পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. সদৌ অসম ছাত্ৰ সন্থাই চলিত বৰ্ষৰ বাকী থকা ১৭৪দিনৰ ভিতৰতে অসমৰ বিভিন্ন স্থানত ১০০টাকৈ শিশু পুথিভঁৰাল স্থাপন কৰিব। শিশু সকলৰ বৌদ্ধিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা আছুৰ এই প্ৰশংসনীয় পদক্ষেপ যোগে সহস্ৰাধিক শিশু উপযোগী গ্ৰন্থৰে এই পুথিভঁৰাল সমূহ সজাই তোলা হব। কালি প্ৰথমটো 
এনে শিশু পুথিভঁৰাল বঙাইগাঁৱৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিলে সংন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই। এই অনুষ্ঠানত জিলা ছাত্ৰ সন্থা, অসম সেনা, অসম উন্নতি সভা, সাহিত্য সভা আদি জাতীয় সংগঠনৰ লগতে স্থানীয় সুধীজনে অংশগ্ৰহণ কৰে।

২. কাইলৈ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এ প্ৰেক্ষাগৃহত অনুষ্ঠিত হব ভিকি পাব্লিছাৰ্ছৰ বৰ্ষপুতিত আয়োজিত "চতুৰ্থ ব্যতিক্ৰম বঁটা" প্ৰদান অনুষ্ঠানৰ। এই বৰ্ষৰ "ব্যতিক্ৰম সাহিত্য সন্মান" সাহিত্যিক ৰবীন্দ্ৰ সৰকাৰলৈ আগবঢ়োৱাৰ লগতে "ব্যতিক্ৰম সমাজসেৱা সন্মান" প্ৰদান কৰা হব "কৰুণাধাৰা"ক। "ব্যতিক্ৰম বৰ্ষশ্ৰেষ্ঠ সন্মান" শিল্পপতি সুবীৰ ঘোষ আৰু "ব্যতিক্ৰম ব্যতিক্ৰমী সন্মান" কামাখ্যা চামাৰিয়ালৈ আগবঢ়োৱা হৈছে বুলি আয়োজক সংস্থা ব্যতিক্ৰম মাছডোৱে প্ৰকাশ কৰিছে।

৩.
চিৰাং জিলা প্ৰশাসনে বিগত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী সেৱাত শ্ৰেষ্ঠতা আৰু দক্ষতা প্ৰদৰ্শন কৰা ১২গৰাকী প্ৰিজাইডিং আৰু প'লিং বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰাৰ সুখবৰ পোৱা গৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াত অহৰহ কষ্ট ভোগ কৰা এনে চৰকাৰী কৰ্মীলৈ এনে প্ৰশংসা তথা সম্বৰ্ধনা জ্ঞাপন কৰাটো অতিশয় প্ৰশংসনীয় হৈছে বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

৪. বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ভেটাপাৰাস্থিত আৰধনা সংগীত বিদ্যালয়ত অহা ১৪-১৭জুলাইলৈকে আয়োজিত হৈছে বেজবৰুৱাৰ গীতৰ এক কৰ্মশালাৰ। বিশিষ্ট শিল্পী লোকনাথ গোস্বামীৰ পৰিচালনাত বেজবৰুৱাৰ কালজয়ী গীতত আৰ্হি হিচাবে লৈ অনুষ্ঠিত হব লগা কৰ্মশালাত অংশগ্ৰহণৰ বাবে ১৪জুলাইৰ আগতে ৯৫৭৭৮-২৭৫৭৯ নম্বৰ ফোনত যোগাযোগ কৰিব পাৰিব।

৫. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল গণশিল্পী খগেন মহন্তৰ জীৱন আৰু গীত সম্পৰ্কীয় "খগেন মহন্তঃ গীত আৰু জীৱন ৰেখা" নামৰ গ্ৰন্থখনি। অনুভৱ পৰাশৰে ৰচনা কৰা গ্ৰন্থখন শিল্পীৰ গীত আৰু জীৱনৰ বিভিন্ন দিশ নৱ-প্ৰজন্মৰ বাবে উপযোগীকৈ লিপিবদ্ধ কৰা গৈছে। ৫৪৪ পৃষ্ঠাৰ গ্ৰন্থখন বনলতাই প্ৰকাশ কৰি উলিয়াইছে। উন্মোচনী অনুষ্ঠানত অনুৰাধা শৰ্মা পূজাৰী, অৰুণ শৰ্মা, অৰ্চনা মহন্তকে ধৰি সুধীজনে অংশগ্ৰহণ কৰে।

৬. জীৱন জুইচ ফেষ্টিভেলৰ সংগতি ৰাখি দেশৰ আগশাৰীৰ ফলৰ ৰস বিপনন সংস্থা ডাবৰে গুৱাহাটীৰ বিভিন্ন স্থাস্থ্য কৰ্মী, আৰক্ষী, ডাকোৱাল, বিদ্যুতকৰ্মীকে ধৰি সমাজক নীৰৱে সেৱা আগবঢ়াই অহা লোকসকলৰ মাজত গুৱাহাটীত বিনামূলীয়াকৈ ফলৰ ৰসৰ পেকেট বিতৰণ কৰাৰ সুখবৰ পোৱা গৈছে। কৰ্তব্যত প্ৰেৰণা, সহায় আৰু সন্মান জনোৱাৰ উদ্দেশ্যৰেই এই কাৰ্যসূচী পালন কৰা বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

৭. কাইলৈ গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শৈলেন মেধিৰ "অজান পখীৰ গান" শীৰ্ষক গ্ৰন্থখনি। বিশিষ্ট সাংবাদিক ৰাধিকা মোহন ভাগৱতীৰে সভাপতিত্বত হব লগা উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰিব সাহিত্যিক অতুলানন্দ দেৱগোস্বামীয়ে।

৮. অসমক জনজাতি ৰাজ্য বিচাবে ঘোষণা কৰিলে আদৰণি জনাব বুলি ঘোষণা কৰিলে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছনে। অসম ট্ৰাইবেল সংঘই এই প্ৰস্তাৱৰ বিৰুদ্ধে দিল্লীতো ধৰ্ণা-প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰাৰ সময়তে, এই জনজাতীয় সংগঠনটোৰ স্থিতি লক্ষণীয় হৈ পৰিছে। নতুনকৈ জনজাতিকৰণ হব লগীয়া জনগোষ্ঠীকেইটাৰ পৰা যাতে পূৰ্বে ঘোষিত জনগোষ্ঠীয় লোক সকলৰ স্বাৰ্থত আঘাত নহয়, সেয়া সুনিশ্চিত কৰিবলৈকো সংগঠনটোৱে দাবী জনাইছে। বৰ্তমানৰ জনজাতি স্বীকৃতি লাভ কৰা সকলৰ সৈতে প্ৰভেদ ৰখাৰ উপৰিও, বৰ্তমানে থকা ৪৭টা ব্লেক আৰু ব্লক, স্বায়ত্ত শাসিত পৰিষদ সমূহকো সুৰক্ষিত ৰখাৰ বাবে দাবী সংগঠনটোৱ উত্থাপন কৰিছে।

৯. পথ দুৰ্ঘটনাত হেৰাই যোৱা তেজপুৰৰ শিশু কণ্ঠশিল্পী ৰিম্পম বৈশ্যৰ সোঁৱৰণত বিগত বছৰৰ দৰেই এই বৰ্ষতো তেওঁৰ জন্মদিনত "ৰিম্পম বৈশ্য সোঁৱৰণী অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা"ৰ আয়োজন কৰা হৈছে। স্থানীয় "সুৰ সংগম" নামৰ সাংস্কৃতিক অনুষ্ঠানটোৱে ইয়াৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে, অনুষ্ঠানটো উদ্বোধন কৰিব তেজপুৰৰ বিধায়ক ৰাজেন বৰঠাকুৰে।

১০.
ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমীয়া সাংবাদিক সবিতা গোম্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থ "মন গংগাৰ তীৰত"ৰ মাৰাঠী অনুবাদ গ্ৰন্থই কঢ়িয়াই আনিছে সন্মানীয় "মহাদেৱ বালকৃষ্ণ যাদৱ অনুবাদ বঁটা"। মাৰাঠীলৈ অনুবাদ কৰা সবিতা ডামলেক এই বঁটা ১৮৭০চনতে স্থাপিত সন্মানীয় সাহিত্য সংস্থা আপাট ৱাস্বান মন্দিৰে এই বঁটা প্ৰদান কৰিছে। এই গ্ৰন্থখন ডঃ ত্ৰিবেণী গোস্বামী মাথুৰে "এলং দ্য ৰেড ৰিভাৰ" নামেৰে ইংৰাজীলৈকো অনুবাদ কৰিছে।

১১. ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে কালি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখনি সভা অনুষ্ঠিত হয়। এই সভাত মীন ব্যৱসায়ৰ বাবে প্ৰেৰণা দিবলৈ চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ বিষয়েও জিলা মীন বিষয়াই অৱগত কৰে। এই দিৱস উপলক্ষে নগাঁও, হোজাই আৰু কলিয়াবৰ মহকুমাৰ এগৰাকীকৈ প্ৰগতিশীল মীন পালকক সম্বৰ্ধনা জনোৱাৰ লগতে ৫গৰাকী হিতাধিকাৰীক মীন বিভাগৰ বিভিন্ন আঁচনিৰ চেকো বিতৰণ কৰাৰ সুখবৰ।

১২. দ্বাদশ দিনতো চলি আছে গুৱাহাটীত বেদখল উচ্ছেদ অভিযান। কালি দুটা মন্দিৰসহ ২১৪টা পকীঘৰ উচ্ছেদ কৰা বুলি জিলা প্ৰশাসনে সদৰী কৰিছে। ইফালে শিলসাঁকো বিলত যাৰেই অবৈধ মাটি আছে, সকলোকে উচ্ছেদ কৰা হবই বুলি কঠোৰ স্থিতি প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

১৩.
ধুবুৰী জিলাৰ হাটশিঙিমাৰীৰ গ্ল'বেল এডুকেছন এণ্ড টেক্নোৱৰ্ল্ডত আয়োজিত সভাত ছয় গৰাকীকৈ সাংবাদিকলৈ সাহসিকতাৰ বঁটা আগবঢ়ালে সমাজসেৱক ৰুকনুৰ জামানে। নিৰ্ভীক সাংবাদিকতাৰ পৰিচয় দিয়া জিলাখনৰ সাংবাদিক ক্ৰমে জয়দ্বীপ বৰুৱা, ছাবেকুন নেহাৰ, মনোৱাৰ হুছেইন আহমেদ, মহিবুল মণ্ডল, জহিৰুল ইছলাম আৰু এ ৰহমানক বঁটা আৰু মানপত্ৰৰে সন্মানিত কৰাৰ সুখবৰ পোৱা গৈছে।১৪. অসমৰ জলন্ত সমস্যা বান-গৰাখহনীয়াৰ সমাধানৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় সাধনেৰে ঐক্যবদ্ধ চেষ্টা চলোৱাৰ বাবে গঠন হ'ল ব্ৰহ্মপুত্ৰ সংহত উন্নয়ন মঞ্চ। এই সমিতিৰ অধীনত গঠন কৰা হৈছে এখন কাৰিকৰী উপদেষ্টা সমিতি। উক্ত সমিতিক জলসম্পদ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সমন্বয় সাধন আৰু বিজ্ঞানসন্মত পদ্ধতিৰে বান-গৰাখহনীয়া সমস্যা সমাধানৰ বাবে অহা ১৫দিনৰ ভিতৰত ২০টা পৰামৰ্শ আগবঢ়াবলৈ দ্বায়িত্ব প্ৰদান কৰা হৈছে।
 
১৫. ধুবুৰী জিলাৰ তামাৰহাটত যোৱা পাঁচ আৰু ছয় জুলাইত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কাজী নজৰুল ইছলাম কাব্য সাহিত্য, সংগীত আৰু কবিতা আবৃত্তিৰে মহান কবি দুগৰাকীৰ জন্ম-জয়ন্তী উতসৱ পালন কৰাৰ সুখবৰ পোৱা গৈছে। বাণী ভৱন লাইব্ৰেৰীৰ উদ্যোগত আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সহযোগিতাত বিভিন্ন প্ৰতিযোগিতাও ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰে।

No comments:

Post a Comment