পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. কৰ্কট ৰোগৰ প্ৰখ্যাত বিশেষজ্ঞ, মুম্বাইত কৰ্মৰত মানৱ-দৰদী অসমীয়া ডাঃ তপন শইকীয়ালৈ আগবঢ়োৱা হৈছে অসমৰ প্ৰথমজনা শ্বহীদ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা। প্ৰতি দুবছৰৰ মূৰত প্ৰদান কৰা এই বঁটা ২০১২ চনৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল।  অহা ৯ আগষ্টত কমলা শইকীয়া স্মাৰক ন্যাসে গুৱাহাটী প্ৰেছ ক্লাৱৰ সহযোগত আয়োজন কৰা ত্ৰয়োদশ শ্বহীদ কমলা শইকীয়া স্মাৰক বক্তৃতা প্ৰদান কৰিবলৈ গুৱাহাটীলৈ আহিব পদ্মভূষণেৰে সন্মানিত যশস্বী সাংবাদিক শেখৰ গুপ্তাও।

 
২. ইণ্ডিয়ান আইডল-২০১৩ ৰ মূল পৰ্বৰ প্ৰতিযোগী ১৫বছৰীয়া উদীয়মান শিল্পী অম্লান সৰকাৰৰ অক্লান্ত প্ৰচেষ্টাত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আঠটি যুগজয়ী গীতে এইবাৰ প্ৰাণ পাই উঠিছে হিন্দী ভাষাত। "পৰ জনমৰ শুভ লগনত", "মোৰ কবিতাৰ ছন্দ লাগি" আদি গীত কেইটিক হিন্দী ভাষাত তুলি ধৰা শ্ৰব্য সংকলনটোৰ সংগীত পৰিচালনা নন্দ বেনাৰ্জীৰ। যোৱা ৮জুনত গুৱাহাটী প্ৰেছ ক্লাৱত শিল্পী সুদক্ষিণা শৰ্মা আৰু কলাগুৰুৰ পুত্ৰদ্বয় পৃথ্বীৰাজ আৰু হেমৰাজ ৰাভাই "নাচে তাৰে ছন্দমে" শ্ৰাব্য সঁফুৰাটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

৩. মুক্তিৰ অপেক্ষাত আছে নতুন অসমীয়া কথাছবি "অথেলো"। মহানগৰকেন্দ্ৰিক থলুৱা কাহিনীৰে নিৰ্মাণ হোৱা হেমন্ত কুমাৰ দাসৰ প্ৰথম পৰিচালনাৰ ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ "ৰাগ-বিৰাগ, "একত্ৰিশ জুন" আদিৰ ছবিৰ চিত্ৰনাট্য ৰছনা কৰা ৰঞ্জিত শৰ্মাৰ। গীত বিহীন ছবিখনত আৱহ সংগীতেৰেই বহু অনুভূতি প্ৰকাশ কৰিব তৰালী শৰ্মাই। অৰুণ নাথ, জুপিতৰা ভূঞা, বিভূতি ভূষণ হাজৰিকা আদিৰ অভিনয় সমৃদ্ধ ছবিখনে ৰাইজৰ হৃদয় জিনিব বুলিও নিৰ্মাতাই আশা প্ৰকাশ কৰিছে।

৪. ধেমাজিৰ প্ৰেম দত্ত আৰু বিষেশ্বৰ দত্তৰ প্ৰযোজনাত নিৰ্মাণৰ পথত আগবাঢ়িছে ৰূপজ্যোতি বৰাৰ পৰিচালনাৰে ৰিমঝিম ফিল্মছৰ নিবেদন অসমীয়া কথাছবি "পাগলী"।  যোৱা ১৫জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত ছবিখনৰ শুভ মহুৰতত অংশ লয় অভিনেতা অৰুণ হাজৰিকা আৰু শিল্পী মানস ৰবীনে।

৫. অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী তথা সংগীত পৰিচালক জয় বৰুৱাৰ "ঘৰলৈ আঁহা" গীতটি অডিঅ' আৰু ভিডিঅ' ফৰমেটত যোৱা ৭জুলাইত অসমৰ সাংস্কৃতিক জগতৰ বিভিন্ন সুধীজনৰ উপস্থিতিত গুৱাহাটীত মুকলি কৰা হয়। গীতটিত কণ্ঠদান কৰিছে গুজৰাটৰ শিল্পী জানকীয়ে। গীতৰ কথা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত মুম্বাইত কৰ্মৰত শব্দযন্ত্ৰী তথা সুলেখক ইবছন লাল বৰুৱাৰ।

৬. আকাশবাণীৰ সৰ্ব-ভাৰতীয় বঁটা সমূহৰ ভিতৰত আকাশবাণী গুৱাহাটীয়ে আঞ্চলিক বাতৰি শিতানত দুটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।শ্ৰেষ্ঠ বাতৰি বিভাগৰ সন্মান লাভ কৰাৰ লগতে বাৰ্তা সম্পাদক মানসপ্ৰতিম শৰ্মাই প্ৰতিকূল পৰিবেশতো বাৰ্তাৰ ধাৰা অক্ষুন্ন ৰখাৰ বাবে পুৰস্কাৰ লাভ কৰাৰ সুখবৰ পোৱা গৈছে।

৭. তেজপুৰৰ নন্দন কানন সংগীত বিদ্যালয়ে পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বাৰ্ষিক বঁটাৰ বাবে বিশিষ্ট লেখিকা, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ নাম নিৰ্বাচন কৰিছে। অহা ২০জুলাইত তেজপুৰৰ বিহগুৰিৰ টুমুকীত আয়োজিত জননেতা চন্দ্ৰনাথ শৰ্মাৰ স্মৃতি দিৱসৰ অনুষ্ঠানতে এই বঁটা জিলা উপায়ুক্ত ললিত গগৈয়ে প্ৰদান কৰিব।

৮. অসম চৰকাৰে অসমৰ ক্ৰীড়া জগতৰ পুৰোধা পুলিন দাসৰ স্মৃতিত ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কালি সদৰী কৰিছে।

৯. অহা ১ ছেপ্তেম্বৰৰ পৰা অসমত ৰূপায়িত হ'ব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ ৫১লাখ ৭০হাজাৰটা পৰিয়ালৰ প্ৰায় ২কোটি ৫২লাখ লোক উপকৃত হ'ব। ৰাজ্যৰ  মুঠ তিনি কোটি বাৰ লাখ  জনসংখ্যাৰ বেছি সংখ্যক লোককে এই আইনে সামৰি লব বুলিও তথ্য প্ৰকাশ পাইছে।

১০. অসম আৰু অৰুণাচল প্ৰদেশৰ স্বাৰ্থ সুৰক্ষিত কৰিহে পুনৰ সোৱণশিৰি প্ৰকল্পৰ কাম আৰম্ভ কৰা হ'ব বুলি লোকসভাত কালি প্ৰকাশ কৰিলে দেশৰ শক্তি মন্ত্ৰী পীয়ুষ গোৱেলে।
১১. দেশৰ বিভিন্ন ৰাজ্যৰ খৰাং পীড়িত অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ অহা ১০বছৰত দেশৰ ৩০খন নদী সংযোগ কৰিবলৈ অভিলাষী পৰিকল্পনা যুগুতাই উলিয়াইছে নতুন কেন্দ্ৰীয় চৰকাৰে। এই নদী সংযোগী কাৰ্যসূচীয়ে ৩৫নিযুত হেক্টৰ ভূমিলৈ জলসিঞ্চনৰ সুবিধাৰ প্ৰসাৰৰ লগতে ৩৪০০০মেগাৱাট শক্তি উতপাদনতো সহায়ক হব বুলি কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে সংসদক অৱগত কৰিছে।

১২. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰাজিলত হোৱা ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰা উভতি আহি ভাৰত পাইছেহি। এই শীৰ্ষ সন্মিলনৰ জড়িয়তে দক্ষিণ আফ্ৰিকাৰ লগতো দ্বি-পাক্ষিক সম্পৰ্ক অধিক উন্নত হোৱাৰ কথাও সূত্ৰত প্ৰকাশ পাইছে। ইংলেণ্ডে ভাৰতে দৰিদ্ৰতা নিৰ্মূল তথা বিকাশৰ দিশত গুৰুত্ব আৰোপ কৰাত সন্তোষ প্ৰকাশ কৰিছে।

১৩. শীৰ্ষ মাওবাদী নেতা সব্যসাচী পাণ্ডাক ওড়িষা পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

১৪. আজি সংসদত বিত্তমন্ত্ৰীয়ে ৩৫৭৭৬কোটি টকাৰ দিল্লীৰ বাজেট উত্থাপন কৰিছে। নতুন কোনো কৰ প্ৰস্তাৱ কৰা হোৱা নাই, লগতে ২৬০কোটি টকা বিজুলী কোম্পানীৰ চাবচিডীৰ বাবেহে ব্যৱস্থা কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

১৫. মহাৰাষ্ট্ৰৰ দুৰ্নীতি নিবাৰক শাখাই এইবাৰ মোবাইল এপছ আৰম্ভ কৰিব। ইয়াৰ যোগে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ তথ্যৰ যোগান আৰু অভিযোগ দিয়াৰ বাবে সুবিধা হব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment