পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১.
অসমীয়া সাহিত্য সন্মিলনীয়ে সামাজিক কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ৰচিত সাহিত্যক স্বীকৃতি দিয়াৰ বাবে, দুবছৰৰ ব্যৱধানত প্ৰদান কৰাকৈ প্ৰৱৰ্তন কৰিছে চন্দ্ৰনাথ শৰ্মা বঁটা। এই বঁটা প্ৰথমবাৰলৈ লাভ কৰিছে নলবাৰী জিলাৰ কুমাৰীকাটাৰ নাট্যকাৰ ৰমেশ কুমাৰ হালৈয়ে। "আং ডাইনী নঙা" (মই ডাইনী নহয়) শীৰ্ষক নাটকৰ পাণ্ডুলিপিৰ বাবে সন্মিলনীয়ে আগবঢ়োৱা এই বঁটা সভাপতি ডঃ হীৰেন গোহাঁইয়ে প্ৰদান কৰিব। কুৰিখন পূৰ্ণাংগ নাটক, দহখন একাংকিকা, এখন কবিতা পুথি আৰু এখন প্ৰৱন্ধ সংকলন প্ৰকাশ পোৱা নলবাৰী বালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হালৈদেৱে লাভ কৰা স্বীকৃতিত সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে।

২. কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে তেখেতৰ ভাষণত ছাত্ৰ-ছাত্ৰী সকলক সৃজনীশীল মনেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক ডঃ লক্ষীপ্ৰসাদ দত্তৰো প্ৰতিমূৰ্তিও কালি উন্মোচিত হয়।

৩.
তেজপুৰৰ  মিছন চাৰিআলিত অসম বিজ্ঞান সমিতিৰ বিজ্ঞান কেন্দ্ৰত স্থাপিত হৈছে বিজ্ঞান সংগ্ৰাহলয়ৰ। সংগ্ৰহালয়টোত বিভিন্ন বিষয়ৰ গৱেষণা কাকতৰ আৰ্হি, বৈজ্ঞানিক পুতলাৰ কাম আদি ৰখাৰো ব্যৱস্থা কৰা হৈছে।  বিজ্ঞানৰ পাঠ্যপুথিত থকা ধাৰণাসমূহক ভিত্তি হিচাবে লৈ দৰং কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ অখিল কুমাৰ ডেকাই এই বিজ্ঞান শিক্ষাৰ সংগ্ৰাহলয়টোৰ কাম ২০১১ চনৰ পৰাই আৰম্ভ কৰিছিল।
৪. সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই ১৯৫৫চনৰ ১ জুলাই প্ৰতিষ্ঠা কৰা "অসম বাণী" কাকতে কালি ৬০তম বৰ্ষত পদাৰ্পণ কৰিলে। সতীশ চন্দ্ৰ কাকতিয়ে প্ৰতিষ্ঠাপক সম্পাদক ৰূপে গঢ় দিয়া কাকতখনত তিলক হাজৰিকা, ফণী তালুকদাৰ, নিৰোদ চৌধুৰী, হোমেন বৰগোহাঞি আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াইও সম্পাদনা কৰিছিল। ১৯৯৭চনৰ পৰা দিলীপ চন্দনে সম্পাদনা কৰি থকা কাকতখনৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে অহা ৪জুলাইৰ সংখ্যাৰ পৰা অনলাইন সংস্কৰণো মুকলি কৰিব বুলি সুখবৰ জানিব পৰা গৈছে।

৫. প্ৰবীণ গান্ধীবাদী মুক্তিযুঁজাৰু জনাৰ্দন পাঠকক অসমৰ ৰাজ্য চৰকাৰে অমলপ্ৰভা দাস বঁটাৰে সন্মানিত কৰিবলৈ ওলাইছে। কাৰ্বি-আংলঙত "স্পাৰ্ক" হিচাপে পৰিচিত পাঠকদেৱক তেখেতেৰ সামাজিক সেৱাৰ স্বীকৃতি স্বৰূপেই এই বঁটা প্ৰদান কৰা হব।

৬.
গুৱাহাটীৰ জলাশয় তথা ভৰলুক বেদখল মুক্ত কৰিবলৈ জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। নুনমাটিৰ পাহাৰ কাটি নিৰ্মাণ কাৰ্য চলি থকা "সৃষ্টি নগৰ" নামৰ বৃহআবাসিক প্ৰকল্পটোৰ কাম-কাজো উপাযুক্তই এক জাননী যোগে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। ইফালে শিলসাঁকো বিলত ৬১০ বিঘা মাটি বণিক-পুঁজিপতি-ৰাজনৈতিকক আবণ্টন দিয়া বিষয়টো আঙুলিয়াই দি তেখেতসকলকো উচ্ছেদ কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক দাবী জনাইছে।
৭. এক বিৰল সন্মান জনাই এগৰাকী ভাৰতীয়-মূলৰ বিজ্ঞানীৰ নামেৰে আমেৰিকাই নামাকৰণ কৰিলে এণ্টাৰ্কটিকাৰ এটি পৰ্বতৰ নাম। বিজ্ঞানী আখৌৰী সিনহাৰ জৈৱিক গৱেষণা অভিযানক এক দিগদৰ্শী বুলি গণ্য কৰি আমেৰিকা যুক্তৰাষ্টৰ ভূ-তাত্বিক জৰীপ বিভাগে এই সন্মান আগবঢ়াইছে।  উল্লেখযোগ্য যে ১৯৭২ আৰু ১৯৭৪চনত বেলিংশ্বছেন আৰু আমুণ্ডছেন সাগৰৰ বপ অঞ্চলত তিমি, ছীল আৰ পক্ষীৰ সংখ্যাৰ সূচী তৈয়াৰ দলটোত সিনহা সদস্য আছিল।

৮. গ্ৰামাঞ্চলৰ ৪০গৰাকী মহিলা সাংবাদিকৰ গোটে প্ৰকাশ কৰা "খবৰ লহৰিয়া" নামৰ সাপ্তাহিক অনলাইন ভাৰতীয় বাতৰিকাকতখনে শ্ৰেষ্ঠ অনলাইন সমাজকৰ্মৰ বাবে এটি জাৰ্মান বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। দ্য ববছ স্পেচিয়েল গ্ল'বেল মিডিয়া ফ'ৰাম এৱাৰ্ডেৰে সন্মানিত হোৱা এই বাতৰিকাকতখন স্থানীয় ভাষাত প্ৰকাশিত হয় আৰু প্ৰায় ৬০০০কপি প্ৰকাশ হোৱা কাকতখন উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ৬০০খন গাঁৱত বিতৰণ কৰা হয়।

৯. কালি পৰিবেশ ও বন মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী নাবাম টুকীক ৩০০০মেগাৱাট ডিবাং প্ৰকল্পৰ বাবে খৰতীয়াকৈ বন বিভাগৰ অনুমতি প্ৰদান কৰাৰ আশ্বাস দিছে। লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ১০০কিল'মিটাৰৰ ভিতৰত পথ প্ৰকল্প আৰু আন আন্তঃগাঁথনি উন্নয়ন  প্ৰকল্পৰ বাবে ন'গ্ৰীণ অনুমতিৰ মানক বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিব বুলি প্ৰকাশ কৰিছে।  লগতে এই অঞ্চলৰ কৌশলগত ভাৱে গুৰূত্বপূৰ্ণ প্ৰকল্পৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে বন বিভাগৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই বুলিও এক সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে।

১০. কালি ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীয়ে সাক্ষা
কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীক। প্ৰতিৰক্ষা সম্পৰ্কীয় বিনিয়োগ তথা ক্ৰয়ৰ কথা ঘোষণা কৰাৰ পাছত এই সাক্ষাতে আন্তৰ্জাতিক গুৰুত্ব লাভ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীক এই সাক্ষাততে ফ্ৰান্স ভ্ৰমণলৈকো আমন্ত্ৰণ জনোৱাৰ কথাও প্ৰকাশ পাইছে। লগতে ইৰাকত বন্দী ভাৰতীয়ৰ উদ্ধাৰত ফ্ৰান্সৰ সহায় ভাৰতে বিচৰা বুলিও সংবাদ প্ৰকাশ পাইছে।

১১. জনসাংস্কৃতিক পৰিষদ আৰু অসমীয়া ক্লাৱ, তেজপুৰৰ যৌথ উদ্যোগত কালি তেজপুৰৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত হৈছে এখন দহ দিনীয়া কবিতা আবৃত্তিৰ কৰ্মশালা।  ষাঠি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনত সমল ব্যক্তিৰূপে ভূপেন শৰ্মা, ডঃ ৰঞ্জন কলিতা, শান্তনু বৰুৱা আদিয়ে অংশগ্ৰহণ কৰিছে।

১২. তিতাবৰত পালিত হ'ল বৈষ্ণৱপণ্ডিত সোণাৰাম চুতীয়াৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান।  মাধৱদেৱৰ ৫২৬সংখ্যক আৱিৰ্ভাৱ মহো
সৱো লগতে পালন কৰা হয়। "সোণাৰাম চুতীয়াৰ জীৱনী আৰু সমাজ সংস্কাৰ তেওঁৰ অৱদান" শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতাও ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয়। মুখ্য অতিথি ৰূপে অংশ লৈ আয়োজক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পাঠদান অহা শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ হব বুলিও প্ৰকাশ কৰে।

১৩. অসমৰ বিশ্বনাথ চাৰিআলিৰ যুৱ প্ৰযোজক ভাৰ্গৱ শইকীয়াৰ হিন্দী কথাছবি "কাফিৰোকি নামাজ"য়ে যোৱা ২৯জুনত কাশ্মীৰৰ লাডাখত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহো
সৱত শ্ৰেষ্ঠ চলচিত্ৰ, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ। অহা ছেপ্তেম্বৰত নৰৱেত হব লগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোসৱটো ছবিখন প্ৰদৰ্শিত হব।

১৪. অসমৰ ৯খন জিলা আৰু লগতে অৰুণাচল প্ৰদেশ, নগালেণ্ডৰো একাংশ সামৰি শগুণ সংৰক্ষণ প্ৰকল্প গ্ৰহণ কৰিছে কামৰূপৰ ৰাণীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰকল্প কেন্দ্ৰই। বোম্বে নেচাৰেল হিষ্ট্ৰী চ'ছাইটীৰ বায়'লজিষ্ট ইন্দুমতি চেতিয়া, প্ৰকল্প সমন্বয়ক অনন্যা মুখাৰ্জীৰ সৈতে যাদৱ পায়েঙেও যোৰহাট প্ৰেছ ক্লাৱত এই কথা সদৰী কৰিবলৈ আয়োজিত সংবাদমেলত অংশগ্ৰহণ কৰে।

১৫.
অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম চলিত বছৰৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া ২০১৬চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অনুষ্ঠিত কৰা কালিৰ এই বিষয়ৰ বৈঠকত ৰাজ্যৰ মুখ্য সচিবকে ধৰি শীৰ্ষ আমোলাই অংশ লয়। নাগৰিকপঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ দ্বায়িত্ব ৰাজ্য চৰকাৰক প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই নিৰ্ধাৰণ কৰা "মডেলিটিজ"ক ন্যায়ালয় আৰু চৰকাৰে উভয়েই অনুমোদন দিয়াৰো সুখবৰ।

No comments:

Post a Comment