ৰাষ্ট্ৰীয় গুজৱ
১. আজি মুম্বাইতো এজাক বৰষুণ দিয়াৰ লগে লগেই টুইটাৰ, ফেচবুক, ৰাষ্ট্ৰীয় চেনেল সকলোতে পানীত ডুব যোৱা অঞ্চলৰ ফটোৰ উজান উঠিছে। ৰসাল গগৈ চাৰেও মুম্বাইত কৃত্ৰিম বানৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰিছে। পানী হ'লে মন বেয়া কৰিবলগীয়া একো নাই, আমেৰিকা, চিংগাপুৰৰ সৈতে ফেৰ মিলাবলৈ হ'লে সেইবোৰতো হোৱা বানপানীকো উপভোগ কৰিব পাৰিব লাগিব বুলিও তেখেতে সান্তনাবাণী দিয়া বুলিও খবৰ আহিছে।
২. মূল্যবৃদ্ধিয়ে বজাৰত জুই লগোৱাৰ পাছত এতিয়া ৰাজ বাব্বৰক সকলোৱে ১২টকীয়া থালিৰ ঠিকনা সুধিবলৈ টুইটাৰত অনুসৰণ কৰা বুলি জানিব পৰা গৈছে। অসমতো ডেৰ টকীয়া থালিৰ বিজ্ঞাপন দিয়া খেতি মন্ত্ৰী চেলবেল ডেকাকো অসমীয়াৰ সুবিধাৰ্থে এই থালি পৰিবেশন কৰা হোটেলৰ নাম ৰাইজৰ হিতাৰ্থে জনসংযোগৰ বিজ্ঞাপনৰ জৰিয়তে ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে।
৩. আন্তৰ্জাতিক লুণ্ঠন প্ৰতিযোগিতালৈ যাবৰ বাবে ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচন সমাগত হোৱাৰ লগে লগেই অসমতো এই বিষয়ে প্ৰতিযোগীসকলৰ মাজত উতসাহ উদ্দীপনা বৃদ্ধি পাইছে। গ্ৰামোন্নয়ন, বন-বিভাগ আৰু জলসম্পদ বিভাগক এইবাৰ কৃষি বিভাগে তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াবলৈ সক্ষম হোৱা বুলি খবৰ প্ৰকাশ পাইছে। শেষত গৈ অসমৰ পৰা শীৰ্ষস্থান দখল কৰি খেতি-বাতি মন্ত্ৰীৰ নেতৃত্বতে লুণ্ঠনকাৰীৰ দলে আন্তৰ্জাতিক পৰ্যায়লৈ যোৱাৰ সম্ভাৱনাই বেছি প্ৰৱল বুলিও গোপন খবৰ আমালৈ আহি আছে।
৪. গোলাঘাটৰ গোমোঠা গাঁৱত শান্তিপূৰ্ণভাৱে ডকাইতিৰে অভাৱত থকা কেইবাটাও পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে সদৌ অসম ডকাইত সন্থা। এই সফলতাৰ বাবে সহযোগিতা আগবঢ়োৱা থলুৱা লালটুপি সন্থাকো সংগঠনটোৱে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে।
৫. বাংলাদেশী অসমলৈ সোমায় আৰু সময়মতে উভতি যায় বুলি মন্তব্য কৰি বাংলাভাষীৰ প্ৰশংসাৰ পাত্ৰী হৈছে বাংলাদেশৰ খালেদা জিয়া বাইদেউ। বাইদেউ যদি ঘন চিৰিকা বাঁহলৈ সোমোৱা ওলোৱাৰ গণনা কৰাৰ বিশেষজ্ঞ, তেন্তে তেখেতৰ কথাই সত্য বুলি প্ৰকাশ কৰিছে সদৌ অসমীয়া ছাত্ৰ সন্থাই। অন্যথা তেখেতৰ ভাষ্যক এই দশকৰ শ্ৰেষ্ঠ মিছাকথাৰ পুৰস্কাৰ দিব লাগে বুলিও সন্থাই দাবী তুলিছে বুলি জানিব পৰা গৈছে।
৬. মৌদী চাৰ ফেন ক্লাৱে এতিয়া ভাৰতীয় ভোটদাতা জনগণে অন্ন সংগ্ৰহৰ বাবে বজাৰলৈ গলেই জুই-চাই দামত অতীষ্ঠ হোৱাৰ খবৰ প্ৰকাশ পোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ফেন ক্লাৱে প্ৰকাশ কৰা মতে, এনে জুই-চাই দাম দেখি মানুহে প্ৰথম কেইদিনমান অতীষ্ঠ হবই বুলিও প্ৰকাশ কৰিছে। লগতে সহন ক্ষমতাৰ চৰ্চা কৰি থাকি ইয়াক অভ্যাসলৈ পৰিণত কৰি ল'লে মূল্যবৃদ্ধিৰ জ্বালা ভৱিষ্যতে অনুভৱ কৰিবই নোৱাৰিব বুলিও ইতিবাচক দিশটোলৈ আঙুলিয়াই দিয়াত গ্ৰাহক সুৰক্ষা সন্থাই সন্তোষ প্ৰকাশ কৰিছে।
৭. সুনন্দা পুস্কৰৰ পোষ্টমৰ্টেম ৰিপটত ভুৱাকৈ প্ৰতিবেদন দিবলৈ শীৰ্ষ পদত থকা ডাক্তৰ চাহাব বাধ্য হোৱাৰ বাতৰি পোহৰলৈ অহাত সন্তোষ প্ৰকাশ কৰিছে সদৌ অসম ডাক্তৰ সন্থাই। তেওঁলোকে ৰাজ্য বা জিলাস্তৰত প্ৰতিদিনে এনে পোষ্টমৰ্টেমৰ বাবে পোৱা লোভনীয় প্ৰস্তাৱ, প্ৰস্তাৱ নামানিলে প্ৰাণনাশ পৰ্যন্ত দাবী-ধমকি আদিৰ কথাও এইদৰে ৰাজহুৱা কৰিবলৈ শক্তি দিবলৈ ডাক্তৰ দিৱসতে তেওঁলোকে ভগৱানক প্ৰাৰ্থনা জনাইছে বুলি খবৰ আহিছে।
৮. কালি টুইটাৰত যোগদান কৰাৰ পাছতে আমজাদ আলি খান চাহাবে হেৰুৱা সৰোদৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ বাতৰি আহিছে। আজিৰ দিনত টুটকীয়াৰ কটাক্ষৰ পৰা প্ৰয়োজনীয় খবৰ তথা লিংকলৈ সকলো পোৱা টুইটাৰত সকলো সংগীতপ্ৰেমীকে ভাগ লবলৈকো এই আপাহতে তেখেতে আহ্বান জনাইছে। আজিকালি লিংক নহ'লে কোনো কাম হাচিল নোহোৱাৰ দিনত, সকলো লিংক পোৱাৰ ব্যৱস্তা থকা এই টুইটাৰৰ প্ৰেমত তেখেতো প্ৰথম দিনাই পৰিছে বুলিও গুজৱ ওলাইছে।
৯. বাংলাদেশীক ভিচা, ভূটানত বান্ধ, বজাৰৰৰ খাদ্য বস্তুত জুই আদিত ৰাইজৰ হাৱা ওলাই যোৱাত ৰাজ্যিক পদুম পাৰ্টিও কনফিউজ হৈ যোৱাৰ বাতৰি। সেয়ে কথাবোৰ আচলতে কি, কেনেকৈ মানুহক ধৈৰ্য ধৰিবলৈ কব পাৰি, মানুহক ভুৱা দি ৰাখিব পাৰি, সেই বিষয়ে দিল্লীৰ পৰা এক কাৰ্যকৰী লাড্ডু আনি ৰাজ্যবাসীক দিবৰ উদ্দেশ্যে ৰাজ্য পদুম পাৰ্টিৰ এটি দল দিল্লীলৈ গমন কৰিছে। ভোকত থকা ৰাইজেও যিকোনো লাড্ডু দিলেও অলপ দিন কাম চলিব বুলিও মতামত প্ৰকাশ কৰিছে।
১০. "হাইকামাণ্ডৰ ধৈৰ্য পৰীক্ষা" নামৰ নাটকখন লিখি উলিয়াইছে অসমৰ প্ৰতিভাৱান জ্যোতিষী তথা নেতা হিমুকন শৰ্মাই। অপেক্ষাৰ ফল মিঠা হবই বুলিও আশা প্ৰকাশ কৰিয়েই নাটকখন লিখি উলিওৱা বুলিও সূত্ৰই প্ৰকাশ কৰিছে যদিও ধৈৰ্য পৰীক্ষাত কোন মূহুৰ্তত সীমা চিগে তাৰো ঠিকনা নাই ধৰণৰ এক ভয়ংকৰ আশংকাও নাটকখন ফুটি উঠিছে বুলিও গোপন খবৰ ওলাইছে।

Nice
ReplyDelete