পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ইংলেণ্ডৰ গ্লাছগো চহৰত আৰম্ভ হোৱা কমনৱেলথ গেমছৰ প্ৰথম দিনাই সাতটাকৈ পদক বিজয়েৰে ভাৰতীয় খেলুৱৈ সকলে সফলতাৰ ধ্বজ উৰুওৱা সুখবৰ। ভাৰত্তোলনৰ সুখেন দে আৰু কে.চঞ্জিতা চানুৱে সোনৰ পদক বিজয়েৰে দেশৰ নাম উজ্বলাই তুলিছে।

২. ব্যৱসায়িক অনুজ্ঞাপত্ৰ নথকা, পাৰ্কিংৰ ব্যৱস্থা নথকা, আৰক্ষী কৰ্তৃপক্ষ, জি.এম.চি, জি.এম.ডিএৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ নথকা গুৱাহাটীৰ ২০টা বিবাহ ভৱন ছীল কৰাৰ বাবে নিৰ্দেশ দিলে গুৱাহাটী পৌৰ নিগমে। পৌৰ নিগমে অহা ১ আগষ্টৰ পৰা বিবাহ ভৱন সমূহ ছীল কৰি দিব বুলিও প্ৰকাশ পালে বাতৰি।

৩. লেখক-পৰিচালক চৈতন্য টামহানেৰ প্ৰথম ছবি "কৰ্ট" অহা ২৭ আগষ্টৰ পৰা ৬ছেপ্তেম্বৰলৈ অনুষ্ঠিত হব লগা ভেনিচ ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হোৱাৰ সুখবৰ। উল্লেখযোগ্য যে এই বহুভাষিক ছবিখনত চাউণ্ড ডিজাইন আৰু মিক্সিঙেৰে দুজনকৈ প্ৰতিভাবান অসমীয়া অমৃত প্ৰীতম আৰু দেৱজিত চাংমাইয়েও অৰিহণা যোগাইছে।


৪. শুৱালকুছিৰ বস্ত্ৰ শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত উদ্যোগটো সন্মুখীন হোৱা বিভিন্ন সমস্যাক লৈ শুৱালকুছি প্ৰেছ এছ'চিয়েশ্যনৰ এটা সঁজাতি দল দিল্লীলৈ আজি ৰাওনা হৈছে। অহা ২৮জুলাইত প্ৰধানমন্ত্ৰী আৰু ২৯জুলাই কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰীক সাক্ষাৎ কৰি সমস্যা সমূহ তুলি ধৰিবৰ বাবে গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰবৰ্তীয়ে যাৱতীয় ব্যৱস্থা কৰি দিছে বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে।

৫. লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি "বুঢ়ী আইৰ সাধু"ৰ চাৰিটা কাহিনীৰ ভিত্তিত নিৰ্মাণ হৈছে অসমীয়া কথাছবি "কথানদী... দ্য ৰিভাৰ্ছ অৱ ফেৱলছ"ৰ। ভাস্কৰ হাজৰিকাৰ চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মাণ চলি থকা কথাছবিত সংলাপ দিছে বিশিষ্ট লেখিকা ডঃ অৰূপা পটংগীয়া কলিতায়ে। প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণ মাজুলীত সমাপ্ত হোৱা ছবিখনত সীমা বিশ্বাস, আদিল হুছেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্তয়ো অভিনয় কৰিছে বুলি জানিব পৰা গৈছে।

৬. কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে আলোচনী কৰি অসমৰ জনগোষ্ঠীয় সমস্যা সমূহ সমাধান কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে চেষ্টা চলাব বুলি প্ৰকাশ কৰি আজি গুৱাহাটীত ২৬টা জনগোষ্ঠীয় সংগঠনৰ সৈতে বৈঠক আহ্বান কৰিছে। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও অংশ লৈ জনগোষ্ঠীয় সমস্যাসমূহ সমাধানৰ বাবে সংগঠন সমূহৰ মতামত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

৭. টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত কিছু সংশোধনী অনাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কালি দিছপুৰত এক পৰ্যালোচনা বৈঠকত শিক্ষকৰ নিযুক্ত সমূহ জিলা ভিত্তিক কৰা, সকলো খালী পদ পূৰণ কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰাৰ সুখবৰ। পৰিকল্পনাৰ পুঁজি ব্যয়ৰ সন্দৰ্ভতো ক্ষিপ্ৰতাৰে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে।

৮. দিল্লীত নিশংস হত্যাৰ বলি হোৱা আখা ছালোনিৰ হত্যাকাণ্ডত জড়িত পাঁচোজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰাৰ সফলতা প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে। এটা বিশেষ দলে তদন্ত চলাই থকা গোচৰটোত অভিযুক্ত কেইজনক আদালতে পাঁচ আগষ্টলৈকে ন্যয়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

৯. চৰকাৰৰ নতুন নীতি অনুসৰি, দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হোৱা তথা সম্পত্তিৰ বাৰ্ষিক খতিয়ান দাখিল নকৰা আই.এ.এচ, আই.পি.এছ আৰু আই.এফ.এছ বিষয়া সকলক চেণ্ট্ৰেল ডেপুটেচনৰ বাবে বিবেচনা কৰা নহব বুলি ঘোষণা কৰা হৈছে। অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে পিছে এইক্ষেত্ৰত মানৰ শিথিলতা মানি লবলৈকো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

১০. অসম চৰকাৰৰ ৰাজহ বিভাগে ১৭জুনত জাৰি কৰা অফিচ মেম'ৰেণ্ডাম বাতিলৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দহ জনীয়া গোটে অবিৰত ভাৱে অনশন কাৰ্যসূচী পালন কৰিছে। আজি পাঁচদিনত ভৰি দিয়া প্ৰতিবাদী অনশনলৈ চৰকাৰে এতিয়াও কানসাৰ নিদিয়াত সচেতন নাগৰিক সকলে উদ্বেগ প্ৰকাশ কৰিছে। কৃষিভূমিক বণিয়াৰ হাতলৈ তুলি দিবলৈ বুদ্ধি কৰা এই জাননী জাতিধ্বংসী বুলিও সংগঠনটোৱে অভিহিত কৰিছে।

১১. গুৱাহাটীৰ কৃত্ৰিম বানপানীয়ে জুৰুলা কৰা অঞ্চল ৰিক্সাত উঠি ভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজলৈ কামৰূপ মহানগৰ জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত ডঃ এম অংগমুথুৱে পালে সংবাদ শিৰোনামা। ভঙাগড়, ৰাজগড়, নবীন নগৰ অঞ্চলত ২০খন ৰিক্সা প্ৰশাসনে ভাড়া আদায় দি পানী হোৱা ঠাই বিনামূলীয়াকৈ পাৰ হবলৈ ৰাইজক উপায় কৰি দিয়াৰো সুখৰ খবৰ।

১২. বিজেপিৰ অসম ৰাজ্যিক পশুপালন কোষৰ মুখ্য আহ্বায়ক ডাঃ লোকেন্দ্ৰ নাথ ডেকাৰ উদ্যোগত যোৱা ১৩,১৪জুলাইত লখিমপুৰ জিলাৰ ঘিলামৰা আৰু ঢকুৱাখনাত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় গো বংশ বিকাশ প্ৰকোস্ত আঁচনিৰে সকলো গো-পালকেই স্বাৱলম্বী হব পাৰিব বুলিও এই বিনামূলীয়া চিকিৎসা, ঔষধ আৰু টিকাকৰণৰ অনুষ্ঠানত আয়োজক সকলে ৰাইজক জানিবলৈ দিয়ে।

No comments:

Post a Comment