সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অনুপ্ৰেৰণা দিব পৰা লেখাৰ প্ৰয়োজনীয়তা
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
আমাৰ ৰাজ্যখনৰ সমাজ জীৱনৰ বিভিন্ন দিশ যেনে- সাহিত্য, বিজ্ঞান, সঙ্গীত, নাটক, সাংবাদিকতা, কৃষি, উদ্যোগ, শিক্ষা, ব্যৱসায়, সমাজ, ৰাজনীতি, ক্রীড়া, চিত্র-ভাস্কর্য্য আদিলৈ বৰঙণি আগবঢ়োৱা ব্যক্তি তথা সংগঠনবোৰৰ বিষয়ে মাজে মাজে বহুতে লেখা-মেলা কৰে । ই অতি ভাল কথা । এনেকৈ লেখা-মেলা কৰিলে সেই ব্যক্তি তথা সংগঠনবোৰে দুগুণ উৎসাহে কাম কৰিবলৈ অনুপ্রেৰণা পাব ।

কিন্তু, এটা অভিযোগ উঠা দেখা যায় যে এই লেখাবোৰত বহু ব্যক্তি তথা সংগঠনৰ নাম বাদ পৰি যায়। এতিয়া কথা হ’ল - এজন লেখকে সমাজ জীৱনৰ বিভিন্ন দিশলৈ বৰঙণি আগবঢ়োৱা ব্যক্তি তথা সংগঠনবোৰৰ সকলো তথ্য সংগ্রহ কৰা সম্ভৱ নহয়। গতিকে, অকল অভিযোগ কৰা সলনি জনাসকলে তথ্যবোৰ লেখা-মেলা কৰা সকলক যোগান ধৰিলে ভাল হয়।

অৱশ্যে, বহু ক্ষেত্রত দেখা যায় কিছুমান লেখকে কেৱল নিজৰ চিনাকী ব্যক্তি তথা সংগঠনৰ নামবোৰহে লেখাবোৰত উল্লেখ কৰে আৰু বেলেগ তথ্য গোটাবলৈ অলপো চেষ্টা নকৰে যেন লাগে । বহুতে আকৌ লেখাবোৰত আত্ম-প্রশংসা কৰাহে দেখা যায় । এনে কৰা উচিত নহয়।

লেখকৰ ঠিকনাঃ  সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০ ই-মেইল: buljit@gmail.com তাৰিখ:১৬।০৭।২০১৪

No comments:

Post a Comment