৰকাশ কৰিছে। অসমীয়া ছাত্ৰ সন্থাই অহাবাৰ পৰা মেট্ৰিক পাছ কৰিলে ঘৰতে ঠাণ্ডা খাব পৰাকৈ, সস্তাত শাক-পাত কিনি ভৰাই থব পৰাকৈ লেপটপৰ ঠাইত ফ্ৰীজ একোটাকে দিবলৈ আহ্বান জনাইছে। ছাত্ৰী সকলে পিছে এইটো ফ্ৰীজ বিয়াৰ সময়ত লৈ যাব পৰাৰ ব্যৱস্থা কৰিবলৈকো খাটনি ধৰি মত প্ৰকাশ কৰিছে।

৮. ডঃ সুব্বুস্বামীয়ে ""টু-জি", "কয়লা" আদি কেলেংকাৰী চিনেমা উন্মোচন কৰাৰ পাছত এইবাৰ "মেডাম কা পেপাৰ", "শশী থাকুৰ কি পত্নী", "ক'লাধন" আদি চিনেমাৰ কাম হাতত লৈছে বুলি জানিব পৰা গৈছে। সঘনে এনে চিনেমাতে ব্যস্ত হৈ থকা ৰাজনৈতিক ছবি নিৰ্মাতাজনক চিবিআইটো গতাই দিলেই সুবিধা হব বুলি প্ৰশংসক সকলে মত প্ৰকাশ কৰিছে। কিমান আৰু প্ৰতিজন মন্ত্ৰীলৈ চিঠি লিখি স্বামীচাহাবে বাৰে বাৰে আমনি দি সংবাদ শিৰোনামা লাভ কৰি থাকিব বুলিও প্ৰশ্ন তোলাৰ খবৰ টুইটাৰত উৰি আহিছে।

৯. চ'চিয়েল মেডিয়াত হিন্দীক প্ৰাধান্য দি নতুন চৰকাৰে নিৰ্দেশনা দিয়াৰ পাছত সম্পৰ্ক উন্নীতকৰণেৰে মোদী চাৰক আকৰ্ষণ কৰিবলৈ বিদেশৰ চৰকাৰ সমূহেও এতিয়া হিন্দী শিক্ষক নিয়োগ কৰাৰ খবৰ আহিছে। জানিব পৰা মতে শেহতীয়াকৈ ৩৬০০০০কোটিৰ নিৰাপত্তা সামগ্ৰী কিনিবলৈ ওলোৱা হিন্দীপ্ৰেমী চৰকাৰক সন্তোষ দিয়াই বিদেশী চৰকাৰবোৰৰ হিন্দী শিকাৰ আঁৰৰ মূল লক্ষ। আজি ইংলেণ্ডৰ ক্ৰিকেট বৰ্ডে হিন্দীত টুইট কৰি চমক দিয়াৰ পাছত এতিয়া বৰাক ওবামা, হিলাৰী ক্লিণ্টন আদিৰ হিন্দী টুইটলৈ সমগ্ৰ হিন্দীপ্ৰেমী ৰাইজে আগ্ৰহেৰে বাট চাইছে বুলিও জানিব পৰা গৈছে।

১০. গিৰিৰাজ সিঙ নামৰ সাংসদজনৰ ঘৰৰ পৰা চোৰে ১কোটিতকৈ অধিক টকা চোৰ কৰি অনাৰ কৃতিত্ব পুলিচৰ ওচৰত ধৰা পৰাৰ পাছত দাবী কৰিছে। পিছে সাংসদজনেহে ওলোটা খৰ মাৰি, তেওঁৰ ঘৰৰ পৰা মাত্ৰ ৫০হাজাৰ টকাহে হেৰাইছে বুলি প্ৰকাশ কৰি চোৰজনক এই কৃৰ্তিত্ব দিবলৈ অস্বীকাৰ কৰিছে। এতিয়া চোৰজনে ন্যায়সংগত কৃৰ্তিত্ব লাভ কৰাৰ ক্ষেত্ৰত পুলিচ প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হব বুলি নিখিল ভাৰত চোৰ সন্থাই মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment